“This is a moment of capability of the 140 crore heartbeats and the confidence of new energy of India”
“In the first light of ‘Amrit Kaal’, this is ‘Amrit Varsha’ of success”
“India has reached the South Pole of the Moon where no country in the world could reach to date with the dedication and talent of our scientists”
“Time is not far when the children would say ‘Chanda Mama ek tour ke’ i.e. the moon is only a tour away”
“Our moon mission is based on human-centric approach. Therefore, this success belongs to all of humanity”
“We'll test the limits of our solar system, and work to realize the infinite possibilities of the universe for humans”
“India is proving again and again that the sky is not the limit”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আজি চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ অৱতৰণৰ মুহূৰ্ত প্ৰত্যক্ষ কৰিবলৈ ইছৰোৰ দলৰ সৈতে যোগ দিয়ে৷ সফল অৱতৰণৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে দলটোক সম্বোধন কৰি এই ঐতিহাসিক সাফল্যৰ বাবে অভিনন্দন জনায়।

পৰিয়ালৰ সদস্য হিচাপে দলটোক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে ঐতিহাসিক ঘটনা এখন ৰাষ্ট্ৰৰ চিৰ সচেতনতাত পৰিণত হয়৷ “এই মুহূৰ্তটো অবিস্মৰণীয়, অভূতপূৰ্ব। এয়া ‘বিকশিত ভাৰত’ৰ স্পষ্ট আহ্বানৰ মুহূৰ্ত, ভাৰতৰ বাবে এক বিজয়ৰ আহ্বান, এয়া সমস্যাৰ সাগৰ পাৰ হৈ বিজয়ৰ ‘চন্দ্ৰপথ’ত খোজ দিয়াৰ মুহূৰ্ত। এয়া ১৪০ কোটি হৃদস্পন্দনৰ সামৰ্থ্য আৰু ভাৰতৰ নতুন শক্তিৰ আত্মবিশ্বাসৰ এক মুহূৰ্ত। এয়া ভাৰতৰ সম্ভাৱনাপূৰ্ণ সৌভাগ্যক আমন্ত্ৰণ কৰাৰ এক মুহূৰ্ত”, প্ৰধানমন্ত্ৰীয়ে উল্লাসিত দেশবাসীক সম্বোধি এইদৰে কয়। “‘অমৃত কাল’ৰ দোকমোকালিতে এয়া সফলতাৰ ‘অমৃত বৰ্ষ’”, আনন্দিত প্ৰধানমন্ত্ৰীয়ে লগতে কয়। বিজ্ঞানীসকলৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰত এতিয়া চন্দ্ৰত উপনীত হৈছে!” তেওঁ উল্লেখ কৰে যে আমি মাত্ৰ নতুন ভাৰতৰ প্ৰথমখন উৰণৰ সাক্ষী হৈছো। 

প্ৰধানমন্ত্ৰীয়ে জনাইছে যে তেওঁ বৰ্তমান জোহান্সবাৰ্গত ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি আছে যদিও তেওঁৰ মনটোও আন প্ৰতিজন নাগৰিকৰ দৰে চন্দ্ৰযান-৩ৰ ওপৰত কেন্দ্ৰীভূত হৈ আছে। তেওঁ কয় যে প্ৰতিজন ভাৰতীয়ই নিজকে উদযাপনত নিমজ্জিত কৰিছে আৰু এই বিশেষ পৰ্বত প্ৰতিজন নাগৰিকৰ সৈতে তেওঁ উৎসাহেৰে সংযুক্ত হৈ থকাৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে উৎসৱৰ দিন। প্ৰধানমন্ত্ৰীয়ে বছৰ বছৰ ধৰি অক্লান্তভাৱে কাম কৰা টিম চন্দ্ৰযান, ইছৰো আৰু দেশৰ সকলো বিজ্ঞানীক অভিনন্দন জনোৱাৰ লগতে উদ্যম, আনন্দ আৰু আৱেগেৰে ভৰা এই আচৰিত মুহূৰ্তৰ বাবে ১৪০ কোটি দেশবাসীক অভিনন্দন জনায়!

“আমাৰ বিজ্ঞানীসকলৰ নিষ্ঠা আৰু প্ৰতিভাৰে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হৈছে য’ত বিশ্বৰ কোনো দেশেই আজিলৈকে উপনীত হ’ব পৰা নাই”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে চন্দ্ৰৰ সৈতে জড়িত সকলো ৰহস্য আৰু কাহিনী এতিয়া সলনি হ’ব আৰু প্ৰৱচনবোৰে নতুন প্ৰজন্মৰ বাবে এক নতুন অৰ্থ বিচাৰি পাব। ভাৰতীয় লোককথাৰ কথা উল্লেখ কৰি য’ত পৃথিৱীক ‘মা’ আৰু চন্দ্ৰক ‘মামা’ বুলি গণ্য কৰা হয়, সেই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চন্দ্ৰকো অতি দূৰৈৰ বুলি গণ্য কৰা হয় আৰু ‘চন্দ মামা দুৰ কে’ বুলি উল্লেখ কৰা হয়, কিন্তু সময় দূৰত নহয় যেতিয়া ল’ৰা-ছোৱালীবোৰে ক’ব ‘চন্দা মামা এক ট্যুৰ কে’ অৰ্থাৎ চন্দ্ৰটো মাত্ৰ এখোজৰ বাট।

বিশ্বৰ জনসাধাৰণ, প্ৰতিখন দেশ আৰু অঞ্চলৰ জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “ভাৰতৰ সফল চন্দ্ৰ অভিযান অকল ভাৰতৰ নহয়। এইটো এনে এটা বছৰ য’ত বিশ্বই ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সাক্ষী হৈ আছে। ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ৰ আমাৰ দৃষ্টিভংগীয়ে সমগ্ৰ বিশ্বতে অনুৰণন ঘটাইছে। আমি প্ৰতিনিধিত্ব কৰা এই মানৱকেন্দ্ৰিক দৃষ্টিভংগীক সামগ্ৰিকভাৱে আদৰণি জনোৱা হৈছে। আমাৰ চন্দ্ৰ অভিযানো একে মানৱকেন্দ্ৰিক দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। গতিকে এই সফলতা সকলো মানৱতাৰ। আৰু ই ভৱিষ্যতে আন দেশৰ চন্দ্ৰ অভিযানত সহায় কৰিব।” শ্ৰী মোদীয়ে লগতে কয়। ‘মই নিশ্চিত যে গ্ল’বেল ছাউথৰ দেশকে ধৰি বিশ্বৰ সকলো দেশেই এনে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম। আমি সকলোৱে চন্দ্ৰ আৰু ইয়াৰ বাহিৰত আকাংক্ষা কৰিব পাৰো।”

প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰযান মহা অভিযানৰ সাফল্যই ভাৰতৰ উৰণ চন্দ্ৰৰ কক্ষপথৰ বাহিৰলৈ লৈ যাব বুলি আস্থা প্ৰকাশ কৰে। “আমি আমাৰ সৌৰজগতৰ সীমা পৰীক্ষা কৰিম আৰু মানুহৰ বাবে বিশ্বব্ৰহ্মাণ্ডৰ অসীম সম্ভাৱনা উপলব্ধি কৰাৰ কাম কৰিম”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়। প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যতৰ বাবে অভিলাষী লক্ষ্য নিৰ্ধাৰণৰ ওপৰত আলোকপাত কৰি সূৰ্য্যৰ বিশদ অধ্যয়নৰ বাবে ইছৰোৱে অতি সোনকালে ‘আদিত্য এল-১’ অভিযান আৰম্ভ কৰিবলৈ ওলাইছে বুলি অৱগত কৰে। তেওঁ শুক্ৰ গ্ৰহ ইছৰ’ৰ অন্যতম লক্ষ্য বুলিও উনুকিয়ায়। “ভাৰতে আকৌ প্ৰমাণ কৰিলে যে আকাশখনেই সীমা নহয়” বুলি প্ৰধানমন্ত্ৰীয়ে মিছন গগনযানৰ কথা আলোকপাত কৰি কয় যে ভাৰতে প্ৰথম মানৱ মহাকাশ উৰণ অভিযানৰ বাবে সম্পূৰ্ণৰূপে সাজু।

প্ৰধানমন্ত্ৰীয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দেশৰ উজ্জ্বল ভৱিষ্যতৰ আধাৰ বুলি গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই দিনটোৱে আমাৰ সকলোকে উজ্জ্বল ভৱিষ্যতৰ দিশত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব আৰু সংকল্পসমূহ বাস্তৱায়িত কৰাৰ পথ দেখুৱাব। “পৰাজয়ৰ শিক্ষাৰ পৰা কেনেদৰে বিজয় লাভ কৰা হয়, এই দিনটোৱে তাকে সূচায়”,  বুলি উল্লেখ কৰি বিজ্ঞানীসকলৰ ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ সফলতা কামনাৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government launches common landing portal for unclaimed financial assets

Media Coverage

Government launches common landing portal for unclaimed financial assets
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets people of Goa on Goa Statehood Day
May 30, 2026

The Prime Minister, Shri Narendra Modi, today extended his greetings to the people of Goa on the occasion of Goa Statehood Day.

The Prime Minister said that Goa is widely known for its vibrant culture, rich heritage, natural beauty and warm-hearted people.

The Prime Minister noted that the occasion is an opportunity to remember with gratitude all those who worked tirelessly for the progress and identity of Goa.

The Prime Minister expressed hope that Goa will continue to prosper and play an important role in building a Viksit Bharat.

Shri Modi also prayed for the good health and prosperity of every Goan.

The Prime Minister wrote on X;

“Greetings to the people of Goa on the special occasion of Goa Statehood Day. Goa’s vibrant culture, rich heritage, natural beauty and warm-hearted people are widely known. This day is also an opportunity to remember with gratitude all those who worked tirelessly for its progress and identity. May Goa continue to prosper and play an important role in building a Viksit Bharat. Praying for the good health and prosperity of every Goan.”