এই বছৰৰ বিশ্ব স্বাস্থ্য সন্মিলনৰ মূল বিষয় হৈছে 'স্বাস্থ্যৰ বাবে এখন বিশ্ব', ই বিশ্ব স্বাস্থ্যৰ বাবে ভাৰতৰ দৃষ্টিভংগী প্ৰতিধ্বনিত কৰে ঃ প্ৰধানমন্ত্ৰী
এখন সুস্থ পৃথিৱীৰ ভৱিষ্যত নিৰ্ভৰ কৰে অন্তৰ্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত : প্ৰধানমন্ত্ৰী
আমি আটাইতকৈ দুৰ্বল লোকসকলৰ কিমান ভালদৰে যত্ন লওঁ তাৰ ওপৰত বিশ্বৰ স্বাস্থ্য নিৰ্ভৰ কৰেঃ প্ৰধানমন্ত্ৰী
গ্লোৱেল ছাউথ বিশেষকৈ স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ দ্বাৰা প্ৰভাৱিত, ভাৰতৰ দৃষ্টিভংগীয়ে অনুকৰণীয়, পৰিসৰ বৃদ্ধিযোগ্য আৰু বহনক্ষম আৰ্হি আগবঢ়ায় ঃ প্ৰধানমন্ত্ৰী
জুন মাহত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আহি আছে, এই বছৰৰ মূল বিষয় হৈছে 'এখন পৃথিৱী, এটা স্বাস্থ্যৰ বাবে যোগ": প্ৰধানমন্ত্ৰী
এটা সুস্থ গ্ৰহ গঢ়ি তোলাৰ সময়ত যাতে কোনোৱে পিছপৰি নাথাকে সেয়া নিশ্চিত কৰকঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেনেভাত বিশ্ব স্বাস্থ্য সন্মিলনৰ ৭৮ সংখ্যক অধিৱেশনত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে। সমাৱেশত সম্বোধন কৰি তেওঁ এই বছৰৰ মূল বিষয় 'স্বাস্থ্যৰ বাবে এখন বিশ্ব'ৰ ওপৰত আলোকপাত কৰি অংশগ্ৰহণকাৰীসকলক উষ্ম অভিনন্দন জ্ঞাপন কৰে আৰু বিশ্ব স্বাস্থ্যৰ সৈতে ভাৰতৰ দৃষ্টিভংগীৰ সংগতি থকা বুলি গুৰুত্ব আৰোপ কৰে। ২০২৩ চনৰ বিশ্ব স্বাস্থ্য সমাবেশত তেওঁ দিয়া ভাষণৰ কথা মনত পেলাই তেওঁ ‘এখন পৃথিৱী, এটা স্বাস্থ্য’ৰ বিষয়ে কয়।  তেওঁ মন্তব্য কৰে যে অন্তৰ্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত এখন সুস্থ পৃথিৱীৰ ভৱিষ্যত নিৰ্ভৰশীল।

ভাৰতৰ স্বাস্থ্য সংস্কাৰৰ মূল আধাৰত অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে ৫৮ কোটি লোকক সামৰি লোৱা আৰু বিনামূলীয়া চিকিৎসা প্ৰদান কৰা বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰতৰ ওপৰত আলোকপাত কৰে। শেহতীয়াকৈ এই কাৰ্যসূচী সম্প্ৰসাৰিত কৰি ৭০ বছৰৰ ওপৰৰ সকলো ভাৰতীয়কে সামৰি লোৱা হৈছে। তেওঁ ভাৰতৰ হাজাৰ হাজাৰ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ বিস্তৃত নেটৱৰ্কৰ কথা উল্লেখ কৰে যি কৰ্কট,  বহুমুত্ৰ আৰু উচ্চ ৰক্তচাপৰ দৰে ৰোগৰ আগতীয়া পৰীক্ষা আৰু চিনাক্তকৰণৰ ব্যৱস্থা কৰে। তেওঁ যথেষ্ট কম মূল্যত উচ্চমানৰ ঔষধ যোগান ধৰা হাজাৰ হাজাৰ ৰাজহুৱা ফাৰ্মাচীৰ ভূমিকাতো গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে ভাৰতৰ ডিজিটেল উদ্যোগ যেনে- গৰ্ভৱতী মহিলা আৰু শিশুৰ টিকাকৰণ অনুসৰণ কৰা ডিজিটেল প্লেটফৰ্ম আৰু সুবিধা, বীমা, অভিলেখ তথা তথ্য একত্ৰিত কৰাত সহায় কৰা অনন্য ডিজিটেল স্বাস্থ্য পৰিচয় ব্যৱস্থাৰ ওপৰত আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে টেলিমেডিচিনৰ সৈতে কোনোৱেই চিকিৎসকৰ পৰা বেছি দূৰত নহয়। তেওঁ ভাৰতৰ বিনামূলীয়া টেলিমেডিচিন সেৱাৰ ওপৰত আলোকপাত কৰে, যাৰ ফলত ৩৪ কোটিৰো অধিক পৰামৰ্শ সম্ভৱ হৈছে। ভাৰতৰ স্বাস্থ্যৰ উদ্যোগৰ ইতিবাচক প্ৰভাৱৰ বিষয়ে মন্তব্য কৰি তেওঁ কয় যে মুঠ স্বাস্থ্য ব্যয়ৰ শতাংশ হিচাপে জেপৰ পৰা হোৱা ব্যয় যথেষ্ট হ্ৰাস পাইছে। একে সময়তে চৰকাৰী স্বাস্থ্য ব্যয় যথেষ্ট বৃদ্ধি হোৱা বুলিও তেওঁ গুৰুত্ব আৰোপ কৰে।

"আমি আটাইতকৈ দুৰ্বল লোকসকলৰ কিমান ভালদৰে যত্ন লওঁ তাৰ ওপৰত বিশ্বৰ স্বাস্থ্য নিৰ্ভৰ কৰে", প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে গ্লোৱেল ছাউথ বিশেষকৈ স্বাস্থ্য প্ৰত্যাহ্বানৰ দ্বাৰা প্ৰভাৱিত হয় আৰু ভাৰতৰ দৃষ্টিভংগীয়ে ইয়াৰ পৰিসৰ বৃদ্ধি কৰি বহনক্ষম আৰ্হি প্ৰদান কৰে। তেওঁ বিশ্বৰ সৈতে, বিশেষকৈ গ্লোৱেল ছাউথৰ সৈতে ইয়াৰ শিক্ষা আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহ ভাগ-বাটোৱাৰা কৰাৰ বাবে ভাৰতৰ ইচ্ছা প্ৰকাশ কৰে। জুন মাহত অনুষ্ঠিত হ’বলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত বিশ্বৰ অংশগ্ৰহণক উৎসাহিত কৰে। তেওঁ এই বছৰৰ মূল বিষয় 'এখন পৃথিৱী এটা স্বাস্থ্যৰ বাবে যোগ' ৰ ওপৰত আলোকপাত কৰে আৰু যোগৰ জন্মস্থান হিচাপে ভাৰতৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলো দেশক আমন্ত্ৰণ জনায়।

শ্ৰী মোদীয়ে আই এন বি চুক্তিৰ সফল আলোচনাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউ. এইচ. অ'.) আৰু সকলো সদস্য ৰাষ্ট্ৰক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ইয়াক বৃহত্তৰ বৈশ্বিক সহযোগিতাৰ জৰিয়তে ভৱিষ্যতৰ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এক অংশীদাৰী প্ৰতিশ্ৰুতি হিচাপে বৰ্ণনা কৰে। তেওঁ এখন সুস্থ পৃথিৱী নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে কোনো লোক যাতে পিছ পৰি নাথাকে সেয়া নিশ্চিত কৰে। প্ৰধানমন্ত্ৰীয়ে বেদৰ কালজয়ী প্ৰাৰ্থনাৰে ভাষণৰ অন্ত পেলায়- য'ত হাজাৰ হাজাৰ বছৰ আগতে ভাৰতৰ ঋষিসকলে সুস্থ, সুখী আৰু ৰোগমুক্ত পৃথিৱীৰ বাবে প্ৰাৰ্থনা কৰিছিল। তেওঁ আশা প্ৰকাশ কৰে যে এই দৃষ্টিভংগীয়ে বিশ্বক একত্ৰিত কৰিব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মে’ 2026
May 04, 2026

Green Roads, Smart Tolls, Trillion-Dollar Dreams: How PM Modi's Policies are Supercharging a Modern India