যেতিয়া সমাজৰ কল্যাণৰ বাবে মহৎ উদ্দেশ্য আৰু পৱিত্ৰ চিত্তে প্ৰচেষ্টা হাতত লোৱা হয়, তেতিয়া তালৈ ঐশ্বৰিক শক্তিয়েও সহায় কৰে আৰু সমাজখন নিজেই এক দৈৱিক শক্তিত পৰিণত হয়। - প্ৰধানমন্ত্ৰী
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দক্ষতা বিকাশৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰিছে। - প্ৰধানমন্ত্ৰী
সমগ্ৰ দেশতে আন্তঃগাঁথনি উন্নয়ন অভূতপূৰ্ব গতিৰে আগবাঢ়িছে। - প্ৰধানমন্ত্ৰী
আজি বিশ্বই ভাৰতৰ শ্ৰম আৰু প্ৰতিভাক প্ৰচুৰ সন্মান যাঁচিছে আৰু ইয়াৰ উচিত মূল্যক সম্পূৰ্ণৰূপে স্বীকাৰ কৰিছে, যাৰ ফলত বিভিন্ন দেশত থকা আমাৰ জনসাধাৰণৰ বাবে অগণন নতুন সুযোগ মুকলি হৈছে। - প্ৰধানমন্ত্ৰী
ভাৰত স্বাৱলম্বী হ’ব লাগিব; সমাজে স্বদেশী সামগ্ৰীক দৃঢ়তাৰে আকোৱালি ল’ব লাগিব। - প্ৰধানমন্ত্ৰী
স্বাধীন আন্দোলন শতিকা পুৰণি ধ্বংসাৱশেষ নহয় বৰঞ্চ আমাৰ ভৱিষ্যত গঢ়া এক অভিযান, আৰু ইয়াৰ প্ৰকৃত নেতৃত্ব সমাজৰ পৰা, বিশেষকৈ যুৱক-যুৱতীসকলৰ পৰা আহিব লাগিব। - প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ আহমেদাবাদত কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিয়ে। তেওঁ চৰ্দাৰধাম নামটোক ইয়াৰ প্ৰতিনিধিত্ব কৰা কামৰ দৰেই পবিত্ৰ বুলি অভিহিত কৰাৰ লগতে কন্যাৰ সেৱা আৰু শিক্ষাৰ বাবে বিশেষভাৱে উৎসৰ্গিত ছাত্ৰীনিবাসৰ উদ্বোধনী অনুষ্ঠানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ছাত্ৰীনিবাসত থকা ছাত্ৰীসকলে দুচকুত ডাঙৰ ডাঙৰ সপোন আৰু আকাংক্ষা কঢ়ুিয়াব, আৰু সেইবোৰক বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকক যথেষ্ট সুযোগ প্ৰদান কৰা হ’ব। এই ছাত্ৰীসকলে এবাৰ আত্মনিৰ্ভৰশীল আৰু সক্ষম হ’লেই তেওঁলোকে কেৱল জাতি গঠনত অৰিহণা যোগোৱাই নহয়, পৰিয়ালকো সবলীকৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে এই পদক্ষেপৰ দ্বাৰা উপকৃত হোৱা সকলো কন্যা সন্তানৰ লগতে তেওঁলোকৰ পৰিয়াললৈও উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

ছাত্ৰীনিবাস নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপনৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে, সমাজৰ নিষ্ঠাবান প্ৰচেষ্টাৰে ৩,০০০ কন্যাৰ বাবে উৎকৃষ্ট ব্যৱস্থাৰে এক অত্যাধুনিক আৰু বিশ্বমানৰ সুবিধা সৃষ্টি কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে বদোদৰাত ২০০০ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ছাত্ৰাবাস নিৰ্মাণৰ কামো সম্পূৰ্ণ হোৱাৰ পথত। তেওঁ কয় যে চুৰাট, ৰাজকোট, মেহছানাত শিক্ষা, শিক্ষণ, প্ৰশিক্ষণৰ বাবে একেধৰণৰ কেন্দ্ৰ গঢ়ি তোলা হৈছে। প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপসমূহত অৰিহণা যোগোৱা সকলোকে অভিনন্দন জনাই, দেশৰ প্ৰকৃত শক্তি সমাজৰ সামূহিক প্ৰচেষ্টাত নিহিত হৈ আছে বুলি উল্লেখ কৰি, চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নিজৰ কাৰ্যকালৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সদায় বিশ্বাস কৰিছিল যে গুজৰাটৰ উত্তৰণ উন্নয়ন তথা অগ্ৰগতি ভাৰতৰ সামগ্ৰিক উন্নয়নৰ বাবে অতি প্ৰয়োজনীয়। আজি তেওঁ মন কৰে যে গুজৰাটত শিকি অহা শিক্ষাই দেশৰ শ্ৰীবৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছে৷ ২৫–৩০ বছৰৰ আগৰ পৰিস্থিতিৰ কথা সুঁৱৰি তেওঁ উল্লেখ কৰে যে চিন্তাশীল সামাজিক সূচকবোৰৰ জৰিয়তে সেই সময়ত গুজৰাটে গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ইয়াৰ মাজতে এটা ডাঙৰ বিষয় আছিল শিক্ষাৰ ক্ষেত্ৰখন, য’ত ছাত্ৰীসকল যথেষ্ট পিছ পৰি আছিল, বহু পৰিয়ালে নিজৰ ছোৱালীক স্কুললৈ পঠিয়াব পৰা নাছিল আৰু যিসকলে পঠিয়াইছিল তেওঁলোকে প্ৰায়ে প্ৰাথমিক পৰ্যায়তে বিদ্যালয় এৰি দিয়া দেখা গৈছিল। শ্ৰী মোদীয়ে এই পৰিস্থিতিৰ পৰিৱৰ্তনত সহায় কৰাৰ বাবে সেই সময়ৰ প্ৰবল জনসমৰ্থনক কৃতিত্ব দিয়ে। তেওঁ কন্যা শিক্ষা ৰথ যাত্ৰাৰ কথা স্মৰণ কৰি কয়, যেতিয়া জুন মাহৰ মাজভাগত প্ৰচণ্ড গৰম পৰিছিল, উষ্ণতা ৪০–৪২ ডিগ্ৰী চেলছিয়াছলৈ গৈছিল, তেতিয়া ঘৰে ঘৰে গৈ ব্যক্তিগতভাৱে কন্যাসকলক স্কুললৈ লৈ গৈছিল। এই অভিযানৰ জৰিয়তে লাভ কৰা নামভৰ্তিৰ সংখ্যা বুজন পৰিমাণৰ আছিল। তেওঁ গৌৰৱেৰে কয় যে এই প্ৰচেষ্টাসমূহে উল্লেখযোগ্য পৰিৱৰ্তনৰ ভেটি স্থাপন কৰিলে, বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ’ল, আধুনিক সুবিধাসমূহ প্ৰৱৰ্তন কৰা হ’ল, ব্যৱস্থাসমূহ শক্তিশালী কৰা হ’ল, আৰু পৰ্যাপ্ত পৰিমাণে শিক্ষক নিযুক্তি দিয়া হ’ল। সমাজেও নিজৰ ভূমিকা পালন কৰিছিল আৰু নিজৰ দায়িত্ব সক্ৰিয়ভাৱে পালন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টিৰে কয় যে সেই দিনবোৰত নামভৰ্তি কৰা বহু শিশুৱে আজি চিকিৎসক আৰু অভিযন্তা হিচাপে দেশৰ সেৱা কৰি আছে। ড্ৰপআউটৰ হাৰ এতিয়া উল্লেখনীয় ৰূপত হ্ৰাস পাইছে, আৰু সমগ্ৰ গুজৰাটতে শিক্ষণৰ গভীৰ ক্ষুধা বিয়পি পৰিছে।

 

আন এক জৰুৰী উদ্বেগজনক বিষয় সন্দৰ্ভত মন্তব্য কৰি শ্ৰী মোদীয়ে নাৰী ভ্ৰুণহত্যাক সমাজৰ ওপৰত গম্ভীৰ কলংক বুলি অভিহিত কৰাৰ লগতে এনে কাৰ্যৰ তীব্ৰ নিন্দা কৰে। এসময়ত এই বিষয়টোৱে সৃষ্টি কৰা গভীৰ উদ্বিগ্নতা আৰু ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাত তেওঁ লাভ কৰা সমৰ্থনৰ কথাও তেওঁ স্মৰণ কৰে। তেওঁ চুৰাটৰ পৰা উমিয়া মাতালৈ যোৱা যাত্ৰাৰ সময়ৰ কথা উল্লেখ কৰি সেই যাত্ৰাই লিংগ সমতাৰ মনোভাৱক শক্তিশালী কৰাত সহায় কৰাৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে গুজৰাট হৈছে উমিয়া মাতা, খোদিয়াৰ মাতা, কালি মাতা, আম্বা মাতা, আৰু বহুচাৰ মাতাৰ ৰূপত নাৰী শক্তিক পূজা কৰা ভূমি, যি ভূমি কেতিয়াও নাৰী ভ্ৰুণহত্যাৰ অপৰাধেৰে কলংকিত হ’ব নালাগে। তেওঁ মন কৰে যে এই আৱেগক এবাৰ সামগ্ৰিকভাৱে সমাজে জাগ্ৰত কৰি আকোৱালি লোৱাৰ পিছত, গুজৰাটে ল’ৰা-ছোৱালীৰ অনুপাতৰ ব্যৱধান কমোৱাৰ ক্ষেত্ৰত প্ৰকৃত অগ্ৰগতি লাভ কৰিবলৈ আৰম্ভ কৰিছে।

“যেতিয়া সমাজৰ কল্যাণৰ বাবে মহৎ উদ্দেশ্য আৰু পৱিত্ৰ চিত্তে প্ৰচেষ্টা চলোৱা হয়, তেতিয়া ঐশ্বৰিক আশীৰ্বাদৰো তাতেই বৃষ্টিপাত হয়, আৰু সমাজখন নিজেই এক ঐশ্বৰিক শক্তিলৈ ৰূপান্তৰিত হয়,” শ্ৰী মোদীয়ে এনে প্ৰচেষ্টাই সদায় ফল দিয়ে বুলি দৃঢ়তাৰে কয়। তেওঁ উল্লেখ কৰে যে আজি এক নৱজাগৰণ শিপাইছে, কন্যাসকলক শিক্ষিত কৰিবলৈ, তেওঁলোকৰ মৰ্যাদা বজাই ৰাখিবলৈ, আৰু তেওঁলোকৰ বাবে এক বৃহৎ ছাত্ৰীনিবাস স্থাপনকে ধৰি সুবিধা সৃষ্টি কৰিবলৈ সক্ৰিয়ভাৱে সেই জাগৰণ আগবাঢ়ি আহিছে। প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰি কয় যে গুজৰাটত এসময়ত সিঁচা বীজে এতিয়া গজালি মেলিছে, বেটি বাচাও, বেটি পঢ়াও নামেৰে এক দেশজোৰা আন্দোলনে এটা শক্তিশালী জনঅভিযানলৈ পৰিণত হৈছে। তেওঁ লগতে কয় যে সমগ্ৰ দেশতে মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আৰু প্ৰতিটো স্তৰতে তেওঁলোকক সবলীকৰণৰ বাবে ধাৰাবাহিক প্ৰচেষ্টা চলি আছে।

অপাৰেচন সিন্দুৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কন্যাসকলৰ ক’বলগীয়া কথাবোৰ আৰু তেওঁলোকৰ সামৰ্থ্যৰ কথা এতিয়া গুৰুত্বসহকাৰে শুনা হৈছে, সেইবোৰক সন্মান কৰা হৈছে, আৰু স্বীকৃতি দিয়া হৈছে। ৩ কোটি মহিলাৰ লক্ষ্যৰ বিপৰীতে ইতিমধ্যে ২ কোটি মহিলাই এই মাইলৰ খুঁটি অতিক্ৰম কৰিছে বুলি উল্লেখ কৰি তেওঁ লাখপতি দিদি পদক্ষেপৰ উদাহৰণত আলোকপাত কৰে। তেওঁ আৰু কয় যে ড্ৰ’ন দিদিৰ দৰে উদ্ভাৱনীমূলক কাৰ্যসূচীয়ে গাঁৱৰ মহিলাসকলৰ প্ৰতি থকা ধাৰণাক অভূতপূৰ্বভাৱে ৰূপান্তৰিত কৰিছে, কু-সংস্কাৰ নাইকিয়া  কৰিছে আৰু আত্মবিশ্বাস জগাই তুলিছে। শ্ৰী মোদীয়ে বেংক সখী আৰু বীমা সখীৰ দৰে আঁচনিৰ কথাও উল্লেখ কৰি এই পদক্ষেপসমূহে ভাৰতৰ নাৰী শক্তিৰ সামৰ্থ্য আৰু দৃঢ়তাৰ জৰিয়তে গ্ৰাম্য অৰ্থনৈতিক বিকাশত সক্ৰিয়ভাৱে ইন্ধন যোগোৱাৰ কথাত গুৰুত্ব আৰোপ কৰে।

শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে সমাজলৈ ইতিবাচক অৱদান আগবঢ়োৱা, আৰু এইক্ষেত্ৰত আহোপুৰুষাৰ্থ কৰি থকা ব্যক্তিসকলক আগুৱাই নিয়া আৰু তেওঁলোকৰ সামৰ্থ্যক আৰু অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ অতি ক্ষীপ্ৰতাৰে আগবাঢ়ি যোৱা পৃথিৱীখনত এই উদ্দেশ্য আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। যিকোনো সমাজৰ প্ৰকৃত শক্তি ইয়াৰ দক্ষতাতেই নিহিত হৈ আছে বুলি উল্লেখ কৰি তেওঁ দক্ষতা আৰু প্ৰতিভাৰ ক্ষেত্ৰত সুস্থ প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলাৰ আহ্বান জনায়। শ্ৰী মোদীয়ে ভাৰতৰ দক্ষ কৰ্মশক্তিৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী চাহিদাৰ ওপৰত আলোকপাত কৰি পূৰ্বৰ চৰকাৰসমূহে দশক দশক ধৰি জাপি দিয়া আওপুৰণি শিক্ষা ব্যৱস্থাক সমালোচনা কৰে। তেওঁ দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰে বৃহৎ সংস্কাৰ ৰূপায়ণ কৰিছে, অচল পদ্ধতিৰ পৰা আঁতৰি আহি ৰূপান্তৰিত শৈক্ষিক পৰিৱেশৰ সূচনা কৰিছে।

 

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দক্ষতা বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দক্ষতা ভাৰত অভিযানৰ অধীনত চৰকাৰে লাখ লাখ যুৱক-যুৱতীক বিভিন্ন খণ্ডত দক্ষ জনশক্তি হিচাপে সেৱা আগবঢ়াবলৈ প্ৰস্তুত কৰি আছে। তেওঁ আঙুলিয়াই দিয়ে যে আজি বিশ্বই বৃদ্ধ জনসংখ্যাৰ এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু যুৱ প্ৰতিভাৰ য’তেই অতীব প্ৰয়োজন তাতেই ভাৰতে নেতৃত্ব দিয়াৰ সম্ভাৱনা ৰাখিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে যুৱক-যুৱতীসকল যেতিয়া দক্ষতাৰে সুসজ্জিত হয়, তেতিয়া ই কেৱল কৰ্মসংস্থাপনৰ বাবে বিশাল পথ মুকলি কৰাই নহয়, আত্মবিশ্বাসৰো জন্ম দিয়ে আৰু আত্মনিৰ্ভৰশীলতাকো শক্তিশালী কৰে। তেওঁ দেশৰ যুৱক-যুৱতীসকলৰ বাবে সৰ্বাধিক নিয়োগৰ সুযোগ সৃষ্টিৰ বাবে চৰকাৰৰ অটল প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

১১ বছৰৰ আগৰ পৰিস্থিতিৰ কথা মনত পেলাই শ্ৰী মোদীয়ে কয় যে ভাৰতত মাত্ৰ মুষ্টিমেয় ষ্টাৰ্টআপ আছিল, আনহাতে আজি এই সংখ্যা ২ লাখৰ ওচৰ চাপিছে, আনকি ২য় পৰ্যায়ৰ আৰু ৩য় পৰ্যায়ৰ চহৰৰ পৰাও ন ন উদ্যোগৰ উন্মেষ ঘটিছে। তেওঁ মুদ্ৰা যোজনাৰ ওপৰত আলোকপাত কৰি কয় যে এই যোজনাৰ ফলতেই যুৱক-যুৱতীসকলে নিশ্চয়তা বা গেৰাণ্টিৰ প্ৰয়োজন নোহোৱাকৈ বেংকৰ ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। এই পদক্ষেপৰ জৰিয়তে ৩৩ লাখ কোটিতকৈও অধিক ধন প্ৰদান কৰা হৈছে, যাৰ ফলত লাখ লাখ যুৱক-যুৱতী স্বাৱলম্বী হোৱাৰ লগতে আনৰ বাবেও চাকৰিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। স্বাধীনতা দিৱসৰ ভাষণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ১ লাখ কোটি টকাৰ আঁচনি প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ শুভাৰম্ভ আৰু তাৎক্ষণিক ৰূপায়ণৰ কথাও উল্লেখ কৰে। এই কাৰ্যসূচীৰ অধীনত যেতিয়া কোনো ব্যক্তিক ব্যক্তিগত খণ্ডত নিযুক্তি দিয়া হয়, তেতিয়া চৰকাৰে তেওঁলোকৰ প্ৰাৰম্ভিক দৰমহাৰ বাবে ১৫,০০০ টকা বৰঙণি আগবঢ়ায়, যাৰ ফলত কৰ্মসংস্থাপন আৰু উদ্যোগীকৰণ দুয়োটা দিশতে প্ৰত্যক্ষভাৱে উত্থান ঘটে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সমগ্ৰ দেশতে আন্তঃগাঁথনি উন্নয়ন অভূতপূৰ্ব গতিৰে আগবাঢ়িছে। তেওঁ পুনৰ কয় যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফট বিজলী যোজনাৰ অধীনত সৌৰশক্তিৰ বৃহৎ পৰিসৰ স্থাপনৰ কাম দ্ৰুতগতিত ৰূপায়ণ কৰা হৈছে। তেওঁ আৰু উল্লেখ কৰে যে ভাৰতে ড্ৰ’ন আৰু প্ৰতিৰক্ষা উৎপাদনৰ দৰে উদীয়মান খণ্ডসমূহত অবিৰত বিকাশৰ সাক্ষী হৈ আছে। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে মিছন-চালিত উৎপাদন, আৰু এই সকলোবোৰ পদক্ষেপে একেলগে, বিশেষকৈ গুজৰাটত উল্লেখযোগ্যভাৱে নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিছে।

শ্ৰী মোদীয়ে কয়, "আজি বিশ্বই ভাৰতৰ শ্ৰম আৰু প্ৰতিভাক সৰ্বোচ্চ সন্মান জনাইছে আৰু ইয়াৰ মূল্য সম্পূৰ্ণৰূপে স্বীকাৰ কৰিছে।ফলস্বৰূপে সমগ্ৰ জাতিসমূহৰ মাজত অগণন সুযোগ মুকলি হৈছে।" তেওঁ আলোকপাত কৰে যে ভাৰতীয় যুৱক-যুৱতীসকলে বিশ্বজুৰি—স্বাস্থ্যসেৱা আৰু শিক্ষাৰ পৰা আৰম্ভ কৰি মহাকাশ অন্বেষণলৈকে—এটা উল্লেখযোগ্য প্ৰভাৱ পেলাইছে—তেওঁলোকৰ দক্ষতা, উদ্ভাৱন আৰু কৃতিত্বৰে বিশ্বক আচৰিত কৰি তুলিছে।

লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰা ধৰণে আত্মনিৰ্ভৰশীলতা আৰু থলুৱা উৎপাদনৰ ওপৰত তেওঁৰ প্ৰবল গুৰুত্ব পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায় যে ভাৰতে সম্পূৰ্ণ স্বাৱলম্বী হ’বলৈ চেষ্টা কৰিব লাগিব। তেওঁ সমাজক স্বদেশী সামগ্ৰীক আন্তৰিকতাৰে, দৃঢ়তাৰে আৰু গৌৰৱেৰে আকোৱালি ল’বলৈ আহ্বান জনায়।

 

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰি উল্লেখ কৰে যে তেওঁ হয়তো পূৰ্বতে দায়িত্ব অৰ্পণ কৰি যোগ্যতা অৰ্জন কৰিছিল, কিন্তু তেওঁলোকেহে সেই দায়িত্ব পালন কৰি ফলাফল প্ৰদান কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে তেওঁৰ সমগ্ৰ ৰাজহুৱা জীৱনত এনে কোনো মুহূৰ্ত নাছিল যেতিয়া তেওঁৰ আশা পূৰণ নোহোৱাকৈয়ে ৰখা হৈছিল আৰু এই চিৰস্থায়ী আস্থাই তেওঁক আৰু অধিক আত্মবিশ্বাসেৰে নতুন দায়িত্ব অৰ্পণ কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে আজিৰ অনিশ্চিত বৈশ্বিক পৰিৱেশত ভাৰতৰ বাবে আগুৱাই যোৱাৰ আটাইতকৈ নিশ্চিত পথ হৈছে আত্মনিৰ্ভৰশীলতা। তেওঁ কয় যে আত্মনিৰ্ভৰশীলতাৰ অৰ্থ হ’ল থলুৱা সামগ্ৰীক অগ্ৰাধিকাৰ দিয়া আৰু মেক ইন ইণ্ডিয়া পদক্ষেপৰ মনোভাৱ শক্তিশালী কৰা। “স্বাধীনতা আন্দোলন শতিকাপুৰণি ধ্বংসাৱশেষ নহয়, বৰঞ্চ আমাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ এক অভিযান, আৰু ইয়াৰ নেতৃত্ব সমাজৰ পৰা আহিব লাগিব, বিশেষকৈ যুৱক-যুৱতীসকলৰ পৰা,” প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ পৰিয়ালসমূহক কোনো বিদেশী সামগ্ৰী ঘৰত প্ৰৱেশ কৰিব নালাগে বুলি প্ৰতিজ্ঞাবদ্ধ হ’বলৈ আহ্বান জনায়। উদাহৰণ উল্লেখ কৰি তেওঁ কয় যে যিদৰে ভাৰতীয় মানুহে বিদেশত বিয়া পতাটো বাতিল কৰিছিল আৰু মেড ইন ইণ্ডিয়াৰ বাবে তেওঁৰ আহ্বান শুনি ভাৰতত উদযাপন কৰিবলৈ বাছি লৈছিল। এনে পছন্দই স্বাভাৱিকতে দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰে আৰু জাতিটোক শক্তিশালী কৰে বুলিও তেওঁ কয়।

“মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতত সফলতা প্ৰতিজন নাগৰিকৰ তথা আমাৰ সামূহিক প্ৰচেষ্টাৰ শক্তি আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক শক্তিশালী ভেটি,” শ্ৰী মোদীয়ে কয়। তেওঁ মানুহক সচেতনভাৱে ভাৰতীয় সামগ্ৰী বাছি ল’বলৈ আহ্বান জনাই কয় যে এবাৰ এইটো অভ্যাসত পৰিণত হ’লে, প্ৰতিযোগিতাৰ লগে লগে গুণগত মান স্বাভাৱিকতে বৃদ্ধি পাব, পেকেজিঙৰ উন্নতি হ’ব, আৰু ব্যয়সাধ্যতা বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ভাৰতীয় সম্পদ বিদেশলৈ ওলাই যাবলৈ দিয়াটো সঠিক নহয়, আৰু স্থানীয় সামগ্ৰীৰ বাবে ব্যয় কৰা প্ৰতিটো টকাই দেশখনক সমৃদ্ধিশালী কৰে।

আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজৰ ওপৰত ন্যস্ত কৰা প্ৰতিটো সৰু সৰু কামেই সামূহিক সচেতনতাৰ জৰিয়তে সম্পন্ন হ’ব আৰু ই জাতিটোক নতুন শক্তি প্ৰদান কৰিব। তেওঁ ব্যৱসায়ীসকলকো আহ্বান জনাই সোঁৱৰাই দিয়ে যে আজিৰ সমাজখন কেৱল কৃষিভিত্তিক নহয়, উদ্যোগ প্ৰধানো। তেওঁ দোকানীসকলক “ইয়াত কেৱল স্বদেশী সামগ্ৰী বিক্ৰী কৰা হয়” বুলি ব’ৰ্ড প্ৰদৰ্শন কৰিবলৈ পৰামৰ্শ দিয়ে, যাৰ ফলত গ্ৰাহকসকলে ভাৰতীয় সামগ্ৰী ক্ৰয় কৰিবলৈ উৎসাহিত হ’ব। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এইটোও দেশপ্ৰেমৰ এক ৰূপ, তেওঁ লগতে কয় যে যেনেকৈ অপাৰেচন সিন্দুৰ জাতীয় সেৱাৰ বহিঃপ্ৰকাশ আছিল, স্বদেশীক আকোৱালি লোৱাটোও জাতিৰ প্ৰগতিৰ ক্ষেত্ৰত অৱদানৰ এটা ৰূপ। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ মাজত থাকিবলৈ সুযোগ দিয়াৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে, লগতে কন্যা সন্তানসকলক আন্তৰিক আশীৰ্বাদ যাঁচে।

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership