ৰাষ্ট্ৰপতি মেক্ৰন,

মহামহিমসকল,

নমস্কাৰ!

মহাসাগৰক লৈ অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ গোলকীয় সন্মিলনত মই ৰাষ্ট্ৰপতি মেক্ৰনক অভিনন্দন জনাইছো। ভাৰত সদায়ে এখন সামুদ্ৰিক সভ্যতাৰ দেশ। আমাৰ প্ৰাচীন শাস্ত্ৰ তথা সাহিত্যিক সমলসমূহত সামুদ্ৰিক জীৱনকে ধৰি মহাসাগৰসমূহে প্ৰদান কৰি অহা উপহাৰ সন্দৰ্ভত বিস্তৃত চৰ্চা সম্বলিত কৰা হৈছে। আজিৰ প্ৰেক্ষাপটতো আমাৰ সুৰক্ষা আৰু সমৃদ্ধি মহাসাগৰৰে সংযোজিত হৈছে। ভাৰতৰ ‘ভাৰত-প্ৰশান্তমহাসাগৰীয় উদ্যোগ’-ৰো প্ৰধান প্ৰাতিপাদ্য প্ৰসংগ হৈছে সামুদ্ৰিক জীৱন। ফ্ৰান্সে আৰম্ভ কৰা ‘হাই এম্বিশ্যন কোৱালিশ্যন অন বায়’-ডাইভাৰছিটী বিয়ণ্ড নেশ্যনেল জুৰিছডিকশ্যন’ শীৰ্ষক উদ্যোগলৈ ভাৰতে সমৰ্থন আগবঢ়াইছে। চলিত বছৰতে আমি  নীতিগত ভাবে প্ৰণিত এক আন্তঃৰাষ্ট্ৰীয় চুক্তি লাভ কৰিব পাৰিম বুলি আশা কৰিছো। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নোহোৱা কৰাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। উপকূলীয় অঞ্চলসমূহৰ পৰা প্লাষ্টিক তথা অন্যান্য আৱৰ্জনাসমূহ পৰিষ্কৰণৰ লক্ষ্যৰে ভাৰতে অলপতে এক ৰাষ্ট্ৰজোৰা অভিযান আৰম্ভ কৰিছে।

তিনিলাখ যুৱ-যুৱতীয়ে প্ৰায় ১৩টন পৰিমাণৰ আৱৰ্জনা সংগ্ৰহ কৰিছে। সাগৰসমূহৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে ১০০টা ‘জাহাজ-দিৱস’ আগবঢ়োৱাৰ বাবে মই ইতিমধ্যে আমাৰ নৌসেনা বাহিনীক নিৰ্দেশ দিছো। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে ফ্ৰান্সে আৰম্ভ কৰা গোলকীয় উদ্যোগত অংশগ্ৰহণ কৰিবলৈ পালে ভাৰত নিশ্চয় আনন্দিত হ’ব।

ৰাষ্ট্ৰপতি মেক্ৰন, আপোনাক ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Over 52,000 Indians return safely from Gulf amid Iran war: MEA

Media Coverage

Over 52,000 Indians return safely from Gulf amid Iran war: MEA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 মাৰ্চ 2026
March 10, 2026

Citizens Appreciate India’s Digital Leap and Green Triumphs Under the Leadership of PM Modi