400th Prakash Purab of Sri Guru Tegh Bahadur Ji is a spiritual privilege as well as a national duty: PM
The Sikh Guru tradition is a complete life philosophy in itself: PM Modi

গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০সংখ্যক জয়ন্তী(প্ৰকাশ পূৰব) উদযাপন সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিৰ এক সভাত প্ৰধানমন্ত্ৰী শ্ৰা নৰেন্দ্ৰ মোডীয়ে আজি পৌৰহিত্য কৰে। সভাখন ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে অনুষ্ঠিত কৰা হৈছিল।

শ্ৰী গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০সংখ্যক ‘প্ৰকাশ পূৰব’ উদযাপনৰ বাবে গ্ৰহণ কৰা বিশাল উদ্যোগৰ বাবে সভাৰ অংশগ্ৰহণকাৰীসকলে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ বাবে শ্ৰী গুৰু তেগ্ বাহাদুৰ জীয়ে আগবঢ়োৱা বিভিন্ন অৱদান আৰু ত্যাগৰ কথা স্মৰণ কৰে। স্মাৰক অনুষ্ঠান উদযাপন সন্দৰ্ভত অংশগ্ৰহণকাৰীসকলে বিভিন্ন তথ্য আৰু দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে গুৰুজনাৰ জীৱনৰ বিভিন্ন দিশসমূহ উন্মোচিত হোৱাকৈ বিভিন্ন কাৰ্যক্ৰম অনুষ্ঠিতকৰণত গুৰুত্ব আৰোপ কৰে। সমাজৰ সকলো স্তৰলৈকে শ্ৰী গুৰু তেগ্ বাহাদুৰ জীৰ বাৰ্তাসমূহৰ প্ৰচাৰ সুনিশ্চিত কৰাৰ বাবে সামূহিক প্ৰয়াস চলোৱাত গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠান উদযাপন সন্দৰ্ভত এই পৰ্যন্ত লাভ কৰা পৰামৰ্শাৱলীৰ এক বিৱৰণি দাঙি ধৰে উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদকগৰাকীয়ে।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দিহা-পৰামৰ্শ আগবঢ়োৱাৰ বাবে সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০সংখ্যক ‘প্ৰকাশ পূৰব’ এক আধ্যাত্মিক উপলক্ষ হোৱাৰ লগতে এক ৰাষ্ট্ৰীয় কৰ্তব্য বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ শ্ৰী গুৰু তেগ্ বাহাদুৰ জীৰ জীৱনৰ পৰা লাভ কৰা শিকণিসমূহৰ বিষয়ে বিশেষভাবে উল্লেখ কৰাৰ লগতে এনে শিক্ষাই আমাক সকলোকে অনুপ্ৰাণিত কৰি আহিছে বুলিও উল্লেখ কৰে। তেওঁ যুৱ প্ৰজন্মক এই শিকনিসমূহ বুজোৱাত গুৰুত্ব প্ৰদান কৰি ডিজিটেল মাধ্যমৰ জৰিয়তে যুৱ প্ৰজন্মক এই শিক্ষা দান কৰাটো তেনেই সহজ হোৱাৰ লগতে এই মাধ্যমৰে পৃথিৱীৰ যুৱবৃন্দৰ মাজত এই বাৰ্তা সহজেই বিস্তাৰিত কৰা পৰা যাব বুলি মন্তব্য কৰে।

শিখ গুৰু পৰম্পৰা এক সম্পূৰ্ণ জীৱন-দৰ্শন বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰসংগক্ৰমে তেওঁ গুৰু নানক দেৱ জীৰ ৫৫০ সংখ্যক ‘প্ৰকাশ পূৰব’, গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০সংখ্যক ‘প্ৰকাশ পূৰব ‘আৰু শ্ৰী গুৰু গোবিন্দ সিং জীৰ ৩৫০ সংখ্যক ‘প্ৰকাশ পূৰব’ উদযাপন কৰাৰ বাবে তেওঁৰ চৰকাৰে সুযোগ লাভ কৰাতো নিতান্তই এক সুযোগ আৰু সৌভাগ্য বুলি উল্লেখ কৰে।

গুৰুজনাৰ ৪০০সংখ্যক ‘প্ৰকাশ পূৰব’ৰ যথা সম্ভৱ অধিক লোকক জড়িত কৰাত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ গুৰুৰ জীৱন দৰ্শনেই কেৱল নহয়, বৰং সম্পূৰ্ণ গুৰু পৰম্পৰাকে পৃথিৱী জুৰি প্ৰচাৰিত কৰাৰ বাবে বছৰজোৰা বিভিন্ন কাৰ্যক্ৰমনিকা ৰূপায়ণৰো পোষকতা কৰে।  শিখ পৰম্পৰা সন্দৰ্ভত শুদ্ধ গৱেষণাৰ আৰু তথ্য-সংকলনৰো পোষকতা কৰে তেওঁ।

সভাত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং, কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা, ৰাজ্য সভাৰ উপ সভাপতি শ্ৰী হৰিবংশ, ৰাজ্য সভাৰ বিৰোধী দলপতি শ্ৰী মলিকাৰ্জুন খৰ্গে, হাৰিয়াণাৰ মুখ্য মন্ত্ৰী শ্ৰী মনোহৰলাল খট্টৰ, পাঞ্জাৱৰ মুখ্য মন্ত্ৰী কেপ্টেইন অমিৰিন্দৰ সিং, ৰাজস্থানৰ মুখ্য মন্ত্ৰী শ্ৰী অশোক গেহলোট, অমৃতসৰৰ ‘শিৰোমণি গুৰুদ্বাৰা প্ৰৱন্ধক সমিতি’ৰ সভানেত্ৰী বিবি জাগিৰ কৌৰ, সাংসদ শ্ৰী সুখবীৰ সিং বাদল আৰু শ্ৰী সুখদেৱ সিং ধিনছা, প্ৰাক্তন সাংসদ শ্ৰী তাৰলোচন সিং, আমুলৰ পৰিচালন সঞ্চালক শ্ৰী আৰ এছ সোধী, বিশিষ্ট শিক্ষাবিদ শ্ৰী অমৰজিত সিং গ্ৰেৱাল আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govts proposed Rs 277 crore MSME investment set to boost Indias economy: Industry officials

Media Coverage

Govts proposed Rs 277 crore MSME investment set to boost Indias economy: Industry officials
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reviews flood situation in Arunachal Pradesh and Nagaland with MPs from the two states
July 30, 2026

The Prime Minister, Shri Narendra Modi, met Members of Parliament from Arunachal Pradesh and Nagaland and discussed the situation in the two states in the wake of the floods.

Shri Modi said that the Central Government will continue working with the respective state Governments to address the challenges arising from the floods.

The Prime Minister prayed for everyone’s well-being and safety.

In a post on X, Shri Modi said;

“Had a meeting with MPs from Arunachal Pradesh and Nagaland. We talked about the situation in these states in the wake of floods there. The Central Government will keep working with the respective state Governments to address the challenges. Praying for everyone’s wellbeing and safety.”