মহোদয়,

ইমান কম সময়ৰ ভিতৰত এই বিশেষ বৈঠকত মিলিত হোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো৷ মই বিশেষ ৰূপত আমাৰ মিত্ৰ প্ৰধানমন্ত্ৰী অলীক ধন্যবাদ জ্ঞাপন কৰিছো যিয়ে নিজৰ অস্ত্ৰোপচাৰ সমাপ্ত হোৱাৰ ঠিক পিছতে আমাৰ সৈতে জড়িত হৈছে৷ মই তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছো৷ মই ৰাষ্ট্ৰপতি আশ্বৰফ ঘনীক তেওঁৰ সদ্য সমাপ্ত উপ নিৰ্বাচনৰ বাবেও অভিনন্দন জ্ঞাপন কৰিছো৷ মই ছাৰ্কৰ নতুন মহাসচিবক স্বাগতম জনাইছো যি আমাৰ মাজত আজি উপস্থিত আছে৷ মই গান্ধীনগৰৰ পৰা ছাৰ্কৰ দুৰ্যোগ প্ৰৱন্ধন কেন্দ্ৰৰ সঞ্চালকৰ উপস্থিতিকো সন্মান প্ৰদৰ্শন কৰিছো৷

মহোদয়,

আমি সকলোৱে জানো যে ক’ভিড-১৯ক অলপতে বিশ্ব স্বাস্থ্য সংগঠনে মহামাৰী হিচাপে অভিহিত কৰিছে৷ এই পৰ্যন্ত আমাৰ অঞ্চলটোত ১৫০ত কৈও কম পৰিঘটনা পৰিলক্ষিত হৈছে৷ কিন্তু আমি সতৰ্ক হৈ থকাটো আৱশ্যক৷ আমাৰ অঞ্চলটোৰ জনসংখ্যা সমগ্ৰ বিশ্বৰ প্ৰায় এক পঞ্চমাংশ৷ এয়া ঘন আবাদীপূৰ্ণ অঞ্চল৷ উন্নয়নশীল দেশ হিচাপে আমাৰ সকলোৰে স্বাস্থ্য সুবিধাসমূহ লাভ কৰাটো এক প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে৷ আমাৰ সকলো দেশৰ নাগৰিকৰ মাজত পাৰস্পৰিক সম্বন্ধ প্ৰাচীন কালৰে পৰা বিদ্যমান আৰু আমাৰ সমাজ উভয়ে-উভয়ৰ লগত জড়িত৷ সেইবাবে আমি সকলোৱে একত্ৰিতভাৱে ইয়াৰ প্ৰস্তুতি চলাব লাগিব, সকলোৱে একগোট হৈ কাম কৰিব লাগিব আৰু আমি সকলোৱে সফলো হ’ব লাগিব৷

মহোদয়,

আমি প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ প্ৰস্তুত হোৱাৰ পৰিপ্ৰেক্ষিতত মই সংক্ষেপতে এই ভাইৰাছবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতা বৰ্ণনা কৰিব বিচাৰিছো৷

‘‘প্ৰস্তুতি চলাওক কিন্তু আতংকিত নহ’ব’’ এয়াই হ’ল আমাৰ মাৰ্গদৰ্শী মন্ত্ৰ৷

আমি সাৱধান আছিলো কিয়নো এই সমস্যাক উলাইয়ো কৰিব নোৱাৰি আৰু চিন্তা নকৰাকৈ কোনো পদক্ষেপো গ্ৰহণ কৰিব নোৱাৰি৷ আমি এক শ্ৰেণীবদ্ধ প্ৰতিক্ৰিয়াতন্ত্ৰসহিতে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়াস কৰিছো৷

মহোদয়,

আমি জানুৱাৰীৰ মাজৰ সময়ছোৱাৰ পৰাই ভাৰতত প্ৰৱেশৰ সময়ত নিৰীক্ষণ আৰম্ভ কৰিছিলো আৰু লগতে লাহে লাহে নিষেধাজ্ঞা জাৰী কৰিবলৈ আৰম্ভ কৰিছিলো৷ ফলত আমি এই পদক্ষেপৰ জৰিয়তে উক্ত আতংকবিধৰ পৰা ৰক্ষা পোৱাত সহায় লাভ কৰিলো৷ আমি টেলিভিছন, ছপা মাধ্যম আৰু ছ’চিয়েল মিডিয়াত জন সজাগতামূলক অভিযানৰ প্ৰসাৰণ কৰিলো৷ আমি অতি সংবেদনশীল অঞ্চলসমূহত এই বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰিলো৷ আমি সমগ্ৰ দেশত নিজৰ চিকিৎসা কৰ্মীসকলক প্ৰশিক্ষিত কৰাৰ লগতে আমাৰ আন্তঃগাঁথনিৰ ক্ষমতা বৃদ্ধি কৰাৰ দিশত দ্ৰুত গতিত অগ্ৰসৰ হ’লো৷ আমি নিদানিক ক্ষমতাও বৃদ্ধি কৰিলো৷ দুমাহৰ ভিতৰত আমি সমগ্ৰ দেশৰ ৬০ত কৈও অধিক গৱেষণাগাৰত পৰীক্ষণৰ ব্যৱস্থা কৰিলো৷ আমি এই মহামাৰীৰ ব্যৱস্থাকৰণৰ বাবে প্ৰত্যেক পৰ্যায়ৰ বাবে প্ৰট’ক’ল বিকশিত কৰিলো৷ যেনে- প্ৰৱেশ পথত পৰীক্ষণ কৰা, সন্দেহযুক্ত পৰিঘটনাৰ সন্ধান কৰা, আচুতীয়া সুবিধাৰ ব্যৱস্থা কৰা আৰু সন্দেহমুক্তসকলক মুকলি কৰি দিয়া আদি৷

আমি বিদেশতো আমাৰ মানুহখিনিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছো৷ আমি বিভিন্ন দেশৰ পৰা প্ৰায় ১৪০০ ভাৰতীয়ক উদ্ধাৰ কৰি আনিছো৷ আমি আমাৰ ‘‘চুবুৰীয়া সৰ্বপ্ৰথম’’ নীতিৰ আধাৰত আপোনালোকৰো কিছু নাগৰিকক সহায় কৰিছো৷ আমি নিষ্কাশনৰ এনে প্ৰট’ক’ল প্ৰস্তুত কৰিছো য’ত বিদেশত কাৰ্যৰত আমাৰ ম’বাইল টীমৰ দ্বাৰা পৰীক্ষা কৰা আদি ব্যৱস্থাপনাও অন্তৰ্ভুক্ত কৰা হৈছে৷

আমি এয়াও স্বীকাৰ কৰিছো যে অন্য দেশেও ভাৰতত থকা নিজৰ নাগৰিকসমূহক লৈ চিন্তিত হৈছে৷ সেইবাবে বৈদেশিক ৰাষ্ট্ৰদূতসকলক আমি গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰিছো৷

মহোদয়,

এটা কথা নিশ্চিত যে আমি এতিয়াও এক অজ্ঞাত স্থিতিত আছো৷ আমি নিশ্চিতিৰ সৈতে এয়া অনুমান কৰিব নোৱাৰো যে আমাৰ সৰ্বোত্তম প্ৰয়াসৰ পিছতো স্থিতি আগলৈ কেনে হ’ব৷ আপোনালোকেও এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এইবাবেই আমি সকলোৰে বাবে সকলোতকৈ অধিক গুৰুত্বপূৰ্ণ বিষয় এয়ে হ’ব যে আমি সকলোৱে যাতে নিজৰ দৃষ্টিকোণ বিনিময় কৰো৷ মই আপোনোলোক সকলোৰে চিন্তাধাৰা শুনিবলৈ উৎসুক হৈ পৰিছো৷

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival