মহামহিমসকল,

প্ৰধানমন্ত্ৰী এলবানিজ, প্ৰধানমন্ত্ৰী কিছিদা আৰু ৰাষ্ট্ৰপতি বাইডেন

আজি এই ‘কোৱাড সন্মিলন’ত মোৰ বন্ধুবৰ্গৰ মাজত অংশগ্ৰহণ কৰি মই আনন্দিত হৈছে। কোৱাড গোটে ভাৰত-প্ৰশান্তমহাসাগৰীয় অঞ্চলত শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাতাবৰণ নিশ্চিত কৰাৰ বাবে নিজকে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে প্ৰতিষ্ঠা কৰিছে। ইয়াত কোনো সন্দেহ নাই যে ভাৰত-প্ৰশান্তমহাসাগৰীয় অঞ্চল হৈছে বিশ্বৰ বাণিজ্য, উদ্ভাৱন আৰু বিকাশৰ ইঞ্জিন। আমি সৰ্বসন্মতভাৱে নিশ্চিত হৈছো যে ভাৰত-প্ৰশান্তমহাসাগৰীয় অঞ্চলৰ নিৰাপত্তা আৰু সফলতা কেৱল অঞ্চলটোৰ বাবেই নহয়, বৰঞ্চ বিশ্বৰ বাবেও গুৰুত্বপূৰ্ণ। এক গঠনমূলক কাৰ্যসূচীৰ সৈতে, উমৈহতীয়া গণতান্ত্ৰিক মূল্যবোধক আধাৰ কৰি  আমি আগবাঢ়ি আছো।

আমাৰ উমৈহতীয়া প্ৰচেষ্টাৰে আমি এক স্বাধীন, মুক্ত আৰু সামগ্ৰিক ভাৰত-প্ৰশান্তমহাসাগৰীয় অঞ্চলৰ আমাৰ দৃষ্টিভংগীক ব্যৱহাৰিক মাত্ৰা প্ৰদান কৰিছো। জলবায়ু সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া কাৰ্যাৱলী, দুৰ্যোগ ব্যৱস্থাপনা, কৌশলগত প্ৰযুক্তি, নিৰ্ভৰযোগ্য যোগান শৃংখলা, স্বাস্থ্য সুৰক্ষা, সামুদ্ৰিক সুৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী ক্ষেত্ৰত আমাৰ ইতিবাচক সহযোগিতা বৃদ্ধি পাইছে। কেবাখনো দেশ আৰু গোটে তেওঁলোকৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় ৰণনীতি আৰু দৃষ্টিভংগী ঘোষণা কৰিছে। আজিৰ আমাৰ বৈঠকে এই সমগ্ৰ অঞ্চলটোৰ সামগ্ৰিক আৰু জনকেন্দ্ৰিক উন্নয়ন সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব।

মই বিশ্বাস কৰোঁ যে ‘কোৱাড’-য়ে বিশ্ব কল্যাণ, মানৱ কল্যাণ, শান্তি আৰু সমৃদ্ধিৰ বাবে কাম কৰি যাব। এই সন্মিলনৰ সফল সভাপতিত্বৰ বাবে মই প্ৰধানমন্ত্ৰী এলবানিজক প্ৰশংসা আৰু অভিনন্দন জনাইছোঁ। ২০২৪ চনত আমি ভাৰতত ‘কোৱাড নেতৃবৃন্দৰ শীৰ্ষসন্মিলন’ আয়োজন কৰি সুখী হ'ম।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission

Media Coverage

ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
আচাৰ্য বিনোবা ভাৱেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
September 11, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আচাৰ্য বিনোবা ভাৱেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আচাৰ্য বিনোবা ভাৱেৰ ‘জয় জগত’ৰ উজ্জীৱিত আহ্বানে প্ৰতিটো সীমা অতিক্ৰম কৰিছিল আৰু মানৱতাক সৰ্বোপৰি স্থান দিছিল।

শ্ৰী মোদীয়ে কয় যে বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে আচাৰ্য বিনোবা ভাৱে সকলোৰে কল্যাণ আৰু সবলীকৰণৰ দিশত কাম কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সমতা, মৰ্যাদা আৰু সেৱাৰ ওপৰত তেওঁৰ অটল বিশ্বাসে আটাইতকৈ প্রান্তীয় লোকসকলকো শক্তি প্ৰদান কৰিছিল।

শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছে;

‘আচাৰ্য্য বিনোবা ভাৱেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

তেওঁৰ ‘জয় জগত’ আহ্বানে প্ৰতিটো সীমা অতিক্ৰম কৰিছিল আৰু মানৱতাক সৰ্বোপৰি স্থান দিছিল।

বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে তেওঁ সকলোৰে কল্যাণ আৰু সবলীকৰণৰ দিশত কাম কৰিছিল। সমতা, মৰ্যাদা আৰু সেৱাৰ ওপৰত তেওঁৰ অটল বিশ্বাসে আটাইতকৈ প্রান্তীয় লোকসকলকো শক্তি প্ৰদান কৰিছিল।’