মহামহিমসকল,

প্ৰধানমন্ত্ৰী এলবানিজ, প্ৰধানমন্ত্ৰী কিছিদা আৰু ৰাষ্ট্ৰপতি বাইডেন

আজি এই ‘কোৱাড সন্মিলন’ত মোৰ বন্ধুবৰ্গৰ মাজত অংশগ্ৰহণ কৰি মই আনন্দিত হৈছে। কোৱাড গোটে ভাৰত-প্ৰশান্তমহাসাগৰীয় অঞ্চলত শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাতাবৰণ নিশ্চিত কৰাৰ বাবে নিজকে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে প্ৰতিষ্ঠা কৰিছে। ইয়াত কোনো সন্দেহ নাই যে ভাৰত-প্ৰশান্তমহাসাগৰীয় অঞ্চল হৈছে বিশ্বৰ বাণিজ্য, উদ্ভাৱন আৰু বিকাশৰ ইঞ্জিন। আমি সৰ্বসন্মতভাৱে নিশ্চিত হৈছো যে ভাৰত-প্ৰশান্তমহাসাগৰীয় অঞ্চলৰ নিৰাপত্তা আৰু সফলতা কেৱল অঞ্চলটোৰ বাবেই নহয়, বৰঞ্চ বিশ্বৰ বাবেও গুৰুত্বপূৰ্ণ। এক গঠনমূলক কাৰ্যসূচীৰ সৈতে, উমৈহতীয়া গণতান্ত্ৰিক মূল্যবোধক আধাৰ কৰি  আমি আগবাঢ়ি আছো।

আমাৰ উমৈহতীয়া প্ৰচেষ্টাৰে আমি এক স্বাধীন, মুক্ত আৰু সামগ্ৰিক ভাৰত-প্ৰশান্তমহাসাগৰীয় অঞ্চলৰ আমাৰ দৃষ্টিভংগীক ব্যৱহাৰিক মাত্ৰা প্ৰদান কৰিছো। জলবায়ু সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া কাৰ্যাৱলী, দুৰ্যোগ ব্যৱস্থাপনা, কৌশলগত প্ৰযুক্তি, নিৰ্ভৰযোগ্য যোগান শৃংখলা, স্বাস্থ্য সুৰক্ষা, সামুদ্ৰিক সুৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী ক্ষেত্ৰত আমাৰ ইতিবাচক সহযোগিতা বৃদ্ধি পাইছে। কেবাখনো দেশ আৰু গোটে তেওঁলোকৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় ৰণনীতি আৰু দৃষ্টিভংগী ঘোষণা কৰিছে। আজিৰ আমাৰ বৈঠকে এই সমগ্ৰ অঞ্চলটোৰ সামগ্ৰিক আৰু জনকেন্দ্ৰিক উন্নয়ন সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব।

মই বিশ্বাস কৰোঁ যে ‘কোৱাড’-য়ে বিশ্ব কল্যাণ, মানৱ কল্যাণ, শান্তি আৰু সমৃদ্ধিৰ বাবে কাম কৰি যাব। এই সন্মিলনৰ সফল সভাপতিত্বৰ বাবে মই প্ৰধানমন্ত্ৰী এলবানিজক প্ৰশংসা আৰু অভিনন্দন জনাইছোঁ। ২০২৪ চনত আমি ভাৰতত ‘কোৱাড নেতৃবৃন্দৰ শীৰ্ষসন্মিলন’ আয়োজন কৰি সুখী হ'ম।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural buyers outpace cities as India’s passenger vehicle sales surge 26.6% in December: FADA

Media Coverage

Rural buyers outpace cities as India’s passenger vehicle sales surge 26.6% in December: FADA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Highlights Timeless Values of Virtue, Character, Knowledge and Wealth through a Subhashitam
January 07, 2026

The Prime Minister, Shri Narendra Modi, today reflected upon the enduring wisdom of Indian tradition, underscoring the values that continue to guide national life and individual conduct.

Prime Minister emphasized that true beauty is adorned by virtue, lineage is ennobled by character, knowledge finds its worth through success, and wealth attains meaning through responsible enjoyment. He stated that these values are not only timeless but also deeply relevant in contemporary society, guiding India’s collective journey towards progress, responsibility, and harmony.

Sharing a Sanskrit verse on X, Shri Modi wrote:

“गुणो भूषयते रूपं शीलं भूषयते कुलम्।

सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम्॥”