There is so much that we share: Shared Values & Ideals, Shared Spirit of Enterprise & Innovation, Shared Opportunities & Challenges, Shared Hopes & Aspirations, says PM at #NamasteTrump
India and the US are natural partners: PM Modi at #NamasteTrump
Not only the Indo-Pacific region, partnership between India and US augurs well for peace, progress and security for the entire world: PM Modi at #NamasteTrump

ভাৰত মাতাৰ জয়,

ভাৰত মাতাৰ জয়,

ভাৰত মাতাৰ জয়,

নমস্তে ট্ৰাম্প, নমস্তে ট্ৰাম্প, মই ক’ম ভাৰত–আমেৰিকাৰ বন্ধুত্ব, আপোনালোকে ক’ব দীৰ্ঘজীৱি হওক, দীৰ্ঘজীৱি হওক, ভাৰত–আমেৰিকাৰ বন্ধুত্ব, ভাৰত–আমেৰিকাৰ বন্ধুত্ব, ভাৰত–আমেৰিকাৰ বন্ধুত্ব!

নমস্কাৰ,

আজি মোটেৰা ষ্টেডিয়ামত এক ইতিহাস ৰচিত হৈছে৷ আজি আমি ইতিহাসৰ পুনৰাবৃত্তি হোৱাও দেখা পাইছো৷ পাঁচ মাহ পূৰ্বে মই আমেৰিকা যাত্ৰাৰ সূচনা হাউষ্টনত হোৱা হাউডী মোদী কাৰ্যসূচীৰ জৰিয়তে কৰিছিলো আৰু আজি মোৰ মিত্ৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ঐতিহাসিক ভাৰত যাত্ৰাৰ সূচনা আহমেদাবাদৰ নমস্তে ট্ৰাম্পৰ জৰিয়তে কৰিছে৷ আপোনালোকে কল্পনা কৰিব পাৰেনে যে তেওঁ আমেৰিকাৰ পৰা পোনে পোনে ইয়ালৈ আহিছে৷ ইমান দীঘলীয়া যাত্ৰাৰ পিছত ভাৰতত নামিয়েই ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ পৰিবাৰে পোনে পোনে সবৰমতী আশ্ৰমলৈ গৈছে আৰু তাৰ পৰা এই কাৰ্যসূচীলৈ আহিছে৷ বিশ্বৰ সবাতোকৈ বৃহৎ গণতন্ত্ৰত আপোনাক হৃদয়েৰে স্বাগতম জনাইছো৷ এই ভূমি গুজৰাটৰ কিন্তু আপোনাৰ স্বাগতমৰ বাবে সমগ্ৰ হিন্দুস্তান উত্ৰাৱল হৈ পৰিছে৷ এই উৎসাহ, এই গগন নিনাদিত ধ্বনি, এই সমগ্ৰ বাতাৱৰণ, বিমানবন্দৰৰ পৰা আৰম্ভ কৰি এই ষ্টেডিয়ামলৈ সকলো পিনে ভাৰতৰ বৈচিত্ৰতাৰ ৰঙেৰে ৰঙীয়াল হৈ পৰিছে৷ আৰু এই সকলোৰে মাজত ৰাষ্ট্ৰপতি ট্ৰাম্প, ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্প, ইভানকা আৰু জাৰেডৰ উপস্থিতি, ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ পৰিয়ালৰ সৈতে ইয়ালৈ অহাটো ভাৰত–আমেৰিকাৰ সম্পৰ্কক এক পৰিয়ালৰ দৰে মিঠা আৰু ঘনিষ্ঠতাৰ পৰিচয় প্ৰদান কৰিছে৷ ভাৰত–আমেৰিকাৰ সম্পৰ্ক কেৱল বন্ধুত্বপূৰ্ণ সম্পৰ্ক হৈ থকা নাই, ই ইয়াতকৈও ঊৰ্ধলৈ গৈ এক ঘনিষ্ঠ বন্ধুত্বৰ সম্পৰ্কলৈ পৰিণত হৈছে৷ 

 

 

এই কাৰ্যসূচীৰ নাম হ’ল –‘নমস্তে’, ইয়াৰ অৰ্থ অতি গভীৰ৷ ই বিশ্বৰ সবাতোকৈ প্ৰাচীন ভাষাসমূহৰ ভিতৰৰ অন্যতম ভাষা সংস্কৃতৰ এটা শব্দ৷ ইয়াৰ জৰিয়তে কেৱল ব্যক্তিজনকেই নহয়, তেওঁৰ ভিতৰত ব্যাপ্ত স্বৰ্গীয়তাকো আমি সেৱা জনাইছো৷ এনে ভব্য সমাৰোহৰ বাবে মই গুজৰাটৰ জনসাধাৰণক, গুজৰাটত বাস কৰা অন্য ৰাজ্যৰ লোকক অভিনন্দন জনাইছো৷ শ্ৰীযুত ৰাষ্ট্ৰপতি, মিত্ৰ, আজি আপুনি সেই ভূমিত থিয় দিছে য’ত পাঁচ হাজাৰ বৰ্ষ পুৰণি পৰিকল্পিত নগৰ ধোলাৱীৰা আছিল আৰু সিমানেই পুৰণি লোথাল সাগৰীয় বন্দৰো আছিল৷ আজি আপুনি সেই সবৰমতী নদীৰ পাৰত থিয় দিছে যিয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে৷ আজি আপুনি সেই বৈচিত্ৰতাৰে ভৰা ভাৰতত উপস্থিত হৈছে য’ত শতাধিক ভাষা কোৱা হয়৷ শতাধিক বেশভূষা, শতাধিক খাৱন–শোৱনৰ ব্যৱস্থা, অনেক পন্থ আৰু সম্প্ৰদায় ইয়াত আছে৷ আমাৰ এই সমৃদ্ধ বৈচিত্ৰতা, বৈচিত্ৰতাত ঐক্যতা আৰু অনুনাদশীল ঐক্যতাই হ’ল ভাৰত আৰু আমেৰিকাৰ মাজৰ শক্তিশালী বন্ধুত্বৰ প্ৰধান ভেঁটি৷ এখন যদি স্বতন্ত্ৰতাৰ ভূমি হয় তেন্তে আনখনে সমগ্ৰ বিশ্বকে এক পৰিয়াল হিচাপে বিবেচনা কৰে৷ এখনে ষ্টেচু অব্ লিবাৰ্টীক লৈ গৌৰৱ কৰে আৰু আনখনে বিশ্বৰ সবাতোকৈ ওখ মুৰ্তি চৰ্দাৰ পেটেলৰ ষ্টেচু অব্ ইউনিটীক লৈ গৌৰৱ কৰে৷ আমি বহু দিশ বিনিময় কৰিছো, আমি আমাৰ মূল্যবোধ, আদৰ্শ, উদ্যমিতা আৰু উদ্ভাৱনৰ সত্বা, সুযোগ আৰু প্ৰত্যাহ্বানৰ সত্বা, আশা আৰু প্ৰত্যাশাৰ সত্বাও পৰস্পৰে পৰস্পৰৰ সৈতে বিনিময় কৰিছো৷ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বত ভাৰত আৰু আমেৰিকাৰ বন্ধুত্ব অধিক সুদৃঢ় হোৱাত মই সুখী অনুভৱ কৰিছো আৰু সেইবাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই যাত্ৰাই ভাৰত আৰু আমেৰিকাৰ সম্বন্ধৰ নতুন অধ্যায় উন্মোচিত কৰিছে৷ এনে এক অধ্যায় যি ভাৰত আৰু আমেৰিকাৰ জনসাধাৰণৰ উন্নতি আৰু বিকাশৰ নতুন দস্তাৱেজ হিচাপে বিবেচিত হ’ব৷

 

 

বন্ধুসকল,

ৰাষ্ট্ৰপতি ট্ৰাম্পে সদায়েই বৃহৎ চিন্তা কৰে আৰু আমেৰিকাৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে তেওঁ যি কৰিছে সেই সম্পৰ্কে সকলোৱে পৰিচিত৷ আজি আমি ট্ৰাম্প পৰিয়ালক বিশেষভাৱে অভিনন্দন জনাইছো, ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্প, আপুনি আমাৰ মাজত উপস্থিত হোৱাটো আমাৰ বাবে ডাঙৰ সন্মানৰ কথা৷ স্বাস্থ্যৱান আৰু সুখী আমেৰিকাৰ বাবে আপুনি যি কৰিছে তাৰ সুপৰিণাম সকলোৱে দেখা পাইছে৷ সমাজত শিশুৰ কাৰণে কৰা কামবোৰৰ বাবে আপুনি সঁচাকৈয়ে প্ৰশংসাৰ পাত্ৰ৷ আপুনি কয়– শ্ৰেষ্ঠ হওক! আপুনি বোধহয় অনুভৱ কৰিছে যে আজিৰ স্বাগতম সমাৰোহতো জনতাৰ মাজত এই ভাৱনা প্ৰকট হৈ উঠিছে৷ ইভানকা, দুবছৰ পূৰ্বে আপুনি প্ৰথমবাৰ ভাৰতলৈ আহিছিল আৰু কৈছিল যে আপুনি দ্বিতীয়বাৰ ভাৰতলৈ আহিবলৈ বিচাৰিব৷ মই সুখী যে আপুনি আমাৰ মাজত আজি উপস্থিত আছে৷ জাৰেড, আপোনাৰ বিশেষত্ব এয়াই যে আপুনি লাইমলাইটৰ পৰা দূৰৈত থাকে কিন্তু আপোনাৰ কামৰ প্ৰভাৱ অতিশয় ব্যাপক হিচাপে বিবেচিত হয়৷ আপুনি লগ পালেই আপোনাৰ ভাৰতীয় বন্ধুসকলৰ বিষয়ে উল্লেখ কৰে৷ আপোনাক সাক্ষাৎ কৰি মই অতিশয় সুখী অনুভৱ কৰিছো৷

বন্ধুসকল, আজি এই মঞ্চৰ পৰা প্ৰতিজন ভাৰতীয় আৰু আমেৰিকাৰ সৈতে সমদ্ৰ বিশ্বই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মুখৰ ভাষণ শুনিব বিচাৰিছে৷ তেওঁৰ সম্বোধনৰ পিছত মই তেওঁক ধন্যবাদ জ্ঞাপন কৰি আপোনালোকৰ সৈতে আৰু দুটামান কথা পাতিম৷

মই ১৩০ কোটি ভাৰতীয়ৰ তৰফৰ পৰা ৰাষ্ট্ৰপতি ট্ৰাম্পক নিমন্ত্ৰিত কৰিছো৷ বন্ধুসকল, আপোনালোকৰ সন্মুখত এয়া প্ৰস্তুত কৰিছো ভাৰতৰ মিত্ৰ তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ড’নাল্ড ট্ৰাম্প৷  

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
GST completes nine years with stronger revenues and compliance

Media Coverage

GST completes nine years with stronger revenues and compliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Sachin Siwach on winning Gold in Men’s 60 kg Boxing
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Sachin Siwach on winning the Gold medal in the Men’s 60 kg Boxing event at the Commonwealth Games 2026 in Glasgow.

The Prime Minister said that Sachin Siwach’s achievement will inspire several young boxers.

Shri Modi extended his best wishes to him for his future endeavours and expressed hope that he would continue to make India proud.

The Prime Minister wrote on X;

“Sachin Siwach strikes Gold at Glasgow!

Congrats to him for the success in the Men's 60 kg Boxing event. He will motivate several young boxers. All the best for his endeavours ahead. May he always make India proud.

#CWG2026”