"ষ্টাৰ্টআপ আৰু গেমৰ একত্ৰীকৰণ গুৰুত্বপূৰ্ণ; বেংগালুৰুত অনুষ্ঠিত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছে এই ধুনীয়া চহৰখনৰ শক্তি বৃদ্ধি কৰিব"
"মহামাৰীৰ প্ৰত্যাহ্বানৰ মাজত খেলসমূহ অনুষ্ঠিত কৰাটোৱে নতুন ভাৰতৰ সংকল্প আৰু আবেগক মূৰ্ত কৰি তুলিছে; এই যুৱ আবেগে ভাৰতক প্ৰতিটো ক্ষেত্ৰতে এক নতুন গতি প্ৰদান কৰিছে"
"ক্ৰীড়া আৰু জীৱনত সফলতাৰ মুখ্য প্ৰয়োজনীয়তা, সামগ্ৰিক দৃষ্টিভংগী আৰু ১০০ শতাংশ সমৰ্পণ আছে"
"জয়ৰ পিছতো খেলৰ আত্মা খেলা আৰু পৰাজয়ৰ পৰা শিকা টো এক গুৰুত্বপূৰ্ণ কলা, যাক আমি খেলৰ ক্ষেত্ৰত শিকিম"
"বহুতো পদক্ষেপে খেলবোৰক পুৰণি চিন্তাধাৰাৰ শৃংখলাৰ পৰা মুক্ত কৰি দিছে"
"ক্ৰীড়াত লাভ কৰা স্বীকৃতিয়ে দেশৰ স্বীকৃতি বৃদ্ধি কৰে"

নমস্কাৰ!

খেলো ইণ্ডিয়া ইউনিভাৰছিটী গেমছৰ বাবে আপোনালোক সকলোকে বহুত-বহুত অভিনন্দন।

বেংগালুৰু চহৰ নিজেই দেশৰ যুৱ উদ্দীপনাৰ পৰিচয়। বেংগালুৰু প্ৰফেচনেলসকলৰ মান সন্মান আৰু সমৃদ্ধি। ডিজিটেল ইণ্ডিয়াযুক্ত বেংগালুৰুত খেলো ইণ্ডিয়াৰ আহ্বান নিজস্বভাৱেই বিশেষ। ষ্টাৰ্ট-আপছৰ জগতত স্পৰ্টছৰ এই সংগম অদ্ভুত। বেংগালুৰুত খেলো ইণ্ডিয়া ইউনিভাৰছিটী গেমছ হোৱাটোৱে, এই ধুনীয়া চহৰখনৰ শক্তি আৰু বঢ়াব আৰু দেশৰ নজোৱানেও ইয়াৰ পৰা নতুন শক্তি লৈ উভতিব। মই কৰ্ণাটকৰ চৰকাৰক এই খেলৰ আয়োজন কৰা বাবে অভিনন্দন জনাইছো। গ্লোবেল পেণ্ডেমিকৰ অত্যন্ত প্ৰত্যাহ্বানৰ মাজত এই খেল ভাৰতৰ যুৱক-যুৱতীসকলৰ দৃঢ় সংকল্প আৰু উৎসাহৰ উদাহৰণ। মই আপোনালোকৰ এই প্ৰয়াসক, এই উদ্যমক ছেলুট কৰিছো। এই যুৱ উদ্যমে আজি দেশক প্ৰতিটো ক্ষেত্ৰত নতুন গতিৰে আগবঢ়াই নিছে।

 

মোৰ নজোৱান বন্ধুসকল,

সফল হোৱাৰ প্ৰথম মন্ত্ৰ হৈছে-

টীম স্পিৰিট!

স্পৰ্টছৰ পৰা আমি এই টীম স্পিৰিটেই শিকিবলৈ পাওঁ। খেলো ইণ্ডিয়া ইউনিভাৰছিটী গেমছতো আপোনালোকে ইয়াক সক্ষাৎ অনুভৱ কৰিব। এই টীম স্পিৰিটেই আপোনালোকক জীৱনক চোৱাৰ এটা নতুন দৃষ্টিও দিয়ে।

খেলত জয়ৰ অৰ্থ হৈছে-

হলিষ্টিক এপ্ৰ'চ! ১০০ শতাংশ সমৰ্পণ!

প্ৰতিটো দিশত প্ৰয়াস, আৰু এশ শতাংশ প্ৰয়াস!

 

আপোনালোকৰ মাজৰে কোনোবা খেলুৱৈ ওলাব যি আগলৈ ৰাজ্য স্তৰত খেলিব। আপোনালোকৰ মাজৰে কোনোবা যুৱক-যুৱতীয়ে আগলৈ ইণ্টাৰনেচনেল লেভেলত দেশক প্ৰতিনিধিত্ব কৰিব। ক্ৰীড়া ক্ষেত্ৰৰ আপোনালোকৰ এই প্ৰাপ্তিয়ে আপোনালোকক জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সহায় কৰিব। ক্ৰীড়া, সঁচা অৰ্থত জীৱনৰ আচল ছাপোৰ্ট ছিষ্টেম। যি শক্তিয়ে , যি শিক্ষাই আপোনালোকক ক্ৰীড়াত আগবঢ়াই নিয়ে, সিয়েই আপোনালোকক জীৱনতো আগবঢ়াই নিয়ে। ক্ৰীড়া আৰু জীৱন, দুয়োটাতে উদ্যমৰ, উৎসাহৰ, passionৰ মহত্ব আছে। ক্ৰীড়া আৰু জীৱন, দুয়োটাতে যি প্ৰত্যাহ্বানক আকোৱালি লয়, তেঁৱেই তো বিজেতা হয়। ক্ৰীড়া আৰু জীৱন, দুয়োটাতে পৰাজয়ো জয় হয়, পৰাজয়ো শিক্ষা হয়। ক্ৰীড়া আৰু জীৱন, দুয়োটাতে সততাই আপোনালোকক বহুত আগলৈ লৈ যায়। ক্ৰীড়া আৰু জীৱন, দুয়োটাতে প্ৰতিটো পলৰ মহত্ব আছে বৰ্তমান পলৰ অধিক মহত্ব আছে, এই পলত জীয়াই থকা, এই পলত কিবা কৰি অতিক্ৰম কৰাৰ মহত্ব আছে।

জয় সাব্যস্ত কৰাৰ পাৰদৰ্শিতা আৰু পৰাজয়ৰ পৰা শিকাৰ কলা, জীৱনৰ প্ৰগতিৰ সবাতোকৈ মূল্যবান অংগ। আৰু ইয়াক আমি খেলপথাৰত খেলি-খেলি শিকি পেলাওঁ। খেলত যেতিয়া এফালে শৰীৰ শক্তিৰে ভৰি পৰে, খেলুৱৈৰ একশ্যনত তীব্ৰতা পৰিলক্ষিত হয়। সেই সময়ত ভাল খেলুৱৈৰ মস্তিষ্ক শান্ত হৈ থাকে, ধৈৰ্য ভৰি থাকে। ই জীৱন জীয়াৰ বহুত ডাঙৰ কলা।

বন্ধুসকল, আপোনালোক নতুন ভাৰতৰ যুৱক-যুৱতী। আপোনালোক এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ ধ্বজাবাহকো। আপোনালোকৰ যুৱ চিন্তাধাৰা আৰু আপোনালোকৰ যুৱ এপ্ৰ'চে আজি দেশৰ নীতিৰাজি নিৰ্ধাৰণ কৰি আছে। আজি যুৱক-যুৱতীসকলে ক্ৰীড়াক পুৰণা চিন্তাধাৰাৰ বান্ধোনৰ পৰা মুক্ত কৰিলে।

নতুন শিক্ষা নীতিত ক্ৰীড়াৰ ওপৰত জোৰ দিয়া হওক, বা আকৌ আধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰ নিৰ্মাণ, খেলুৱৈৰ বাছনিত স্বচ্ছতা হওক, বা আকৌ ক্ৰীড়াত আধুনিক প্ৰযুক্তিৰ বৰ্ধিত প্ৰয়োগ, এয়াই হৈছে নতুন ভাৰতৰ পৰিচয়।

ভাৰতৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা, তেওঁলোকৰ আশা, নতুন ভাৰতৰ নিৰ্মাণৰ আধাৰ হৈ পৰিছে। এতিয়া দেশত নতুন Sports Science Centres স্থাপিত হৈ আছে। এতিয়া দেশত dedicated sports universities হৈ আছে।

এয়া আপোনালোকৰ সুচলতাৰ বাবে, আপোনালোকৰ সপোন পূৰণ কৰিবৰ বাবে।

 

বন্ধুসকল,

ক্ৰীড়াৰ ক্ষমতাই দেশৰ ক্ষমতা বঢ়ায়। ক্ৰীড়াত পৰিচয়ে দেশৰ পৰিচয় বঢ়ায়। মোৰ আজিও মনত আছে, যেতিয়া মই টকিঅ' অলিম্পিকৰ পৰা উভতি অহা খেলুৱৈৰ সৈতে লগ হৈছিলো। তেওঁলোকৰ চেহেৰাত নিজৰ জয়তকৈ বেছি, দেশৰ বাবে জিকাৰ গৌৰৱ আছিল। দেশৰ জয়ৰ পৰা পোৱা আনন্দৰ কোনো প্ৰতিদ্বন্দ্বিতা নহয়।

আপোনালোকেও আজি কেৱল নিজৰ বাবে বা নিজৰ পৰিয়ালৰ বাবে খেলা নাই। এয়া ইউনিভাৰছিটী গেমছ হ'বপাৰে কিন্তু এইবুলি ভাবি খেলক যে আপোনালোকে দেশৰ বাবে খেলি আছে, দেশৰ বাবে আপোনাৰ ভিতৰত এজন উত্তম খেলুৱৈ সৃষ্টি কৰি আছে। এই উদ্যমেই আপোনাক আগবঢ়াই নিব। এই ভাবনাই আপোনাক খেলপথাৰত জিকাব আৰু মেডেলো দিয়াব।

মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোক সকলো যুৱ বন্ধুসকলে খুব খেলিব, খুব ফুলিব।

এই বিশ্বাসেৰেই, দেশজুৰি অহা আপোনালোক সকলো যুৱ বন্ধুসকলক আকৌ এবাৰ বহুত বহুত শুভকামনা, ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government