প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২২ মে'ত ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতা মঞ্চ’ (এফআইপিআইচি)ৰ তৃতীয় সন্মিলনৰ সময়ত ‘পোৰ্ট মৰেছবি’ত ফিজি গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ‘মহামহিম’ ছিটিভেনি লিগামামাদা ৰাবুকাক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ মাজত এইখন আছিল প্ৰথম বৈঠক। প্ৰধানমন্ত্ৰীয়ে  ২০১৪ চনৰ নৱেম্বৰত ফিজি ভ্ৰমণৰ কথা স্মৰণ কৰি সেই সময়তে ‘এফআইপিআইচি’-ৰ শুভাৰম্ভ হোৱাৰ লগতে তেতিয়াৰ পৰাই ‘প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশসমূহ’ (পিআইচি)ৰ সৈতে ভাৰতৰ সহযোগিতা গভীৰ হোৱাৰ কথা উল্লেখ কৰে।

নেতাদ্বয়ে দুয়োখন দেশৰ মাজত ঘনিষ্ঠ আৰু বহুমুখী উন্নয়নমূলক অংশীদাৰীত্বৰ পৰ্যালোচনা কৰে আৰু সামৰ্থ্য বৰ্দ্ধন, স্বাস্থ্য সেৱা, জলবায়ু সম্পৰ্কীয় কাৰ্যক্ৰম, নৱীকৰণযোগ্য শক্তি, কৃষি, শিক্ষা আৰু তথ্য প্ৰযুক্তিকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই আঞ্চলিক উন্নয়নৰ ক্ষেত্ৰতো মত বিনিময় কৰে আৰু বহুপাক্ষিক মঞ্চত সহযোগিতা গভীৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰে। ফিজিৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ৰাতু উইলিয়ামে মাইভালিলি কাটোনিভেৰেৰ হৈ প্ৰধানমন্ত্ৰী ৰাবুকাই প্ৰধানমন্ত্ৰী মোদীক ফিজি গণৰাজ্যৰ সৰ্বোচ্চ সন্মান ‘দ্য কম্পেনিয়ান অব দা অৰ্ডাৰ অব ফিজি’ (চিএফ)প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মানৰ বাবে ফিজি চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি ভাৰতৰ জনসাধাৰণ আৰু ফিজি-ভাৰতীয় সম্প্ৰদায়ৰ প্ৰজন্ম- যিসকলে দুয়োখন দেশৰ মাজত বিশেষ আৰু স্থায়ী বন্ধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, তেওঁলোকৰ নামত এই সন্মান উচৰ্গা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO

Media Coverage

India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 মাৰ্চ 2026
March 03, 2026

Citizens Express Their Appreciation on Heartfelt Leadership, Historic Gains: PM Modi’s India Shines in Conservation, Commerce, and Clean Energy