প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ ছেপ্টেম্বৰ, ২০২৪ত আমেৰিকাৰ ডেলাৱেৰৰ উইলমিংটনত অনুষ্ঠিত কোৱাড নেতৃবৰ্গৰ সন্মিলনৰ সমান্তৰালভাৱে জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ফুমিঅ’ কিশিদাৰ সৈতে বৈঠকত মিলিত হয়।

বিশেষকৈ ২০২২ চনৰ মাৰ্চত অনুষ্ঠিত প্ৰথম বাৰ্ষিক সন্মিলনৰ পিছত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ বহু পাৰস্পৰিক ক্ৰিয়া-কলাপক স্মৰণ কৰে। যোৱা কেইবছৰমানৰ পৰা ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বৰ অগ্ৰগতিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী কিশিদাৰ অটল নিষ্ঠা আৰু নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জনায়।

 

ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্ব দশম বছৰত ভৰি দিয়া বুলি উল্লেখ কৰি দুয়োগৰাকী নেতাই এই সম্পৰ্কত হোৱা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ বহুমুখী সম্পৰ্ক পৰ্যালোচনা কৰি প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্ক আৰু বি টু বি আৰু পি টু পি সহযোগিতাকে ধৰি অংশীদাৰিত্ব আৰু অধিক সুদঢ় কৰাৰ বাবে মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী কিশিদাক বিদায় জনায় তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ সফলতা আৰু পূৰ্ণতা কামনা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জুন 2026
June 18, 2026

PM Modi’s Leadership Delivers: Electronic Interlocking, Semiconductor Push & Tariff-Free UK Access