প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি টকিঅ’ত ‘ছুজুকি মটৰ কৰ্পোৰেশ্যন’ৰ জ্যেষ্ঠ পৰামৰ্শদাতা ওছামো ছুজুকিৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে ছুজুকি ডাঙৰীয়াৰ ভাৰতৰে থকা সম্পৰ্ক তথা তেওঁ ভাৰতত আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে। তেওঁ ভাৰতৰ ‘অটোমোটিভ উদ্যোগ’ৰ উত্তৰণৰ ক্ষেত্ৰত ‘ছুজুকি মটৰ্ছে’ গ্ৰহণ কৰা পৰিৱৰ্তনসাধনী ভূমিকাৰো শলাগ লয়। তেওঁলোক দুয়ো ‘উত্পাদন সংযোজিত উত্সাহ’ আঁচনি(পিএলআই)ৰ অধীনত ‘অটোমোবাইল’ আৰু ‘অটো কম্পনেণ্ট’ খণ্ডত আবেদন কৰা প্ৰতিষ্ঠানসমূহৰ অন্যতম হিচাপে ‘ছুজুকি মটৰ গুজৰাট প্ৰাইভেট লিমিটেড’ আৰু ‘মাৰুতি ছুজুকি ইণ্ডিয়া লিমিটেড’-ৰ অনুমোদনক প্ৰশংসা কৰে।

বহণক্ষম উন্নয়ণৰ লক্ষ্য বাস্তৱায়িত কৰিব পৰাকৈ বৈদ্যুতিক যান-বাহন আৰু বেটেৰী নিৰ্মাণ তথা ‘ৰিচাইক্লিং কেন্দ্ৰ’ৰ প্ৰকল্পকে ধৰি অন্যান্য বিনিয়োগ সম্ভাৱনীয়তাসমূহৰ সন্দৰ্ভত তেওঁ আলোচনা কৰে। তেওঁলোকে ‘জাপান-ইণ্ডিয়া ইনষ্টিটিউটছ অব মেনুফেকশ্যাৰিং’(জেআইএম) আৰু ‘জাপনিজ এণ্ডৌড কৰ্ছ’-ৰ জৰিয়তে দক্ষতা বিকাশকে ধৰি ভাৰতত স্থানীয় উদ্ভাৱন প্ৰণালী গঢ়ি তোলাৰ বাবে ৰণকৌশল সন্দৰ্ভতো আলোচনাত মিলিত হয়।  

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
West Asia conflict: 59 India-bound vessels transited Hormuz since war

Media Coverage

West Asia conflict: 59 India-bound vessels transited Hormuz since war
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 জুলাই 2026
July 22, 2026

From Scholarships to Homes to High-Speed Rail: Inclusive Growth Under PM Modi’s Leadership