প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৫ জুলাইত আবু ধাবিত ‘চিঅ'পি২৮’-ৰ মনোনীত অধ্যক্ষ আৰু ‘আবু ধাবি নেশ্যনেল অইল কোম্পানী’ৰ ‘গ্ৰুপ চিইঅ' ড০ চুলতান অল জবেৰক সাক্ষাৎ কৰে।

‘ইউএই’-ৰ সভাপতিত্বত অনুষ্ঠিতব্য ‘ইউএনএফচিচিচি’-ৰ আগন্তুক ‘চিঅ’পি-২৮’-সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছিল। ড০ জবেৰে এই গুৰুত্বপূৰ্ণ বৈঠকখনৰ প্ৰতি পোষণ কৰা ‘ইউএই’-ৰ দৃষ্টিভংগীৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে ‘চিঅ'পি-২৮’-ৰ সভাপতিত্বৰ বাবে ‘ইউএই’-ক ভাৰতৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে ‘আন্তঃৰাষ্ট্ৰীয় সৌৰমিত্ৰতা’, ‘দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট’, ‘আন্তঃৰাষ্ট্ৰীয় বাজ্ৰা বৰ্ষ’ আৰু ‘পৰিৱেশৰ বাবে মিছন লাইফষ্টাইল’কে ধৰি জলবায়ু পৰিৱৰ্তনৰে মোকাবিলাৰ বাবে ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টা আৰু পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে।

আলোচনাত ভাৰত আৰু ইউএই-ৰ মাজৰ শক্তি সহযোগিতাকো সামৰি লোৱা হৈছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA

Media Coverage

Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুলাই 2026
July 24, 2026

Aatmanirbhar in Action — Space, Missiles, EVs & Livelihoods Under PM Modi’s Watch