A task force has been formed, which will monitor the cheetahs and see how they are adapting to the environment: PM Modi
Deendayal ji's 'Ekatma Manavdarshan' is such an idea, which in the realm of ideology gives freedom from conflict and prejudice: PM Modi
It has been decided that the Chandigarh airport will now be named after Shaheed Bhagat Singh: PM Modi
A lot of emphasis has been given in the National Education Policy to maintain a fixed standard for Sign Language: PM Modi
The world has accepted that yoga is very effective for physical and mental wellness: PM Modi
Litter on our beaches is disturbing, our responsibility to keep coastal areas clean: PM Modi
Break all records this time to buy Khadi, handloom products: PM Modi
Use locally made non-plastic bags; trend of jute, cotton, banana fibre bags is on the rise once again: PM Modi

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। বিগত দিনকেইটাত আমাৰ সকলোৰে এটা কথাই দৃষ্টি আকৰ্ষণ কৰিছিল – সেয়া হৈছে চিতা। চিতাৰ বিষয়ে কথা পাতিবলৈ বহুতো বাৰ্তা পাইচো, সেয়া উত্তৰ প্ৰদেশৰ অৰুণ কুমাৰ গুপ্তাজীয়েই হওক বা তেলেংগানাৰ এন ৰামচন্দ্ৰন ৰঘুৰাম জীয়েই হওক; গুজৰাটৰ ৰাজনজীয়েই হওক বা দিল্লীৰ সুব্ৰতজীয়েই হওক। দেশৰ সকলো প্ৰান্তৰ লোকে ভাৰতলৈ চিতা ঘূৰাই অনাত আনন্দ প্ৰকাশ কৰিছে। ১৩০ কোটি ভাৰতীয় সুখী, গৌৰৱেৰে পৰিপূৰ্ণ – এয়া হৈছে ভাৰতৰ প্ৰকৃতিপ্ৰেম। এই সন্দৰ্ভত জনসাধাৰণৰ এটা সচৰাচৰ প্ৰশ্ন হ'ল মোদীজী, আমি কেতিয়া চিতাবোৰ চাবলৈ সুযোগ পাম?

বন্ধুসকল, এটা টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। এই টাস্ক ফৰ্চে চিতাবোৰ নিৰীক্ষণ কৰিব আৰু চাব যে চিতাবোৰ ইয়াৰ পৰিৱেশত খাপ খাবলৈ সক্ষম হৈছে নে নাই। এই ভিত্তিত, কেইমাহমানৰ পিছত সিদ্ধান্ত লোৱা হ'ব, আৰু তাৰ পিছত আপোনালোকে চিতাবোৰ চাবলৈ সক্ষম হ'ব। কিন্তু তেতিয়ালৈকে মই আপোনালোক সকলোকে কিছু কাম কৰাৰ দায়িত্ব দিছো, ইয়াৰ বাবে মাইগভৰ মঞ্চত এখন প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব, য'ত মই জনতাক কিছুমান বস্তু ভাগ-বতৰা কৰিবলৈ অনুৰোধ জনাইছো। চিতাক লৈ আমি যি অভিযানৰ আয়োজন কৰিছো সেই অভিযানৰ নাম কি হ'ব লাগে! আমি আনকি এই সকলোবোৰ চিতাৰ নামাকণ কৰাৰ কথা ভাবিব পাৰোঁ নেকি, যে, কি নামেৰে, সেইবোৰৰ প্ৰত্যেককে মাতিব লাগে! অৱশ্যে, যদি এই নামকৰণ পৰম্পৰাগত হয়, তেন্তে ই অতি ভাল হ'ব, কিয়নো আমাৰ সমাজ আৰু সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰ সৈতে সম্পৰ্কিত যিকোনো বস্তুৱে আমাক সহজে আকৰ্ষিত কৰে। কেৱল এয়াই নহয়, আপোনালোকে মোক এইটোও কওক, মানুহে জন্তুৰ সৈতে কেনে আচৰণ কৰা উচিত! আনকি আমাৰ মৌলিক কৰ্তব্যবোৰতো, জীৱ-জন্তুৰ প্ৰতি সন্মানৰ ওপৰত গুৰুত্ব দিয়া হৈছে। মই আপোনালোক সকলোকে অনুৰোধ জনাইছো যে আপোনালোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক – কি ঠিক, আপুনি হয়তো পুৰষ্কাৰ হিচাপে চিতাক চাবলৈ প্ৰথম সুযোগ পায়!

মোৰ মৰমৰ দেশবাসীসকল, আজি, ২৫ ছেপ্টেম্বৰত, দেশৰ শক্তিশালী মানৱতাবাদী, চিন্তাবিদ আৰু মহান পুত্ৰ দীনদয়াল উপাধ্যায়জীৰ জন্মদিন উদযাপন কৰা হয়। যিদৰে যিকোনো দেশৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ পৰিচয় আৰু অহংকাৰৰ বাবে গৌৰৱ কৰে, তেওঁলোকক নিজৰ মৌলিক ধাৰণা আৰু দৰ্শনে সিমানেই আকৰ্ষিত কৰে। দীনদয়ালজীৰ চিন্তাৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল যে তেওঁ নিজৰ জীৱনত পৃথিৱীৰ বৃহৎ উত্থান-পতনসমূহ দেখিছিল। তেওঁ মতাদৰ্শৰ সংগ্ৰামৰ সাক্ষী আছিল। সেয়েহে, তেওঁ 'একাত্মমানৱদৰ্শন' আৰু 'অন্ত্যোদয়'ৰ এটা ধাৰণা দেশলৈ আগবঢ়াইছিল যিটো সম্পূৰ্ণ ভাৰতীয় আছিল। দীনদয়ালজীৰ 'ইণ্টিগ্ৰেল হিউমেন ফিলছফী' হৈছে এক ধাৰণা যি আদৰ্শৰ দ্বাৰা সংঘাত আৰু কুসংস্কাৰৰ পৰা মুক্ত হয়। তেওঁ সমগ্ৰ মানৱজাতিক এক বুলি ভবা ভাৰতীয় দৰ্শনক পৃথিৱীৰ সন্মুখত উপস্থাপন কৰিছিল। এইটো আমাৰ শাস্ত্ৰত কোৱা হৈছে – 'আত্মৱৎ সৰ্বভূতেষু', অৰ্থাৎ, আমি কেৱল জীৱক নিজৰ দৰে বিবেচনা কৰিব লাগে, নিজৰ দৰে আচৰণ কৰিব লাগে। দীনদয়ালজীয়ে আমাক শিকাইছিল যে ভাৰতীয় দৰ্শনে আধুনিক, সামাজিক আৰু ৰাজনৈতিক দৃষ্টিকোণতো কেনেদৰে বিশ্বক পথ প্ৰদৰ্শন কৰিব পাৰে। এক প্ৰকাৰে, তেওঁ স্বাধীনতাৰ পিছত দেশত থকা হীনমন্যতাৰ পৰা আমাক মুক্ত কৰি আমাৰ নিজৰ বৌদ্ধিক চেতনা জাগ্ৰত কৰিছিল। তেওঁ লগতে কৈছিল – 'আমাৰ স্বাধীনতা তেতিয়াহে অৰ্থপূৰ্ণ হ'ব পাৰে যেতিয়া ই আমাৰ সংস্কৃতি আৰু পৰিচয় প্ৰকাশ কৰে'। এই ধাৰণাটোৰ আধাৰত তেওঁ দেশৰ উন্নয়নৰ এক দৃষ্টিভংগী গঢ়ি তোলে। দীনদয়াল উপাধ্যায়জীয়ে কৈছিল যে দেশৰ প্ৰগতিৰ সীমা হৈছে অন্তিম পৰ্যায়ত উপস্থিত থকা ব্যক্তিজনলৈ। স্বাধীনতাৰ অমৃত কালত আমি দীনদয়ালজীক যিমানে চিনি পাম, সিমানে আমি তেওঁৰ পৰা শিকিম, দেশখনক আগুৱাই নিয়াৰ বাবে আমি সকলোৱে অনুপ্ৰাণিত হ'ম।

    মোৰ মৰমৰ দেশবাসীসকল, আজিৰ পৰা তিনিদিন পিছত, অৰ্থাৎ ২৮ ছেপ্টেম্বৰত অমৃত মহোৎসৱৰ এটা বিশেষ দিন আহি আছে। সেই দিনটোতে আমি ভাৰত মাতৃৰ সাহসী পুত্ৰ ভগৎ সিংজীৰ জন্ম জয়ন্তী উদযাপন কৰিম। ভগৎ সিংজীৰ জন্ম জয়ন্তীৰ ঠিক আগতে, তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্ত লোৱা হৈছে যে চণ্ডীগড় বিমানবন্দৰৰ নাম এতিয়া শ্বহীদ ভগৎ সিং জীৰ নামেৰে ৰখা হ'ব। এইটো দীৰ্ঘদিন ধৰি অপেক্ষাৰত হৈ আছিল। এই সিদ্ধান্তৰ বাবে মই চণ্ডীগড়, পঞ্জাৱ, হাৰিয়ানা আৰু দেশৰ সকলো লোকক অভিনন্দন জনাইছো।

বন্ধুসকল, আহক আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ পৰা অনুপ্ৰেৰণা গ্ৰহণ কৰোঁৎ, তেওঁলোকৰ আদৰ্শ অনুসৰণ কৰোঁ আৰু তেওঁলোকৰ সপোনৰ ভাৰত সৃষ্টি কৰোঁ, এয়া হৈছে তেওঁলোকৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। শ্বহীদসকলৰ স্মাৰক, স্থান আৰু প্ৰতিষ্ঠানবোৰে তেওঁলোকৰ নামেৰে আমাক কৰ্তব্যৰ বাবে অনুপ্ৰাণিত কৰে। মাত্ৰ কেইদিনমান আগতে দেশখনে কৰ্তব্য পথত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি স্থাপনৰ জৰিয়তে একে ধৰণৰ প্ৰচেষ্টা চলাইছে আৰু এতিয়া শ্বহীদ ভগৎ সিঙৰ নামেৰে চণ্ডীগড় বিমানবন্দৰৰ নাম এই দিশত আন এক পদক্ষেপ। মই এইটো বিচাৰো, যিদৰে আমি অমৃত মহোৎসৱত স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে সম্পৰ্কিত বিশেষ অনুষ্ঠান উদযাপন কৰি আছো, প্ৰতিজন যুৱক-যুৱতীয়ে ২৮ ছেপ্টেম্বৰত কিছু নতুন প্ৰচেষ্টা কৰক ৷

    অৱশ্যে, মোৰ মৰমৰ দেশবাসীসকল, আপোনালোক সকলোৱে ২৮ ছেপ্টেম্বৰ উদযাপন কৰাৰ আন এটা কাৰণ আছে। এইটো কি জানি লওক! মই মাত্ৰ দুটা শব্দ ক'ম, কিন্তু মই জানো, আপোনাৰ উৎসাহ চাৰিগুণ বেছি বৃদ্ধি হ'ব। এই দুটা শব্দ হৈছে চাৰ্জিকেল ষ্ট্ৰাইক। উৎসাহ বাঢ়িছেনে! আহক আমি আমাৰ দেশত চলি থকা অমৃত মহোৎসৱৰ প্ৰচাৰ সম্পূৰ্ণ উৎসাহেৰে উদযাপন কৰোঁ, আমাৰ সুখ সকলোৰে সৈতে ভাগ বতৰা কৰোঁ আহক।

মোৰ মৰমৰ দেশবাসীসকল, কোৱা হয়, "জীৱনৰ সংগ্ৰামত ভুগি থকা এজন ব্যক্তিৰ সন্মুখত আন কোনো বাধাই টিকিব নোৱাৰে।" আমাৰ দৈনন্দিন জীৱনত, আমি কিছুমান সহকৰ্মীকো দেখিছোঁ যিসকলে কিছু শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এনে বহুতো লোক আছে যিয়ে হয়তো শুনিব নোৱাৰে, বা কথা ক'ব নোৱাৰে। এনে সংগীসকলৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হৈছে সাংকেতিক ভাষা।  কিন্তু বছৰ বছৰ ধৰি ভাৰতত এটা ডাঙৰ সমস্যা আছিল যে ইয়াৰ বাবে কোনো স্পষ্ট অংগীভংগী নাছিল, সাংকেতিক ভাষাৰ বাবে কোনো মানদণ্ড নাছিল। এই অসুবিধাবোৰ দূৰ কৰিবলৈ, ২০১৫ চনত ভাৰতীয় সাংকেতিক ভাষা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছিল। মই সুখী যে এই প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে দহ হাজাৰ শব্দ আৰু অভিব্যক্তিৰ অভিধান প্ৰস্তুত কৰিছে। দুদিন আগতে, ২৩ ছেপ্টেম্বৰত সাংকেতিক ভাষা দিৱসত, সাংকেতিক ভাষাত বহুতো বিদ্যালয়ত পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। সাংকেতিক ভাষাৰ নিৰ্ধাৰিত মানদণ্ড বৰ্তাই ৰখাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিতো যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। সাংকেতিক ভাষাৰ অভিধানৰ ভিডিঅ' প্ৰস্তুত কৰি নিৰন্তৰে প্ৰচাৰ কৰা হৈছে। ইউটিউবত বহুতো লোকে, বহুতো প্ৰতিষ্ঠানে ভাৰতীয় সাংকেতিক ভাষাত তেওঁলোকৰ চেনেল আৰম্ভ কৰিছে, অৰ্থাৎ ৭-৮ বছৰ পূৰ্বে দেশত সাংকেতিক ভাষাৰ বিষয়ে আৰম্ভ হোৱা অভিযানৰ দ্বাৰা এতিয়া মোৰ লাখ লাখ দিব্যাংগ ভাই-ভনী উপকৃত হ'বলৈ আৰম্ভ কৰিছে। হাৰিয়ানাৰ পৰা অহা পূজাজী ভাৰতীয় সাংকেতিক ভাষাৰ সৈতে অতি সুখী। আগতে, তেওঁ নিজৰ পুত্ৰৰ সৈতে কথা পাতিব নোৱাৰিছিল, কিন্তু ২০১৮ চনত সাংকেতিক ভাষাৰ প্ৰশিক্ষণ লোৱাৰ পিছত, মাতৃ আৰু পুত্ৰ দুয়োৰে জীৱন সহজ হৈ পৰিছে। পূজাজীৰ পুত্ৰইও সাংকেতিক ভাষা শিকিছিল আৰু বিদ্যালয়ত তেওঁ কাহিনী কোৱাৰ ক্ষেত্ৰত পুৰস্কাৰ লাভ কৰিও দেখুৱাইছিল। একেদৰে, টিংকাজীৰ এগৰাকী ছয় বছৰীয়া ছোৱালী আছে যি শুনা নাপায়। টিংকাজীয়ে তেওঁৰ ছোৱালীক সাংকেতিক ভাষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল কিন্তু তেওঁ নিজে সাংকেতিক ভাষা নাজানিছিল, যাৰ বাবে তেওঁ নিজৰ সন্তানৰ সৈতে কথা পাতিব নোৱাৰিছিল। এতিয়া টিংকাজীয়ে সাংকেতিক ভাষাৰ প্ৰশিক্ষণো লৈছে আৰু মাক আৰু জীয়েক দুয়োৱে এতিয়া নিজৰ মাজত বহুত কথা পাতে। কেৰালাৰ মঞ্জুজীয়েও এই প্ৰচেষ্টাবোৰৰ পৰা যথেষ্ট লাভান্বিত হৈছে। মঞ্জুজী, জন্মৰ পৰাই বধিৰ, কেৱল এয়াই নহয়, তেওঁৰ পিতৃ-মাতৃৰ জীৱনতো একেই পৰিস্থিতি হৈছিল। এনে পৰিপ্ৰেক্ষিতত, সাংকেতিক ভাষা গোটেই পৰিয়ালৰ বাবে যোগাযোগৰ এক মাধ্যম হৈ পৰিছে। এতিয়া মঞ্জুজীয়ে নিজেই সাংকেতিক ভাষাৰ শিক্ষক হোৱাৰ সিদ্ধান্ত লৈছে।

বন্ধুসকল, মই 'মন কী বাত'ত এই বিষয়ে আলোচনা কৰাৰ কাৰণ হ’ল যাতে ভাৰতীয় সাংকেতিক ভাষাৰ বিষয়ে সজাগতা বৃদ্ধি পায়। ইয়াৰ দ্বাৰা, আমি আমাৰ অন্যধৰণে সক্ষম সহকৰ্মীসকলক যিমান সম্ভৱ সহায় কৰিবলৈ সক্ষম হ'ম। ভাই-ভনীসকল, কেইদিনমান আগতে মই ব্ৰেইলত লিখা হেমকোষৰ এটা প্ৰতিলিপিও লাভ কৰিছিলো। হেমকোষ হৈছে অসমীয়া ভাষাৰ আটাইতকৈ পুৰণি অভিধানসমূহৰ ভিতৰত অন্যতম। এয়া উনবিংশ শতিকাত প্ৰস্তুত কৰা হৈছিল। ইয়াক প্ৰখ্যাত ভাষাবিদ হেমচন্দ্ৰ বৰুৱাই সম্পাদনা কৰিছিল। হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰায় ১০ হাজাৰ পৃষ্ঠাৰ আৰু ইয়াক ১৫ টাতকৈও অধিক খণ্ডত প্ৰকাশ কৰা হ'ব। ১ লাখতকৈও অধিক শব্দ অনুবাদ কৰিব লাগিব। মই এই সংবেদনশীল প্ৰচেষ্টাক যথেষ্ট প্ৰশংসা কৰিছো। এনে ধৰণৰ প্ৰতিটো প্ৰচেষ্টাই দিব্যাংগ সংগীসকলৰ দক্ষতা আৰু সামৰ্থ্য বৃদ্ধিত যথেষ্ট সহায় কৰিব। আজি ভাৰতেও পেৰা ক্ৰীড়াক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। আমি সকলোৱে বহুতো প্ৰতিযোগিতাত ইয়াৰ সাক্ষী হৈছো। আজি, এনে বহুলোক আছে যিয়ে তৃণমূল পৰ্যায়ত প্ৰতিবন্ধীসকলৰ মাজত ফিটনেছ সংস্কৃতিৰ প্ৰচাৰত নিয়োজিত হৈ আছে। ই বিকলাংগসকলৰ আত্মবিশ্বাসক যথেষ্ট শক্তি প্ৰদান কৰে।

মোৰ মৰমৰ দেশবাসীসকল, মই কিছুদিন আগতে চুৰাটৰ এজনী ছোৱালী অন্বীক লগ পাইছিলো। অন্বী আৰু অন্বীৰ যোগৰ সৈতে মোৰ সাক্ষাৎ ইমানেই স্মৰণীয় আছিল যে মই 'মন কী বাত'ৰ সকলো শ্ৰোতাক এই বিষয়ে ক'ব বিচাৰিছোঁ। বন্ধুসকল, অন্বী জন্মৰ পৰাই ডাউন চিণ্ড্ৰোমত ভুগি আছে আৰু তাই সৰুৰে পৰা গুৰুতৰ হৃদৰোগৰ সৈতে যুঁজি আছে। যেতিয়া তাইৰ বয়স মাত্ৰ তিনি মাহ আছিল, তাইৰ অপেন হাৰ্ট অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। এই সকলোবোৰ অসুবিধা স্বত্ত্বেও অন্বী বা তাইৰ মাক-দেউতাকে কেতিয়াও হাৰ মনা নাছিল। অন্বীৰ পিতৃ-মাতৃয়ে ডাউন চিণ্ড্ৰোমৰ বিষয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিছিল আৰু তাৰ পিছত আনৰ ওপৰত অন্বীৰ নিৰ্ভৰশীলতা কেনেদৰে হ্ৰাস কৰিব লাগে সিদ্ধান্ত লৈছিল। তেওঁলোকে অন্বীক এগিলাচ পানী কেনেদৰে তুলি ল’ব লাগে, জোতাৰ ফিতা কেনেদৰে বান্ধিব লাগে, কাপোৰত বুটাম কেনেদৰে মাৰিব লাগে, এই সৰু সৰু বস্তুবোৰ শিকাবলৈ আৰম্ভ কৰিলে। তেওঁলোকে অন্বীক অতি ধৈৰ্য্যৰে কোনবোৰ বস্তু ভাল, কোনবোৰ অভ্যাস ভাল এইবোৰ শিকাবলৈ চেষ্টা কৰিছিল ৷ কন্যা অন্বী যিদৰে শিকাৰ ইচ্ছা দেখুৱাইছিল, তাইৰ প্ৰতিভা দেখুৱাইছিল, তাইৰ মাক-দেউতাকেও যথেষ্ট উৎসাহ পাইছিল। তেওঁলোকে অন্বীক যোগ শিকিবলৈ অনুপ্ৰাণিত কৰিছিল। সমস্যাটো ইমানেই গুৰুতৰ আছিল, যে অন্ৱীয়ে আনকি নিজৰ দুয়ো ভৰিৰ ওপৰত থিয় হ'ব পৰা নাছিল, এনে পৰিস্থিতিত অন্বীৰ পিতৃ-মাতৃয়ে তাইক যোগ শিকিবলৈ অনুপ্ৰাণিত কৰিছিল। প্ৰথমবাৰৰ বাবে যেতিয়া তাই যোগ শিকোৱা প্ৰশিক্ষকৰ ওচৰলৈ গৈছিল, প্ৰশিক্ষকো দ্বিধাগ্ৰস্ত হৈছিল আছিল যে এই নিষ্পাপ শিশুটোৱে যোগ কৰিব পাৰিবনে! কিন্তু প্ৰশিক্ষকৰ ওচৰত সম্ভৱতঃ কোনো ধাৰণা নাছিল যে অন্বী কি মাটিৰে নিৰ্মিত আছিল। তাই তাইৰ মাকৰ সৈতে যোগাভ্যাস আৰম্ভ কৰিছিল আৰু এতিয়া তাই যোগৰ বিশেষজ্ঞ হৈ পৰিছে। অন্বীয়ে আজি সমগ্ৰ দেশৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু পদক জয় কৰে। যোগে অন্বীক এটা নতুন জীৱন দিছে। অন্বীয়ে যোগাভ্যাস কৰি জীৱনক আত্ম-সচেতন কৰি তুলিছিল। অন্বীৰ পিতৃ-মাতৃয়ে মোক কৈছিল যে যোগে অন্বীৰ জীৱনত এক আশ্চৰ্যকৰ পৰিৱৰ্তন আনিছে আৰু এতিয়া তাইৰ আত্মবিশ্বাস আশ্চৰ্যজনকভাৱে বৃদ্ধি হৈছে । যোগে অন্বীৰ শাৰীৰিক স্বাস্থ্যও উন্নত কৰিছে আৰু ঔষধৰ প্ৰয়োজনীয়তাও হ্ৰাস কৰিছে। মই বিচাৰোঁ যে দেশ আৰু বিদেশত উপস্থিত থকা 'মন কী বাত'ৰ শ্ৰোতাসকলে অন্বীক যোগৰ লাভালাভবোৰ বৈজ্ঞানিকভাৱে অধ্যয়ন কৰিব পাৰে, মই ভাবো অন্বী এটা ভাল কেছ অধ্যয়ন, যি যোগৰ শক্তি পৰীক্ষা কৰিব বিচাৰে, এনে সময়ত বিজ্ঞানীসকলে আগবাঢ়ি আহি অন্বীৰ এই সফলতা অধ্যয়ন কৰা উচিত আৰু বিশ্বক যোগৰ সম্ভাৱনাৰ সৈতে পৰিচয় কৰাই দিয়া উচিত। এনে ধৰণৰ যিকোনো গৱেষণাই সমগ্ৰ বিশ্বতে ডাউন চিণ্ড্ৰোমত ভুগি থকা শিশুসকলক যথেষ্ট সহায় কৰিব পাৰে। বিশ্বই এতিয়া স্বীকাৰ কৰিছে যে শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে যোগ অতি কাৰ্যকৰী। যোগে যথেষ্ট সহায় কৰে, বিশেষকৈ ডায়েবেটিচ আৰু ৰক্তচাপৰ সৈতে সম্পৰ্কিত অসুবিধাবোৰত। যোগৰ এনে শক্তিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘই ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া ৰাষ্ট্ৰসংঘই ভাৰতৰ আন এক প্ৰচেষ্টাক স্বীকৃতি আৰু সন্মান জনাইছে। এই প্ৰচেষ্টা ২০১৭ চনত আৰম্ভ কৰা হৈছিল – "ইণ্ডিয়া হাইপাৰটেনচন কণ্ট্ৰোল ইনিচিয়েটিভ" যাৰ অধীনত চৰকাৰী সেৱা কেন্দ্ৰত ৰক্তচাপৰ সমস্যাত ভুগি থকা লাখ লাখ লোকৰ চিকিৎসা কৰা হৈছে। যিদৰে এই পদক্ষেপে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ দৃষ্টি আকৰ্ষণ কৰিছে, সেয়া অভূতপূৰ্ব। এইটো আমাৰ সকলোৰে বাবে উৎসাহজনক বিষয় যে চিকিৎসা কৰা সকলৰ প্ৰায় অৰ্ধেক সংখ্যকৰেই ৰক্তচাপ নিয়ন্ত্ৰণত আছে। মই এই প্ৰচেষ্টাৰ বাবে কাম কৰা সকলোকে অভিনন্দন জনাইছো, যিসকলে তেওঁলোকৰ অক্লান্ত কঠোৰ পৰিশ্ৰমৰ দ্বাৰা ইয়াক সফল কৰি তুলিছে।

বন্ধুসকল, মানৱ জীৱনৰ বিকাশযাত্ৰা নিৰন্তৰে পানীৰ সৈতে সম্পৰ্কিত – সেয়া সাগৰেই হওক, নদী বা পুখুৰীয়েই হওক। ভাৰতো সৌভাগ্যৱান যে চাৰে সাত হাজাৰ কিলোমিটাৰ (৭৫০০ কিলোমিটাৰ)তকৈও অধিক উপকূলীয় অঞ্চলৰ বাবে সাগৰৰ সৈতে আমাৰ সম্পৰ্ক অটুট হৈছে। এই উপকূলীয় সীমান্ত কেইবাখনো ৰাজ্য আৰু দ্বীপৰ মাজেৰে পাৰ হৈ গৈছে। বিভিন্ন সম্প্ৰদায় আৰু বৈচিত্ৰ্যৰে পৰিপূৰ্ণ ভাৰতৰ সংস্কৃতি ইয়াত বিকশিত হোৱা দেখা যায়। কেৱল এয়াই নহয়, এই উপকূলীয় অঞ্চলবোৰৰ খাদ্যই বহুলোকক আকৰ্ষিত কৰে। কিন্তু এই আনন্দদায়ক বস্তুবোৰৰ সৈতে এটা দুখজনক দিশো আছে। আমাৰ এই উপকূলীয় অঞ্চলবোৰে বহুতো পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আনহাতে, জলবায়ু পৰিৱৰ্তন সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিছে, আনহাতে, আমাৰ সমুদ্ৰতীৰৰ আৱৰ্জনাবোৰে আমাক বিচলিত কৰি তুলিছে। এই প্ৰত্যাহ্বানসমূহৰ বাবে গুৰুত্বপূৰ্ণ আৰু নিৰন্তৰ প্ৰচেষ্টা কৰাটো আমাৰ দায়িত্ব। ইয়াত মই 'পৰিষ্কাৰ সাগৰ - সুৰক্ষিত সাগৰ'ৰ বিষয়ে কথা পাতিব বিচাৰিছো, যি হৈছে দেশৰ উপকূলীয় অঞ্চলবোৰ পৰিষ্কাৰ কৰাৰ এক প্ৰয়াস। ৫ জুলাইত আৰম্ভ হোৱা এই অভিযান বিশ্বকৰ্মা জয়ন্তীৰ দিনা ১৭ ছেপ্টেম্বৰত সমাপ্ত হৈছিল। এই দিনটোত উপকূলীয় পৰিষ্কাৰ দিৱসো পালন কৰা হৈছিল। স্বাধীনতাৰ অমৃত মহোৎসৱত আৰম্ভ হোৱা এই অভিযান ৭৫দিন ধৰি চলিছিল। ইয়াত জনসাধাৰণৰ অংশগ্ৰহণ দেখা গৈছিল। এই প্ৰচেষ্টাৰ সময়ত, গোটেই আঢ়ৈ মাহ ধৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বহুতো কাৰ্যসূচী দেখা গৈছিল। গোৱাত এটা দীঘল মানৱ শৃংখলা নিৰ্মাণ কৰা হৈছিল। কাকিনাড়াত গণপতি বিসৰ্জনৰ সময়ত, প্লাষ্টিকৰ ফলত হোৱা ক্ষতিৰ বিষয়ে লোকসকলক কোৱা হৈছিল। প্ৰায় ৫,০০০ যুৱ এনএছএছ সহকৰ্মীয়ে ৩০ টনতকৈও অধিক প্লাষ্টিক সংগ্ৰহ কৰিছিল। ওড়িশাত, ২০,০০০ ৰো অধিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে 'পৰিষ্কাৰ মহাসাগৰ আৰু সুৰক্ষিত সাগৰ'ৰ বাবে নিজকে আৰু তেওঁলোকৰ পৰিয়াল আৰু চৌদিশৰ লোকসকলক অনুপ্ৰাণিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এই অভিযানত অংশগ্ৰহণ কৰা সকলোকে মই অভিনন্দন জনাইছো।

যেতিয়া মই নিৰ্বাচিত বিষয়াসকলৰ সৈতে, বিশেষকৈ চহৰৰ মেয়ৰ আৰু গাওঁসমূহৰ চৰপঞ্চসকলৰ সৈতে বাৰ্তালাপ কৰোঁ, মই তেওঁলোকক স্থানীয় সম্প্ৰদায় আৰু স্থানীয় সংগঠনবোৰক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে প্ৰচেষ্টাত অন্তৰ্ভুক্ত কৰিবলৈ, উদ্ভাৱনী পদ্ধতি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাও।

বেংগালুৰুত এটা দল আছে – ইউথ ফৰ পৰিৱৰ্তন। যোৱা আঠ বছৰ ধৰি এই দলটোৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অন্যান্য সামূহিক কাৰ্যকলাপৰ ওপৰত কাম কৰি আহিছে। তেওঁলোকৰ মূলমন্ত্ৰ অতি স্পষ্ট – 'অভিযোগ কৰা বন্ধ কৰক, কাম কৰা আৰম্ভ কৰক'। দলটোৱে এতিয়ালৈকে চহৰখনৰ ৩৭০ত কৈও অধিক ঠাইক সুন্দৰ কৰি তুলিছে। প্ৰতিটো ঠাইতে, পৰিৱৰ্তনৰ বাবে এই যুৱ অভিযানে ১০০ৰ পৰা ১৫০জন নাগৰিকক সংযোজিত কৰিছে।  প্ৰতি দেওবাৰে ৰাতিপুৱা কাৰ্যসূচী আৰম্ভ হয় আৰু দুপৰীয়ালৈকে চলি থাকে। এই কামত, আৱৰ্জনা আঁতৰোৱা হয়, দেৱালত পেইণ্টিং আৰু শৈল্পিক স্কেটচো তৈয়াৰ কৰা হয়। বহু ঠাইত, আপুনি বিখ্যাত লোকসকলৰ স্কেটচ্ আৰু তেওঁলোকৰ অনুপ্ৰেৰণামূলক উদ্ধৃতিও চাব পাৰে। বেংগালুৰুত ইউথ ফৰ পৰিৱৰ্তনৰ পিছত মই আপোনাক মীৰাটৰ 'কাবাড় চে জুগাড়' অভিযানৰ বিষয়েও ক'ব বিচাৰো। এই অভিযানটো পৰিৱেশৰ সুৰক্ষাৰ লগতে চহৰখনৰ সৌন্দৰ্যবৰ্ধনৰ সৈতে জড়িত। এই অভিযানৰ বিশেষ কথাটো হ'ল ই পেলনীয়া লো, প্লাষ্টিকৰ আৱৰ্জনা, পুৰণি টায়াৰ আৰু ড্ৰামৰ দৰে আৱৰ্জনা বস্তু ব্যৱহাৰ কৰা হয়। এই অভিযানটো কম খৰচত ৰাজহুৱা স্থানবোৰ কেনেদৰে সুন্দৰ কৰিব পাৰি তাৰ এটা উদাহৰণ। মই এই অভিযানৰ সৈতে জড়িত সকলোকে হৃদয়েৰে প্ৰশংসা কৰিছো।

মোৰ মৰমৰ দেশবাসীসকল, এই সময়ত সমগ্ৰ দেশতে এক উৎসৱৰ পৰিৱেশৰ সৃষ্টি হৈছে । কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিন। ইয়াত আমি দেৱীৰ প্ৰথম ৰূপ 'মা শৈলপুত্ৰী'ৰ উপাসনা কৰিম। ইয়াৰ পিছৰ পৰা ন দিনৰ নিয়ম-সংযম আৰু উপবাস থাকিব ৷ তাৰ পিছত বিজয় দশমী উৎসৱ হ'ব, অৰ্থাৎ এক প্ৰকাৰে, আমি দেখো যে বিশ্বাস আৰু আধ্যাত্মিকতাৰ সৈতে, আমাৰ উৎসৱবোৰত এক গভীৰ বাৰ্তা লুকাই আছে। অনুশাসন আৰু সংযমৰ সৈতে প্ৰাপ্তি আৰু তাৰ পিছত বিজয়ৰ উৎসৱ হৈছে জীৱনৰ যিকোনো লক্ষ্যত উপনীত হোৱাৰ উপায়। দশেৰাৰ পিছত, ধনতেৰাছ আৰু দেৱালী উৎসৱো আহিব।

বন্ধুসকল, বিগত বৰ্ষবোৰত, আমাৰ উৎসৱৰ সৈতে দেশৰ এক নতুন সংকল্পও জড়িত হৈ আহিছে। আপোনালোক সকলোৱে জানে, এয়া হৈছে 'লোকেলৰ বাবে ভোকেল'ৰ সংকল্প। এতিয়া আমি আমাৰ স্থানীয় শিল্পী, কাৰিকৰ আৰু ব্যৱসায়ীসকলক উৎসৱৰ আনন্দত অন্তৰ্ভুক্ত কৰোঁ। ২ অক্টোবৰত বাপুৰ জন্ম জয়ন্তী উপলক্ষে আমি এই অভিযান আৰু অধিক তীব্ৰ কৰাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব লাগিব। খাদী, হস্ততাঁত, হস্তশিল্প, এই সকলো সামগ্ৰীৰ লগতে স্থানীয় সামগ্ৰী কিনক। যি কি নহওক, এই উৎসৱৰ প্ৰকৃত আনন্দ তেতিয়াহে হয় যেতিয়া সকলোৱে এই উৎসৱৰ অংশ হৈ পৰে ৷ সেয়েহে আমি স্থানীয় সামগ্ৰীৰ কামৰ সৈতে জড়িত লোকসকলকো সমৰ্থন কৰিব লাগিব। ইয়াৰ এটা ভাল উপায় হ'ল উৎসৱৰ সময়ত আমি যি উপহাৰ দিওঁ তাত এই ধৰণৰ সামগ্ৰী অন্তৰ্ভুক্ত কৰা।

এই সময়ত, এই অভিযানো বিশেষ কাৰণ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত আমি এখন স্বাৱলম্বী ভাৰতৰ লক্ষ্যও গ্ৰহণ কৰিছো। যিটো সঁচাকৈয়ে স্বাধীনতা সংগ্ৰামীসকলৰ বাবে এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব। সেয়েহে, মই আপোনালোকক এইবাৰ খাদী, হস্ততাঁত বা হস্তশিল্প ক্ৰয় কৰাৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ অনুৰোধ জনাইছো। আমি দেখিছোঁ যে উৎসৱবোৰত পেকিং আৰু পেকেজিঙৰ বাবে পলিথিন বেগবোৰো বহুলাংশে ব্যৱহাৰ কৰা হৈছে। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উৎসৱবোৰত পলিথিনৰ ক্ষতিকাৰক অপচয় আমাৰ উৎসৱৰ আত্মাৰ বিপৰীত কথা। সেয়েহে, আমি স্থানীয়ভাৱে তৈয়াৰ কৰা প্লাষ্টিকবিহীন মোনা ব্যৱহাৰ কৰা উচিত। মৰাপাট, কপাহ, কলৰ এনে বহুতো পৰম্পৰাগত মোনাৰ প্ৰৱণতা এতিয়া আকৌ এবাৰ বৃদ্ধি পাইছে। উৎসৱ উপলক্ষে এইসমূহ প্ৰচাৰ কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে আমাৰ নিজৰ আৰু পৰিৱেশৰ স্বাস্থ্যৰ যত্ন লোৱাটো আমাৰ দায়িত্ব।

মোৰ মৰমৰ দেশবাসীসকল, শাস্ত্ৰত কোৱা হৈছে-

‘পৰহিত সৰিস ধৰ্ম নহী ভাই’

অৰ্থাৎ আনৰ প্ৰতি ভাল কৰা, আনৰ সেৱা কৰা, অনুগ্ৰহ কৰা আদিৰ সমান আন কোনো ধৰ্ম্ম নাই। কেইদিনমান পূৰ্বে দেশত সমাজ সেৱাৰ এই মনোভাৱৰ আন এক আভাস পোৱা গৈছে। আপোনালোকে নিশ্চয় দেখিছে যে মানুহে আগবাঢ়ি আহি যক্ষ্মা ৰোগীসকলক দত্তক লৈছে। তেওঁলোকে ৰোগীক গ্ৰহণ কৰি আছে, ৰোগীক পুষ্টিকৰ আহাৰ প্ৰদানত অগ্ৰণী ভূমিকা পালন কৰিছে। প্ৰকৃততে, ই যক্ষ্মা মুক্ত ভাৰত অভিযানৰ এটা অংশ, যাৰ আধাৰ হৈছে জনসাধাৰণৰ অংশগ্ৰহণ, কৰ্তব্যবোধ। কেৱল সঠিক পুষ্টিৰে যক্ষ্মা ৰোগৰ চিকিৎসা কৰা সম্ভৱ, সঠিক সময়ত ঔষধ যোগানেৰে যক্ষ্মা ৰোগৰ নিদান সম্ভৱ। মই নিশ্চিত যে জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তিৰ দ্বাৰা ভাৰত নিশ্চিতভাৱে ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগৰ পৰা মুক্ত হ'ব।

বন্ধুসকল, মই দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰাও এটা উদাহৰণ জানিব পাৰিছো, যিয়ে মনক স্পৰ্শ কৰিছে। ইয়াত জনজাতীয় অঞ্চলত বাস কৰা জিনু ৰাৱতিয়াজীয়ে লিখিছে যে তাত চলি থকা গাওঁ দত্তক কাৰ্যসূচীৰ অধীনত চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৫০ খন গাওঁ গ্ৰহণ কৰিছে। ইয়াত জিনু জীৰ গাওঁও অন্তৰ্ভুক্ত আছে। এই চিকিৎসা বিদ্যাৰ্থীসকলে গাওঁখনৰ লোকসকলক ৰোগটো নোহোৱা কৰিবলৈ, ৰোগটোত সহায় কৰিবলৈ আৰু লগতে চৰকাৰী আঁচনিৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ সজাগ কৰিছে। এই পৰোপকাৰৰ মনোভাৱে গাঁৱত বাস কৰা লোকসকলৰ জীৱনলৈ নতুন সুখ কঢ়িয়াই আনিছে। ইয়াৰ বাবে মই চিকিৎসা মহাবিদ্যালয়ৰ সকলো শিক্ষাৰ্থীক অভিনন্দন জনাইছো।

বন্ধুসকল, 'মন কী বাত'ত নতুন বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে বহুবাৰ, আমি কিছুমান পুৰণি বিষয়ৰ গভীৰতালৈ যোৱাৰ সুযোগ পাওঁ। যোৱা মাহত 'মন কী বাত'ত, মই মোটা খাদ্যশস্যৰ বিষয়ে আলোচনা কৰিছিলো, আৰু ২০২৩ বৰ্ষটো 'আন্তৰ্জাতিক বাজৰা বৰ্ষ' হিচাপে উদযাপন কৰাৰ কথা কৈছিলো। এই বিষয়টোক লৈ মানুহৰ মাজত যথেষ্ট কৌতূহলৰ সৃষ্টি হৈছে। মই বহুতো চিঠি পাইছো য'ত বৰ্ণনা কৰা হৈছে যে তেওঁলোকে কেনেকৈ বাজৰাক তেওঁলোকৰ দৈনন্দিন আহাৰৰ অংশ কৰি তুলিছে। কিছুমান মানুহে বাজৰাৰ পৰা তৈয়াৰ কৰা পৰম্পৰাগত ব্যঞ্জনৰ বিষয়েও কথা পাতিছে। এইবোৰ এটা ডাঙৰ পৰিৱৰ্তনৰ লক্ষণ। জনসাধাৰণৰ এই উৎসাহ দেখি মই ভাবোঁ আমি একেলগে এখন ই-বুক প্ৰস্তুত কৰা উচিত, য'ত মানুহে বাজৰাৰ পৰা তৈয়াৰ কৰা ব্যঞ্জন আৰু তেওঁলোকৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব পাৰে ৷ ইয়াৰ সৈতে, আন্তৰ্জাতিক বাজৰা বৰ্ষ আৰম্ভ হোৱাৰ আগতে, আমি বাজৰাৰ বিষয়ে ৰাজহুৱা বিশ্বকোয়ো প্ৰস্তুত কৰিব পাৰিম আৰু তাৰ পিছত ইয়াক মাইগভ পৰ্টেলত প্ৰকাশ কৰিম।

বন্ধুসকল, এইবাৰ 'মন কী বাত'ত, বিদায় লোৱাৰ পূৰ্বে মই আপোনালোকক ৰাষ্ট্ৰীয় খেলৰ বিষয়েও ক'ব বিচাৰিছো। ২৯ ছেপ্টেম্বৰৰ পৰা গুজৰাটত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছে। এইটো এটা অতি বিশেষ অনুষ্ঠান, কিয়নো বহু বছৰৰ পিছত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আয়োজন কৰা হৈছে। ক’ভিড মহামাৰীৰ বাবে যোৱাবাৰৰ ক্ৰীড়াবোৰ বাতিল কৰিবলগীয়া হৈছিল। এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিজন খেলুৱৈলৈ মোৰ শুভেচ্ছা থাকিল। আজিৰ দিনটোত মই তেওঁলোকক উৎসাহিত কৰিবলৈ খেলুৱৈসকলৰ মাজত থাকিম। আপোনালোক সকলোৱে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰত্যক্ষ কৰক আৰু আপোনাৰ খেলুৱৈসকলক উৎসাহিত কৰক। এতিয়া মই আজিৰ বাবে বিদায় লৈছো। অহা মাহত, আপোনালোকৰ সৈতে 'মন কী বাত'ত নতুন বিষয়ৰ সৈতে পুনৰ সাক্ষাৎ হ’ম। ধন্যবাদ। নমস্কাৰ।

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
With HPV vaccine rollout, AIIMS oncologist says it’s the beginning of the end for cervical cancer in India

Media Coverage

With HPV vaccine rollout, AIIMS oncologist says it’s the beginning of the end for cervical cancer in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Jammu and Kashmir team on their first-ever Ranji Trophy victory
February 28, 2026

The Prime Minister has congratulated the Jammu and Kashmir team for their first-ever Ranji Trophy win.

The Prime Minister stated that this historic triumph reflects the remarkable grit, discipline, and passion of the team. Highlighting that it is a proud moment for the people of Jammu and Kashmir, he noted that the victory underscores the growing sporting passion and talent in the region.

The Prime Minister expressed hope that this feat will inspire many young athletes to dream big and play more.

The Prime Minister shared on X post;

"Congratulations to the Jammu and Kashmir team for their first ever Ranji Trophy win! This historic triumph reflects remarkable grit, discipline and passion of the team. It is a proud moment for the people of Jammu and Kashmir and it highlights the growing sporting passion and talent there. May this feat inspire many young athletes to dream big and play more."