NCC symbolises leadership, selfless service, hardwork, discipline and nationalism: PM Modi
On 7th December we mark Armed Forces Flag Day. Let us salute the valour of our soldiers & remember their sacrifices: PM Modi
During Mann Ki Baat, PM Modi encourages students to actively take part in Fit India movement
In the country, values of peace, unity and goodwill are paramount: PM Modi
The Ayodhya verdict has proved to be a milestone for our judiciary: PM Modi
Our civilization, culture and languages convey the message of unity in diversity to the whole world: PM Modi
The Constitution of India is one which protects the rights and respects every citizen: Prime Minister

মোৰ মৰমৰ দেশবাসীসকল, ‘মন কী বাত’লৈ আপোনাক স্বাগতম৷ আজি মন কী বাতৰ আৰম্ভণি, তৰুণ দেশৰ তৰুণ, সেই উদ্দীপনা, সেই দেশভক্তি, সেই সেৱাৰ ৰঙত ৰঙীয়াল তৰুণসকল, আপোনালোকে জানে নহয়৷ নৱেম্বৰ মাহৰ চতুৰ্থটো দেওবাৰে প্ৰতিবছৰে এনচিচি দিৱস হিচাপে পালন কৰা হয়৷ সাধাৰণতে আমাৰ তৰুণ প্ৰজন্মই বন্ধুত্বৰ দিনটো ভালদৰে মনত ৰাখে৷ কিন্তু বহু লোক আছে যিয়ে এনচিচি দিৱসো ঠিক তেনেদৰেই মনত ৰাখে৷ তেন্তে আহক আজি এনচিচিৰ বিষয়ে কথা পাতো৷ মোৰো কিছু স্মৃতি ৰোমন্থন হ’ব৷ সবাতোকৈ প্ৰথমে এনচিচিৰ সকলো পূৰ্বৰ তথা বিদ্যমান কেডেটসকলক এনচিচি দিৱসৰ অশেষ শুভকামনা যাচিছো৷ কাৰণ মইও আপোনালোকৰ দৰে কেডেট আছিলো আৰু মনেৰেও মই নিজকে কেডেট বুলি ভাবো৷ আমি সকলোৱে জানো যে এনচিচি অৰ্থাৎ নেচনেল কেডেট কৰ্পছ্, বিশ্বৰ সবাতোকৈ বৃহৎ ঐক্যবেশীয় তৰুণ সংস্থাসমূহৰ ভিতৰত ভাৰতৰ এনচিচি অন্যতম৷ এয়া এক ত্ৰি–সেৱা সংস্থা য’ত সেনা, নৌসেনা, বায়ুসেনা তিনিওটাই অন্তৰ্ভুক্ত আছে৷ নেতৃত্ব, দেশভক্তি, স্বাৰ্থহীন সেৱা, নিয়মানুৱৰ্তিতা, কঠোৰ পৰিশ্ৰম এই সকলোকে নিজৰ চৰিত্ৰৰ অংশ কৰি লৈ নিজৰ অভ্যাস নিৰ্মাণ কৰাৰ এক ৰোমাঞ্চক যাত্ৰাই হ’ল এনচিচি৷ এই যাত্ৰাৰ বিষয়ে অধিক কথা কোৱাৰ বাবে আজি এনচিচিত নিজৰ স্থান নিৰ্ধাৰণ কৰা কিছু তৰুণৰ সৈতে ফোনত কথা পাতো আহক৷

প্ৰধানমন্ত্ৰীঃ বন্ধুসকল, আপোনালোকে কেনে আছে

তৰন্নুম খানঃ জয় হিন্দ প্ৰধানমন্ত্ৰী ডাঙৰীয়া

প্ৰধানমন্ত্ৰীঃ জয় হিন্দ

তৰন্নুম খানঃ মহাশয়, মোৰ নাম জুনিয়ৰ আণ্ডাৰ অফিচাৰ তৰন্নুম খান৷

প্ৰধানমন্ত্ৰীঃ তৰন্নুম, আপুনি কোন ঠাইৰ

তৰন্নুম খানঃ মই দিল্লীত বাস কৰো মহাশয়

প্ৰধানমন্ত্ৰীঃ আচ্ছা, এনচিচিত আপোনাৰ অভিজ্ঞতা কিমান দিনৰ

তৰন্নুম খানঃ মহাশয়, মই এনচিচিত ২০১৭ চনত ভৰ্তি হৈছিলো আৰু এই তিনি বছৰ মোৰ জীৱনৰ আটাইতকৈ উৎকৃষ্ট সময়

প্ৰধানমন্ত্ৰীঃ ৱাহ, শুনি সন্তোষ পালো

তৰন্নুম খানঃ মহাশয়, মই আপোনাক ক’ব বিচাৰিছো যে মোৰ আটাইতকৈ সুন্দৰ অভিজ্ঞতা হৈছিল ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ শিবিৰত থকা সময়খিনিত৷এই শিবিৰ আগষ্ট মাহত অনুষ্ঠিত হৈছিল য’ত উত্তৰ পূৰ্বাঞ্চলৰ পৰাও বহু অংশগ্ৰহণকাৰী আহিছিলে৷ তেওঁলোকৰ সৈতে আমি দহ দিন কটাইছিলো৷ আমি তেওঁলোকৰ খাৱন–শোৱন পদ্ধতি শিকিলো৷ আমি তেওঁলোকৰ ভাষা লক্ষ্য কৰিলো৷ তেওঁলোকৰ পৰম্পৰা, তেওঁলোকৰ সংস্কৃতি আদি এনে ধৰণৰ বহু কথা শিকিলো৷ যিদৰে ‘ভাইজম’ৰ অৰ্থ হ’ল হেল্ল… ঠিক সেইদৰে আমাৰ সাংস্কৃতিক অনুষ্ঠান উদযাপন হ’ল, তেওঁলোকে আমাক তেওঁলোকৰ নৃত্য শিকালে, তেওঁলোকৰ নৃত্যৰ তোহৰা বুলি কোৱা হয়৷ আৰু তেওঁলোকে মোক ‘মেখেলা’ পিন্ধিবলৈও শিকালে৷ মই সঁচাকৈয়ে কৈছো, আমাক সেই সাজত খুব ধুনীয়া দেখাইছিল৷ আমি তেওঁলোকক দিল্লী দেখুৱাবলৈ লৈ গ’লো৷ তেওঁলোকক ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু ইণ্ডিয়া গে’ট দেখুৱালো৷ তাত আমি তেওঁলোকক দিল্লীৰ চাটো খুওৱালো, ভেল–পুৰী খুওৱালো৷ তেওঁলোকে অলপ জ্বলা পালে কিয়নো তেওঁলোকে চুপ খাই অধিক ভাল পায় বুলি ক’লে, তেওঁলোকে সিজোৱা পাচলি খাই ভাল পায় বাবে এনে ধৰণৰ খাদ্য তেওঁলোকে অধিক খাই ভাল নাপালে৷ ইয়াৰোপৰি তেওঁলোকৰ সৈতে বহু ফটো উঠিলো, বহু অভিজ্ঞতা বিনিময় কৰিলো৷

প্ৰধানমন্ত্ৰীঃ আপোনালোকৰ এতিয়াও যোগাযোগ আছে নে?

তৰন্নুম খানঃ হয় মহাশয়, আমাৰ এতিয়াও যোগাযোগ আছে

প্ৰধানমন্ত্ৰীঃ ঠিক আছে, ভাল কৰিছে আপুনি

তৰন্নুম খানঃ হয় মহাশয়

প্ৰধানমন্ত্ৰীঃ আৰু কোন কোন আছে আপোনাৰ সৈতে?

শ্ৰী হৰি জি বিঃ জয় হিন্দ মহাশয়

প্ৰধানমন্ত্ৰীঃ জয় হিন্দ

শ্ৰী হৰি জি বিঃ মই ছিনিয়ৰ আণ্ডাৰ অফিচাৰ শ্ৰী হৰি জি বিয়ে কৈ আছো৷ মই কৰ্ণাটকৰ বেংগালুৰু নিবাসী৷

প্ৰধানমন্ত্ৰীঃ আপুনি ক’ত পঢ়ি আছে

শ্ৰী হৰি জি বিঃ মহাশয় ময় কৃষ্টুজয়ন্তী মহাবিদ্যালয়ত অধ্যয়ন কৰি আছো

প্ৰধানমন্ত্ৰীঃ আচ্ছা, বেংগালুৰুতেই আছে

শ্ৰী হৰি জি বিঃ হয় মহাশয়

প্ৰধানমন্ত্ৰীঃ কওক

শ্ৰী হৰি জি বিঃ মহাশয়, কালি মই ইয়ুথ এক্সচেঞ্জ প্ৰ’গ্ৰাম ছিংগাপুৰৰ পৰা উভতি আহি পাইছোহি

প্ৰধানমন্ত্ৰীঃ আৰে বাহ

শ্ৰী হৰি জি বিঃ হয় মহাশয়

প্ৰধানমন্ত্ৰীঃ ছিংগাপুৰত কেনে অভিজ্ঞতা হ’ল আপোনাৰ?

শ্ৰী হৰি জি বিঃ মহাশয়, তালৈ ছয়খন দেশে অংশগ্ৰহণ কৰিছিল৷ ব্ৰিটেইন, আমেৰিকা, ছিংগাপুৰ, ব্ৰুনেই, হংকং আৰু নেপাল৷ তাত আমি কম্বেট শিক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় মিলিটেৰী অভ্যাসৰ এক বিনিময় শিকিলো৷ তাত আমাৰ প্ৰদৰ্শন কিছু ভিন্ন আছিল মহাশয়৷ তাৰে ভিতৰত আমি জলক্ৰীড়া আৰু অভিযানমূলক ক্ৰীড়া শিকিলো আৰু ৱাটাৰ প’ল’ টুৰ্ণামেণ্টত আমি ভাৰতীয় দলে জয় লাভ কৰিলো৷ আৰু সাংস্কৃতিক অনুষ্ঠানত আমি বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰিলো৷ আমাৰ ড্ৰিল আৰু ৱৰ্ড অব্ কমাণ্ড তেওঁলোকে অতি ভাল পালে মহাশয়৷

প্ৰধানমন্ত্ৰীঃ আপোনালোক কেইজন আছিল হৰি?

শ্ৰী হৰি জি বিঃ আমি ২০জন আছিলো মহাশয়৷ ১০ জন ল’ৰা আৰু ১০ গৰাকী ছোৱালী৷

প্ৰধানমন্ত্ৰীঃ ইয়াৰেই নে ভাৰতৰ ভিন্ন ভিন্ন ৰাজ্যৰ পৰাও গৈছিল?

শ্ৰী হৰি জি বিঃ হয় মহাশয়

প্ৰধানমন্ত্ৰীঃ আপোনাৰ সহযোগীসকলে আপোনাৰ অভিজ্ঞতা শুনিবলৈ আতুৰ হৈ আছে কিন্তু মোৰ ভাল লাগিল৷ আপোনাৰ সৈতে আৰু কোন আছে?

বিনোলে কিসৌঃ জয় হিন্দ মহাশয়

প্ৰধানমন্ত্ৰীঃ জয় হিন্দ

বিনোলে কিসৌঃ মোৰ নাম ছিনিয়ৰ আণ্ডাৰ অফিচাৰ বিনোলে কিসৌ৷ মোৰ ঘৰ উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডত৷

প্ৰধানমন্ত্ৰীঃ হয় বিনোলে, আপোনাৰ অভিজ্ঞতাৰ বিষয়ে কওক

বিনোলে কিসৌঃ মহাশয়, মই ছেইণ্ট যোছেফ মহাবিদ্যালয়, জাখামা (স্বায়ত্বশাসিত)ত ইতিহাস (সন্মান বিষয়)ৰ স্নাতক অধ্যয়ন কৰি আছো৷ মই ২০১৭ চনত এনচিচিত যোগদান কৰিছিলো আৰু এয়া মোৰ জীৱনৰ সবাতোকৈ উত্তম সিদ্ধান্ত আছিল মহাশয়৷

প্ৰধানমন্ত্ৰীঃ এনচিচিৰ বাবে হিন্দুস্তানৰ কোন কোন ঠাইলৈ যোৱাৰ সুযোগ পাইছে?

বিনোলে কিসৌঃ মহাশয়, মই এনচিচিত যোগদান কৰি বহু কথা শিকিছো৷ আৰু মই বহু সুযোগো লাভ কৰিছো৷ মোৰ এটা অভিজ্ঞতাৰ বিষয়ে আপোনাক ক’ব বিচাৰিছো৷ মই এই বছৰৰ জুন মাহত ক’হিমাৰ শ্বেজ’লি মহাবিদ্যালয়ত অনুষ্ঠিত কৰা যুটীয়া বাৰ্ষিক প্ৰশিক্ষণ শিবিৰলৈ গৈছিলো৷ সেই শিবিৰত ৪০০ কেডেটে অংশগ্ৰহণ কৰিছিল৷

প্ৰধানমন্ত্ৰীঃ নাগালেণ্ডৰ আপোনাৰ সকলো সহযোগীয়ে জানিবলৈ বিচাৰে আপুনি হিন্দুস্তানৰ ক’লৈ ক’লৈ গৈছে৷ আপুনি তেওঁলোকক জনায় নে?

বিনোলে কিসৌঃ হয় মহাশয়৷

প্ৰধানমন্ত্ৰীঃ আপোনাৰ সৈতে আৰু কোন কোন আছে?

অখিলঃ জয় হিন্দ মহাশয়, মোৰ নাম জুনিয়ৰ আণ্ডাৰ অফিচাৰ অখিল৷

প্ৰধানমন্ত্ৰীঃ হয় অখিল, কওক

অখিলঃ মোৰ ঘৰ হাৰিয়াণাৰ ৰোহটকত মহাশয়

প্ৰধানমন্ত্ৰীঃ হয়..

অখিলঃ মই দয়াল সিং মহাবিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক কৰি আছো

প্ৰধানমন্ত্ৰীঃ হয়…হয়

অখিলঃ মহাশয়, মই এনচিচিত নিয়মানুৱৰ্তিতা আটাইতকৈ ভাল পাইছো

প্ৰধানমন্ত্ৰীঃ বাহ

অখিলঃ ই মোক দায়িত্বসম্পন্ন নাগৰিক হিচাপে গঢ়ি তুলিছে মহাশয়৷ এনচিচি কেডেটৰ ড্ৰিল, এক্যৱেশ মই খুউব ভাল পাও৷

প্ৰধানমন্ত্ৰীঃ কিমানটা শিবিৰত অংশগ্ৰহণ কৰিছে, ক’লৈ ক’লৈ যোৱাৰ সুযোগ লাভ কৰিছে?

অখিলঃ মহাশয়, মই তিনিটা শিবিৰত অংশগ্ৰহণ কৰিছো৷ অলপতে ভাৰতীয় মিলিটেৰী একাডেমী, ডেৰাদুনত এটাচ্চমেণ্ট শিবিৰত অংশগ্ৰহণ কৰিছিলো

প্ৰধানমন্ত্ৰীঃ কিমান সময়ৰ আছিল?

অখিলঃ মহাশয়, এই শিবিৰ তেৰদিনীয়া আছিল

প্ৰধানমন্ত্ৰীঃ আচ্ছা

অখিলঃ মহাশয়, মই তাত ভাৰতীয় ফৌজত বিষয়া কিদৰে হ’ব পাৰি, সেয়া অতি কাষৰ পৰা চোৱাৰ সুবিধা লাভ কৰিলো আৰু ইয়াৰ পিছত ভাৰতীয় ফৌজত মোৰ বিষয়া হোৱাৰ সংকল্প আগতকৈও অধিক দৃঢ় হ’ল

প্ৰধানমন্ত্ৰীঃ ৱাহ…

অখিলঃ আৰু মহাশয় মই গণতন্ত্ৰ দিৱসৰ পেৰেডতো অংশগ্ৰহণ কৰিছিলো আৰু সেয়া মোৰ পৰিয়ালৰ বাবে অতিশয় গৌৰৱৰ কথা আছিল

প্ৰধানমন্ত্ৰীঃ চাব্বাছ…

অখিলঃ মোতকৈ সুখী মোৰ মা হৈছিল৷ যেতিয়া আমি পুৱা ২ বজাত উঠি ৰাজপথত পেৰেড কৰিবলৈ গৈছিলো তেতিয়া আমাৰ উৎসাহ চাবলগীয়া বিধৰ হৈছিল৷ বাকী দলৰ লোকসকলেও আমাক উৎসাহিত কৰিছিল৷ ৰাজপথত মাৰ্চ কৰাৰ সময়ত আমাৰ দেহৰ নোম শিয়ৰি উঠিছিল মহাশয়৷

প্ৰধানমন্ত্ৰীঃ আপোনালোক চাৰিওজনৰ সৈতে কথা পতাৰ সুযোগ লাভ কৰিলো৷ তাকো এনচিচি দিৱসত৷ মোৰ বাবে এয়া অতিশয় আনন্দৰ কথা যে মই সৰুতে গাঁৱৰ বিদ্যালয়ত এনচিচি কেডেট আছিলো আৰু মই জানো যে এই নিয়মানুৱৰ্তিতা, এই ঐক্যৱেশ আদিৰ বাবে আত্মবিশ্বাস বৃদ্ধি হয় আৰু এইসকলো বোৰ মই শৈশৱতে এনচিচি কেডেটৰ ৰূপত অভিজ্ঞতা লাভ কৰিবলৈ সমৰ্থ হৈছিলো৷

বিনোলেঃ প্ৰধানমন্ত্ৰী মহোদয়, মোৰ এটা প্ৰশ্ন আছে

প্ৰধানমন্ত্ৰীঃ হয়, কওক….

তৰন্নুমঃ আপুনিও এনচিচিৰ অংশীদাৰ আছিল

প্ৰধানমন্ত্ৰীঃ কোন? বিনোলেয়ে কৈ আছে নেকি?

বিনোলেঃ হয় মহাশয় হয় মহাশয়

প্ৰধানমন্ত্ৰীঃ হয় বিনোলে কওক…

বিনোলেঃ আপুনিও শাস্তিৰ সন্মুখীন হৈছিল নে?

প্ৰধানমন্ত্ৰীঃ (হাঁহি) মানে আপোনালোকে শাস্তিৰ সন্মুখীন হৈছে

বিনোলেঃ হয় মহাশয়

প্ৰধানমন্ত্ৰীঃ নহয়, মই এনে অভিজ্ঞতাৰ সন্মুখীন হোৱা নাই কাৰণ মই এজন নিয়মানুৱৰ্তিতা পালন কৰা ল’ৰা আছিলো কিন্তু এবাৰ ভুল বুজাবুজিৰ সৃষ্টি হৈছিল৷ যেতিয়া মই শিবিৰত আছিলো তেতিয়া এবাৰ এডাল গছ বগাইছিলো৷ প্ৰথমে এনে লাগিছিল যে মই নিয়ম ভংগ কৰিলো কিন্তু পিছত সকলোৱে দেখা পালে যে চিলাৰ সুতাত এটা চৰাই লাগি ধৰিছিল৷ সেই চৰাইটোক বচোৱাৰ বাবে মই গছত উঠিছিলো৷ প্ৰথমে ভাবিছিলো যে মই অনুশাসনৰ সন্মুখীন হ’ম কিন্তু পিছত সকলোৱে মোক বাহ বাহ দিলে৷ এয়া এক অনন্য অভিজ্ঞতা আছিল৷

তৰন্নুম খানঃ হয় মহাশয়, এই কথা জানি বহুত ভাল লাগিল৷

প্ৰধানমন্ত্ৰীঃ ধন্যবাদ৷

তৰন্নুম খানঃ মই তৰন্নুমে কৈ আছো

প্ৰধানমন্ত্ৰীঃ হয়, তৰন্নুম কওক….

তৰন্নুম খানঃ যদি আপুনি আজ্ঞা দিয়ে তেন্তে এটা প্ৰশ্ন কৰিব বিচাৰিছো মহাশয়

প্ৰধানমন্ত্ৰীঃ হয়…হয়…কওক

তৰন্নুম খানঃ মহাশয়, আপুনি আমাক এইবুলি বাৰ্তা দিছে যে প্ৰতিজন ভাৰতীয় নাগৰিকে ৩ বছৰত ১৫টা স্থান পৰিদৰ্শন কৰিব লাগে৷ আপুনি আমাক ক’বনে কোন ঠাইলৈ যাব লাগে? আৰু কোন ঠাইলৈ গৈ আপুনি সবাতোকৈ ভাল পাইছিল?

প্ৰধানমন্ত্ৰীঃ এনেয়ে মই সদায়েই হিমালয়লৈ যোৱাটো পচন্দ কৰো৷

তৰন্নুম খানঃ হয়….

প্ৰধানমন্ত্ৰীঃ কিন্তু তথাপিও মই ভাৰতৰ জনসাধাৰণক আহ্বান জনাম যে যদি আপুনি প্ৰকৃতিক ভাল পায়..

তৰন্নুম খানঃ হয়..

প্ৰধানমন্ত্ৰীঃ ঘন জংগল, ঝৰ্ণা…এক অনন্য ধৰণৰ পৰিবেশ চাবলৈ মন কৰিলে মই সকলোকে উত্তৰ পূৰ্বাঞ্চললৈ নিশ্চয়কৈ যাবলৈ আহ্বান জনাম৷

তৰন্নুম খানঃ হয় মহাশয়৷

প্ৰধানমন্ত্ৰীঃ এই কথা মই সদায়েই কও আৰু ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চলত পৰ্যটনো বিকশিত হ’ব, অৰ্থনীতি সমৃদ্ধ হ’ব আৰু ‘এক ভাৰত–শ্ৰেষ্ঠ ভাৰত’ৰ সপোনো সৱলীকৃত হ’ব৷

তৰন্নুম খানঃ হয় মহাশয়

প্ৰধানমন্ত্ৰীঃ কিন্তু ভাৰতত বিভিন্ন স্থানত কিবা নহয় কিবা এটা চাবলগীয়া থাকেই, অধ্যয়ন কৰাৰ দৰে হয় আৰু এক প্ৰকাৰে আত্মা পৰিষ্কাৰ কৰাৰ দৰে হয়৷

শ্ৰী হৰি জি বিঃ প্ৰধানমন্ত্ৰী মহোদয়, মই শ্ৰী হৰিয়ে কৈ আছো

প্ৰধানমন্ত্ৰীঃ হয় হৰি, কওক

শ্ৰী হৰি জি বিঃ মই আপোনাৰ পৰা জানিব বিচাৰিছো যে যদি আপুনি ৰাজনীতিবিদ নহ’লহেঁতেন তেন্তে কি হ’বলৈ বিচাৰিলেহৈ?

প্ৰধানমন্ত্ৰীঃ এয়াতো এক কঠিন প্ৰশ্ন কাৰণ প্ৰতিজন শিশুৰ জীৱনলৈ বহু পৰ্যায় আহে৷ কেতিয়াবা এইটো হ’বলৈ মন যায়, কেতিয়াবা সেইটো হ’বলৈ মন যায়৷ কিন্তু এয়া সত্য যে মই কেতিয়াও ৰাজনীতিলৈ আহিবলৈ মন কৰা নাছিলো, কেতিয়াও চিন্তা কৰা নাছিলো কিন্তু এতিয়া আহি গ’লো যেতিয়া মনে–প্ৰাণে দেশৰ কাম কৰিব পাৰো, তাৰে কথা চিন্তা কৰো আৰু সেইবাবে এতিয়া মই ‘ইয়ালৈ নাহিলে কি হ’লহেঁতেন’…এই কথা চিন্তা কৰিব নালাগে৷ এতিয়া মনে–প্ৰাণে য’তেই আছো সেয়া সম্পূৰ্ণৰূপে জীয়াব লাগে, জীৱন পৰ্যন্ত জড়িত হ’ব লাগে আৰু মনে–প্ৰাণে দেশৰ হকে কাম কৰিব লাগে৷ দিন–ৰাতিৰ প্ৰভেদ নোহোৱাকৈ কেৱল এই লক্ষ্যতেই মই নিজকে সঁপি দিছো৷

অখিলঃ প্ৰধানমন্ত্ৰী মহোদয়…

প্ৰধানমন্ত্ৰীঃ হয়…

অখিলঃ আপুনি ইমান ব্যস্ত হৈ থাকে, মোৰ কৌতুহল এয়াই যে আপুনি টিভি, চিনেমা চোৱাৰ অথবা কিতাপ পঢ়াৰ বাবে সময় পায়নে?

প্ৰধানমন্ত্ৰীঃ কিতাপ পঢ়াৰ মোৰ ৰুচি আছিল অৱশ্যে৷ চিনেমা চোৱাৰ ৰুচিও নাথাকিল আৰু সেইদৰে টিভিও চাবলৈ নাপাও৷ খুব কম৷ কেতিয়াবা পূৰ্বে ডিস্ক’ভাৰী চেনেল চাইছিলো৷ জিজ্ঞাসাৰ বাবে৷ আৰু কিতাপ পঢ়িছিলো কিন্তু এতিয়া পঢ়িবলৈ নাপাও আৰু দ্বিতীয়তে গুগলে অভ্যাস বেয়া কৰিছে কাৰণ কিবা প্ৰসংগ চাবলৈ খুজিলেই তুৰন্তে শ্ব’ৰ্টকাট বিচাৰি লও৷ কিছুমান অভ্যাস যি সকলোৰে বেয়া হৈছে সেয়া মোৰো বেয়া হৈছে৷ ঠিক আছে বন্ধুসকল, আপোনালোকৰ সৈতে কথা পাতি খুউব সন্তোষ পালো আৰু আপোনালোকৰ জৰিয়তে এনচিচিৰ সকলো কেডেটক অশেষ শুভকামনা যাচিছো৷ অশেষ ধন্যবাদ, বন্ধুসকল৷ ধন্যবাদন!

সকলো এনচিচি কেডেটঃ অশেষ ধন্যবাদ মহাশয়, ধন্যবাদ!

প্ৰধানমন্ত্ৰীঃ ধন্যবাদ, ধন্যবাদ

সকলো এনচিচি কেডেটঃ জয় হিন্দ মহাশয়

প্ৰধানমন্ত্ৰীঃ জয় হিন্দ

সকলো এনচিচি কেডেটঃ জয় হিন্দ মহাশয়

প্ৰধানমন্ত্ৰীঃ জয় হিন্দ, জয় হিন্দ

মোৰ মৰমৰ দেশবাসীসকল, আমি সকলো দেশবাসীয়ে ৭ ডিচেম্বৰৰ সশস্ত্ৰ বাহিনী পতাকা দিৱসৰ কথা কেতিয়াও পাহৰা উচিত নহয়৷ সেই দিনটোতেই আমি আমাৰ বীৰ সৈনিকসকলক, তেওঁলোকৰ পৰাক্ৰমক, তেওঁলোকৰ বলিদানক স্মৰণ কৰাৰ সৈতে অংশগ্ৰহণো কৰো৷ কেৱল সন্মান প্ৰদানৰ কথা কোৱা নাই৷ সহভাগী হোৱাও আৱশ্যক আৰু ৭ ডিচেম্বৰ তাৰিখে সকলো নাগৰিক আগবাঢ়ি আহিব লাগে৷ সকলোৰে ওচৰত সেই দিনা সশস্ত্ৰ বাহিনীৰ পতাকা থাকিব লাগে আৰু সকলোৱে যোগদানো কৰিব লাগে৷ আহক, এই উপলক্ষে আমি আমাৰ সশস্ত্ৰ বাহিনীৰ অদম্য সাহস, শৌৰ্য আৰু সমৰ্পণৰ ভাৱৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰো আৰু বীৰ সৈনিকসকলক স্মৰণ কৰো৷

     মোৰ মৰমৰ দেশবাসীসকল, ভাৰতত ফিট ইণ্ডিয়া মুভমেণ্টৰ বিষয়ে আপোনালোক সকলোৱে অৱগত হৈছে৷ চিবিএছইয়ে ফিট ইণ্ডিয়া সপ্তাহৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ বিদ্যালয়সমূহত ফিট ইণ্ডিয়া সপ্তাহ ডিচেম্বৰ মাহত যিকোনো এটা তাৰিখত পালন কৰিব পাৰি৷ ইয়াত ফিটনেছৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আয়োজন কৰা হয়৷ ইয়াত কুইজ, প্ৰৱন্ধ, চিত্ৰাংকন, পাৰম্পৰিক আৰু স্থানীয় ক্ৰীড়া, যোগাসন, নৃত্য, খেল প্ৰতিযোগিতা আদিও অন্তৰ্ভুক্ত কৰা হয়৷ ফিট ইণ্ডিয়া সপ্তাহত বিদ্যাৰ্থীসকলৰ সৈতে তেওঁলোকৰ শিক্ষক আৰু পিতৃ–মাতৃয়েও অংশগ্ৰহণ কৰিব পাৰে৷ কিন্তু এয়া নাপাহৰিব যে ফিট ইণ্ডিয়াৰ অৰ্থ কেৱল মগজুৰ কচৰৎ, কাগজৰ কচৰৎ অথবা লেপটপ বা কম্পিউটাৰ বা ম’বাইল ফোনত ফিটনেচৰ এপ চাই থকা নহয়৷ নহয়, ঘাম বোৱাব লাগিব, খোৱাৰ অভ্যাস পৰিৱৰ্তন কৰিব লাগিব৷ ক্ৰিয়াশীল হৈ থকাৰ অভ্যাস কৰিব লাগিব৷ মই দেশৰ সকলো ৰাজ্যৰ বিদ্যালয় পৰিষদ তথা বিদ্যালয়ৰ কৰ্তৃপক্ষক আহ্বান জনাইছো যে প্ৰতিখন বিদ্যালয়ত ডিচেম্বৰ মাহত ফিট ইণ্ডিয়া সপ্তাহ পালন কৰা হওক৷ ইয়াৰ দ্বাৰা ফিটনেটৰ অভ্যাস আমাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত হ’ব৷ ফিট ইণ্ডিয়া মুভমেণ্টত ফিটনেছক লৈ বিদ্যালয়সমূহৰ মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে৷ এই মূল্যায়ন প্ৰাপ্তকৰা সকলো বিদ্যালয়ে ফিট ইণ্ডিয়া ল’গ’ আৰু পতাকা ব্যৱহাৰ কৰিব পাৰিব৷ ফিট ইণ্ডিয়া প’ৰ্টেললৈ গৈ বিদ্যালয়ে নিজকে ফিট ঘোষিত কৰিব পাৰে৷ ফিট ইণ্ডিয়া থ্ৰী ষ্টাৰ আৰু ফিট ইণ্ডিয়া ফাইভ ষ্টাৰো প্ৰদান কৰা হ’ব৷ মই অনুৰোধ কৰিছো যে সকলো বিদ্যালয়েই ফিট ইণ্ডিয়া মূল্যাংকনত অন্তৰ্ভুক্ত হওক আৰু ফিট ইণ্ডিয়াক সহজাত স্বভাৱলৈ পৰিৱৰ্তিত কৰক৷ এক জন আন্দোলনলৈ পৰিৱৰ্তিত কৰক৷ সজাগতা বৃদ্ধি কৰক৷ ইয়াৰ বাবে প্ৰয়াস কৰা আৱশ্যক৷

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ দেশ ইমান বিশাল৷ নানা বৈচিত্ৰতাৰে ভৰা৷ ইমানেই প্ৰাচীন যে বহু কথা আমাৰ মনলৈ নাহে আৰু এয়া স্বাভাৱিকো৷ ঠিক এনে এক কথাই মই আপোনালোকৰ সৈতে বিনিময় কৰিব বিচাৰিছো৷ কিছুদিন পূৰ্বে মাই গভৰ এটা মন্তব্য মোৰ চকুত পৰিল৷ এই মন্তব্য অসমৰ নগাঁৱৰ শ্ৰীমান ৰমেশ শৰ্মাই লিখিছিল৷ তেওঁ লিখিছিল যে ব্ৰহ্মপুত্ৰ নদীত এক উৎসৱৰ আয়োজন কৰা হৈছে, যাৰ নাম হৈছে ব্ৰহ্মপুত্ৰ পুষ্কৰ৷ ৪ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ এই উৎসৱ আয়োজিত কৰা হৈছিল আৰু এই ব্ৰহ্মপুত্ৰ পুষ্কৰত অংশগ্ৰহণ কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহিছিল৷ এই কথা শুনি আপোনালোকো আচৰিত হৈছে নহয় জানো! এয়াইতো সেই কথা যে ই এনে এক গুৰুত্বপূৰ্ণ উৎসৱ আৰু আমাৰ পূৰ্বপুৰুষসকলে ইয়াক এনেদৰে সৃজন কৰিছিল যে সম্পূৰ্ণ কথা শুনিলে আপোনালোকে আশ্বৰ্যচকিত হৈ উঠিব৷ কিন্তু দুৰ্ভাগ্য যে ইয়াৰ যেনেদৰে প্ৰচাৰ হ’ব লাগিছিল, দেশৰ প্ৰান্তে–প্ৰান্তে ইয়াৰ কথা প্ৰচাৰ হ’ব লাগিছিল, সেয়া নহ’লগৈ৷ আৰু এয়াও সত্য যে এই সমগ্ৰ আয়োজন এক প্ৰকাৰে ‘এক দেশ–এক বাৰ্তা’ আৰু আমি সকলো এক, সেই ভাৱনাক প্ৰতিপন্ন কৰিব পৰাকৈ শক্তিশালী৷

     সৰ্বপ্ৰথমে ৰমেশ মহোদয়ক অশেষ ধন্যবাদ জনাইছো যে আপুনি ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীৰ মাজত এই কথা বিনিময় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আপুনি দুখো প্ৰকাশ কৰিছে যে এনে এক গুৰুত্বপূৰ্ণ আয়োজনৰ কোনো চৰ্চা নাই, প্ৰচাৰ নাই৷ আপোনাৰ দুখ মই বুজিব পাৰিছো৷ দেশৰ অধিকাংশ লোকেই এই বিষয়ে নাজানে৷ হয়, যদিহে ইয়াক কোনোবাই আন্তঃৰাষ্ট্ৰীয় নদী মহোৎসৱ বুলি অভিহিত কৰিলেহেঁতেন, কিছু সুন্দৰ শব্দ প্ৰয়োগ কৰিলেহেঁতেন তেন্তে বোধহয় আমাৰ দেশৰ কিছু লোকে ইয়াৰ বিষয়ে চৰ্চা কৰিলেহেঁতেন আৰু প্ৰচাৰো কৰিলেহেঁতেন৷

     মোৰ মৰমৰ দেশবাসীসকল, পুষ্কৰম, পুষ্কৰালু, পুষ্কৰঃ.. এই শব্দকেইটা আপোনালোকে কেতিয়াবা শুনিছেনে? আপোনালোকে জানেনে ই কি হয়৷ মই কৈছো, এয়া দেশৰ বাৰখন পৃথক পৃথক নদীত যি উৎসৱ আয়োজিত হয় তাৰে ভিন্ন ভিন্ন নাম৷ প্ৰতি বছৰে এখন নদীত অৰ্থাৎ সেই নদীৰ নম্বৰ পুনৰ বাৰ বছৰৰ পিছত আহিব, আৰু সেই উৎসৱ দেশৰ বিভিন্ন প্ৰান্তৰ বাৰখন নদীত আয়োজিত হয়, ভাগে ভাগে হয় আৰু বাৰদিন ধৰি হয়, কুম্ভৰ দৰে এই উৎসৱেও ৰাষ্ট্ৰীয় ঐক্যতা বৃদ্ধি কৰে আৰু ‘এক ভাৰত–শ্ৰেষ্ঠ ভাৰত’ৰ নিদৰ্শন দাঙি ধৰে৷ পুষ্কৰম এনে এক উৎসৱ য’ত নদীৰ মহত্ব, নদীৰ গৌৰৱ, জীৱনত নদীৰ গুৰুত্ব এক সহজাত ৰূপত প্ৰতিফলিত হয়!

     আমাৰ পূৰ্বপুৰুষসকলে প্ৰকৃতিক, পৰিৱেশক, জলক, ভূমিক, বননিক বহু গুৰুত্ব দিছিল৷ তেওঁলোকে নদীৰ গুৰুত্ব অনুধাৱন কৰিব পাৰিছিল আৰু সমাজত নদীৰ প্ৰতি কিদৰে ধনাত্মক অনুভৱ উৎপন্ন কৰিব পাৰি, এক সংস্কাৰ কিদৰে গঢ়ি তুলিব পাৰি, নদীৰ সৈতে সংস্কৃতিৰ ধাৰা, নদীৰ সৈতে সমাজক জড়িত কৰোৱাৰ প্ৰয়াস নিৰন্তৰে চলি থাকিল আৰু আমোদজনক কথা এয়ে যে সমাজ নদীৰ সৈতেও জড়িত হ’ল আৰু পৰস্পৰৰ মাজতো জড়িত হ’ল৷ যোৱা বছৰ তামিলনাডুৰ তামীৰ বৰনী নদীত পুষ্কৰম আয়োজিত হৈছিল৷ এই বছৰ ব্ৰহ্মপুত্ৰ নদীত আয়োজিত হৈছে আৰু আগলৈ সালতুংগভদ্ৰা নদী অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটকত আয়োজিত হ’ব৷  এক প্ৰকাৰে আপুনি এই বাৰটা স্থানৰ যাত্ৰা এক পৰ্যটন বৃত্তৰ ৰূপত প্ৰত্যক্ষ কৰিব পাৰে৷ ইয়াতে অসমৰ জনসাধাৰণৰ উদ্দীপনা, তেওঁলোকৰ আতিথ্যৰ প্ৰশংসা কৰিবলৈ বিচাৰিছো যিয়ে সমগ্ৰ দেশৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ অতি সুন্দৰ ধৰণে সেৱা–সৎকাৰ কৰিলে৷ আয়োজকসকলে স্বচ্ছতাৰ প্ৰতিও ধ্যান ৰাখিলে৷  প্লাষ্টিকমুক্ত স্থানৰ নিশ্চিতি প্ৰদান কৰিলে৷ ঠায়ে–ঠায়ে বায়’-টয়লেটৰ ব্যৱস্থা কৰিলে৷ মই আশা প্ৰকাশ কৰিছো যে নদীসমূহৰ প্ৰতি এইদৰে সজাগতা বৃদ্ধিৰ এই সহস্ৰ বৰ্ষ পুৰণি আমাৰ উৎসৱে ভৱিষ্যতৰ প্ৰজন্মকো জড়িত কৰক৷ প্ৰকৃতি, পৰিবেশ, পানী এই সকলোবোৰ আমাৰ পৰ্যটনৰ অংশ হৈ পৰাৰ লগতে আমাৰ জীৱনৰো অংশ হৈ পৰক৷

     মোৰ মৰমৰ দেশবাসীসকল, নমো এপত মধ্যপ্ৰদেশৰ পৰা শ্বেতাই লিখিছে, মহাশয় মই নৱম শ্ৰেণীত পঢ়ো আৰু মোৰ ব’ৰ্ডৰ পৰীক্ষালৈ এবছৰ সময় আছে৷ কিন্তু মই শিক্ষাৰ্থী আৰু এগজাম ৱাৰিয়ৰ্ছৰ সৈতে আপোনাৰ কথা সদায়েই শুনো, মই আপোনালৈ এইবাবেই লিখিছো কাৰণ আপুনি আমাক এতিয়ালৈ কোৱা নাই যে আগন্তুক পৰীক্ষাৰ বাবে চৰ্চা কেতিয়া হ’ব৷ কৃপা কৰি ইয়াক অতি শীঘ্ৰে অনুষ্ঠিত কৰক? যদি সম্ভৱ হয় জানুৱাৰীতেই এই কাৰ্যসূচীৰ আয়োজন কৰক৷ বন্ধুসকল, ‘মন কী বাত’ত মোৰ এই কথাটোৱেই আটাইতকৈ ভাল লাগে– মোৰ তৰুণ বন্ধু–বান্ধৱীসকলে মোক যি অধিকাৰ আৰু স্নেহেৰে অভিযোগ কৰে, আদেশ দিয়ে, প্ৰস্তাৱ দিয়ে– এয়া প্ৰত্যক্ষ কৰি মই সন্তোষ পাও৷ শ্বেতাজী, আপুনি সঠিক সময়তেই এই বিষয়ৰ অৱতাৰণা কৰিছে৷ পৰীক্ষাৰ সময় সমাগত, প্ৰতি বছৰৰ দৰে এইবাৰো আমি পৰীক্ষাৰ ওপৰত চৰ্চা কৰিব লাগিব৷ আপোনাৰ কথা ঠিক, এই কাৰ্যসূচীৰ আয়োজন কিছু আগেয়েই কৰা উচিত৷!

     যোৱাবাৰৰ কাৰ্যসূচীৰ পিছত বহুতে ইয়াক অধিক প্ৰভাৱী কৰি তোলাৰ বাবে বহুতো প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু অভিযোগো কৰিছিল যে যোৱাবাৰ পলমকৈ হৈছিল, পৰীক্ষাৰ একেবাৰে কাষৰ সময়ত হৈছিল৷ আৰু শ্বেতাৰ প্ৰস্তাৱ ঠিক যে মই ইয়াক জানুৱাৰীতেই কৰিব লাগে৷ মানৱ সম্পদ বিকাশ মন্ত্ৰালয় আৰু মাই গভ দলে মিলি ইয়াৰ ওপৰত কাম কৰি আছে৷ কিন্তু মই চেষ্টা কৰিম, এইবাৰ পৰীক্ষাৰ ওপৰত চৰ্চা জানুৱাৰীৰ আৰম্ভণিতে অথবা মাজতেই হওক৷ সমগ্ৰ দেশৰ বিদ্যাৰ্থী বন্ধুসকলে দুই ধৰণৰ সুবিধা পাব৷ প্ৰথমটো হ’ল, নিজৰ বিদ্যালয়তেই এই কাৰ্যসূচীৰ অংশীদাৰ হোৱা আৰু দ্বিতীয়তে ইয়াত দিল্লীত হোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰা৷ দিল্লীৰ বাবে দেশৰ বিদ্যাৰ্থীসকলৰ বাচনি মাই গভৰ জৰিয়তে কৰা হ’ব৷ বন্ধুসকল, আমি সকলোৱে মিলি এই পৰীক্ষাৰ ত্ৰাস দূৰ কৰিব লাগে৷ মোৰ তৰুণ বন্ধু–বান্ধৱীৱে হাঁহি–স্ফূৰ্তিৰে পৰীক্ষাত বহক, অভিভাৱক উদ্বিগ্ন মুক্ত হওক, শিক্ষক আশ্বস্ত হওক, এই উদ্দেশ্যৰেই বিগত কেইবা বছৰো আমি ‘মন কী বাত’ৰ জৰিয়তে ‘পৰীক্ষাৰ ওপৰত চৰ্চা’ টাউল হ’লৰ মাধ্যমেৰে অথবা এগজাম ৱাৰিয়ৰ্ছ কিতাপৰ মাধ্যমেৰে নিৰন্তৰে প্ৰয়াস কৰি আছো৷ এই অভিযানক সমগ্ৰ দেশৰ বিদ্যাৰ্থীয়ে, অভিভাৱকে আৰু শিক্ষকসকলে গতি প্ৰদান কৰাৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ আৰু আগন্তুক পৰীক্ষাৰ চৰ্চা কাৰ্যসূচী আমি সকলোৱে মিলি জুলি পালন কৰো– আপোনালোক সকলোলৈ নিমন্ত্ৰণ থাকিল৷

     বন্ধুসকল, যোৱা সংখ্যাৰ ‘মন কী বাত’ত মই ২০১০ চনৰ অযোধ্যা গোচৰ সংক্ৰান্ত এলাহাবাদৰ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ বিষয়ে চৰ্চা কৰিছিলো, আৰু মই কৈছিলো যে দেশে যিদৰে তেতিয়া শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিছিল, সিদ্ধান্ত প্ৰকাশৰ পূৰ্বে আৰু পিছতো৷ এইবাৰো যেতিয়া ৯ ছেপ্টেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিলে, তেতিয়া ১৩০ কোটি ভাৰতীয়ই পুনৰবাৰ তেওঁলোকৰ বাবে দেশহিততকৈ অধিক একো নহয় বুলি প্ৰমাণিত কৰিলে৷ দেশত শান্তি, একতা আৰু সদভাৱনা মূল্য সৰ্বোপৰি৷ ৰাম মন্দিৰৰ ৰায়দান অহাৰ পিছত সমগ্ৰ দেশে ইয়াক আঁকোৱালি ল’লে৷ সহজভাৱে আৰু শান্তিৰে স্বীকাৰ কৰিলে৷ আজি ‘মন কী বাত’ৰ জৰিয়তে মই সমগ্ৰ দেশবাসীক সাধুবাদ দিছো, ধন্যবাদ প্ৰদান কৰিছো৷ তেওঁলোকে যি ধৈৰ্য, সংযম আৰু পৰিপক্কতাৰ পৰিচয় দিলে তাৰবাবে মই বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ এফালে আইনৰ দীৰ্ঘদিনীয়া যুদ্ধ সমাপ্ত হ’ল আৰু দ্বিতীয়তে ন্যায়পালিকাৰ প্ৰতি দেশৰ সন্মান অধিক বৃদ্ধি হ’ল৷ সঁচা অৰ্থতেই এই ৰায়দান আমাৰ ন্যায়পালিকাৰ বাবেও মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ল৷ উচ্চতম ন্যায়ালয়ে এই ঐতিহাসিক ৰায়দানৰ পিছত এতিয়া দেশ, নতুন উৎসাহ আৰু নতুন আকাংক্ষাৰ সৈতে নতুন পথত, নতুন উদ্দেশ্যৰে আগবাঢ়িছে৷ নতুন ভাৰতে এই ভাৱনাক আঁকোৱালি শান্তি, একতা আৰু সদভাৱনাৰ সৈতে আগবাঢ়ক– এয়াই মোৰ কামনা, সকলোৰে কামনা৷

     মোৰ মৰমৰ দেশবাসীসকল, আমাৰ সভ্যতা, সংস্কৃতি আৰু ভাষাই সমগ্ৰ বিশ্বক বৈচিত্ৰতাৰ মাজত একতাৰ বাৰ্তা প্ৰদান কৰে৷ ১৩০ কোটি ভাৰতীয়ৰ এয়া সেইখন দেশ য’ত কোৱা হয় যে ‘‘গলি–গলিয়ে পানী সলনি হয় আৰু গলি–গলিয়ে মুখৰ বাণীও সলনি হয়’’৷ আমাৰ ভাৰত ভূমিত অতীজৰে পৰা শতাধিক ভাষা পুষ্পিত–পল্লৱিত হৈ আহিছে৷ অৱশ্যে কেতিয়াবা চিন্তাও হয় যে কিছুমান ভাষা বিলুপ্ত হৈ নাযায়তো! কেইদিনমান আগেয়ে উত্তৰাখণ্ডৰ ধাৰচুলাৰ এক ঘটনা সন্দৰ্ভত অৱগত হ’লো৷ মই খুউব সন্তোষিত হ’লো৷ এই কাহিনাৰ দ্বাৰা ইয়াকেই গম পোৱা যায় যে কিদৰে জনতাই নিজৰ ভাষাক আগুৱাই নিয়াৰ বাবে আগবাঢ়ি আহে৷ কিছু পদক্ষেপ গ্ৰহণ কৰিছে..পূৰ্বে মই ধাৰচুলালৈ অহা–যোৱা কৰিছিলো৷ এপাৰে নেপাল আৰু আনফালে কালীগংগা– সেয়ে ধাৰচুলাৰ বিষয়ে শুনাৰ লগে লগে স্বাভাৱিকতেই মোৰ ইয়াৰ ওপৰত ধ্যানকেন্দ্ৰিত হ’ল৷ পিথৌৰাগড়ৰ ধাৰচুলাত ৰংগ সম্প্ৰদায়ৰ লোকে বাস কৰে, তেওঁলোকে ৰগলো ভাষাত কথা পাতে৷ তেওঁলোকে এটা কথা চিন্তা কৰি অতিশয় ব্যথিত হৈছে যে তেওঁলোকৰ ভাষা–ভাষীলোকৰ সংখ্যা হ্ৰাস হ’বলৈ ধৰিছে– তাৰপিছত এদিন তেওঁলোকে নিজৰ ভাষাটো বচোৱাৰ সংকল্প গ্ৰহণ কৰিলে৷ চাওতে চাওতে এই অভিযানত ৰংগ সম্প্ৰদায়ৰ সকলো লোক জড়িত হ’বলৈ ধৰিলে৷ আপুনি আচৰিত হ’ব, এই সম্প্ৰদায়ৰ জনসংখ্যা নিচেই তাকৰ, মোটামোটি দহ হাজাৰমান হ’ব৷ কিন্তু ৰংগ ভাষাক বচোৱাৰ বাবে সকলো ইয়াত জড়িত হৈ পৰিল, চৌৰাশী বছৰীয়া বৃদ্ধ দীৱান সিঙেই হওক অথবা বাইশ বৰ্ষীয় বৈশালী গৰ্বাল অধ্যাপকেই হওক অথবা ব্যৱসায়ী, সকলোৱে নিজৰ ধৰণে এই প্ৰয়াসত নামি পৰিল৷ এই অভিযানত ছ’চিয়েল মিডিয়াৰো ব্যৱহাৰ কৰা হ’ল৷ হোৱাটছএপ গ্ৰুপ বনোৱা হ’ল৷ শতাধিক লোকক তাতেও সংযোজিত কৰা হ’ল৷ এই ভাষাৰ কোনো লিপি নাই৷ ই কেৱল কথিত ৰূপতেই প্ৰচলিত৷ এই ক্ষেত্ৰত জনতাই কাহিনী, কবিতা আৰু গান পোষ্ট কৰিবলৈ ধৰিলে৷ এজনে আনজনৰ ভাষা শুধৰাই দিলে৷ এক প্ৰকাৰে হোৱাটছএপেই শ্ৰেণীকোঠালৈ পৰিৱৰ্তিত হ’ল আৰু য’ত সকলোৱে শিক্ষক আৰু সকলোৱে বিদ্যাৰ্থীও৷ ৰংগলোক ভাষাক সংৰক্ষিত কৰাৰ প্ৰয়াসত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, পত্ৰিকা প্ৰস্তুত কৰা হৈছে আৰু সামাজিক সংস্থাও ইয়াত সহায়ৰ হাত উজান দিছে৷

     বন্ধুসকল, গুৰুত্বপূৰ্ণ কৰা এয়েই যে ৰাষ্ট্ৰসংঘই ২০১৯ চনক অৰ্থাৎ চলিত বৰ্ষক ‘আন্তঃৰাষ্ট্ৰীয় স্থানীয় ভাষাৰ বৰ্ষ’ হিচাপে ঘোষিত কৰিছে৷ অৰ্থাৎ বিলুপ্তিৰ পথলৈ আগবঢ়া ভাষাসমূহক সংৰক্ষিত কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে৷ ডেৰশ বৰ্ষ পূৰ্বে আধুনিক হিন্দীৰ জনক, ভাৰতেন্দু হৰিশ্চন্দ্ৰ মহোদয়েও কৈছিলঃ

‘‘নিজ ভাষা উন্নতি অহে, সব উন্নতি কো মূল,

বিন নিজ ভাষা–জ্ঞান কে, মিটত না হিয় কা শূল৷৷’’

 অৰ্থাৎ মাতৃভাষাৰ জ্ঞান অবিহনে উন্নতি সম্ভৱ নহয়৷ এই ক্ষেত্ৰত ৰংগ সম্প্ৰদায়ৰ এই পদক্ষেপে সমগ্ৰ বিশ্বক পথ প্ৰদৰ্শিত কৰিব৷ যদি আপুনি এই কাহিনীৰ দ্বাৰা অনুপ্ৰেৰিত হৈছে তেন্তে আজিৰ পৰাই নিজৰ মাতৃভাষাত কথা কোৱাৰ অভ্যাস কৰক৷ পৰিয়াল, সমাজক অনুপ্ৰেৰিত কৰক৷

     ১৯শ শতিকাৰ শেষাংশত মহাকবি সুব্ৰমণ্যম ভাৰতীয়ে কৈছিল আৰু তামিল ভাষাত কৈছিল৷ সেয়াও আমাৰ বাবে প্ৰেৰণাদায়ী৷ সুব্ৰমণ্যম ভাৰতীয়ে তামিল ভাষাত কৈছিল–

মুপ্পাধু কড়ি মুগামুডায়ল, এনিল মাইপুৰম অণ্ড্ৰুডায়ল

ইভাৰ ছেপ্পুম’ঝি পধিনেটুডায়ল, এনিল ছিনধানাই অণ্ড্ৰুডায়ল

আৰু সেই সময়ৰ এই ১৯শ শতিকাৰ শেষাংশৰ কথা৷ তেওঁ কৈছিল যে ভাৰতমাতাৰ ৩০ কোটিখন মুখ আছে কিন্তু শৰীৰ এক৷ ই ১৮টা ভাষা কয় কিন্তু চিন্তা একেটাই৷

     মোৰ মৰমৰ দেশবাসীসকল, কেতিয়াবা কেতিয়াবা জীৱনত, সৰু সৰু কথাইও ডাঙৰ কথা শিকাই যায়৷ চাওকচোন, মিডিয়াত এজন স্কুবা ডাইভাৰৰ কথা পঢ়ি আছিলো৷ এয়া এনে এক কাহিনী যাৰ দ্বাৰা সকলো ভাৰতবাসী অনুপ্ৰেৰিত হ’ব পাৰে৷ বিশাখাপট্টনমৰ গোতাখোৰীত প্ৰশিক্ষণ প্ৰদান কৰা স্কুবা ডাইভাৰে এদিন মাংগামাৰিপেটা তীৰত সমুদ্ৰৰ পৰা উভটি আহি আছিল আৰু সাঁতুৰি থকা অৱস্থাত তেওঁলোকে কিছু প্লাষ্টিকৰ বটল দেখা পালে৷ ইয়াক পৰিষ্কাৰ কৰি থকা অৱস্থাত বিষয়টোৰ গুৰুত্ব তেওঁলোকে অনুধাৱন কৰিলে৷ আমাৰ সমুদ্ৰ কিদৰে দুষিত কৰা হৈছে৷ যোৱা কিছুদিনৰ পৰা এওঁলোকে গোতাখোৰ সমুদ্ৰ তটৰ প্ৰায় ১০০ মিটাৰ দূৰলৈ গৈ গভীৰ পানীত ডুব মাৰে আৰু তাৰে পৰা আৱৰ্জনাবোৰ তুলি আনে৷ আৰু মোক জনোৱা হৈছে যে ১৩ দিনৰ ভিতৰত অৰ্থাৎ ২ সপ্তাহৰ ভিতৰত প্ৰায় ৪০০০ কিলোতকৈও অধিক প্লাষ্টিক আৱৰ্জনা সমুদ্ৰৰ পৰা উলিওৱা হৈছে৷ এই স্কুবা ডাইভাৰসকলৰ ক্ষুদ্ৰ প্ৰয়াসে এক বৃহৎ অভিযানৰ ৰূপ ল’ব পাৰে৷ এওঁলোকে এতিয়া স্থানীয় লোকৰ পৰাও সহায় লাভ কৰিছে৷ ওচৰ–কাষৰীয়া মাছমৰীয়াসকলেও তেওঁলোকক সহায় কৰিছে৷ চিন্তা কৰক, এই স্কুবা ডাইভাৰসকলৰ পৰা প্ৰেৰণা লাভ কৰি যদি আমি আমাৰ নিকটৱৰ্তী ঠাইসমূহৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা মুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰো তেন্তে ‘প্লাষ্টিক মুক্ত ভাৰত’ সমগ্ৰ বিশ্বৰ ভিতৰতে এক আদৰ্শ হিচাপে পৰিগণিত হ’ব৷

     মোৰ মৰমৰ দেশবাসীসকল, দুদিন পিছত ২৬ নৱেম্বৰ৷ এই দিনটো সমগ্ৰ দেশৰ বাবে গুৰুত্বপূৰ্ণ৷ আমাৰ গণতন্ত্ৰৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ কাৰণ এই দিনটোতেই আমি ‘সংবিধান দিৱস’ পালন কৰো৷ আৰু এইবাৰৰ ‘সংবিধান দিৱস’ এইবাবেই বিশেষ কিয়নো এইটো বৰ্ষত সংবিধানৰ ৭০তম বৰ্ষ সম্পূৰ্ণ হৈছে৷ এই উপলক্ষে সংসদ ভৱনত বিশেষ আয়োজন কৰা হ’ব আৰু সমগ্ৰ বৰ্ষজুৰি দেশত বিভিন্ন কাৰ্যসূচী পালন কৰা হ’ব৷ আহক, এই উপলক্ষে আমি সংবিধান সভাৰ সকলো সদস্যক শ্ৰদ্ধাৰে সোঁৱৰো আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰো৷ ভাৰতৰ সংবিধানে প্ৰত্যেক নাগৰিকৰ অধিকাৰ আৰু সন্মান ৰক্ষা কৰে আৰু এয়া আমাৰ সংবিধান প্ৰণেতাসকল দূৰদৰ্শিতা ফলত নিশ্চিত হৈছে৷ মই আশা প্ৰকাশ কৰিছো যে ‘সংবিধান দিৱসে’ আমাৰ সংবিধানৰ আদৰ্শ বৰ্তাই ৰখাত তথা ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ যোগদানক, আমাৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰক৷ এই সপোনেইতো আমাৰ সংবিধা প্ৰণেতাসকলে দেখিছিল!

     মোৰ মৰমৰ দেশবাসীসকল, শীতৰ বতৰ আৰম্ভ হৈছে, গুলপীয়া শীতে সকলোকে চুই গৈছে৷ হিমালয়ৰ কিছু অংশত বৰফে চাদৰেৰে ঢাকি ধৰিছে কিন্তু এই বতৰ হ’ল ‘ফিট ইণ্ডিয়া’ৰ৷ আপোনালোক, আপোনালোকৰ পৰিয়াল, আপোনালোকৰ মিত্ৰ, কোনেও এই সুযোগ নেৰিব৷ ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ক আগুৱাই লৈ যোৱাৰ বাবে বতৰৰ ভৰপুৰ সুযোগ গ্ৰহণ কৰক৷

অশেষ শুভকামনা থাকিল৷ অশেষ ধন্যবাদ৷ 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28, 2026
Sectors discussed: Finance and Economy, Commerce and Industry, and Technology
PM emphasises the need to break both horizontal and vertical silos within the Government
PM emphasises the importance of technological self-reliance and building domestic capabilities in critical sectors
PM encourages greater participation of young innovators and entrepreneurs in cybersecurity ecosystem
PM Stresses Proactive Outreach on Strategic Sectors to Counter Misinformation
PM says Govt must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation
Secretaries share experiences and perspectives on key initiatives, emerging opportunities and implementation challenges

Prime Minister Shri Narendra Modi chaired the second high-level meeting with Secretaries to the Government of India at his residence at 7, Lok Kalyan Marg earlier today. He reviewed the future action agenda of Ministries and Departments dealing with Finance and Economy, Commerce and Industry, and Technology sectors. The meeting focused on accelerating progress towards the goals of Viksit Bharat.

Prime Minister called for a strong focus on team building across Ministries and Departments, urging officers to work with a shared sense of purpose. He emphasised the need to break both horizontal and vertical silos within the Government so that departments function in close coordination and deliver integrated outcomes.

Highlighting the importance of citizen-centric governance, Prime Minister said that the people of India must remain at the centre of governance. He reminded that every decision and policy should be guided by the interests and aspirations of the common citizen.

Prime Minister stressed that while India is making significant investments in infrastructure, equal priority must be given to developing indigenous technologies. He underscored the importance of technological self-reliance and building domestic capabilities in critical sectors.

Prime Minister underlined that energy security is closely linked with national security, economic stability and citizens’ welfare. Prime Minister said India must achieve self-reliance in the energy sector through innovation, diversification and accelerated capacity creation.

Emphasising that reforms are not merely a fashionable term but a continuous necessity for effective governance, Prime Minister stressed the need to reform processes, improve work culture and strengthen institutional efficiency.

Prime Minister said that growing use of technology must be accompanied by a strong focus on cybersecurity to safeguard digital systems and infrastructure. He stressed the need for constant vigilance against emerging cyber threats. He called for encouraging greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem and emphasised that it should evolve into a nationwide movement.

Prime Minister also emphasised the importance of proactive communication on strategic sectors where the country is undertaking major initiatives, to counter misinformation and unfounded fears surrounding such efforts.

Prime Minister says that new academic courses should be planned in partnership with industry to equip the workforce with skills required by emerging and future industries. He also observed that a government must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation.

The meeting featured detailed discussions by Secretaries on the progress, priorities and implementation issues across their respective domains. The meeting was attended by the Cabinet Secretary, Secretaries of key Ministries and Departments, and senior officials from the Prime Minister’s Office.