Affection that people have shown for 'Mann Ki Baat' is unprecedented: PM Modi
India's strength lies in its diversity: PM Modi
Ministry of Education has taken an excellent initiative named 'Yuvasangam'. The objective of this initiative is to increase people-to-people connect: PM Modi
We have many different types of museums in India, which display many aspects related to our past: PM Modi
75 Amrit Sarovars are being constructed in every district of the country. Our Amrit Sarovars are special because, they are being built in the Azadi Ka Amrit Kaal: PM Modi
28th of May, is the birth anniversary of the great freedom fighter, Veer Savarkar. The stories related to his sacrifice, courage and resolve inspire us all even today: PM Modi
Today is the 100th birth anniversary of NTR. On the strength of his versatility of talent, he not only became the superstar of Telugu cinema, but also won the hearts of crores of people: PM Modi

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ।

'মন কী বাত'লৈ আকৌ এবাৰ আপোনালোক সকলোকে এক উষ্ম আদৰণি জনাইছো। এইবাৰ 'মন কী বাত'ৰ এই খণ্ডটো ইয়াৰ দ্বিতীয়টো শতিকাৰ আৰম্ভণি খণ্ড। যোৱা মাহত আমি সকলোৱে ইয়াৰ বিশেষ শতিকা উদযাপন কৰিছো। আপোনালোকৰ অংশগ্ৰহণ হৈছে এই কাৰ্যসূচীৰ আটাইতকৈ ডাঙৰ শক্তি। শততম খণ্ডৰ সম্প্ৰচাৰৰ সময়ত, এক প্ৰকাৰে সমগ্ৰ দেশ যেন একেডাল সূতাৰে বান্ধ খাইছিল। অনাময় কৰ্মচাৰী ভাই-ভনী হওক বা বিভিন্ন খণ্ডৰ  ব্যক্তিয়েই হওঁক, 'মন কী বাতে' সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। 'মন কী বাত'ৰ বাবে আপোনালোক সকলোৱে দেখুওৱা স্নেহ আৰু মৰম অভূতপূৰ্ব, ই মানুহক আৱেগিক কৰি তোলে। যেতিয়া 'মন কী বাত' সম্প্ৰচাৰ কৰা হৈছিল, পৃথিৱীৰ বিভিন্ন দেশত, বিভিন্ন সময় অঞ্চলত, কৰবাত সন্ধিয়া হৈছিল আৰু কৰবাত ৰাতি পলম হৈছিল... তথাপিও, বহু সংখ্যক লোকে শততম খণ্ডটো শুনিবলৈ সময় উলিয়াইছিল। মই হাজাৰ হাজাৰ মাইল দূৰত থকা নিউজিলেণ্ডৰ সেই ভিডিঅ'টোও দেখিছিলো, য'ত এগৰাকী ১০০ বছৰীয়া মহিলাই তেওঁৰ মাতৃসূলভ আশীৰ্বাদ দিছে। ভাৰত আৰু বিদেশৰ মানুহে 'মন কী বাত' সন্দৰ্ভত তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে। বহুলোকে গঠনমূলক বিশ্লেষণো আগবঢ়াইছে। 'মন কী বাত'ত কেৱল দেশ আৰু দেশবাসীৰ সাফল্যৰ বিষয়ে আলোচনা কৰা হৈছে বুলি ৰাইজে প্ৰশংসা কৰিছে। এই আশীৰ্বাদৰ বাবে মই আপোনালোক সকলোকে সম্পূৰ্ণ সন্মান জনাইছো।

মোৰ মৰমৰ দেশবাসীসকল, আমি 'মন কী বাত'ত কাশী-তামিল সংগম, সৌৰাষ্ট্ৰ-তামিল সংমৰ বিষয়ে কথা পাতিছিলো। কাশী-তেলেগু সংগম অলপতে বাৰাণসীত অনুষ্ঠিত হৈছিল। এক ভাৰতৰ আত্মাক শক্তি প্ৰদান কৰাৰ বাবে এনে এক অনন্য প্ৰয়াস দেশত সংঘটিত হৈছে। এয়া যুৱ সংগমৰ প্ৰয়াস। মই ভাবিছিলো, এই অনন্য প্ৰচেষ্টাৰ অংশ হৈ থকা লোকসকলৰ পৰা এই বিষয়ে বিতংভাৱে কথা নাপাতোনো কিয়। সেইকাৰণে দুজন যুৱক এই মুহূৰ্তত মোৰ সৈতে ফোনত সংযুক্ত হৈ আছে - এজন অৰুণাচল প্ৰদেশৰ গ্যামাৰ ন্যুকুমজী আৰু আনজন হৈছে বিহাৰৰ কন্যা বিশাখা সিংজী। প্ৰথমে গ্যামাৰ ন্যুকুমজী সৈতে কথা পাতোঁ আহক।

প্ৰধানমন্ত্ৰীঃ গ্যামাৰ জী, নমস্তে!

গ্যামাৰ জী: নমস্তে মোদীজী!

প্ৰধানমন্ত্ৰীঃ  প্ৰথমে মই আপোনাৰ বিষয়ে জানিব বিচাৰো।

গ্যামাৰ জী – মোদীজী, প্ৰথমে, মই আপোনালোক আৰু ভাৰত চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো যে আপুনি মোক এটা সুযোগ দিছে আৰু মূল্যৱান সময় উলিয়াই মোৰ সৈতে কথা পাতিছে। মই অৰুণাচল প্ৰদেশৰ নেচনেল ইনষ্টিটিউট অব্ টেকন'লজীত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰি আছোঁ

প্ৰধানমন্ত্ৰীঃ আৰু আপোনাৰ দেউতাক আৰু আনসকলে পৰিয়ালত কি কৰে?

গ্যামাৰ জী: হয় মোৰ দেউতাই এটা সৰু ব্যৱসায় চলায় আৰু বাকী সকলোৱে কিছু খেতি-বাতিৰ কাম কৰে।

প্ৰধানমন্ত্ৰীঃ যুৱ সংগমৰ বিষয়ে আপুনি কেনেকৈ জানিব পাৰিলে?

যুৱ সংগমৰ বাবে আপুনি ক'লৈ গৈছিল, আপুনি কেনেকৈ গৈছিল, কি হৈছিল?

গ্যামাৰ জীঃ মোদীজী, আমাৰ প্ৰতিষ্ঠান এনআইটিয়ে আমাক যুৱ সংগমৰ বিষয়ে জনাইছিল যে আমি ইয়াত অংশগ্ৰহণ কৰিব পাৰো। মই পুনৰ ইণ্টাৰনেটত অলপ অনুসন্ধান কৰিলো আৰু মই জানিব পাৰিলো যে এইটো এটা অতি ভাল কাৰ্যসূচী, যি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগীত যথেষ্ট অৰিহণা যোগাব পাৰে আৰু মই নতুন কিবা এটা শিকাৰ সুযোগ পাম। মই তেতিয়াই ৱেবছাইটলৈ গৈ ইয়াত নাম ভৰ্তি কৰিলো। মোৰ অভিজ্ঞতা অতি উপভোগ্য, খুব ভাল আছিল।

প্ৰধানমন্ত্ৰীঃ আপুনি কিবা বাছনি কৰিব লগা হৈছিল নেকি?

গ্যামাৰ জী: মোদীজী, যেতিয়া মই ৱেবছাইটটো খুলিছিলো, অৰুণাচলৰ লোকসকলৰ বাবে দুটা বিকল্প আছিল... প্ৰথমটো আছিল অন্ধ্ৰ প্ৰদেশ য'ত আইআইটি তিৰুপতি আছিল আৰু দ্বিতীয়টো আছিল ৰাজস্থানৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, সেয়েহে মই ৰাজস্থান হিচাপে মোৰ প্ৰথম পছন্দ কৰিছিলো, দ্বিতীয় অগ্ৰাধিকাৰ হিচাপে মই আইআইটি তিৰুপতি কৰিছিলো। মই ৰাজস্থানৰ বাবে নিৰ্বাচিত হৈছিলো। সেয়েহে মই ৰাজস্থানলৈ গৈছিলো।

প্ৰধানমন্ত্ৰীঃ আপোনাৰ ৰাজস্থান ভ্ৰমণ কেনেকুৱা হৈছিল? আপুনি প্ৰথমবাৰৰ বাবে ৰাজস্থানলৈ গৈছিল নেকি?

গ্যামাৰ জীঃ হয়, মই প্ৰথমবাৰৰ বাবে অৰুণাচলৰ পৰা বাহিৰলৈ গৈছিলো। মই ৰাজস্থানৰ এই সকলোবোৰ দুৰ্গ কেৱল চলচ্চিত্ৰ আৰু ফোনত দেখিছিলো, সেয়েহে যেতিয়া মই প্ৰথমবাৰৰ বাবে গৈছিলো মোৰ অভিজ্ঞতা খুব ভাল হৈছিল, তাত থকা লোকসকল খুব ভাল আছিল আৰু আমাৰ সৈতে খুব ভাল আচৰণ কৰিছিল। মই ৰাজস্থানৰ ডাঙৰ হ্ৰদ আৰু তাত থকা লোকসকলৰ বিষয়ে বহুতো নতুন কথা শিকিব পাৰিছিলো আৰু বৰষুণৰ পানী সংগ্ৰহ কৰা, যিবোৰ মই একেবাৰে নাজানিছিলো, সেয়েহে এই ৰাজস্থান ভ্ৰমণ মোৰ বাবে খুব সুন্দৰ আছিল।

প্ৰধানমন্ত্ৰীঃ চাওক, আপুনি লাভ কৰা আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে অৰুণাচলো সাহসী হৃদয়ৰ স্থান, ৰাজস্থানো সাহসী হৃদয়ৰ স্থান আৰু সেনাবাহিনীত ৰাজস্থানৰ পৰা বহু সংখ্যক লোক আছে আৰু যেতিয়াই আপুনি অৰুণাচলৰ সীমান্তৰ সৈনিকসকলৰ মাজত ৰাজস্থানৰ লোকসকলক লগ পাব, আপুনি নিশ্চিতভাৱে তেওঁলোকৰ সৈতে কথা পাতিব পাৰে  যে আপুনি ৰাজস্থানলৈ গৈছিল,... এনেকুৱা এটা অভিজ্ঞতা আছিল... তাৰ পিছত তেওঁলোকৰ সৈতে আপোনাৰ ঘনিষ্ঠতা তৎক্ষণাৎ বৃদ্ধি পাব। ঠিক আছে, আপুনি নিশ্চয় তাতো কিছু সাদৃশ্য লক্ষ্য কৰিছে, আপুনি ভাবিছে নে যে হয়, অৰুণাচলতো এয়া একেই।

গ্যামাৰ জীঃ মোদীজী, মই দেখা পোৱা এক সাদৃশ্য আছিল দেশৰ প্ৰতি থকা প্ৰেম আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগী আৰু অনুভূতি, কিয়নো অৰুণাচলতো জনসাধাৰণে তেওঁলোক ভাৰতীয় বুলি গৌৰৱ অনুভৱ কৰে আৰু একেদৰে ৰাজস্থানতো জনসাধাৰণে তেওঁলোকৰ মাতৃভূমিক লৈ গৌৰৱান্বিত। মই এইটো লক্ষ্য কৰিছিলো আৰু বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত, কিয়নো মই তাত থকা বহুতো যুৱক-যুৱতীৰ সৈতে বাৰ্তালাপ কৰিছিলো, সেয়েহে মই তেওঁলোকে বিচৰাবোৰৰ সৈতে যথেষ্ট সাদৃশ্য দেখিছিলো। আৰু সেয়া হ'ল ... আপুনি ভাৰতৰ বাবে কি কৰিব বিচাৰে আৰু আপোনাৰ দেশক কিমান ভাল পায়... মই দুয়োখন ৰাজ্যতে যথেষ্ট সাদৃশ্য দেখিছিলো।

প্ৰধানমন্ত্ৰীঃ গতিকে, আপুনি তাত স্থাপন কৰা বন্ধুবৰ্গৰ সৈতে আপোনাৰ বাৰ্তালাপৰ স্তৰ বৃদ্ধি কৰিছিল নেকি... নে ঘূৰি অহাৰ পিছত তেওঁলোকক পাহৰি গৈছিল?

গ্যামাৰ জী: নহয়, আমি আমাৰ সম্বন্ধ আগবঢ়াইছিলো।

প্ৰধানমন্ত্ৰীঃ হয়...! তেন্তে আপুনি সামাজিক মাধ্যমত সক্ৰিয় নেকি?

গ্যামাৰ জীঃ হয় মোদীজী, মই সক্ৰিয়।

প্ৰধানমন্ত্ৰীঃ আপুনি যুৱ সংগমত আপোনাৰ অভিজ্ঞতা, আপুনি ইয়াত কেনেদৰে নাম ভৰ্তি কৰিছিল, ৰাজস্থানত আপোনাৰ অভিজ্ঞতা কেনেকুৱা হৈছে, যাতে দেশৰ যুৱপ্ৰজন্মই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্দেশ্য আৰু মহানতা জানিব পাৰে, এই আঁচনিখন কি, এই সম্পৰ্কে জানিব পাৰে... যুৱক-যুৱতীসকলে ইয়াৰ সুবিধা কেনেদৰে ল'ব পাৰে, আপুনি আপোনাৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ এটা ব্লগ লিখিব লাগে... তেতিয়া বহুতো মানুহে ইয়াক পঢ়াৰ বাবে উপযোগী হ'ব।

গ্যামাৰ জী: হয়, মই নিশ্চিতভাৱে কৰিম।

প্ৰধানমন্ত্ৰীঃ গ্যামাৰ জী, আপোনাৰ সৈতে কথা পাতি যথেষ্ট আনন্দিত হৈছো। আৰু আপোনালোক সকলোৱে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে চেষ্টা কৰা উচিত, কিয়নো এই ২৫ বছৰ অতি গুৰুত্বপূৰ্ণ - আপোনাৰ জীৱনৰ লগতে দেশৰ জীৱনৰ বাবে মই আপোনালোকলৈ শুভেচ্ছা জনাইছো। ধন্যবাদ।

গ্যানম জীঃ মোদীজীকো ধন্যবাদ।

প্ৰধানমন্ত্ৰীঃ নমস্কাৰ ভাতৃ!

বন্ধুসকল, অৰুণাচলৰ লোকসকলৰ মনবোৰ ইমান উষ্ম যে মই তেওঁলোকৰ সৈতে কথা পাতি ভাল পাও। যুৱ সংগমত গ্যামাৰজীৰ অভিজ্ঞতা উৎকৃষ্ট আছিল। আহক, এতিয়া বিহাৰৰ সন্তান বিশাখা সিংজীৰ সৈতে কথা পাতোঁ আহক।

প্ৰধানমন্ত্ৰীঃ বিশাখা জী, নমস্কাৰ।

বিশাখা জীঃ প্ৰথমে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ মোৰ প্ৰণাম আৰু ইয়াৰ লগতে সকলো প্ৰতিনিধিৰ হৈ অশেষ প্ৰণাম জনাইছো।

প্ৰধানমন্ত্ৰীঃ বিশাখাজী, প্ৰথমে আমাক নিজৰ বিষয়ে কওক। ইয়াৰ পিছত মই যুৱ সংগমৰ বিষয়েও জানিব বিচাৰো।

বিশাখা জীঃ মই বিহাৰৰ চাচাৰাম চহৰৰ বাসিন্দা আৰু মই প্ৰথমে মোৰ কলেজ হোৱাটছএপ গ্ৰুপৰ এটা বাৰ্তাৰ জৰিয়তে যুৱ সংগমৰ বিষয়ে জানিব পাৰিছিলো। তাৰ পিছত মই ইয়াৰ বিষয়ে অধিক বিৱৰণ বিচাৰি পাইছিলো... যে ঠিক এইটো কি! গতিকে মই জানিব পাৰিছিলো যে এয়া হৈছে প্ৰধানমন্ত্ৰীৰ আঁচনি 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ জৰিয়তে যুৱসকলৰ একত্ৰিত হোৱা সন্মিলন। গতিকে তাৰ পিছত মই আবেদন কৰিছিলো আৰু যেতিয়া মই আবেদন কৰিছিলো, মই ইয়াত যোগদান কৰিবলৈ উৎসাহিত হৈছিলোঁ, কিন্তু তামিলনাডুলৈ ভ্ৰমণ কৰাৰ পিছত আৰু ঘূৰি অহাৰ পিছত... মই লাভ কৰা অভিজ্ঞতাৰ সৈতে মই এতিয়া অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰিছো যে মই এই কাৰ্যসূচীৰ অংশ হৈছো, সেয়েহে মই সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি অত্যন্ত আনন্দিত আৰু মই আপোনালোকক হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো যে আপুনি আমাৰ দৰে যুৱক-যুৱতীসকলৰ বাবে এনে এক আশ্চৰ্যকৰ কাৰ্যসূচী প্ৰস্তুত কৰিছে যাতে আমি ভাৰতৰ বিভিন্ন অঞ্চলৰ সংস্কৃতিৰ সৈতে খাপ খাব পাৰো।

প্ৰধানমন্ত্ৰীঃ বিশাখা জী, আপুনি কি অধ্যয়ন কৰে?

বিশাখা জী: মই কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী।

প্ৰধানমন্ত্ৰীঃ ঠিক আছে বিশাখা জী, আপুনি কেনেকৈ সিদ্ধান্ত ল'লে যে আপুনি ৰাজ্যখনলৈ যাব আৰু ইয়াৰ সৈতে সম্পৰ্ক স্থাপন কৰিব?

বিশাখা জীঃ যেতিয়া মই গুগলত এই যুৱ সংগমৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰিছিলো, মই গম পাইছিলো যে বিহাৰৰ প্ৰতিনিধিসকলৰ সৈতে তামিলনাডুৰ প্ৰতিনিধিসকলৰ সৈতে বিনিময় কৰা হৈছে। তামিলনাডু আমাৰ দেশৰ এখন অতি সমৃদ্ধ সাংস্কৃতিক ৰাজ্য, সেয়েহে যেতিয়া মই গম পালো আৰু দেখিলো যে বিহাৰৰ লোকসকলক তামিলনাডুলৈ পঠোৱা হৈছে, ই মোক এই সিদ্ধান্ত লোৱাত যথেষ্ট সহায় কৰিছিল যে মই প্ৰপত্ৰখন পূৰণ কৰিব লাগে নে নালাগে আৰু তালৈ যাব লাগে নে নালাগে। মই আজি সঁচাকৈয়ে গৌৰৱান্বিত অনুভৱ কৰো যে মই ইয়াত অংশগ্ৰহণ কৰিছিলো আৰু মই বহুত সুখী।

প্ৰধানমন্ত্ৰীঃ এইটো আপোনাৰ প্ৰথম তামিলনাডু ভ্ৰমণ আছিল নেকি?

বিশাখা জী: হয়... মই প্ৰথমবাৰৰ বাবে গৈছিলো।

প্ৰধানমন্ত্ৰীঃ আচ্ছা, যদি আপুনি বিশেষভাৱে স্মৰণীয় কিবা ক'ব বিচাৰে, আপুনি কি ক'ব? দেশৰ যুৱক-যুৱতীসকলে আপোনাৰ কথা শুনি আছে।

বিশাখা জী: হয়, যদি আমি গোটেই যাত্ৰাটো বিবেচনা কৰো, ই মোৰ বাবে আশ্চৰ্যজনক আছিল। আমি প্ৰতিটো পৰ্যায়তে বহুত ভাল কথা শিকিছো। মই তামিলনাডুত ভাল বন্ধু বনাইছো... তাত থকা সংস্কৃতিৰ সৈতে খাপ খাইছো। মই তাত মানুহক লগ পাইছিলো। কিন্তু তাত মোক আচৰিত কৰা আটাইতকৈ ভাল কথাটো হ'ল যে প্ৰথমতে কোনেও ইছৰোলৈ যোৱাৰ সুযোগ নাপায় আৰু আমি প্ৰতিনিধি হৈ ইছৰোলৈ যোৱাৰ সুযোগ পাইছিলো। লগতে দ্বিতীয় শ্ৰেষ্ঠ কথাটো আছিল যেতিয়া আমি ৰাজভৱনলৈ গৈছিলো আৰু তামিলনাডুৰ ৰাজ্যপালক লগ কৰিছিলো। গতিকে সেই দুটা মুহূৰ্ত মোৰ বাবে বহুত ভাললগা মুহূৰ্ত আছিল আৰু মই অনুভৱ কৰোঁ যে যি সময় আমি যুৱ সংগমৰ জৰিয়তে লাভ কৰিছো, সেই সুযোগ আমি পূৰ্বে লাভ কৰা নাছিলো। গতিকে এইটো মোৰ বাবে নিখুঁত আৰু আটাইতকৈ স্মৰণীয় মুহূৰ্ত আছিল।

প্ৰধানমন্ত্ৰীঃ বিহাৰত খাদ্যাভ্যাস তামিলনাডুৰ পৰা পৃথক!

বিশাখা জীঃ হয়।

প্ৰধানমন্ত্ৰীঃ তেন্তে এইটো সম্পূৰ্ণৰূপে ঠিক হৈছিল নে?

বিশাখা জী: তামিলনাডুত দক্ষিণ ভাৰতীয় ৰন্ধন প্ৰণালী প্ৰচলিত। গতিকে আমি তালৈ যোৱাৰ লগে লগে আমাক দোচা, ইডলি, সম্ভাৰ, উত্তাপম, ভাদা, উপমা পৰিৱেশন কৰা হৈছিল। গতিকে প্ৰথমে যেতিয়া আমি চেষ্টা কৰিছিলো এইটো বহুত ভাল লাগিছিল। তাত দিয়া খাদ্য অতি স্বাস্থ্যকৰ, দৰাচলতে ই অতি সুস্বাদু আৰু ই আমাৰ উত্তৰৰ খাদ্যতকৈ বহুত বেলেগ, সেয়েহে মই তাত থকা খাদ্য ভাল পাইছিলো আৰু তাত থকা লোকসকলো খুব ভাল আছিল।

প্ৰধানমন্ত্ৰীঃ তেন্তে এতিয়া আপুনি নিশ্চয় তামিলনাডুতো বহুত বন্ধু লাভ কৰিছে?

বিশাখা জী: হয়! হয় তাত আমি এনআইটি ত্ৰিচীত থাকিলো, তাৰ পিছত আইআইটি মাদ্ৰাজত। মই সেই দুয়োটা ঠাইতে শিক্ষাৰ্থীসকলৰ সৈতে বন্ধুত্ব কৰিছো। লগতে ইতিমধ্যে চিআইআই স্বাগতম অনুষ্ঠান হৈছিল, ওচৰৰ মহাবিদ্যালয়ৰ বহুতো শিক্ষাৰ্থীও তালৈ আহিছিল। গতিকে তাত আমি সেই শিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপ কৰিছিলো আৰু মই তেওঁলোকক লগ পাই বৰ সুখী অনুভৱ কৰিছিলো, তেওঁলোকৰ বহুতো এতিয়া মোৰ বন্ধু। আৰু মই তামিলনাডুৰ পৰা বিহাৰলৈ অহা কিছুমান প্ৰতিনিধিকো লগ পাইছিলো, সেয়েহে আমি তেওঁলোকৰ সৈতেও বাৰ্তালাপ কৰিছিলো আৰু আমি এতিয়াও ইজনে সিজনৰ সৈতে কথা পাতো, সেয়েহে মই বহুত সুখী অনুভৱ কৰো।

প্ৰধানমন্ত্ৰীঃ গতিকে বিশাখাজী, এটা ব্লগ লিখক আৰু এই অভিজ্ঞতা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰক, প্ৰথমতে, এই যুৱ সংগমৰ, তাৰ পিছত 'এক ভাৰত-শ্ৰেষ্ঠ ভাৰত' আৰু তাৰ পিছত আপুনি তামিলনাডুত অনুভৱ কৰা আনন্দ আৰু আপুনি লাভ কৰা আদৰণি তথা আতিথ্য। আপুনি তামিল লোকসকলৰ মৰমৰ বৰ্ষা লাভ কৰিছে, এই সকলোবোৰ কথা দেশবাসীক জনাওক। তেন্তে আপুনি লিখিব নে?

বিশাখা জী: হয়, নিশ্চয়!

প্ৰধানমন্ত্ৰীঃ গতিকে মই আপোনালোকক শুভকামনা জনাইছো আৰু আপোনাক বহুত ধন্যবাদ জনাইছো।

বিশাখা জীঃ হয় আপোনাক বহুত ধন্যবাদ। নমস্কাৰ

গ্যামাৰ আৰু বিশাখালৈ মোৰ শুভেচ্ছা থাকিল। যুৱ সংগমত আপোনালোকে যি শিকিছে সেয়া আপোনালোকৰ বাকী জীৱনৰ বাবে আপোনালোকৰ লগত থাকক। এয়া আপোনালোক সকলোলৈ মোৰ শুভকামনা থাকিল।

বন্ধুসকল, ভাৰতৰ শক্তি ইয়াৰ বৈচিত্ৰ্যৰ মাজত আছে। আমাৰ দেশত বহুতো বস্তু চাবলৈ আছে। এই কথা লক্ষ্য ৰাখি শিক্ষা মন্ত্ৰালয়ে 'যুৱসংগম' নামৰ এক উৎকৃষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰচেষ্টাৰ উদ্দেশ্য হৈছে পিপল টু পিপল কানেক্ট বৃদ্ধি কৰাৰ লগতে দেশৰ যুৱপ্ৰজন্মক ইজনে সিজনৰ সৈতে সংযোগ স্থাপন কৰাৰ সুযোগ দিয়া। বিভিন্ন ৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানসমূহ ইয়াৰ সৈতে সংযুক্ত কৰা হৈছে।

যুৱ সংগম'ত যুৱক-যুৱতীসকলে আন ৰাজ্যৰ চহৰ আৰু গাওঁ ভ্ৰমণ কৰে, তেওঁলোকে বিভিন্ন প্ৰকাৰৰ লোকক লগ কৰাৰ সুযোগ পায়। যুৱংগমৰ প্ৰথম ৰাউণ্ডত প্ৰায় ১২০০ যুৱক-যুৱতীয়ে দেশৰ ২২ খন ৰাজ্য ভ্ৰমণ কৰিছে। ইয়াৰ অংশ হৈ থকা সকলো যুৱক-যুৱতীয়ে এনে স্মৃতি লৈ উভতি আহিছে যিবোৰ গোটেই জীৱন তেওঁলোকৰ হৃদয়ত ৰৈ থাকিব। আমি দেখিছোঁ যে বহুতো ডাঙৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ব্যৱসায়িক নেতাসকলে বেক-পেকাৰ হিচাপে ভাৰতত সময় অতিবাহিত কৰিছে। যেতিয়া মই আন দেশৰ নেতাসকলক লগ পাওঁ, বহুসময়ত তেওঁলোকে মোক কয় যে তেওঁলোকে যৌৱনকালত ভাৰত ভ্ৰমণ কৰিবলৈ গৈছিল। আমাৰ ভাৰতত জানিবলৈ আৰু চাবলৈ ইমানেই বস্তু আছে যে আপোনাৰ কৌতূহল প্ৰতিবাৰেই বৃদ্ধি পাব। মই আশা কৰোঁ যে এই ৰোমাঞ্চকৰ অভিজ্ঞতাবোৰৰ বিষয়ে জানিবলৈ পোৱাৰ পিছত আপুনিও নিশ্চিতভাৱে দেশৰ বিভিন্ন প্ৰান্তলৈ ভ্ৰমণ কৰিবলৈ অনুপ্ৰাণিত হ'ব।

মোৰ মৰমৰ দেশবাসীসকল, মাত্ৰ কেইদিনমান আগতে মই জাপানৰ হিৰোছিমাত আছিলো।

তাত মই হিৰোছিমা শান্তি স্মাৰক সংগ্ৰহালয় পৰিদৰ্শন কৰাৰ সুযোগ পাইছিলো। এইটো এটা আৱেগিক অভিজ্ঞতা আছিল। যেতিয়া আমি ইতিহাসৰ স্মৃতি কঢ়িয়াই আহোঁ, ই ভৱিষ্যতৰ প্ৰজন্মক যথেষ্ট সহায় কৰে। কেতিয়াবা আমি সংগ্ৰহালয়ত নতুন পাঠ শিকোঁ... কেতিয়াবা আমি বহুত শিকিবলৈ পাওঁ। কিছুদিন পূৰ্বে ভাৰতত আন্তৰ্জাতিক সংগ্ৰহালয় এক্সপোৰো আয়োজন কৰা হৈছিল। ইয়াত পৃথিৱীৰ ১২০০ তকৈও অধিক সংগ্ৰহালয়ৰ বিশেষত্ব দেখুওৱা হৈছিল। আমাৰ ভাৰতত বিভিন্ন প্ৰকাৰৰ সংগ্ৰহালয় আছে যিয়ে আমাৰ অতীতৰ সৈতে সম্পৰ্কিত বহুতো দিশ প্ৰদৰ্শন কৰে, যেনে, গুৰুগ্ৰামৰ এটা অনন্য সংগ্ৰহালয় আছে - মিউজিঅ কেমেৰা। ইয়াত ১৮৬০ চনৰ পিছত যুগটোৰ ৮ হাজাৰতকৈও অধিক কেমেৰাৰ সংগ্ৰহ আছে। তামিলনাডুৰ সম্ভাৱনা সংগ্ৰহালয়টো আমাৰ দিব্যাংগ লোকসকলৰ কথা মনত ৰাখি নিৰ্মাণ কৰা হৈছে। মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ বাস্তু সংগ্ৰহালয় এনে এক সংগ্ৰহালয়, য'ত ৭০ হাজাৰৰো অধিক সামগ্ৰী সংৰক্ষণ কৰা হৈছে। ২০১০ চনত স্থাপিত, ভাৰতীয় স্মৃতি প্ৰকল্প হৈছে এক প্ৰকাৰৰ অনলাইন সংগ্ৰহালয়। ই সমগ্ৰ বিশ্বৰ পৰা প্ৰেৰণ কৰা ছবি আৰু কাহিনীৰ জৰিয়তে ভাৰতৰ গৌৰৱময় ইতিহাসৰ সংযোজিত কৰাত নিয়োজিত হৈ আছে। বিভাজনৰ ভয়াৱহতাৰ সৈতে সম্পৰ্কিত স্মৃতিবোৰ কঢ়িয়াই অনাৰ চেষ্টা কৰা হৈছে। যোৱা বছৰবোৰতো আমি ভাৰতত নতুন প্ৰকাৰৰ সংগ্ৰহালয় আৰু স্মাৰক স্থাপন হোৱা দেখিছো। স্বাধীনতা সংগ্ৰামত জনজাতীয় ভাই-ভনীসকলৰ অৱদানৰ প্ৰতি সমৰ্পিত দহটা নতুন সংগ্ৰহালয় স্থাপন কৰা হৈছে। কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েলৰ বিপ্লৱী ভাৰত গেলেৰী হওক বা জালিয়ানৱালাবাগ স্মাৰকৰ পুনৰুজ্জীৱিতকৰণেই  হওক। দেশৰ সকলো প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ উৎসৰ্গিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ে আজি দিল্লীৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। প্ৰতিদিনে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু আৰক্ষী স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধা জনাবলৈ বহুলোকে আহে। ঐতিহাসিক দাণ্ডী মাৰ্চৰ বাবে উৎসৰ্গিত দাণ্ডী স্মাৰক হওক বা ষ্টেচু অব্ ইউনিটী মিউজিয়াম হওক,... ঠিক আছে, মই ইয়াতে ৰ'ব লাগিব কিয়নো সমগ্ৰ দেশৰ সংগ্ৰহালয়সমূহৰ তালিকা অতি দীঘল আৰু প্ৰথমবাৰৰ বাবে দেশৰ সকলো সংগ্ৰহালয়ৰ বিষয়ে প্ৰয়োজনীয় তথ্যও সংকলিত কৰা হৈছে। সংগ্ৰহালয়টো কি বিষয়বস্তুৰ ওপৰত আধাৰিত, তাত কেনে ধৰণৰ বস্তু ৰখা হয়, তেওঁলোকৰ যোগাযোগৰ বিৱৰণ কি - এই সকলোবোৰ অনলাইন ডাইৰেক্টৰী এটাত একত্ৰিত কৰা হয়। মই আপোনালোকক অনুৰোধ জনাইছো যে যেতিয়াই আপোনালোকে সুযোগ পায়, আমাৰ দেশৰ এই সংগ্ৰহালয়সমূহ পৰিদৰ্শন কৰিবলৈ যাব। #(হেশ্বটেগ) সংগ্ৰহালয় স্মৃতিত তাত তোলা আকৰ্ষণীয় ছবিবোৰ ভাগ বতৰা কৰিবলৈ নাপাহৰিব। ই আমাৰ গৌৰৱময় সংস্কৃতিৰ সৈতে আমাৰ ভাৰতীয়সকলৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব।

মোৰ মৰমৰ দেশবাসীসকল, আমি সকলোৱে নিশ্চয় বহুবাৰ এটা কথা শুনিছো, নিশ্চয় বাৰে বাৰে শুনিছো যে - পানী অবিহনে কোনো কাম নহয়। পানী অবিহনে জীৱনলৈ সদায় সংকট আহে... ব্যক্তি আৰু দেশৰ বিকাশো স্থবিৰ হৈ পৰে। ভৱিষ্যতৰ এই প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আজি দেশৰ প্ৰতিখন জিলাতে ৭৫ টা অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। আমাৰ অমৃত সৰোবৰ এই কাৰণেই  বিশেষ কিয়নো সেইবোৰ আজাদী কা অমৃত কালত নিৰ্মাণ কৰা হৈছে আৰু সেইবোৰত জনসাধাৰণৰ প্ৰচেষ্টাৰ সুবাসেৰে সুবাসিত হৈছে। আপোনালোকে জানি আনন্দিত হ'ব যে এতিয়ালৈকে ৫০ হাজাৰৰো অধিক অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। এইটো পানী সংৰক্ষণৰ দিশত এটা বিশাল পদক্ষেপ হিচাপে বিবেচিত হৈছে।

বন্ধুসকল, আমি প্ৰতিটো গ্ৰীষ্মকালত পানীৰ সৈতে সম্পৰ্কিত প্ৰত্যাহ্বানবোৰৰ বিষয়ে কথা পাতো। এইবাৰো আমি এই বিষয়টো উত্থাপন কৰিম, কিন্তু এইবাৰ আমি পানী সংৰক্ষণ সম্পৰ্কীয় ষ্টাৰ্ট-আপবোৰৰ বিষয়ে আলোচনা কৰিম। এটা ষ্টাৰ্ট-আপ আছে – ফ্লাক্সজেন। এই ষ্টাৰ্ট-আপে আই.অ’.টি. সক্ষম প্ৰযুক্তিৰ জৰিয়তে পানী ব্যৱস্থাপনা বিকল্প প্ৰদান কৰে। এই প্ৰযুক্তিয়ে আমাক পানীৰ ব্যৱহাৰৰ আৰ্হিৰ বিষয়ে ক'ব আৰু পানীৰ কাৰ্যকৰী ব্যৱহাৰত সহায় কৰিব। আন এটা ষ্টাৰ্টআপ হৈছে লিভএনচেঞ্চ। এইটো কৃত্ৰিম বুদ্ধিমত্তা আৰু যন্ত্ৰ শিক্ষণৰ ওপৰত আধাৰিত এখন মঞ্চ। ইয়াৰ সহায়ত, পানী বিতৰণৰ কাৰ্যকৰী নিৰীক্ষণ কৰিব পাৰি। ইয়াৰ পৰা এইটোও নিশ্চিত কৰা হ'ব যে ক'ত আৰু কিমান পানী অপচয় কৰা হৈছে। আন এটা ষ্টাৰ্ট-আপ হৈছে 'কুম্ভিকাগাজ'। এই কুম্ভিকাগাজ এটা বিষয়, মই নিশ্চিত যে আপোনালোকে যথেষ্ট ভাল পাব। কুম্ভিকাগাজ ষ্টাৰ্ট-আপে এক বিশেষ কাম আৰম্ভ কৰিছে। তেওঁলোকে পানীৰ হাইচিন্থৰ পৰা কাগজ তৈয়াৰ কৰাৰ ওপৰত কাম কৰি আছে, অৰ্থাৎ পানীৰ উৎসৰ বাবে এসময়ত সমস্যা হিচাপে বিবেচিত হোৱা পানীৰ হাইচিন্থ, এতিয়া কাগজ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।

বন্ধুসকল, যদি কিছুমান যুৱক-যুৱতীয়ে উদ্ভাৱন আৰু প্ৰযুক্তিৰ জৰিয়তে কাম কৰি আছে, তেন্তে ছত্তীশগড়ৰ বালোদ জিলাৰ যুৱক-যুৱতীসকলৰ দৰে সমাজক সজাগ কৰাৰ অভিযানত নিয়োজিত বহু যুৱক-যুৱতী আছে। ইয়াত যুৱক-যুৱতীসকলে পানী সংৰক্ষণ কৰিবলৈ এটা অভিযান আৰম্ভ কৰিছে। তেওঁলোকে মানুহক পানী সংৰক্ষণৰ বিষয়ে সজাগ কৰিবলৈ ঘৰে ঘৰে যায়। যদি কৰবাত বিবাহৰ দৰে ঘটনা ঘটে, যুৱক-যুৱতীৰ এই গোটটোৱে তালৈ যায় আৰু পানীৰ অপব্যৱহাৰ কেনেদৰে বন্ধ কৰিব পাৰি সেই বিষয়ে তথ্য দিয়ে। ঝাৰখণ্ডৰ খুণ্টি জিলাতো পানীৰ দক্ষ ব্যৱহাৰৰ সৈতে সম্পৰ্কিত এক অনুপ্ৰেৰণাদায়ক প্ৰচেষ্টা হাতত লোৱা হৈছে। খুণ্টিৰ মানুহে চেক বান্ধৰ জৰিয়তে পানীৰ সংকটৰ পৰা মুক্তি পোৱাৰ পথ বিচাৰি পাইছে। চেক বান্ধৰ পৰা পানী জমা হোৱাৰ বাবে ইয়াত সেউজীয়া বননি আৰু শাক-পাচলিও বাঢ়িবলৈ আৰম্ভ কৰিছে। ইয়াৰ বাবে জনসাধাৰণৰ উপাৰ্জনো বৃদ্ধি পাইছে আৰু অঞ্চলটোৰ প্ৰয়োজনীয়তাও পূৰণ কৰা হৈছে। যিকোনো জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰচেষ্টাই কেনেকৈ ইয়াৰ সৈতে বহুতো পৰিৱৰ্তন কঢ়িয়াই আনিছে তাৰ এক আকৰ্ষণীয় উদাহৰণ হৈ পৰিছে খুণ্টি। এই প্ৰচেষ্টাৰ বাবে মই তাত থকা লোকসকলক অভিনন্দন জনাইছো।

মোৰ মৰমৰ দেশবাসীসকল, ১৯৬৫ চনৰ যুদ্ধৰ সময়ত আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে জয় জোৱান জয় কিষাণৰ শ্লোগান দিছিল। পিছত, অটলজীয়ে ইয়াত জয় বিজ্ঞানো যোগ দিছিল। কেইবছৰমান আগতে, দেশৰ বিজ্ঞানীসকলৰ সৈতে কথা পাতি থাকোতে, মই জয় অনুসন্ধানৰ বিষয়ে কথা পাতিছিলো। 'মন কী বাত'ত, আজিৰ প্ৰসংগটো এনে এজন ব্যক্তিৰ বিষয়ে উল্লেখ কৰিবলৈ ওলাইছো, এনে এটা সংগঠনৰ বিষয়ে ক’বলৈ ওলাইছো, যি এই চাৰিওটা জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান আৰু জয় অনুসন্ধানৰ প্ৰতিফলন। তেওঁ হ’ল এনে এজন ভদ্ৰলোক, মহাৰাষ্ট্ৰৰ শ্ৰীমান শিৱাজী শ্বামৰাও ডোলে। শিৱাজী ডোলে নাছিক জিলাৰ এখন সৰু গাঁৱৰ বাসিন্দা। তেওঁ এক দৰিদ্ৰ জনজাতীয় কৃষক পৰিয়ালৰ পৰা আহিছে, আৰু এজন প্ৰাক্তন সেনাও। সেনাবাহিনীত থাকোঁতে তেওঁ নিজৰ জীৱন দেশলৈ উৎসৰ্গা কৰিছিল। অৱসৰৰ পিছত, তেওঁ নতুন কিবা শিকিবলৈ সিদ্ধান্ত লয় আৰু কৃষিত ডিপ্লোমা কৰে, অৰ্থাৎ তেওঁ জয় জোৱান জয় কিষাণৰ ফালে আগবাঢ়ি যায়। এতিয়া প্ৰতিমুহূৰ্তত, তেওঁ কৃষি খণ্ডত কেনেদৰে সৰ্বাধিক অৱদান আগবঢ়াব লাগে সেয়া নিশ্চিত কৰিবলৈ চেষ্টা কৰে। ইয়াৰ পিছত তেওঁৰ দলে ভেংকটেশ্বৰ কো-অপাৰেটিভ পাৱাৰ এণ্ড এগ্ৰো প্ৰচেছিং লিমিটেড নামৰ এটা সমবায় সংগঠনৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে। এই সমবায় সংগঠনটো নিষ্ক্ৰিয় হৈ আছিল, যাক তেওঁ পুনৰুজ্জীৱিত কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল। আজি ভেংকটেশ্বৰ কো-অপাৰেটিভ মুহূৰ্ততে বহুতো জিলালৈ সম্প্ৰসাৰিত হৈছে। আজি এই দলটোৱে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত কাম কৰি আছে। ইয়াৰ সৈতে প্ৰায় ১৮,০০০ লোক জড়িত, য'ত আমাৰ বহু সংখ্যক প্ৰাক্তন সৈনিকও আছে। এই দলটোৰ সদস্যসকলে নাছিকৰ মালেগাঁওত ৫০০ একৰতকৈও অধিক ভূমিত কৃষি কৰি আছে। এই দলটোৱে পানী সংৰক্ষণৰ বাবে বহুতো পুখুৰী নিৰ্মাণত নিয়োজিত হৈ আছে। বিশেষ কথাটো হ'ল যে তেওঁলোকে জৈৱিক কৃষি আৰু দুগ্ধজাত সামগ্ৰীও আৰম্ভ কৰিছে। এতিয়া তাত উৎপাদিত আঙুৰ ইউৰোপলৈও ৰপ্তানি কৰা হৈছে। মোৰ মনোযোগ আকৰ্ষণ কৰা এই দলটোৰ দুটা মহান বৈশিষ্ট্য হৈছে- জয় বিজ্ঞান আৰু জয় অনুসন্ধান। ইয়াৰ সদস্যসকলে প্ৰযুক্তি আৰু আধুনিক কৃষি অনুশীলনৰ সৰ্বাধিক ব্যৱহাৰ কৰি আছে। দ্বিতীয় বিশেষত্বটো হ'ল যে তেওঁলোকে ৰপ্তানিৰ বাবে প্ৰয়োজনীয় বিভিন্ন প্ৰমাণপত্ৰৰ ওপৰতো গুৰুত্ব দি আছে। মই এই দলটোক 'সহযোগিতাৰ জৰিয়তে সমৃদ্ধি'ৰ ভাৱনাৰে কাম কৰি থকাৰ বাবে প্ৰশংসা কৰিছো। এই প্ৰচেষ্টাই কেৱল বৃহৎ সংখ্যক লোকক শক্তিশালী কৰাই নহয়, লগতে জীৱিকাৰ বহুতো উপায় সৃষ্টি কৰিছে। মই আশা কৰোঁ এই প্ৰচেষ্টাই 'মন কী বাত'ৰ প্ৰতিজন শ্ৰোতাক অনুপ্ৰাণিত কৰিব।

মোৰ মৰমৰ দেশবাসীসকল, আজি ২৮ মে'ত মহান স্বাধীনতা সংগ্ৰামী বীৰ সাভাৰকাৰৰ জন্ম জয়ন্তী। তেওঁৰ ত্যাগ, সাহস আৰু সংকল্পৰ সৈতে সম্পৰ্কিত কাহিনীবোৰে আজিও আমাক অনুপ্ৰাণিত কৰে। মই সেই দিনটো পাহৰিব নোৱাৰো যেতিয়া মই আন্দামানৰ কাৰাগাৰলৈ গৈছিলো য'ত বীৰ সাভাৰকাৰে কালাপানীৰ শাস্তি লাভ কৰিছিল। বীৰ সাভাৰকাৰৰ ব্যক্তিত্বত দৃঢ়তা আৰু মহানুভৱতা আছিল। তেওঁৰ নিৰ্ভীক আৰু আত্মসন্মানী প্ৰকৃতিয়ে দাসত্বৰ মানসিকতাক একেবাৰে গুৰুত্ব দিয়া নাছিল। কেৱল স্বাধীনতা আন্দোলনেই নহয়, বীৰ সাভাৰকাৰে সামাজিক সমতা আৰু সামাজিক ন্যায়ৰ বাবে যি কৰিছিল সেয়া আজিও স্মৰণীয় হৈ আছে।

বন্ধুসকল, কেইদিনমান পিছত অৰ্থাৎ জুনৰ ৪ তাৰিখে সন্ত কবিৰদাসজীৰ জন্ম জয়ন্তীও। কবিৰদাসজীয়ে দেখুওৱা পথটো আজিও সমানে প্ৰাসংগিক। কবিৰদাসজীয়ে কৈছিল,

'কবিৰা কুঁৱা এক হে, পানী ভেৰে আনেক বৰ্তান মে হি ভেদ হে, পানী সব মে এক'

যাৰ অৰ্থ হৈছে: পানী আনিবলৈ কুঁৱালৈ অহা অজস্ৰ ধৰণৰ লোক থাকিব পাৰে... কিন্তু কুঁৱাটোৱে কাকো পৃথক ব্যৱহাৰ নকৰে... সকলো বাচন-বৰ্তনত একেই পানী থাকে।

সন্ত কবীৰে সমাজক বিভক্ত কৰা প্ৰতিটো অশুভ প্ৰথাৰ বিৰোধিতা কৰিছিল; সমাজখনক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল। আজি যেতিয়া দেশখন বিকাশৰ সংকল্পৰে আগবাঢ়িছে, আমি সন্ত কবীৰৰ পৰা অনুপ্ৰেৰণা লৈ সমাজক শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰচেষ্টা বৃদ্ধি কৰা উচিত।

মোৰ মৰমৰ দেশবাসীসকল, মই এতিয়া আপোনালোকৰ সৈতে দেশৰ এক মহান ব্যক্তিত্বৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো যিয়ে ৰাজনীতি আৰু চলচ্চিত্ৰ উদ্যোগত তেওঁৰ বিস্ময়কৰ প্ৰতিভাৰ শক্তিৰ জৰিয়তে এক অমলিন সাঁচ ৰাখিছে। এই মহান ব্যক্তিত্বৰ নাম হৈছে  এন.টি. ৰামা ৰাও, যাক আমি সকলোৱে এন.টি.আৰ. বুলি জানো। আজি, এনটিআৰৰ শততম জন্ম জয়ন্তী। তেওঁৰ বহুমুখী প্ৰতিভাৰ বলত তেওঁ কেৱল তেলেগু চলচ্চিত্ৰৰ চুপাৰষ্টাৰ হোৱাই নহয়, কোটি কোটি লোকৰ হৃদয়ও জয় কৰিছিল। আপোনালোকে জানেনে যে তেওঁ ৩০০ তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল? তেওঁ অভিনয়ৰ আধাৰত বহুতো ঐতিহাসিক চৰিত্ৰ পুনৰুজ্জীৱিত কৰিছিল। মানুহে ভগৱান কৃষ্ণ, ৰাম আৰু আন বহুতো চৰিত্ৰত এনটিআৰৰ অভিনয় ইমানেই ভাল পাইছিল যে তেওঁলোকে এতিয়াও তেওঁক মনত ৰাখিছে। এনটিআৰে চিনেমা জগতৰ লগতে ৰাজনীতিতো নিজৰ পৰিচয় গঢ়ি তুলিছিল। তাতো তেওঁ মানুহৰ পৰা যথেষ্ট মৰম আৰু আশীৰ্বাদ লাভ কৰিছিল। মই এন.টি. ৰামা ৰাওজীলৈ মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো, যিয়ে দেশ আৰু বিশ্বৰ লাখ লাখ লোকৰ হৃদয়ত শাসন কৰিছিল।

মোৰ মৰমৰ দেশবাসীসকল, 'মন কী বাত'ত এইবাৰলৈ ইমানেই। পৰৱৰ্তীবাৰত মই আপোনালোকৰ ওচৰলৈ কিছুমান নতুন বিষয় লৈ আহিম... তেতিয়ালৈকে কিছুমান অঞ্চলত 'তাপ' অধিক বৃদ্ধি হ’ব। কিছুমান ঠাইত হয়তো বৰষুণ আৰম্ভ হ'ব। আপোনালোকে প্ৰতিটো বতৰত নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আমি ২১ জুনত 'বিশ্ব যোগ দিৱস' উদযাপন কৰিম। তাৰ বাবে দেশ আৰু বিদেশতো প্ৰস্তুতি চলি আছে। এই প্ৰস্তুতিবোৰৰ বিষয়ে মোক আপোনালোকে 'মন কী বাত'ৰ জৰিয়তে জনাওক। যদি আপোনালোকে আন কোনো বিষয়ে কোনো তথ্য লাভ কৰে, তেন্তে মোক সেইটোও জনাওক। মোৰ প্ৰয়াস হ'ব 'মন কী বাত'ত সৰ্বাধিক পৰামৰ্শ অন্তৰ্ভুক্ত কৰা। আকৌ এবাৰ, আপোনালোক সকলোকে বহুত ধন্যবাদ। আমি অহা মাহত লগ পাম, তেতিয়ালৈকে মই আপোনালোকৰ পৰা বিদায় লৈছো।

 

নমস্কাৰ ! 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.