মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত এনে সম্প্ৰদায়ৰ লোকক সেৱা আগবঢ়াইছিল, যিসকল বৰ্ণ-বিদ্বেষৰ বলি হৈছিলঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
গান্ধীজীয়ে সত্যৰ সৈতে এক অটুট বান্ধোন গঢ় দিছিলঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
মহাত্মা গান্ধীৰ বাবে ব্যক্তি আৰু সমাজ, মানৱ জাতি আৰু মানৱীয়তাই সকলো আছিলঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
যিদৰে ১৩০ কোটি দেশবাসীয়ে উৎসাহ-উদ্দীপনাৰে স্বচ্ছতাৰ ক্ষেত্ৰত অভিযান হাতত ল’লে, সেইদৰেই ‘প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে’ ৰোধ কৰাত সকলোৱে সহায়ৰ হাত আগবঢ়াওক
প্ৰকৃতি আৰু বন্যপ্ৰাণী আৰু জীৱ-জন্তুৰ সৈতে জড়িত ছাইটবোৰ প্ৰত্যক্ষ কৰকঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
ভাৰতত পৰিৱেশজনিত চিন্তা আৰু সজাগতা অতি স্বাভাৱিকঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
স্বামী বিবেকানন্দই সমগ্ৰ বিশ্ববাসীৰ অন্তৰাত্মাক দোলা দিয়াই নহয় বিশ্বত ভাৰতৰ এক সুন্দৰ পৰিচয় গঢ়ি থৈ গৈছেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ আমাৰ দেশে বিগত কিছুদিনৰ পৰা বৰ্ষাৰ আনন্দ উপভোগ কৰি আছে আৰু আনফালে ভাৰতৰ প্ৰতিটো কোণত কিবা নহয় কিবা এটা উৎসৱ চলিয়েই আছে আৰু এয়া দেৱালীলৈকে চলিব৷ আৰু সেয়ে বোধহয় আমাৰ পূৰ্বজসকলে ঋতুচক্ৰ, অৰ্থ চক্ৰ আৰু সমাজ জীৱনৰ ব্যৱস্থাক এনেধৰণে প্ৰস্তুত কৰিছে যে যিকোনো পৰিস্থিতিতে সমাজলৈ যাতে কেতিয়াও নিৰুৎসাহৰ উপস্থিতি নাহে৷  বিগত দিনকেইটাত আমি সকলোৱে বহু উৎসৱ পালন কৰিলো৷ কালি সমগ্ৰ হিন্দুস্তানত শ্ৰী কৃষ্ণৰ জন্ম-মহোৎসৱ পালন কৰা হ’ল৷ প্ৰত্যেকেই কল্পনা কৰিব পাৰে, এয়া কেনেকুৱা ব্যক্তিত্ব যে আজি সহস্ৰ বৰ্ষৰ পিছতো প্ৰতিটো উৎসৱে এটা নতুন ভাৱৰ সৃষ্টি কৰে, নতুন প্ৰেৰণা লৈ আহে, নতুন শক্তি লৈ আহে আৰু সহস্ৰ বৰ্ষ পুৰণি এই জীৱন এনেকুৱা যে আজিও কোনো সমস্যাৰ সমাধানৰ বাবে উদাহৰণ দিব পাৰি, প্ৰেৰণা দিব পাৰি, প্ৰত্যেকজন ব্যক্তিয়েই শ্ৰী কৃষ্ণৰ জীৱনৰ পৰা বৰ্তমান সমাজৰ সমাধান সন্ধান কৰিব পাৰে৷ এনে সামৰ্থ উপলব্ধ হোৱাৰ পিছতো কেতিয়াবা তেওঁ ৰাসলৈ যায়, কেতিয়াবা গাইবোৰৰ মাজত, কেতিয়াবা গোৱালৰ মাজত, কেতিয়াবা খেলে, কেতিয়াবা বাঁহী বজায়, বিবিধতাৰে ভৰা এই ব্যক্তিত্ব, অপ্ৰতীম সামৰ্থৰে ধনী, কিন্তু সমাজ-শক্তিৰ প্ৰতি সমৰ্পিত, লোক-সংগ্ৰাহকৰ ৰূপত, নতুন কীৰ্তিমান স্থাপিত কৰিব পৰা ব্যক্তিত্ব৷ মিত্ৰতা এনে যে, সুদামাৰ ঘটনা কোনে পাহৰিব পাৰে আৰু যুদ্ধ ভূমিত ইমানবোৰ মহান গুণ থকাৰ পিছতো সাৰথিৰ ৰূপত কাম কৰিবলৈ স্বীকাৰ কৰি লোৱা, কেতিয়াবা শিল উঠোৱাৰ কাম, কেতিয়াবা ভোজনৰ পিছত পাত উঠোৱাৰ কাম, অৰ্থাৎ সকলো ক্ষেত্ৰতে এক নতুনত্বৰ অনুভৱ হয় আৰু সেইবাবে আজি যেতিয়া মই আপোনালোকৰ সৈতে কথা পাতি থকাৰ সময়ত মোৰ ধ্যান দুজন মোহনলৈ গৈছে৷ এজন সুদৰ্শন চক্ৰধাৰী মোহন আৰু এজন যঁতৰ চলোৱা মোহন৷  সুদৰ্শন চক্ৰধাৰী মোহন যমুনাৰ তট এৰি, গুজৰাটৰ সমুদ্ৰৰ তটত, দ্বাৰকা নগৰীত বসতি কৰিছিল আৰু সমুদ্ৰৰ পাৰত জন্ম হোৱা মোহনে যমুনাৰ তটলৈ আহি দিল্লীত, জীৱনৰ অন্তিম শ্বাস ত্যাগ কৰিছিল৷ সুদৰ্শন চক্ৰধাৰী মোহনে সেই সময়ৰ স্থিতিত হাজাৰ বছৰ পূৰ্বেও যুদ্ধ বন্ধ কৰাৰ বাবে, সংঘৰ্ষ বন্ধ কৰাৰ বাবে নিজৰ বুদ্ধি, কৰ্তব্যৰ, সামৰ্থৰ, নিজৰ চিন্তাৰ ভৰপূৰ প্ৰয়াস কৰিছিল আৰু যঁতৰ চলোৱা মোহনেও এনে এক পথ বাচি লৈছিল, স্বতন্ত্ৰতাৰ বাবে, মানৱীয় মূল্যৰ বাবে, ব্যক্তিত্বৰ মূল তত্বৰ সামৰ্থৰ বাবে- ইয়াৰ বাবে স্বাধীনতাৰ যুদ্ধক এনে এক ৰূপ প্ৰদান কৰিছিল যি সমগ্ৰ বিশ্বৰ বাবে আচৰিত বস্তু, আজিও আচৰিত বস্তু৷ নিস্বাৰ্থ সেৱাৰ গুৰুত্ব, জ্ঞানৰ গুৰুত্ব অথবা জীৱনত বিভিন্ন উত্থান-পতনৰ মাজতো আগ বঢ়াৰ গুৰুত্ব, এয়া আমি ভগৱান কৃষ্ণৰ বাৰ্তাৰ পৰা শিকিব পাৰো আৰু সেইবাবে শ্ৰী কৃষ্ণক জগতগুৰু হিচাপে জনাযায়- ‘‘কৃষ্ণম্ বন্দে জগতগুৰুম’’৷

আজি যেতিয়া আমি উৎসৱৰ চৰ্চা কৰি আছো, ভাৰতে আন এক বৃহৎ উৎসৱ প্ৰস্তুতিৰ দিশত ধাৱমান হৈছে, সমগ্ৰ বিশ্বতে ইয়াৰ চৰ্চা হৈছে৷ মোৰ মৰমৰ দেশবাসীসকল, মই মহাত্মা গান্ধীৰ ১৫০তম জন্ম জয়ন্তীৰ কথা কৈছো৷ ২ অক্টোবৰ ১৮৬৯ চনত পোৰবন্দৰত সমুদ্ৰ তটত, আজি যাক আমি কীৰ্তি মন্দিৰ বুলি কওঁ, সেই সৰু ঘৰটোত এজন ব্যক্তিৰ নহয়, এটা যুগৰ জন্ম হৈছিল৷ যিয়ে মানৱ ইতিহাসক এক নতুন দিশ প্ৰদান কৰিছিল, নতুন কীৰ্তিমান প্ৰদান কৰিছিল৷ মহাত্মা গান্ধীৰ সৈতে এটা কথা সহায়েই জড়িত হৈ থাকিল, এক প্ৰকাৰে তেওঁৰ জীৱনৰ অংশ হৈ থাকিল আৰু সেয়া হ’ল- সেৱা, সেৱা –ভাব, সেৱাৰ প্ৰতি কৰ্তব্যপৰায়ণতা৷  তেওঁৰ সমগ্ৰ জীৱন প্ৰত্যক্ষ কৰিলে দেখা পাম যে দক্ষিণ আফ্ৰিকাত সেই সম্প্ৰদায়ক তেওঁ সেৱা প্ৰদান কৰিছিল যিয়ে ভেদাভেদৰ মুখামুখি হ’বলগীয়া হৈছিল৷ সেই যুগত এয়া সৰু কথা নাছিল৷ তেওঁ সেই কৃষকসকলৰ সেৱা কৰিছিল যাৰ সৈতে চম্পাৰণত ভেদাভেদ কৰা হৈছিল, তেওঁ সেই শ্ৰমিকসকলৰ সেৱা কৰিছিল যিসকলে উচিত পৰিশ্ৰামিক নাপাইছিল, তেওঁ দুখীয়া, অসহায়, দুৰ্বল আৰু ভোকাতুৰ লোকৰ সেৱা কৰিছিল , ইয়াকেই তেওঁ জীৱনৰ পৰম কৰ্তব্য হিচাপে মানি লৈছিল৷ ৰক্ত-পিত্ত সন্দৰ্ভত কিমান ভুল ধাৰণাৰ সৃষ্টি হৈছিল, সেই ভ্ৰমসমূহ নোহোৱা কৰাৰ বাবে ৰক্ত-পিত্তগ্ৰস্ত লোকসকলক স্বয়ং তেওঁ সেৱা প্ৰদান কৰিছিল আৰু নিজৰ জীৱনত, সেৱাৰ মাধ্যমেৰে উদাহৰণৰ সৃষ্টি কৰিছিল৷ সেৱা, তেওঁ শব্দৰে নহয়-কামেৰে কৰি দেখুৱাইছিল৷ সত্যৰ সৈতে গান্ধীৰ যি অটুট সম্বন্ধ, সেৱাৰ সৈতেও গান্ধীৰ সিমানেই অটুট সম্বন্ধ আছে৷ যেতিয়াই কাৰোবাক সহায়ৰ প্ৰয়োজন হয় তেতিয়াই মহাত্মা গান্ধীয়ে সেৱাৰ বাবে উপস্থিত হৈছিল৷ তেওঁ কেৱল সেৱাকেই যে গুৰুত্ব দিছিল এনে নহয়, বৰঞ্চ ইয়াৰ সৈতে জড়িত আত্মসুখৰ ওপৰতো গুৰুত্ব দিছিল৷ সেৱা শব্দৰ সাৰ্থকতা এই অৰ্থতেই আছে যে তাক আনন্দৰ সৈতে কৰিব লাগে- সেৱাই পৰম ধৰ্ম৷ কিন্তু লগতে উৎকৃষ্ট আনন্দ, ‘স্বান্তঃ সুখায়ঃ’ এই ভাৱৰ অনুভূতিও সেৱাতেই অন্তৰ্নিহিত আছে৷ এয়া বাপুৰ জীৱনৰ পৰা আমি ভালদৰেই শিকিব পাৰো৷ মহাত্মা গান্ধী অসংখ্য ভাৰতীয়ৰ কণ্ঠস্বৰ হোৱাৰ লগতে মানৱ মূল্যৰ গৰিমাৰ বাবে এক প্ৰকাৰে বিশ্বৰো কণ্ঠ হিচাপে পৰিগণিত হৈছিল৷ মহাত্মা গান্ধীৰ বাবে ব্যক্তি আৰু সমাজ, মানৱ আৰু মানৱতা এয়াই সকলো আছিল৷ লাগিলে আফ্ৰিকাত ফিনিক্স ফাৰ্মেই হওক অথবা টলষ্টয় ফাৰ্ম, সবৰমতী আশ্ৰমেই হওক অথবা ৱাৰ্ধা, সকলো স্থানতে নিজৰ অনন্য সৈলীৰে সমাজ সংবৰ্ধন, কমিউনিটী মবিলাইজেছনত সদায়েই তেওঁ গুৰুত্ব দিছিল৷ এয়া মোৰো সৌভাগ্য যে পূজ্য মহাত্মা গান্ধীৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ স্থানলৈ গৈ সেৱা জনাবলৈ পাৰিছো৷ মই ক’ব পাৰো যে গান্ধীয়ে সেৱা মনোভাৱেৰে সাংগাঠনিক-ভাৱকো গুৰুত্ব প্ৰদান কৰিছিল৷ সমাজ সেৱা আৰু সমাজ সংবৰ্ধন এনে এক চিন্তাধাৰা আছিল যাক আমি আমাৰ ব্যৱহাৰিক জীৱনতো প্ৰয়োগ কৰিব লাগে৷ প্ৰকৃতাৰ্থত এয়াই হ’ব মহাত্মা গান্ধীৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি, সত্য শ্ৰদ্ধাঞ্জলি৷ এইদৰে অৱকাশ আহিয়েই থাকে, আমিও জড়িত হৈ থাকো৷ কিন্তু গান্ধী ১৫০? এনেকৈয়ে আহি এনেয়ে গুচি যাব, এয়া আমি মানি ল’ম নে? নহয়, দেশবাসীসকল৷ আমি সকলোৱে নিজকে সুধিব লাগিব, চিন্তা কৰিব লাগিব, সামূহিক ৰূৰত আলোচনা কৰিব লাগিব৷ আমি সমাজৰ সকলো লোকৰে সৈতে লগ হৈ, সকলো বৰ্গৰ সৈতে লগ হৈ, সকলো বয়সৰ সৈতে লগ হৈ- গাঁৱেই হওক, চহৰেই হওক, পুৰুষেই হওক, স্ত্ৰীয়েই হওক, সকলোৰে সৈতে লগ হৈ, সমাজৰ বাবে কি কৰিম- এজন ব্যক্তি হিচাপে মই সেই প্ৰয়াসৰ সৈতে কিদৰে জড়িত হ’ম?  মোৰ তৰফৰ পৰা মূল্য সংযোজন কি হ’ব? আৰু সামূহিকতাৰ এক শক্তি আছে৷ এই সমগ্ৰ গান্ধী ১৫০ৰ কাৰ্যসূচীত, সামূহিকতাও থাকক আৰু সেৱা ভাৱো থাকক৷ আমি সকলোৱে একত্ৰিতভাৱে গোটেই চুবুৰীটো ওলাই নাহোনো কিয়? যদি আমাৰ ফুটবলৰ দল আছে তেন্তে ফুটবলৰ দলে ফুটবলতো খেলিবই কিন্তু গান্ধীৰ আদৰ্শৰ অনুৰূপে সেৱাৰ কামো কৰিব৷ আমাৰ মহিলাৰ ক্লাব আছে৷ আধুনিক যুগৰ মহিলাৰ ক্লাবে যি কাম কৰে সেয়াতো কৰিবই লগতে মহিলা ক্লাবৰ সকলো সদস্যই মিলি যিকোনো সেৱাৰ কামো একত্ৰিতভাৱে কৰিব৷ বহুত কাম কৰিব পাৰি৷ কিতাপসমূহ একত্ৰিত কৰি দুখীয়াক বিলাব পাৰি, জ্ঞানৰ প্ৰচাৰ কৰিব পাৰি৷ আৰু মই ভাবো যে বোধহয় ১৩০ কোটি দেশবাসীৰ ওচৰত ১৩০ কোটি কল্পনাও আছে, ১৩০ কোটি উপক্ৰমো আছে৷ কোনো সীমা নাই- যি মনলৈ আহে- কেৱল সদিচ্ছা থাকিব লাগে, সদ্ভাৱ থাকিব লাগে আৰু পূৰ্ণ সমৰ্পণতাৰ ভাৱৰ সেৱা হওক আৰু সেয়াও স্বান্তঃ সুখায়ঃ – এক অনন্য আনন্দৰ অনুভূতিৰ বাবে হওক৷

মোৰ মৰমৰ দেশবাসীসকল, কিছুমাহ পূৰ্বে মই গুজৰাটৰ দাণ্ডীলৈ গৈছিলো৷ স্বাধীনতাৰ আন্দোলনত ‘লোণ সত্যাগ্ৰহ’, দাণ্ডীৰ এক বৃহৎ ভূমিকা আছে৷ দাণ্ডীত মই মহাত্মা গান্ধীৰ প্ৰতি সমৰ্পিত এক অতি আধুনিক সংগ্ৰহালয়ৰ উদঘাটন কৰিলো৷ আপোনালোকক মই আহ্বান জনাইছো যে আগন্তুক সময়ত মহাত্মা গান্ধীৰ সৈতে জড়িত যিকোনো স্থানলৈ নিশ্চয়কৈ যাত্ৰা কৰক৷ এয়া যিকোনো স্থান হ’ব পাৰে- যেনে পোৰবন্দৰ, সবৰমতী আশ্ৰম, চম্পাৰণ, ৱাৰ্ধাৰ আশ্ৰম আৰু দিল্লীত মহাত্মা গান্ধীৰ সৈতে জড়িত যিকোনো স্থান৷ আপোনালোকে যেতিয়া এই স্থানসমূহলৈ যাব, তেতিয়া তাৰিখসমহূ ছ’চিয়েল মিডিয়াত নিশ্চয়কৈ প্ৰচাৰ কৰিব যাতে অন্য লোকো তাৰ পৰা উৎসাহিত হ’ব পাৰে আৰু ইয়াৰ লগতে নিজৰ ভাৱনা প্ৰকাশ কৰিব পৰা দুই-চাৰিটা বাক্যও লিখিব৷ আপোনাৰ অন্তৰ্মনৰ কথা, যিকোনো বৃহৎ সাহিত্য ৰচনাতকৈ অধিক শক্তিশালী হ’ব আৰু হ’ব পাৰে, আজিৰ সময়ত, আপোনাৰ দৃষ্টিত, আপোনাৰ কলমৰ পৰা ওলোৱা গান্ধীৰ এই ৰূপে অধিক প্ৰাসংগিক হৈ উঠিব পাৰে৷ আগন্তুক সময়ত বহু কাৰ্যসূচী, প্ৰতিযোগিতা, প্ৰদৰ্শনীৰো আয়োদন কৰা হৈছে৷ কিন্তু এই সন্দৰ্ভত এক আমোদজনক কথা মই আপোনালোকৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিছো৷ ভেনিছ বাইনেল নামৰ এক প্ৰখ্যাত শিল্প প্ৰদৰ্শনী আছে৷  ইয়াত বিশ্বৰ শিল্পীসকল আহি একত্ৰিত হয়৷ এইবাৰ ভেনিচ বাইনেলৰ ইণ্ডিয়া পেভিলিয়নত গান্ধীজীৰ স্মৃতিৰ সৈতে জড়িত অনেক আকৰ্ষণীয় প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে৷ ইয়াত হৰিপুৰা পেনেলৰ বিশেষ ৰূপ অধিক আকৰ্ষণীয় হৈছিল৷ আপোনালোকৰ বোধহয় মনত আছে যে গুজৰাটৰ হৰিপুৰাত কংগ্ৰেছৰ অধিৱেশন বহিছিল য’ত সুভাষ চন্দ্ৰ বসুৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ ঘটনা ইতিহাসত খোদিত কৰা আছে৷ এই শিল্প পেনেলৰ এক সুন্দৰ অতীত আছে৷ কংগ্ৰেছ হৰিপুৰা অধিৱেশনৰ পূৰ্বে ১৯৩৭-৩৮ চনত মহাত্মা গান্ধীয়ে শান্তি নিকেতনৰ কলা ভৱনৰ তৎকালীন অধ্যক্ষ নন্দ লাল বসুক আমন্ত্ৰণ জনাইছিল৷ গান্ধীজীয়ে বিচাৰিছিল যে তেওঁ ভাৰতৰ বাসিন্দাসকলৰ জীৱনশৈলী কলাৰ মাধ্যমেৰে দেখুৱাওক আৰু তেওঁৰ সেই কলা শিল্প অধিৱেশনৰ সময়লৈ প্ৰস্তুত হৈ উঠক৷  এয়াই সেই নন্দ লাল বসু আছিল যাৰ কলা শিল্পই আমাৰ সংবিধানৰ শোভা বৃদ্ধি কৰিছে৷ সংবিধানক এক নতুন পৰিচয় প্ৰদান কৰিছে৷ তেওঁ সেই কলা সাধনাই সংবিধানৰ সৈতে নন্দ লাল বসুকো অমৰ কৰি তুলিছে৷ নন্দ লাল বসুৱে হৰিপুৰাৰ নিকটৱৰ্তী গাঁওসমূহ ভ্ৰমণ কৰিছিল আৰু শেষত গ্ৰামীণ ভাৰতৰ জীৱনশৈলী দৰ্শাই কিছু চিত্ৰ কেনভাছ প্ৰস্তুত কৰিছিল৷ সেই অমূল্য শিল্পৰ ভেনিছত অতিশয় প্ৰশংসা হৈছিল৷ পুনৰবাৰ গান্ধীজীৰ ১৫০তম জন্ম জয়ন্তী উপলক্ষে শুভকামনাৰ সৈতে প্ৰতিজন হিন্দুস্তানীৰ পৰা যিকোনো এটা সংকল্পৰ বাবে অপেক্ষা কৰিছো৷ দেশৰ বাবে, সমাজৰ বাবে কিবা নহয় কিবা এটা কৰিব লাগে৷ এয়াই বাপুৰ প্ৰতি সুন্দৰ, প্ৰকৃত আৰু প্ৰামাণিক শ্ৰদ্ধাঞ্জলি হ’ব৷

মা ভাৰতীৰ সুপুত্ৰসকল, আপোনালোকৰ মনত আছে যে কিছু বছৰত আমি ২ অক্টোবৰৰ পূৰ্বে  প্ৰায় ২ সপ্তাহলৈ সমগ্ৰ দেশতে ‘স্বচ্ছতাই সেৱা’ অভিযান আৰম্ভ কৰিছিলো৷ এইবাৰ এয়া ১১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব৷ এই সময়চোৱাত আমি নিজৰ নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই শ্ৰমদানৰ জৰিয়তে মহাত্মা গান্ধী কাৰ্যঞ্জলি প্ৰদান কৰিম৷ ঘৰেই হওক অথবা গলি, চুবুৰীয়েই হওক অথবা নলা, বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা, সকলো সাৰ্বজনিক স্থানৰ পৰা স্বচ্ছতাৰ মহা অভিযান আৰম্ভ কৰিম এইবাৰ প্লাষ্টিকৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব৷ ১৫ আগষ্টত লালকিল্লাৰ পৰা মই কৈছিলো যে যি উৎসাহ ,শক্তিৰ সৈতে এশ পঁচিশ কোটি দেশবাসীয়ে স্বচ্ছতাৰ বাবে অভিযান চলালে, মুক্ত স্থানত শৌচৰ মুক্তিৰ বাবে কাম কৰিলে৷ ঠিক সেইদৰে আমি একত্ৰিত হৈ প্লাষ্টিকৰ ব্যৱহাৰো নোহোৱা কৰিব লাগিব৷ এই বিচাৰধাৰাক লৈ সমাজৰ সকলো শ্ৰেণী উৎসাহিত হৈ আছে৷ মোৰ বহুতো ব্যৱসায়ী ভাতৃ-ভগ্নীয়ে দোকানত এখন প্লে’কাৰ্ড লগাইছে৷ তাত লিখা আছে, গ্ৰাহকে নিজৰ মোনা যাতে নিজে লৈ আহে৷ ইয়াৰ দ্বাৰা টকাও বাচিব আৰু পৰিবেশৰ সুৰক্ষাৰো অংশীদাৰ হ’ব পাৰিম৷ এইবাৰ ২ অক্টোবৰত বাপুৰ ১৫০তম জয়ন্তী পালন কৰাৰ সময়ত আমি তেওঁক মুক্ত স্থানত কৰা শৌচমুক্ত ভাৰত সমৰ্পণ কৰাই নহয়, সেইদিনা সমগ্ৰ দেশত প্লাষ্টিকৰ বিৰুদ্ধে এক নতুন জন-আন্দোলনৰো প্ৰতিজ্ঞা ল’ম৷ মই সমাজৰ সকলো শ্ৰেণীক, সকলো গাঁও আৰু চহৰৰ বাসিন্দাক আপীল কৰিছো, কৰযোৰে প্ৰাৰ্থনা কৰিছো যে এইবাৰ গান্ধী জয়ন্তী, এক প্ৰকাৰে আমাৰ এই ভাৰত মাতাক প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা মুক্তি প্ৰদান কৰা হিচাপত পালন কৰিম৷  ২ অক্টোবৰ বিশেষ দিন হিচাপে পালন কৰো আহক৷ মহাত্মা গান্ধীৰ জয়ন্তীৰ দিনা এক বিশেষ শ্ৰমদানৰ উৎসৱ হিচাপে পৰিগণিত হওক৷ দেশৰ সকলো নগৰপালিকা, নগৰ নিগম, জিলা প্ৰশাসন, গাঁও পঞ্চায়ত. চৰকাৰী-বেচৰকাৰী সকলো ব্যৱস্থা, সকলো সংগঠন, প্ৰত্যেকজন নাগৰিকলৈ মোৰ এয়াই অনুৰোধ যে প্লাষ্টিকৰ আৱৰ্জনাৰ সংগ্ৰহ আৰু জমা কৰাৰ বাবে উচিত ব্যৱস্থা হওক৷ মই ঔদ্যোগিক ক্ষেত্ৰকো আপীল কৰিছো যে যেতিয়া এই প্লাষ্টিক আৱৰ্জনা একত্ৰিত হ’ব তেতিয়াৰ তাৰ উচিত নিষ্কাশনৰ বাবে আগবাঢ়ি আহক৷ ইয়াক ৰিচাইকল কৰক৷ ইয়াক ইন্ধন হিচাপে প্ৰস্তুত কৰক৷ এইদৰে এই দেৱালীলৈ আমি প্লাষ্টিকৰ আৱৰ্জনাসমূহৰ সুৰক্ষিত ব্যৱস্থাপনা সম্পূৰ্ণ কৰি তুলিব পাৰো৷ কেৱল সংকল্প গ্ৰহণ কৰিব লাগে৷ প্ৰেৰণাৰ বাবে আনলৈ চোৱাৰ পৰিৱৰ্তে গান্ধীতকৈ ডাঙৰ প্ৰেৰণা আন কি হ’ব পাৰে৷

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ সংস্কৃত সুভাষিত এক প্ৰকাৰে জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ৷ আমাৰ জীৱনত যিহৰেই প্ৰয়োজন সেয়া তাৰ পৰা পাব পাৰো৷ এতিয়া মোৰ অলপ সম্পৰ্ক দূৰ হৈছে যদিও পূৰ্বতে বহু আছিল৷ আজি মই সংস্কৃত সুভাষিতৰ এক গুৰুত্বপূৰ্ণ কথা ক’ব হিচাৰো যি শতিকাপূৰ্বে লিখা হৈছিল কিন্তু আজিও ইয়াৰ প্ৰাসংগিকতা আছে৷ তাত কোৱা হৈছে-

‘‘পৃথিৱ্যাঃ ত্ৰীণি ৰত্নানি জলমন্ত্ৰ সুভাষিতম

মুঢ়ৈঃ পাষাণখণ্ডেষু ৰত্নসংজ্ঞা প্ৰদীয়তে’’৷৷

অৰ্থাৎ পৃথিৱীত জল, অন্ন আৰু সুভাষিত- এই তিনিটা ৰত্ন আছে৷ মুৰ্খই পাথৰকে ৰত্ন বুলি কয়৷ আমাৰ সংস্কৃতিত অন্নৰ ভূমিকা অধিক৷ অন্নৰ জ্ঞানৰ আমি বিজ্ঞানলৈ পৰিৱৰ্তি কৰিছো৷ সন্তুলিত আৰু পোষক ভোজন আমাৰ সকলোৰে বাবে প্ৰয়োজনীয়৷ বিশেষকৈ মহিলা আৰু নৱজাত শিশুসকলৰ বাবে, কাৰণ এয়াই আমাৰ ভেঁটি৷ ‘পোষণ অভিযান’ৰ অন্তৰ্গত সমগ্ৰ দেশতে আধুনিক বৈজ্ঞানিক পদ্ধতিত পোষণক জন-আন্দোলনলৈ পৰিৱৰ্তন কৰা হৈছে৷ জনতাই নতুন আৰু আগ্ৰহেৰে কুপোষণৰ বিৰুদ্ধে যুঁজিব ধৰিছে৷ কোনোবা এটা সময়ত মই এটা কথা লক্ষ্য কৰিছিলো৷ নাছিকত ‘মুঠিৰ সমান ধান’ এক বৃহৎ আন্দোলনলৈ পৰিৱৰ্তিত হৈছে৷ ইয়াত শস্য চপোৱাৰ দিনা অংগনৱাড়ী সেৱিকাই এমুঠি শস্য সংগ্ৰহ কৰে৷ এই শস্য শিশু আৰু মহিলাসকলৰ বাবে ভোজন প্ৰস্তুতিত ব্যৱহাৰ হয়৷ ইয়াৰ দান কৰা প্ৰতিজন ব্যক্তি এক প্ৰকাৰে সমাজ সেৱকলৈ পৰিৱৰ্তিত হয়৷ ইয়াৰ পিছত নিজেও ইয়াত সমৰ্পিত হয়৷ সেই আন্দোলনৰ চিপাহীলৈ পৰিৱৰ্তিত হয়৷ আমি সকলো পৰিয়ালে হিন্দুস্তানৰ প্ৰতিটো প্ৰান্তত অন্নপ্ৰসন্ন বিধিৰ বিষয়ে শুনিছো৷ এই বিধি শিশুক প্ৰথমবাৰ গোটা আহাৰ প্ৰদান কৰাৰ সময়ত পালন কৰা হয়৷ পনীয়া খাদ্য নহয়, গোটা খাদ্য৷ গুজৰাটে ২০১৪ চনত চিন্তা কৰিছিল যে এই ‘‘অন্নপ্ৰসন্ন বিধি’’ত শিশুসকলক যাতে অতিৰিক্ত খাদ্য প্ৰদান কৰা হয় আৰু এই সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা হওক৷ এয়া এক অতিশয় সুন্দৰ পদক্ষেপ যাক সকলোৱে আঁকোৱালি ল’ব পাৰে৷ বহু ৰাজ্যত তিথি ভোজন অভিযান কৰা হয়৷  পৰিয়ালত কাৰোবাৰ জন্মদিনত, কোনো শুভদিনত, কোনো স্মৃতি দিৱসত পৰিয়ালৰ লোকে পৌষ্টিক খাদ্য, সোৱাদযুক্ত খাদ্য প্ৰস্তুত কৰি অংগনৱাড়ীলৈ যায়, বিদ্যালয়লৈ যায়, পৰিয়ালৰ লোকে শিশুক নিজে খুৱায়৷ নিজৰ আনন্দ বিনিময় কৰে৷ সেৱাভাৱ আৰু আনন্দভাৱৰ সুন্দৰ মিলন প্ৰত্যক্ষিত হয়৷ মিত্ৰসকল, এনেকুৱা বহু সৰু সৰু কথা আছে যাৰ জৰিয়তে আমাৰ দেশে কুপোষণৰ বিৰুদ্ধে এক কাৰ্যকৰী যুদ্ধ কৰিব পাৰে৷ আজি সজাগতাৰ অভাৱত, কুপোষণৰ দ্বাৰা দুখীয়া, ধনী সকলোৱেই প্ৰভাৱিত হৈছে৷ সমগ্ৰ দেশতে ছেপ্টেম্বৰ মাহটো ‘পোষণ অভিযান’ হিচাপে পালন কৰা হ’ব৷ আপোনালোক নিশ্চয়কৈ ইয়াৰ সৈতে জড়িত হওক, তথ্য লাভ কৰক, কিছু নতুন সংযোজন কৰক৷ আপোনালোকো যোগদান কৰক৷ যদি আপুনি এজন ব্যক্তিকো কুপোষণৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয় তেন্তে ইয়াৰ অৰ্থ হ’ল আমি দেশক কুপোষণ মুক্ত কৰিব পাৰিম৷

‘‘হেল্ল মহাশয়. মোৰ নাম সৃষ্টি বিদ্যা আৰু মই দ্বিতীয় বাৰ্ষিকৰ এগৰাকী ছাত্ৰী৷ মহাশয় মই ১২ আগষ্টত বীয়েৰ গ্ৰীলছৰ সৈতে আপোনাৰ এটা খণ্ড উপভোগ কৰিছিলো৷ আপোনাৰ সেই খণ্ডটো চাই মই খুব ভাল পালো৷ প্ৰথমে এইটো শুনি ভাল লাগিল যে আপোনাৰ আমাৰ প্ৰকৃতি, বন্যজন্তু আৰু পৰিবেশকলৈ কিমান চিন্তা, কিমান যত্ন আৰু আপোনাক নতুন ৰূপত, এজন অভিযাত্ৰীৰ ৰূপত দেখি ভাল লাগিল৷ মহাশয়, মই এইটো জানিবলৈ বিচাৰিছো যে আপুনি এই খণ্ডটোত কেনে অভিজ্ঞতা লাভ কৰিলে আৰু শেষত মই এটা কথা সংযোজিত কৰিব বিচাৰিম যে আপোনাৰ স্বাস্থ্য দেখি আমাৰ দৰে নৱ প্ৰজন্মই অধিক আকৰ্ষিত হৈছো, অধিক উৎসাহিত হৈছো আপোনাৰ সুস্বাস্থ্য দেখি৷’’

সৃষ্টি জী, আপোনাৰ ফোন কলৰ বাবে ধন্যবাদ৷ আপোনাৰ দৰে হাৰিয়ানাত সোহনাৰ পৰা কে কে পাণ্ডেজী আৰু ছুৰাটৰ ঐশ্বৰ্য শৰ্মাজী আৰু বহু লোকে ডিস্ক’ভাৰীত দেখুওৱা  ‘মেন ভাৰ্চেছ ৱাইল্ড’ৰ বিষয়ে জানিবলৈ বিচাৰিছে৷ এইবাৰ যেতিয়া ‘মন কী বাত’ৰ বিষয়ে মই চিন্তা কৰি আছিলো তেতিয়া এই সন্দৰ্ভত যে প্ৰশ্ন উত্থাপিত হ’ব সেই সম্পৰ্কে মই নিশ্চিত আছিলো আৰু এনেকুৱা হৈছে যে যোৱা সপ্তাহকেইটাত মই য’লৈ গৈছো তাতেই  ‘মেন ভাৰ্চেছ ৱাইল্ড’ৰ কথা ওলাইছে৷ এই এটা খণ্ডৰ জৰিয়তে মই কেৱল হিন্দুস্তানৰেই নহয়, বিশ্বৰে যুৱ প্ৰজন্মৰ সৈতে জড়িত হৈ পৰিছো৷ মই কেতিয়াও ভবা নাছিলো যে তৰুণ প্ৰজন্মৰ হৃদয়ত এইদৰে মই স্থান লাভ কৰিব পাৰিম৷ মইও কেতিয়াও ভবা নাছিলো যে আমাৰ দেশৰ আৰু বিশ্বৰ তৰুণসকল কিমান বিবিধতা ভৰা বস্তুৰ প্ৰতি গুৰুত্ব দিয়ে৷ মইও কেতিয়াও ভবা নাছিলো যে বিশ্বৰ তৰুণসকলৰ হৃদয় স্পৰ্শ কৰিবলৈ মোৰ জীৱনলৈ সুযোগ আহিব৷ আৰু হয় কি? যোৱা সপ্তাহত মই ভূটানলৈ গৈছিলো৷ মই দেখিলো যে প্ৰধানমন্ত্ৰীৰ ৰূপত যেতিয়াৰে পৰা মই বিভিন্ন স্থানলৈ গৈছো আৰু আন্তৰ্জাতিক যোগ দিৱসৰ বাবে স্থিতি এনে হৈছে যে বিশ্বৰ য’লৈ যাও, বহো, তেতিয়া কোনোবা নহয়-কোনোবাজনে পাঁচ-সাত মিনিচ যোগৰ বিষয়েও প্ৰশ্ন কৰে৷ বোধহয় বিশ্বৰ এনে কোনো ডাঙৰ নেতা নোলাব যিয়ে মোৰ সৈতে যোগৰ বিষয়ে আলোচনা কৰা নাই আৰু এয়া সমগ্ৰ বিশ্বতে মোৰ অভিজ্ঞতা হৈছে৷ কিন্তু এই কেইদিন এক নতুন অভিজ্ঞতা হৈছে৷ যিয়েই লগ পায় তেওঁৱেই বন্যজীৱনৰ বিষয়ে চৰ্চা কৰে, পৰিবেশৰ বিষয়ে আলোচনা কৰে৷ বাঘ, সিংহ, জীৱ-সৃষ্টি আৰু মই আচৰিত হও যে জনতাৰ ইমান ৰুচি৷ ডিস্ক’ভাৰীয়ে এই কাৰ্যসূচীক ১৬৫খন দেশত তেওঁলোকৰ ভাষাত প্ৰচাৰ কৰা যোজনা প্ৰস্তুত কৰিছে৷ আজি যেতিয়া পৰিবেশ, গোলকীয় উত্তাপ, জলবায়ু পৰিৱৰ্তন এক বিশ্বজনীন চিন্তনৰ বিষয় হৈ পৰিছে, মই আশা প্ৰকাশ কৰিছো যে এই কাৰ্যসূচীয়ে ভাৰতৰ বাৰ্তা, ভাৰতৰ পৰম্পৰা, ভাৰতৰ সংস্কাৰ যাত্ৰাত প্ৰকৃতিৰ প্ৰতি সংবেদনশীলতা, এই সকলোবোৰ কথা বিশ্বক পৰিচিত কৰোৱাত এই ডিস্ক’ভাৰী চেনেলৰ এই খণ্ডই বহুত সহায় কৰিব৷ এয়া মোৰ দৃঢ় বিশ্বাস৷ আৰু আমাৰ ভাৰতত জলবায়ু ন্যায় আৰু স্বচ্ছ পৰিবেশৰ দিশত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে এতিয়া জনতাই জানিব বিচাৰে৷ কিন্তু আৰু এটা আমোদজনক কথা কিছুমান লোকে সংকোচেৰে মোক সুধিছে যে মোদীজী কওকচোন, আপুনি হিন্দীত কৈ আছিল আৰু বীয়েৰ গ্ৰীলে হিন্দী নাজানে, কিন্তু আপোনালোকৰ মাজত ক্ষীপ্ৰতাৰে কিদৰে যোগাযোগ সম্ভৱ হৈছিল? এয়া পিছত সম্পাদনা কৰা হৈছিল নেকি? অথবা বাৰে বাৰে দৃশ্যগ্ৰহণ কৰা হৈছিল নেকি? কি হৈছিল? বহু জিজ্ঞাসাৰে এই প্ৰশ্ন মোক কৰে৷ চাওক ইয়াত কোনো ৰহস্য নাই৷ বহু লোকৰ মনত এই প্ৰশ্ন উত্থাপিত হৈছে বাবে এই ৰহস্য মই ফাদিল কৰিব বিচাৰিছো৷ ৰহস্য বুলি একো নাই আচলতে৷ বাস্তৱিকতে বীয়েৰ গ্ৰীলছৰ সৈতে কথা কওঁতে প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ হৈছিল৷ যেতিয়া মই কিবা কৈছিলো তেতিয়া সেয়া একে সময়তে ইংৰালৈ অনুবাদ হৈছিল৷ একে সময়তে কথা-বতৰা হৈছিল আৰু বীয়েৰ গ্ৰীলছৰ কাণত এটা সৰু কৰ্ডলেছৰ দৰে যন্ত্ৰ আছিল৷ যেতিয়াই মই হিন্দীত কথা কৈছিলো তেতিয়া তেওঁ ইংৰাজীত শুনা পাইছিল আৰু সেইবাবে যোগাযোগ সহজে কৰিব পাৰিছিলো আৰু এয়া প্ৰযুক্তিৰ কৌশল৷ এই খণ্ডটোৰ পিছত বৃহৎ সংখ্যক লোকে জিম কৰবেট, ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰাটো মই প্ৰত্যক্ষ কৰিছো৷ আপোনালোকেও প্ৰকৃতি আৰু বন্য জীৱনৰ সৈতে জড়িত স্থানসমূহলৈ নিশ্চয়কৈ যাওক৷ মই পূৰ্বতেও কৈছিল, এতিয়াও নিশ্চয়কৈ কও৷ নিজৰ জীৱনত উত্তৰ-পূৰ্বাঞ্চললৈ নিশ্চয়কৈ যাওক৷ কি প্ৰকৃতি সেই ঠাইৰ৷ আপোনালোক আচৰিত হৈ পৰিব৷ আপোনালোকৰ অন্তৰ্ভাগ ব্যাপক  হৈ পৰিব৷ ১৫ আগষ্টত লালকিল্লাৰ পৰা মই আপোনালোক সকলোকে আহ্বান জনাইছিলো যে অহা ৩ বছৰত কমেও ১৫টা স্থান ,আৰু ভাৰতৰ ভিতৰত ১৫টা স্থান সম্পূৰ্ণ ১০০% পৰ্যটনৰ বাবেই এনেকুৱা ১৫টা স্থানলৈ যাওক, চাওক, অধ্যয়ন কৰক, পৰিয়ালক লৈ যাওক, অলপ সময় কটাওক৷ বিচিত্ৰতাৰে ভৰা এই দেশে আপোনালোকক এই বিচিত্ৰতাই এক শিক্ষকৰ ৰূপত, আপোনালোকৰ হৃদয়কো বিচিত্ৰতাৰে ভৰাই তুলিব৷ আপোনালোকৰ জীৱন ব্যাপক হ’ব৷ আপোনালোকৰ চিন্তনৰ বিস্তাৰ হ’ব৷ আৰু মোক বিশ্বাস কৰক, ভাৰতৰ ভিতৰতেই এনেকুৱা স্থান আছে য’ৰ পৰা আপোনালোকে নতুন ফূৰ্তি, নতুন উৎসাহ, নতুন উদ্দীপনা, নতুন প্ৰেৰণা লৈ আহিব পাৰিব আৰু হ’ব পাৰে কিছুমান স্থানলৈ আপোনালোকৰ বাৰে বাৰে যাবলৈ মন যাব, আপোনালোকৰ পৰিয়ালৰো মন যাব পাৰে৷

মোৰ মৰমৰ দেশবাসীসকল, ভাৰত পৰিবেশৰ প্ৰতি যত্ন আৰু চিন্তা অৰ্থাৎ শুশ্ৰূষাৰ চিন্তা স্বাভাৱিক৷ যোৱা মাহত মই দেশৰ ব্যাঘ্ৰ সংখ্যা জাৰী কৰা সৌভাগ্য লাভ কৰিলো৷ আপুনি জানেনে ভাৰত কিমান বাঘ আছে? ভাৰতত ২৯৬৭টা বাঘ আছে৷ কিছু বৰ্ষ পূৰ্বে ইয়াৰে আধাও নাছিল৷ বাঘক লৈ ২০১০ চনত ৰাছিয়াৰ ছেণ্ট পিটাছবাৰ্গত ব্যাঘ্ৰ সন্মিলন হৈছিল৷ ইয়াত বিশ্বত ক্ৰমান্বয়ে হ্ৰাস হোৱা বাঘৰ সংখ্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা হৈছিল আৰু এক সংকল্প গ্ৰহণ কৰা হৈছিল৷ এই সংকল্প আছিল যে ২০২২ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে বাঘৰ সংখ্যা দুগুণ কৰিব লাগিব৷ কিন্তু এয়া হ’ল নতুন ভাৰত, আমি লক্ষ্যত সোনকালেই উপনীত হও৷ আমি ২০১৯ চনতেই বাঘৰ সংখ্যা দুগুণ কৰিবলৈ সমৰ্থ হ’লো৷ ভাৰতত কেৱল বাঘৰ সংখ্যা বৃদ্ধি হোৱাই নহয়, সংৰক্ষিত এলেকা আৰু সামূহিক সংৰক্ষণৰো সংখ্যা বৃদ্ধি পাইছে৷ যেতিয়া মই বাঘৰ তথ্য মুকলি কৰিছিলো তেতিয়া গুজৰাটৰ গীৰৰ সিংহৰ কথাও মনলৈ আহিছিল৷ যেতিয়া মই তাৰে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিলো তেতিয়া গীৰত সিংহৰ আবাদী হ্ৰাস হৈ আহিছিল৷ আমি এটাৰ পিছত এটাকৈ পদক্ষেপ গ্ৰহণ কৰিলো৷ ২০০৭ত তাত মহিলা সুৰক্ষাকৰ্মী নিযুক্তি দিলো৷ পৰ্যটন বৃদ্ধিৰ বাবে আন্তঃগাঁথনি উন্নত কৰিলো৷ যেতিয়া আমি প্ৰকৃতি আৰু বন্য-জীৱৰ কথা কও তেতিয়া কেৱল সংৰক্ষণৰ কথাহে কও৷ কিন্তু এতিয়া আমি সংৰক্ষণৰ ঊৰ্ধলৈ গৈ  সহানুভূতিশীলতাৰো কথা চিন্তা কৰিব লাগিব৷ আমাৰ শাস্ত্ৰসমূহত এই বিষয়ে ভাল কথা লিখা আছে৷ শতিকাপূৰ্বে লিখা আমাৰ শাস্ত্ৰই এইদৰে কয়-

নিৰ্বনো বধ্যতে ব্যাঘ্ৰো, নিৰ্ব্যঘ্নং ছিদ্যতে বনম৷

তস্মাদ ব্যাঘ্ৰো বনং ৰক্ষেত, বনং ব্যাঘ্ৰং ন পাল্যেত৷৷

অৰ্থাৎ, যদি বন নাথাকে তেন্তে বাঘ মনুষ্যৰ আবাদীলৈ আহিবলৈ বাধ্য হৈ পৰিব আৰু মৰিবলগীয়া হ’ব আৰু যদি হাবিত বাঘ নাথাকে তেন্তে মনুষ্যই হাবিলৈ বন কাটি সেয়া নষ্ট কৰিব আৰু সেইবাবে বাস্তৱিকতে বাঘে বনৰ ৰক্ষা কৰে৷ কেনে উত্তম ধৰণে এই বিষয়টো আমাৰ পূৰ্বজসকলে বুজাই থৈ গৈছে৷ সেইবাবে আমি বন, বনস্পতি আৰু বন্য জীৱক কেৱল সংৰক্ষণ নকৰি এনে এক পৰিবেশৰ সৃষ্টি কৰিব লাগে যে য’ত এইসমূহ সুন্দৰভাৱে প্ৰতিপালিত হ’ব পাৰে৷

মোৰ মৰমৰ দেশবাসীসকল,  ১১ ছেপ্টেম্বৰ ১৮৯৩ চনৰ স্বামী বিবেকানন্দজীৰ ঐতিহাসিক ভাষণৰ বিষয়ে কোনো পাহৰিব পাৰে৷ সমগ্ৰ বিশ্বৰ মানৱ জাতিক একত্ৰিত কৰা ভাৰতৰ এই যুৱ সন্যাসীয়ে বিশ্বত ভাৰতৰ তেজস্বী প্ৰতিচ্ছবি ৰাখি থৈ গৈছিল৷ যি গুলাম ভাৰতৰ প্ৰতি বিশ্বই বিকৃত মনোভাৱে চাইছিল সেই বিশ্বক ১১ ছেপ্টেম্বৰ ১৮৯৩ চনত স্বামী বিবেকানন্দৰ দৰে মহাপুৰুষৰ শব্দই বিশ্বক ভাৰতৰ প্ৰতি দৃষ্টিভংগী পৰিৱৰ্তন কৰিবলৈ বাধ্য কৰি তুলিছিল৷ আহক, স্বামী বিবেকানন্দজীয়ে যি ভাৰতৰ ৰূপ দেখিছিল, যি ভাৰতক সামৰ্থ চিনাক্ত কৰিছিল, সেই জীৱন-যাপন কৰিবলৈ আমি চেষ্টা কৰো আহক৷ আমাৰ ভিতৰত সকলো আছে৷ আত্মবিশ্বাসেৰে সৈতে আগুৱাই যাব লাগে৷

মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকৰ হয়তো মনত আছে যে ২৯ আগষ্ট ‘ৰাষ্ট্ৰ ক্ৰীড়া দিৱস’ হিচাপে পালন কৰা হয়৷ এই উপলক্ষে আমি সমগ্ৰ দেশতে ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ মুকলি কৰিম৷ নিজকে ফিট কৰি ৰাখিব লাগিব৷ দেশক ফিট কৰি ৰাখিব লাগিব৷ প্ৰত্যেকৰে বাবে, শিশু, বৃদ্ধ, যুৱ, মহিলা, সকলোৰে বাবে এয়া বৃহৎ আকৰ্ষণীয় অভিযান হ’ব আৰু এয়া আপোনালোকৰ নিজা হ’ব৷ কিন্তু এই বিষয়ে ব্যাপকভাৱে আজি মই নকও৷ ২৯ আগষ্টলৈ অপেক্ষা কৰক৷ মই নিজে সেই দিনা বিস্তাৰিত ৰূপত ইয়াৰ বিষয়ে ক’ম আৰু আপোনালোককো ইয়াৰ সৈতে জড়িত কৰিম৷ কাৰণ আপোনালোকক মই ফিট দেখিবলৈ বিচাৰিছো৷ আপোনালোকক ফিটনেছৰ বাবে সজাগ কৰি তুলিব বিচাৰিছো আৰু ফিট ইণ্ডিয়াৰ বাবে, দেশৰ বাবে আমি একত্ৰিত হৈ কিছু লক্ষ্য নিৰ্ধাৰিত কৰিব লাগিব৷

মোৰ মৰমৰ দেশবাসীসকল, ২৯ আগষ্টত ফিট ইণ্ডিয়াত মই আপোনালোকলৈ অপেক্ষা কৰিম৷ ছেপ্টেম্বৰ মাহত ‘পোষণ অভিযান’ত, আৰু বিশেষকৈ ১১ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ ‘স্বচ্ছতা অভিযান’ত৷  আৰু ২ অক্টোবৰ সম্পূৰ্ণ প্লাষ্টিকৰ বাবে৷ প্লাষ্টিকৰ পৰা মুক্তি পাবলৈ আমি সকলো ঘৰ, ঘৰৰ বাহিৰত, সকলোতে পূৰ্ণ শক্তিৰে নামি পৰিম আৰু মই জানো যে এই সকলো অভিযানে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিব৷ আহক, এক নতুন উদ্দীপনাৰে, নতুন সংকল্পৰে, নতুন শক্তিৰে সৈতে আগবাঢ়ো৷

মোৰ মৰমৰ দেশবাসীসকল, আজিৰ ‘মন কী বাত’ত ইমানেই৷ মই আপোনালোকৰ চিন্তাৰ, পৰামৰ্শৰ অপেক্ষা কৰিম৷ আহক, আমি সকলোৱে মিলি স্বাধীনতাপ্ৰেমীসকলৰ সপোনৰ ভাৰত নিৰ্মাণৰ বাবে, গান্ধীৰ সপোনৰ ভাৰত বাস্তৱায়িত কৰাৰ বাবে আগবাঢ়ো- ‘স্বান্তঃ সুখায়ঃ’৷ অন্তৰ্ভাগৰ আনন্দক সেৱা ভাবলৈ প্ৰকট কৰি আগবাঢ়ো৷

অশেষ ধন্যবাদ৷

নমস্কাৰ৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Micron’s ₹22,516-crore ATMP facility in Gujarat; calls chips ‘Regulator of 21st century’

Media Coverage

PM Modi inaugurates Micron’s ₹22,516-crore ATMP facility in Gujarat; calls chips ‘Regulator of 21st century’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi addresses an enthusiastic public rally in Madurai, Tamil Nadu
March 01, 2026
No matter what DMK does, the truth will win and devotees of Bhagwan Murugan will win: PM Modi in Madurai
Criminals and drug mafias will be behind bars, and NDA will ensure safety, dignity and empowerment: PM Modi’s promise to Tamil Nadu
When it comes to honesty in politics, K Kamaraj set an example for the entire country, while DMK represents the opposite: PM Modi
Tamil Nadu has always been at the forefront of India’s civilisational pride: PM Modi

PM Modi addressed a massive public rally in Madurai, beginning his speech with deep reverence for Tamil Nadu’s spiritual heritage. He said he had just visited Tirupparankundram and received the darshan of Bhagwan Murugan, describing it as a truly divine experience. He said he prayed for the prosperity of Tamil Nadu and the entire nation.

The PM said his heart felt heavy as he remembered Thiru Poorna Chandran, the young devotee who sacrificed his life. He met Thirumathi Indumati Poorna Chandran and their two young children and conveyed his deepest condolences. He prayed that Thiru Poorna Chandran’s aatma finds peace at the feet of Bhagwan Murugan. He said it was painful that the insensitivity of the DMK government led to this tragedy, but added firmly that no matter what DMK does, the truth will win and devotees of Bhagwan Murugan will win.

Referring to the 2021 mandate given to DMK after 25 years, PM Modi said the party failed to provide good governance. Instead, it looted the state, promoted dynastic politics and ignored people’s aspirations. Speaking about Madurai, he recalled how the city stood firmly with MGR, who deeply loved it, and alleged that DMK has never liked Madurai for that reason. He said DMK brought mafia-style politics to the city, leaving behind bad roads, poor drainage and poor waste management.

Highlighting Tamil Nadu’s coastal strength, the PM said the state has immense potential that was ignored when Congress and DMK were together in power before 2014. He said projects like the Maduravoyal corridor were stalled and the Thoothukudi trans-shipment project remained only on paper. After 2014, the NDA government revived the Chennai Port-Maduravoyal Elevated Corridor and created India’s first Mega Port Cluster by integrating Kamarajar and Chennai ports. He also mentioned that the capacity at Kamarajar Port nearly tripled.

Speaking about women’s safety, PM Modi said women in Tamil Nadu are facing serious distress, with rising crime and families suffering due to the drug mafia and alcohol. He said many remember how much better life was during Amma Jayalalithaa’s rule. He assured every mother, sister and daughter that once the NDA government comes to power, law and order will be the top priority. Criminals and drug mafias will be behind bars and NDA will ensure safety, dignity and empowerment.

Recalling Tamil Nadu’s contribution to the freedom struggle, PM Modi said the Constitution drafted under the leadership of Dr Babasaheb Ambedkar laid the foundation for a strong democracy. He said every moment of his life has been dedicated to upholding constitutional values and that he was part of the movement to protect democracy during the Emergency. Referring to a remark by a DMK leader claiming they do not fear him or his father, he said that in a democracy nobody needs to fear anyone, and such remarks only strengthen his commitment to democratic values.

PM Modi said that Tamil Nadu kept Congress out of power in the state for 60 years. “You were the first state to become Congress-Mukt. For this, Congress took revenge against Tamil Nadu. It was Congress that gave away Katchatheevu. Then, DMK did not do anything.”

He said Tamil Nadu has always been at the forefront of India’s civilisational pride. He recalled that when the Congress government was at the Centre and DMK was supporting them, a notification was issued banning Jallikattu. Through an ordinance, the NDA government ensured Jallikattu could continue.

On corruption, PM Modi said when it comes to honesty in politics, K Kamaraj Ji set an example for the entire country, while DMK represents the opposite. He listed major alleged scams. He said while ministers usually compete in good work, DMK ministers compete in scams, looting the poor, the youth and farmers. Such a corrupt government, he said, has no moral right to continue.

Concluding his address, PM Modi said the people of Tamil Nadu have decided to bring in an NDA government that will deliver clean and efficient governance, reaffirming ‘Modi Ki Guarantee’ for development, dignity and respect for Tamil culture.