ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত ৰাষ্ট্ৰীয় জ্যেষ্ঠ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতাত চাৰিটা ভিন্ন শাখাত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হৈছে: প্ৰধানমন্ত্ৰী মোদী
মোৰ মৰমৰ দেশবাসীসকল, এই মুহূৰ্তত দেশৰ অধিকাংশ অঞ্চলতে অত্যধিক গৰম পৰিছে। প্ৰখৰ ৰ'দ, উষ্ণ বতাহৰ মাজত এনে বতৰত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়: প্ৰধানমন্ত্ৰী মোদী
বিহাৰ, ঝাৰখণ্ড আৰু পূব উত্তৰ প্ৰদেশত চাত্তুৰ চৰবত অতি উৎকৃষ্ট পানীয় – ই পেট ভৰোৱাৰ লগতে শৰীৰক শক্তিও প্ৰদান কৰে: প্ৰধানমন্ত্ৰী মোদী
সেৱাৰ বাবে বিপুল সম্পদৰ প্ৰয়োজন নহয় - ইয়াৰ বাবে প্ৰয়োজন হয় সদিচ্ছা আৰু ধাৰাবাহিক প্ৰচেষ্টাৰ: প্ৰধানমন্ত্ৰী মোদী
নেদাৰলেণ্ডছত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত চোলা যুগৰ প্ৰাচীন তাম্ৰফলকসমূহ ভাৰতলৈ ঘূৰাই অনা হৈছে: প্ৰধানমন্ত্ৰী মোদী
জ্যোতিৰ্বিজ্ঞানে আমাৰ দেশৰ প্ৰতিটো প্ৰজন্মৰ মাজতেই কৌতূহল জগাই তুলিছে। ই অনুসন্ধানৰ প্ৰেৰণা যোগাই আহিছে; আজিৰ যুৱ প্ৰজন্মৰ মাজতো এই ক্ষেত্ৰত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে: প্ৰধানমন্ত্ৰী মোদী
ডলফিন উদ্ধাৰ এম্বুলেঞ্চখনক এখন চলন্ত চিকিৎসালয়ৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে। ইয়াত ডলফিনক সুৰক্ষিতভাৱে ৰাখিব পৰাকৈ সকলো ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে: প্ৰধানমন্ত্ৰী মোদী
বন্ধুসকল, যেতিয়া আমি গংগাৰ ডলফিন সংৰক্ষণ কৰোঁ, তেতিয়া আমি কেৱল এটা প্ৰজাতিকেই সংৰক্ষণ নকৰোঁ; আমি গংগাৰ সমগ্ৰ জৈৱ বৈচিত্ৰ্যক সুৰক্ষা প্ৰদান কৰোঁ: প্ৰধানমন্ত্ৰী মোদী
গিৰিজা আম্মা জীৰ দেশপ্ৰেমৰ মনোভাৱে প্ৰতিগৰাকী ভাৰতীয়ক অনুপ্ৰাণিত কৰে। ‘মন কী বাত’ৰ পৰা প্ৰেৰণা লাভ কৰি তেওঁ দেশৰ বহু সৈনিকৰ কল্যাণৰ বাবে অৱদান আগবঢ়োৱাৰ সংকল্প গ্ৰহণ কৰিছে: প্ৰধানমন্ত্ৰী মোদী

মোৰ প্ৰিয় দেশবাসী, 'মন কী বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থত এনে কিছুমান আচৰিত কাম কৰি আছে, সেইবোৰৰ কথা শুনিলে আমি এক নতুন প্ৰেৰণা অনুভৱ কৰোঁ। আজি মই এই কাৰ্যসূচী আৰম্ভ কৰিম এথলেটিকছত দেশৰ এনে এক কৃতিত্বৰ প্ৰসংগৰে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল নেচনেল ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা। সমগ্ৰ দেশৰ প্ৰায় ৮০০ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ সময়ত চাৰিটা ভিন্ন ইভেণ্টত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হয়। গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বীন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ আদিয়ে বিভিন্ন শিতানত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পোনপ্ৰথমে সকলোকে অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

সমগ্ৰ দেশতে বহুলভাৱে চৰ্চিত এটা ইভেণ্ট হৈছে ১০০ মিটাৰ দৌৰ। মাত্ৰ দুদিনৰ ভিতৰতে তিনিবাৰকৈ পুৰুষৰ ১০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ ভংগ হয়। এই কৃতিত্ব অৰ্জন কৰা খেলুৱৈ দুগৰাকী হৈছে গুৰিন্দৰ বীৰ সিং আৰু অনিমেশ কুজুৰ। এইবাৰ ‘মন কি বাত’ত এই দুগৰাকী খেলুৱৈৰ লগত কথা পাতিম বুলি ভাবিলোঁ৷

(ফোন কল)

প্ৰধানমন্ত্ৰীঃ নমস্কাৰ অনিমেশজী, নমস্কাৰ গুৰিন্দৰ বীৰ, সৎশ্ৰী আকাল।

অনিমেশগুৰিন্দৰ বীৰ: নমস্কাৰ মহাশয়, নমস্কাৰ মহাশয়।

প্ৰধানমন্ত্ৰীঃ বাৰু ভাইসকল, আপোনালোকে এটা ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে। আপোনালোকৰ যুটিটোৱেও বৰ ভাল কাম কৰিছে। আমি সংগীতত যুগলবন্দী দেখিছোঁ, কিন্তু এতিয়া প্ৰত্যাহ্বানতো যুগলবন্দী গঢ় লৈ উঠিছে : এজনে প্ৰত্যাহ্বান জনায়, তাৰ পিছত আনজনে সেয়া গ্ৰহণ কৰে। আৰু তাৰ পিছত তৃতীয়বাৰৰ বাবে তেওঁলোকে আগবাঢ়ে। আপোনালোকৰ বিষয়টো বৰ আমোদজনক হৈ পৰিছে। মই বিচাৰোঁ 'মন কী বাত'ৰ শ্ৰোতাসকলে আপোনালোকৰ বিষয়ে জানক আৰু আপোনালোকৰ বিষয়ে অৱগত হওক। আপোনালোকৰ এই কৃতিত্বৰ বিষয়ে আমাক জনাওক।

অনিমেশ জী: নমস্কাৰ মহাশয়, মোৰ নাম অনিমেশ কুজুৰ। ২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰত মই ৰাষ্ট্ৰীয় অভিলেখধাৰী আৰু মই ছত্তীশগড়ৰ পৰা আহিছোঁ। বৰ্তমান মই ওড়িশাৰ হৈ খেলোঁ। যোৱা বছৰ মই এছিয়ান মেডেল আৰু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ মেডেল লাভ কৰিছিলো আৰু ২০২১ চনত যেতিয়া মই স্নাতক হৈছিলোঁ, তেতিয়া এথলেটিকছ আৰম্ভ কৰিছিলোঁ। মই অম্বিকাপুৰৰ সৈনিক স্কুলৰ পৰা স্নাতক হৈছোঁ। আগতে মই ফুটবল খেলিছিলোঁ। কোভিড-১৯ মহামাৰীৰ সময়ত মোৰ মা-দেউতাই মোক কিছু স্বাধীনতা দিছিল, বিশেষকৈ মোক বাহিৰলৈ ওলাই গৈ দৌৰিবলৈ বা খেলিবলৈ অনুমতি দিছিল। যেতিয়া ক’ভিড-১৯ কমিবলৈ ধৰিলে, তেতিয়া মোৰ ফুটবল খেলৰ বন্ধুসকলে মোক ক’লে যে ৰাজ্যিক প্ৰতিযোগিতা অনুষ্ঠিত হ’বলৈ ওলাইছে, গতিকে তুমি যোৱা আৰু ইয়াত অংশগ্ৰহণ কৰা। মই তাত অংশগ্ৰহণ কৰিলোঁ, কিন্তু মই জনা নাছিলোঁ তাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে বাছনি কৰিব। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে মোক নিৰ্বাচিত কৰা হৈছিল আৰু আজি মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছোঁ।

প্ৰধানমন্ত্ৰীঃ আৰু গুৰিন্দৰ বীৰজীৰ কথা কি ক’ব?

গুৰিন্দৰ বীৰঃ নমস্কাৰ মহাশয়, মোৰ নাম গুৰিন্দৰ বীৰ। মই ভাৰতীয় নৌসেনাৰ পেটি অফিচাৰ আৰু ভাৰতৰ আটাইতকৈ দ্ৰুত স্প্ৰিণ্টাৰ। শেহতীয়াকৈ ১০০ মিটাৰ দৌৰত ১০.০৯ৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিলোঁ। ১০.১ৰ প্ৰত্যাহ্বানৰ তলত দৌৰা মই প্ৰথমজন ভাৰতীয়। ট্ৰেকত আৰু ইউনিফৰ্ম পিন্ধিও মোৰ দেশৰ সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ। মোৰ দেউতা আৰু দাদা দুয়োজনে খেলা-ধূলা কৰিছিল, গতিকে আমাৰ ভাৰতীয় সংস্কৃতি যে যেতিয়াই দীপাৱলী বা নৱবৰ্ষৰ দৰে উৎসৱ হয় তেতিয়াই আমি আমাৰ ঘৰখন পৰিস্কাৰ কৰি লওঁ। গতিকে আগতে দেউতাৰ ট্ৰফী আৰু মেডেল চাফা কৰিছিলোঁ আৰু আগতে সেয়া কৰি বহুত ভাল পাইছিলোঁ, বহুত সুখী অনুভৱ কৰিছিলোঁ। তাৰ পিছত যেতিয়া মই এটা ট্ৰফী চাফা কৰিছিলোঁ, তেতিয়া মই তেওঁক সুধিছিলো যে তেওঁ এই ট্ৰফী ক’ত জিকিছিল, ক’ত এই পদক লাভ কৰিছিল, এই ফটোখন কেতিয়া লোৱা হৈছিল ? তাৰ পিছত তেওঁ মোক তেওঁৰ কাহিনী কৈছিল যে মই ইয়াত খেলিবলৈ গৈছিলোঁ, তেতিয়াই মই এই ৰাষ্ট্ৰীয় পদকটো জিকিছিলোঁ, মই মোৰ দলটোক ইয়াক জয় কৰাত সহায় কৰিছিলোঁ। তেতিয়া ময়ো তেওঁক কওঁ যে ময়ো কিবা এটা খেলিব বিচাৰোঁ। তেওঁ ৰাতিপুৱা দৌৰিবলৈ গৈছিল, গতিকে মোকো লগত লৈ যাবলৈ ক’বলৈ ধৰিলোঁ। এনেদৰে মোক লগত লৈ যাবলৈ ধৰিলে আৰু ক্ৰীড়াক্ষেত্ৰত তেওঁ যি শিকিছিল, মোক সেয়া শিকাবলৈ ধৰিলে। গতিকে মোৰ আগ্ৰহ বাঢ়িল। উছেইন বল্টৰ বিশ্ব অভিলেখ ভংগ হোৱা দেখিছিলোঁ। এইখিনিতে এটা ধেমেলীয়া কাহিনী আছে। মই টিভি চাই আছিলোঁ, তেতিয়া মায়ে টিভিটো চুইচ অফ কৰি ক’লে, পঢ়াৰ সময় হ’ল, তুমি পঢ়া উচিত। তেতিয়া তেওঁক ক’লোঁ, টিভি চাবলৈ নিদিয়াটো ঠিকেই আছে, কিন্তু এনে এটা দিন আহিব যেতিয়া মোক টিভিত বিচাৰি চাবা আৰু কবা যে গুৰিন্দৰে দৌৰিছে। সেয়েহে এতিয়া মোক মায়ে টিভিত দৌৰি থকা দেখিলে খুব সুখী অনুভৱ কৰোঁ।

প্ৰধানমন্ত্ৰীঃ বাহ বাহ, বঢ়িয়া। আপোনাৰ বিষয়ে সেয়া এটা আচৰিত কথা।

গুৰিন্দৰ বীৰ: হয় মহাশয়। আমি এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছোঁ। দেউতায়ো ভলীবল খেলিছিল। পাৰিবাৰিক সমস্যাৰ বাবে তেওঁ ক্ৰীড়াক্ষেত্ৰ ত্যাগ কৰিছিল। তেওঁৰ সপোন পূৰণ নোহোৱাকৈয়ে থাকি গ’ল। তেওঁ মোৰ মাজত সেই সপোন দেখিছিল, আশা কৰিছিল- মোৰ ল’ৰাটোৱে এদিন সেই সপোন পূৰণ কৰিব। আগতে তেওঁৰ লগত কথা পাতিছিলোঁ। তেতিয়াই শুনিলোঁ মিলখা সিঙে ইমান কষ্ট কৰিছিল। ময়ো এদিন তেওঁৰ সপোন পূৰণ কৰিম বুলি কৈছিলোঁ। তেওঁ কৈছিল যে সপোনবোৰ সহজে পূৰণ নহয়; তাৰ বাবে অতি কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মিলখা সিঙে আগতে তেজ বমি কৰি ৰ’দত দৌৰিছিল। তেওঁ গোটেই দিনটো প্ৰশিক্ষণ লৈছিল। গতিকে সেইবোৰ কথাই মোক অনুপ্ৰাণিত কৰিছিল। দেউতাই মোক অনুপ্ৰাণিত কৰিছিল, মই দৌৰিলে মোৰ দেশৰ বাবে পদক লাভ কৰিব লাগে বুলি কৈছিল। আৰু যেতিয়া মই ১০০ মিটাৰ ইভেণ্ট বাছি লৈছিলোঁ, তেতিয়া সকলোৱে মোক কৈছিল যে ১০০ মিটাৰ দৌৰত অংশ নলবা, কাৰণ ১০০ মিটাৰ দৌৰ ভাৰতীয়ৰ বাবে উপযুক্ত ইভেণ্ট নহয়। ভাৰতীয়ৰ শৰীৰ ১০০ মিটাৰ দৌৰৰ বাবে গঢ় লোৱা নাই। গতিকে দেউতা আৰু মই সদায় কৈছিলোঁ, "গুৰিন্দাৰ, আমি এইটো বাছি লৈছোঁ যেতিয়া আমি ইয়াৰ পৰা পিছুৱাই নাযাওঁ। আমাক যে কোৱা হৈছে আমি কৰিব নোৱাৰোঁ, কিন্ত আমি কওঁ সেয়া আমি কৰিম। যিসকলে মোক ক’ব যে, আমি কৰিব নোৱাৰোঁ, আমি সেইসকলক দেখুৱাম যে আমি কৰিব পাৰোঁ। আৰু তুমি কৰিবা, তোমাৰ ওপৰত মোৰ বিশ্বাস আছে- দেউতাই যেতিয়া মোৰ ওপৰত সেই আস্থা ৰাখিছিল, মই সেই আস্থাক মোৰ শক্তিলৈ ৰূপান্তৰিত কৰি আগবাঢ়িলোঁ আৰু আজি মই প্ৰতিজন ভাৰতীয়ক কৈছোঁ যে ভাৰতীয়সকলে স্প্ৰিণ্ট কৰক।

প্ৰধানমন্ত্ৰীঃ চাওক, আপোনালোক দুয়োজনে উল্লেখযোগ্য কাম কৰিছে। মাত্ৰ দুদিনতে আপোনালোকে তিনিবাৰকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছে। গুৰিন্দৰ বীৰে কোৱাৰ দৰে ১০০ মিটাৰ দৌৰ দৌৰি মানুহে কয় যে ভাৰতীয়ৰ ইয়াৰ বাবে শৰীৰচৰ্চা নাই। ইমান কঠিন কাম এটাও আপুনি কৰিবলৈ সক্ষম হ'ল, গতিকে আপোনালোক দুয়োৰে পৰা শুনিব বিচাৰিম আৰু "মন কী বাত"ৰ শ্ৰোতাসকলেও শুনিব বিচাৰিব যে আপোনালোকৰ কেনেধৰণৰ আৱেগ, দৃঢ়তা আৰু চিন্তাধাৰা আছিল, আৰু কেনেকৈ আগুৱাই হৈছিল? এয়া কিমান কঠিন আছিল?

গুৰিন্দৰ বীৰ: হয় মহাশয়, মই গুৰিন্দৰ। এয়া আৰম্ভ কৰাৰ সময়ত মই বহুত সংগ্ৰাম কৰিছিলোঁ। মই প্ৰায়ে সন্দেহ কৰিছিলোঁ যে মই সঠিক কাম কৰিছোঁ নে, কাৰণ এইক্ষেত্ৰত আপুনি প্ৰতিবাৰে জয়ী নহয়; কেতিয়াবা আপুনি মাত্ৰ শিকে। যেতিয়া মই পৰাস্ত হৈছিলোঁ, যেতিয়া মই ভাল প্ৰদৰ্শন কৰিব পৰা নাছিলোঁ, বা যেতিয়া মই আঘাত পাইছিলোঁ, তেতিয়া মোৰ পৰিয়ালে মোক সমৰ্থন কৰিছিল, কৈছিল- "ঠিক আছে, যদি এটা বেয়া দিন বা এটা বেয়া বছৰ তোমাৰ নষ্ট হয় তথাপি সপোন দেখা বন্ধ নকৰিবা।" মোৰ প্ৰশিক্ষকে মোক এইটোও শিকাইছিল যে তুমি যদি এইটো নকৰা তেন্তে আন কোনোৱে নকৰে। গতিকে, যেতিয়া আমাৰ চৌপাশৰ মানুহে আমাক উৎসাহিত কৰে, তেতিয়া আমাৰ প্ৰেৰণা কেতিয়াও ভাঙি নাযায়।

প্ৰধানমন্ত্ৰী: অনিমেশজী...

অনিমেশ: মহাশয়, ২০২১ চনত এথলেটিকছ আৰম্ভ কৰাৰ সময়ত সকলোৱে মোক কৈছিল, "চোৱা, এইখন নতুন ফিল্ড, কৰিব পাৰিবানে?" তেতিয়া মই ক'লোঁ, "যেতিয়া মই এই ক্ষেত্ৰত আছোঁ, মই নিশ্চয় কৰিম।" মোৰ দেউতায়ো মোক সদায় কৈছিল যে যদি তুমি এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিছা তেন্তে কেতিয়াও পিছলৈ ঘূৰি নাচাবা। কাৰণ সকলোৱে ভাবিছে যে তেওঁলোকে এই কামটো কৰিব লাগিব, তেওঁলোকে সেইটো কৰিব লাগিব, কিন্তু অতি কম সংখ্যকহে এই কামটো কৰি দেখুৱাইছে। তুমি এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিছা যেতিয়া মাত্ৰ ইয়াত একান্ত মনে লাগি থাকা, ইয়াতে আগবাঢ়ি যোৱা। তুমি সকলো সুবিধা পাবা, আমি তোমাক সকলো কামতে সহায় কৰিম। বিশেষকৈ পৰিয়ালৰ সহায়, আৰ্থিক সহায়, আমি সকলো কৰিম। মাত্ৰ কঠোৰ পৰিশ্ৰম কৰি ভাৰতক দেখুৱাম যে ভাৰতীয়য়ো দৌৰিব পাৰে। কাৰণ আগতে মানুহে মোক কৈছিল যে ভাৰতীয়ৰ জিন এনেকুৱা নহয় যে তেওঁলোকে ছাব ১০ বা ছাব ১০.১ত দৌৰিব পাৰে বা কোনোবাই সেই স্প্ৰিণ্ট কৰিব পাৰে। কিন্তু এতিয়া আমি দুয়োজনে প্ৰমাণ কৰিলোঁ যে ভাৰতীয়য়ো সেয়া কৰিব পাৰে। আমাৰ বাবে একোৱেই ইমান কঠিন নহয়, আমিও সকলো কৰিব পাৰোঁ। গতিকে মহাশয় এই সকলোবোৰ কথাই মোক বহুত প্ৰেৰণা দিয়ে আৰু আমি প্ৰশিক্ষণ লোৱাৰ লগে লগে আমি আমাৰ পূৰ্বৰ অভিলেখ ভংগ কৰিছোঁ আৰু আন ভাৰতীয়সকলেও এয়া দেখিছে যে ভাৰতীয়সকলেও এনে কাম কৰিব পাৰে। আমি আৰু অধিক কাম কৰিম মহাশয় আৰু এতিয়া আমাক দুয়োকে কমনৱেলথ গেমছৰ বাবেও নিৰ্বাচিত কৰা হৈছে। গতিকে পৰৱৰ্তী প্ৰতিযোগিতাত আমি আৰু অধিক ভাল প্ৰদৰ্শন কৰিম।

প্ৰধানমন্ত্ৰী : বাৰু, মোৰ মনতো এটা কৌতুহল আছে, আৰু দেশবাসীৰ মনতো হয়তো সেয়া থাকিব। মই শুনিছোঁ যে আপোনালোক দুয়োজনেই ভাল বন্ধু। আপোনালোক দুয়োজনে সিদ্ধান্ত লৈছিল নেকি যে মোৰ অভিলেখ ভাঙিলে মই কিন্তু তোমাৰ অভিলেখো ভাঙি দিম। অনিমেশ, আপুনি প্ৰথমে কওক।

অনিমেশ: মহাশয়, প্ৰথম অভিলেখ আছিল ১০.১৮, যিটো মোৰ আছিল আৰু তাৰ পিছত গুৰিন্দৰ বীৰ ভায়ে ছেমি ফাইনেলত ১০.১৭ৰে সেয়া ভংগ কৰিছিল। মই আকৌ ১০.১৫ ৰে ছেমি ফাইনেল-২ত সেয়া ভাঙিছিলোঁ। গতিকে সেই সময়ত যেতিয়া মোৰ ছেমি ফাইনেল হৈছিল, আমি দুয়ো সুখী হৈছিলোঁ যে হয়, ঠিকেই আছে। আজি অভিলেখটো ভাঙিলে আৰু অন্ততঃ আমি দুয়োজনে পৰস্পৰৰ অভিলেখ ভংগ কৰিলোঁ। কাৰণ সেই সময়ত প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আছিল। কিন্তু আমি দুয়ো ইতিমধ্যে দৃঢ়প্ৰতিজ্ঞ আছিলোঁ। তাৰ আগতে আমিও চৌদি আৰবলৈ গৈছিলোঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ, আমি দুয়ো তাতো ৰুমমেট আছিলোঁ, গতিকে আমি দুয়ো তাতো কথা পাতিছিলোঁ যে আমি ভাৰতৰ স্প্ৰিণ্টিংক আগুৱাই নিব লাগিব আৰু সেই কথা আমাৰ মনত আছে, আমি যিয়েই নকৰোঁ কিয় আনক কিন্তু প্ৰেৰণা দিব লাগিব।

প্ৰধানমন্ত্ৰীঃ আপুনি কি ক’ব বিচাৰে গুৰিন্দৰ বীৰ?

গুৰিন্দৰ বীৰ : আমি দুয়ো সিদ্ধান্ত লৈছিলোঁ যে আমি ভালদৰে দৌৰিম। গতিকে,  যেতিয়াই আমাক ইজনক সিজনৰ প্ৰয়োজন হয়, মহাশয় তেতিয়াই আমি ইজনে সিজনৰ লগত থিয় দিওঁ, যেনে- এতিয়াই, ৰেকৰ্ডিং কৰাৰ আগতে, যেতিয়া মই ৰেকৰ্ডিং কৰিছিলোঁ, তেতিয়া অনিমেশেও কৰিছিল। গতিকে, আমি ৱাৰ্ম আপ কৰি থাকোঁতে মই অনিমেশক কৈ আছিলোঁ, "অনিমেশ, সেই ব্লকটো ঠিকেই আছে, গৈ তাত বহি তাতেই ষ্ট্ৰাইড কৰা। আমি ইয়াত ৱাৰ্ম আপ কৰিম। যদি সঠিক ৱাৰ্ম আপ ইয়াতেই হয়, তেন্তে আমি ইজনে সিজনক সহায় কৰিব পাৰোঁ। আমি ইজনে সিজনক সহায় কৰিলে আনৰো উন্নত হয় আৰু আমিও উন্নতি কৰিব পাৰোঁ। গতিকে, বন্ধুত্বৰ প্ৰয়োজন আছে। কিন্তু মহাশয়, আমি যেতিয়া খেলপথাৰৰ বাহিৰত বা প্ৰতিযোগিতাৰ বাহিৰত তেতিয়া ভাল বন্ধু। যেতিয়া আমি খেলপথাৰলৈ যাওঁ, তেতিয়া আমি পৰস্পৰৰ প্ৰতিদ্বন্দ্বী হৈ পৰোঁ। তেতিয়া যিয়েই নহওক, মই আনতকৈ বেছি বেগেৰে দৌৰিম।

প্ৰধানমন্ত্ৰীঃ চাওক, আপোনালোকে যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে সেয়া হৈছে ৰাষ্ট্ৰৰ প্ৰতিপত্তি বৃদ্ধিৰ বাবে, ভৱিষ্যতে দেশক এই স্থানলৈ আগুৱাই নিয়াৰ বাবে আৰু ইতিবাচক মনোভাবেৰে। মই বিশ্বাস কৰোঁ যে আপোনালোকৰ খেলুৱৈসুলভ মনোভাৱ— খেলা, ইজনে সিজনক প্ৰত্যাহ্বান জনোৱা, আগবাঢ়ি যাবলৈ চেষ্টা কৰা আৰু ইজনে সিজনক আগবাঢ়ি যোৱাত সহায় কৰা— এটা আচৰিত কাম কৰিছে। আপোনালোকে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব তাৰ বাবে আপোনালোকলৈ মোৰ আন্তৰিক অভিনন্দন, শুভেচ্ছা জনালোঁ। মোৰ বিশ্বাস যে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰি যাব আৰু বহুত অগ্ৰগতি লাভ কৰিব। আপোনালোকলৈ মোৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

গুৰিন্দৰ বীৰ/অনিমেশ: ধন্যবাদ মহাশয়, ধন্যবাদ।

প্ৰধানমন্ত্ৰীঃ বহুত বহুত ধন্যবাদ।

 

####

 

মোৰ প্ৰিয় দেশবাসী,

বৰ্তমান দেশৰ বেছিভাগ ঠাইতে অতি গৰম। প্ৰচণ্ড ৰ’দ, গৰম বতাহ— এনে বতৰত নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। পানী খাই থাকিব। যদি আপুনি ৰ’দত ওলাই যাব লাগে তেন্তে সাৱধানে বাহিৰলৈ ওলাই যাব লাগে। এই সন্দৰ্ভত বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা গাইডলাইনবোৰ পাহৰি নাযাব।

বন্ধুসকল,

আমাৰ দেশত গৰমৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপায় প্ৰায়ে পাকঘৰতে পোৱা যায়। আপুনি নিশ্চয় লক্ষ্য কৰিছে যে গৰম বৃদ্ধিৰ লগে লগে পাকঘৰৰ সোৱাদ আৰু খাদ্যশৈলী সলনি হয়। কোনো কোনো ঠাইত মাটিৰ পাত্ৰৰ পানী ওফন্দি উঠে, আন কোনো ঠাইত দৈ তৈয়াৰ হ’বলৈ আৰম্ভ কৰে আৰু কোনো ঠাইত কেঁচা আম উতলিবলৈ আৰম্ভ কৰে— আৰু তাৰ পিছত ভাৰতীয় পানীয়ৰ যুগ আৰম্ভ হয়। ভাৰতীয় পানীয়ৰ লগত আপুনি নিশ্চয় পৰিচিত। উত্তৰ ভাৰতলৈ যাত্ৰা কৰিলে বহু ঠাইত আম পান্না, কেঁচা আমৰ সোৱাদ লৈ গৰমৰ পৰা জিৰণি পাব। পঞ্জাব আৰু হাৰিয়ানালৈ যাওক, তাত আপোনালোকে এটা ডাঙৰ গিলাচত লাচী পাব। ৰাজস্থান আৰু গুজৰাটত যেন প্ৰতিসাঁজ আহাৰৰ লগত মাখন থাকে।

আৰু বিহাৰ, ঝাৰখণ্ড আৰু পূব উত্তৰ প্ৰদেশত পোৱা সত্তু চৰবট কেৱল আচৰিতেই নহয়, ই পেট ভৰোৱাৰ লগতে শক্তি দিয়ে। কংকান আৰু গোৱাত উপলব্ধ ককুম চৰবট আৰু ছোল কাধি ঠিক তেনেকুৱাই। দক্ষিণ ভাৰতৰ পনাকাম, নীৰ মোৰ, সম্বৰাম আৰু ওড়িশাৰ বেল পানা কেৱল পানীয় নহয়, এয়া ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাৰ অংশ। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাবো ইয়াত প্ৰতিফলিত কৰে। আৰু এটা কথা মনত ৰাখিব লাগিব যে এইবোৰৰ বেছিভাগেই আমাৰ নিজৰ পাকঘৰৰ পৰা, আমাৰ খেতিপথাৰৰ পৰা আহে। ডাঙৰ ব্ৰেণ্ডিং নাই যদিও ই প্ৰজন্মৰ পাছত প্ৰজন্মৰ অভিজ্ঞতাক মূৰ্ত কৰি ৰাখিছে। আপুনিও গৰমৰ দিনত এই স্থানীয় পানীয়বোৰ উপভোগ কৰা উচিত।

বন্ধুসকল,

গ্রীষ্মৰ আগমনৰ লগে লগে প্রতিটো পৰিয়ালতে আন এক আলোচনাৰ বিষয় আৰম্ভ হয়, সেয়া হৈছে আম৷ এই সময়ত আম এক সাধাৰণ আলোচনাৰ বিষয় হৈ পৰে, ভাৰতত এনেকুৱা এখন ঘৰ নাই য’ত গৰমৰ দিনত আমৰ কথা আলোচনা নহয়।

প্ৰতিটো অঞ্চলৰ নিজস্ব আম, নিজস্ব সোৱাদ, নিজস্ব সুগন্ধি আছে। মহাৰাষ্ট্ৰ আৰু কংকনৰ পৰা হাপুছ আৰু আলফনছো, গুজৰাটৰ কেশৰ, উত্তৰ প্ৰদেশৰ পৰা দুশেহৰী আৰু মোৰ কাশীৰ পৰা লেংৰা- এয়া আমৰ ৰসৰ আত্মা। লেংৰা আমৰ এটা বিশেষ গুণ আছে: পকিলেও ই প্ৰায়ে সেউজীয়া হৈ থাকে। বিহাৰৰ পৰা অহা জৰ্দালু, যাৰ সুগন্ধি দূৰৰ পৰা চিনিব পাৰি। চৌছা, মালদা— প্ৰতিটো নাম মানুহৰ স্মৃতিৰ লগত জড়িত। দক্ষিণ ভাৰতলৈ যাওক বা বংগৰ বংগনাপল্লী, টোটাপুৰী, নীলম, মালগোৱা, হিমসাগৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশৰ সুবৰ্ণৰেখালৈ যাওক- ঠাইখন সলনি হোৱাৰ লগে লগে আমৰ ৰূপ, ৰং, সোৱাদো সলনি হয়।

আৰু বন্ধুসকল, আমৰ এই যাত্ৰা, গাঁৱৰ পৰা এতিয়া বিশ্বৰ বজাৰত উপনীত হৈছে। আজি 'মন কী বাত'ৰ জৰিয়তে আম উৎপাদনৰ লগত জড়িত মোৰ খেতিয়ক ভাই-ভনীসকলক প্ৰশংসা কৰিম। আপুনি কেৱল সাধাৰণ খেতিয়ক নহয়, দেশৰ কৃষি অৰ্থনীতিৰ বাবে আপুনি অতি বিশেষ। আপুনি সদায় উজলি থাকিব।

বন্ধুসকল,

এই গ্ৰীষ্মকালীন দিনবোৰত বিদ্যালয়বোৰ বন্ধ থকাৰ সময়ত মই এটা ক্লাছৰ কথা ক’ম, য’ত আপুনি নামভৰ্তি কৰিব বিচাৰিব বন্ধুসকল, কল্পনা কৰকচোন এনে এখন বিদ্যালয়, য’ত সৰু-ডাঙৰ সকলো ল’ৰা-ছোৱালীয়ে পঢ়ে, য’ত কোনো মাচুল নাথাকে, ডাঙৰ ডাঙৰ অট্টালিকা নাথাকে, শ্ৰেণীকোঠা নাথাকে আৰু আটাইতকৈ আমোদজনক কথাটো হ’ল- একোখন নদীত এই ক্লাছ আৰম্ভ হয়।

বন্ধুসকল,

এইটো কোনো কল্পকাহিনী নহয়। এয়া এটা প্ৰকৃত প্ৰচেষ্টা। কেৰেলাৰ আলুভাত সাজী ৱালাশ্বেৰিলজীয়ে এনে এটা সাঁতোৰ ক্লাব চলায়। এতিয়ালৈকে ইয়াত ১৫ হাজাৰৰো অধিক লোকে সাঁতুৰিবলৈ শিকিছে। আনকি সাজীয়ে বিশেষভাৱে সক্ষম শিশুকো সাঁতোৰৰ প্ৰশিক্ষণো দিছে। এই প্ৰচেষ্টাৰ আঁৰত নিহিত হৈ আছে এক গভীৰ যন্ত্ৰণা।

কেইবছৰমান পূৰ্বে নাও দুৰ্ঘটনাত কেইবাজনো ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছিল। সেই ঘটনাই সাজীক গভীৰভাৱে জোকাৰি গ’ল। তেওঁ ভাবিলে, যদি ল’ৰা-ছোৱালীয়ে সাঁতুৰিব জানিলেহেঁতেন, তেন্তে হয়তো বহুতৰে জীৱন ৰক্ষা কৰিব পৰা গ’লহেঁতেন— আৰু তাৰ পৰাই তেওঁৰ মিছন আৰম্ভ হ’ল।

বন্ধুসকল,

সাজী ৱালাশ্বেৰিলজীৰ জীৱনে আমাক এক গভীৰ শিক্ষা দিয়ে। সেৱাৰ বাবে বিস্তৃত সম্পদৰ প্ৰয়োজন নাই— প্ৰয়োজন হৈছে এটা ভাল উদ্দেশ্য আৰু সামঞ্জস্যপূৰ্ণ প্ৰচেষ্টাৰ। এইবোৰৰ দ্বাৰা হাজাৰ হাজাৰ জীৱনৰ ৰূপান্তৰ ঘটিব পাৰে।

মোৰ প্ৰিয় দেশবাসী,

শেহতীয়াকৈ ইউৰোপৰ নেদাৰলেণ্ড ভ্ৰমণৰ সুযোগ পাইছিলোঁ। তাত কেইবাখনো সভাত অংশ লৈছিলোঁ। এই সময়ছোৱাত এটা মুহূৰ্তই প্ৰতিজন ভাৰতীয়ক গৌৰৱেৰে ওপচাই পেলালে। নেদাৰলেণ্ডত অনুষ্ঠিত এটা বিশেষ অনুষ্ঠানত ছোলা যুগৰ প্ৰাচীন তামৰ ফলক ভাৰতলৈ ঘূৰাই অনা হয়। নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীও তাত উপস্থিত থাকে। এই তামৰ ফলিবোৰ সন্দৰ্ভত ভাৰত আৰু বিদেশৰ পৰা ধাৰাবাহিকভাৱে বাৰ্তা পাই আহিছোঁ। ইয়াক লৈ মানুহে সুখ আৰু গৌৰৱ প্ৰকাশ কৰিছে। সমগ্ৰ বিশ্বৰ তামিল সমাজো ইয়াৰ প্ৰতি বিশেষ উৎসাহী।

বন্ধুসকল,

এই তামৰ ফলিবোৰক লৈ মানুহৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে। সেয়ে আজি মই তেওঁলোকৰ সৈতে জড়িত কিছু তথ্য আগবঢ়াব বিচাৰিছোঁ। ইয়াৰ ভিতৰত আছে ২১খন ডাঙৰ আৰু তিনিখন সৰু তামৰ ফলি। এয়া মূলতঃ ৰজা ৰাজেন্দ্ৰ ছোলাই তেওঁৰ পিতৃ ৰজা ৰাজৰাজ ছোলাই দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সৈতে জড়িত। তাত আনাইমংগালম গাঁওখন বৌদ্ধ মঠলৈ দান দিয়াৰ কথা উল্লেখ কৰিছে। এই তামৰ ফলকত ছোলা বংশৰ সাফল্যৰ বিষয়েও বৰ্ণনা কৰা হৈছে। ছোলা সাম্ৰাজ্যৰ শক্তিশালী সামুদ্ৰিক শক্তি প্ৰকাশ কৰে। দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ বিষয়েও তথ্য প্ৰদান কৰে। ছোলা সাম্ৰাজ্যৰ চহকী ইতিহাস আৰু সংস্কৃতিক লৈ আমি সকলোৱে অতি গৌৰৱান্বিত।

বন্ধুসকল,

আমাৰ চৰকাৰে ভাৰতৰ এনে অমূল্য ঐতিহ্য সংৰক্ষণৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত ‘জ্ঞান ভাৰতম অভিযান’ৰ অধীনত ছত্তীশগড়ৰ মালহাৰত এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰা হৈছে। ইয়াত তিনিখন বিৰল তামৰ ফলি পোৱা গৈছে। এই শিলালিপিসমূহ পাণ্ডৱ বংশৰ মহৰ্ষি বালাৰ্জুনৰ ৰাজত্বকালৰ বুলি বিশ্বাস কৰা হয়। বিশেষজ্ঞসকলৰ মতে এই শিলালিপিসমূহ ষষ্ঠ-সপ্তম শতিকাৰ, অৰ্থাৎ এই শিলালিপিসমূহ চৈধ্যশৰ পৰা পোন্ধৰশ বছৰ পুৰণি। এই তামৰ ফলকবোৰ প্ৰাচীন ব্ৰাহ্মী লিপি আৰু পালি ভাষাত লিখা হৈছে। সেই সময়ৰ শাসন ব্যৱস্থা, ধৰ্ম, সংস্কৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে।

বন্ধুসকল,

আমি ভাৰতীয়সকলৰ জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি সদায় এক বিশেষ আকৰ্ষণ আছিল। আমাৰ দেশত শতিকা পুৰণি মানৱ নিৰীক্ষণ কেন্দ্ৰ এতিয়াও আছে, য’ত আচৰিত ধৰণৰ গাণিতিক আৱিষ্কাৰ হৈছে। নেভিগেচনেই হওক, পঞ্জিকাই হওক বা আমাৰ উৎসৱ-পাৰ্বণেই হওক, আকাশ আৰু তৰাৰ সৈতে এই সকলোবোৰৰ সংযোগ আছে।

জ্যোতিৰ্বিজ্ঞানে প্ৰতিটো প্ৰজন্মৰ মাজত কৌতুহল জগাই তুলিছে, অন্বেষণৰ প্ৰেৰণা যোগাইছে, আনকি আজিৰ যুৱক-যুৱতীসকলেও ইয়াৰ প্ৰতি যথেষ্ট উৎসাহ প্ৰকাশ কৰিছে। আপুনি হয়তো লক্ষ্য কৰিছে যে সমগ্ৰ দেশতে জ্যোতিৰ্বিজ্ঞান ক্লাবসমূহ ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। ডাঙৰ ডাঙৰ চহৰৰ পৰা সৰু সৰু চহৰলৈকে, বিদ্যালয়ৰ পৰা উদ্যানলৈকে তেওঁলোকৰ কাৰ্যকলাপ দেখা যায়। ইয়াৰ মাজতে বেংগালুৰু জ্যোতিৰ্বিজ্ঞান সমিতিৰ বিষয়ে জানিব পাৰিলোঁ। তাত পৰ্যবেক্ষণ অধিবেশন অনুষ্ঠিত হয়। এই সংস্থাটোৱেও গ্ৰামাঞ্চলত জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ এক অভিযান আৰম্ভ কৰিছে। ‘খাগ্ৰোল মণ্ডল’ নামৰ এটা দলে আৰম্ভ কৰিছে অতি অভিনৱ ৩০ ঘণ্টীয়া পাঠ্যক্ৰম।

বন্ধুসকল,

ৰাতি তৰা চোৱাটো এক আচৰিত অভিজ্ঞতা। এষ্ট্ৰ’ কেৰালা নামৰ এটা সংস্থাই নিশা পৰ্যবেক্ষণ শিবিৰ আৰু কৰ্মশালাৰ আয়োজন কৰে। ইয়াত যুৱক-যুৱতীসকলে টেলিস্কোপ তৈয়াৰ কৰিবলৈ শিকে আৰু ষ্টাৰ মেপ ব্যৱহাৰ কৰিবলৈ শিকে। ৰাজকোটৰ বিগ বেং জ্যোতিৰ্বিজ্ঞান ক্লাবে গিৰ বনাঞ্চলৰ পৰা কুচ্চৰ ৰানলৈকে অসংখ্য জ্যোতিৰ্বিজ্ঞান বিষয়ক অনুষ্ঠান আয়োজন কৰিছে। জ্যোতিৰ্বিদ্যা পৰিসন্থ জ্যোতিৰ্বিজ্ঞানৰ অন্যতম পুৰণি প্ৰতিষ্ঠান। ইয়াত পৰ্যবেক্ষণৰ সুবিধা আছে, লগতে গ্ৰন্থৰ পুথিভঁৰাল আৰু টেলিস্কোপৰ পুথিভঁৰালো আছে। মই আইছাক(ISAAC)ৰ কথাও উল্লেখ কৰিব বিচাৰিছোঁ, যি ছাত্ৰ-ছাত্ৰী নেতৃত্বাধীন দেশজোৰা নেটৱৰ্কৰ সৈতে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ ক্লাবসমূহক সংযোগ কৰে।

বন্ধুসকল,

নিজৰ চখৰ বাবে সময় উলিয়াই অনবৰতে নতুন কিবা এটা শিকি থকাটো অতি প্ৰয়োজনীয়। মই যুৱক-যুৱতীসকলক এই বন্ধৰ দিনবোৰত জ্যোতিৰ্বিজ্ঞান ক্লাবত যোগদান কৰি তাৰকাগৃহলৈ যাবলৈ আহ্বান জনাম।

বন্ধুসকল,

টিভিত "মন কী বাত" অনুষ্ঠান চোৱাসকলৰ বাবে এটা ভিডিঅ' চাবলৈ অনুৰোধ জনালোঁ। শেহতীয়াকৈ এই ভিডিঅ'টোৱে বাতৰিৰ শিৰোনাম দখল কৰিছে। ইয়াত একাংশ লোকে ধৈৰ্যৰে আৰু সাৱধানে গংগাৰ ডলফিনক বচাবলৈ প্ৰচেষ্টা কৰিছে। আপুনি জানি আচৰিত হ’ব যে সমগ্ৰ প্ৰচেষ্টাটোৱে প্ৰায় ১৩ ঘণ্টা সময় লৈছিল আৰু শেষত ডলফিনটোক ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

বন্ধুসকল,

ভাৰতৰ প্ৰথমটো গংগা ডলফিন উদ্ধাৰ এম্বুলেন্সে ইয়াত মুখ্য ভূমিকা পালন কৰিছিল। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। তাত এটা খালত আবদ্ধ হৈ আছিল গংগাৰ ডলফিন। সেই সময়ত "নমামি গংগে" অভিযানৰ অধীনত নিৰ্মিত এই এম্বুলেন্সে উদ্ধাৰকাৰীসকলৰ আশা কঢ়িয়াই আনিছিল। তাৰ পিছত ইয়াক সাৱধানে উদ্ধাৰ কৰা হয়। ইয়াক পৰীক্ষা কৰি চিকিৎসা কৰা হৈছিল আৰু তাৰ পিছত নিৰাপদে ৰাপ্তী নদীত এৰি দিয়া হৈছিল। একপ্ৰকাৰ ঘৰলৈ উভতি আহিছিল এটা জীৱন।

বন্ধুসকল,

এই ডলফিন উদ্ধাৰ এম্বুলেন্সখন অতি বিশেষ। মোবাইল হাস্পতালৰ দৰে ইয়াৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। ইয়াত ডলফিনক সুৰক্ষিত কৰি ৰখাৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা আছে। ইয়াত অক্সিজেন, বিশেষ ষ্ট্ৰেচাৰ, উদ্ধাৰৰ সঁজুলি আছে। অৰ্থাৎ ইয়াৰ জৰিয়তে ডলফিন আঘাতপ্ৰাপ্ত হ’লে, খালত আবদ্ধ হ’লে বা নদীৰ পৰা বিচ্ছিন্ন হ’লে তৎক্ষণাত সহায় কৰিব পাৰি। আমি যেতিয়া গংগা ডলফিনক বচাওঁ, তেতিয়া আমি কেৱল এটা প্ৰজাতি ৰক্ষা কৰা নাই; আমি গংগাৰ জৈৱ বৈচিত্ৰ্যও ৰক্ষা কৰিছোঁ। আমি নদীখনৰ সমগ্ৰ জীৱন প্ৰণালী ৰক্ষা কৰি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক অমূল্য প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ কৰি ৰাখিলোঁ।

মোৰ প্ৰিয় দেশবাসী,

আপোনালোকৰ বহুতৰে নিশ্চয় নদী, পুখুৰী বা কুঁৱাৰ পানীৰ লগত জড়িত স্মৃতি আছে। আপোনালোকে হয়তো পুখুৰীত সাঁতুৰিছিল, কোনোবাই হয়তো পুখুৰীৰ পাৰত বন্ধু-বান্ধৱীৰ সৈতে খেলা-ধূলা কৰাৰ কথা মনত আছে, কোনোবাই হয়তো বোকাৰ গোন্ধটো মনত পেলাইছে। এনে শৈশৱৰ স্মৃতি আজীৱন হৃদয়ত খোদিত হৈ থাকে।

বন্ধুসকল,

উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ পৰা এনে স্মৃতি সংৰক্ষণৰ এক প্ৰেৰণাদায়ক কাহিনীৰ উন্মেষ ঘটিছে। বস্তিৰ আকাশ গুপ্তাৰ নিজৰ গাঁৱৰ মনোৰম নদীখন দেখি অত্যন্ত দুখ লাগিল, যিখন নদী তেওঁ শিশুৰ দৰে পৰিষ্কাৰ আৰু প্ৰাণৱন্ত দেখিছিল। সময়ৰ লগে লগে নদীখনত প্লাষ্টিক জমা হ’বলৈ ধৰিলে। এই আৱৰ্জনাবোৰ বাঢ়ি আহিছিল। আকাশ ডাঙৰীয়াই অভিযোগ নকৰি, এক নতুন আৰম্ভণি কৰাৰ সিদ্ধান্ত ল’লে। "অভিযোগ নাই, মাত্ৰ আৰম্ভণিহে" তেওঁৰ মন্ত্ৰ হৈ পৰিল। তেওঁ একাংশ বন্ধু-বান্ধৱীক গোটাই ল’লে।

তেওঁলোকৰ মাত্ৰ জাল, বেলচা, ঝাড়ু আৰু আটাইতকৈ ডাঙৰ শক্তি, যিটো এটা সলনি কৰাৰ দৃঢ়তা, সেয়া আছিল। এই যুৱকসকলে নদীত সোমাই পানীৰ হাইচিন্থ আঁতৰাই প্লাষ্টিক আৰু জাবৰবোৰ আঁতৰালে। কেতিয়াবা এদিনতে নদীৰ পৰা ৫০-৬০ কেজি জাবৰ আঁতৰাই পেলোৱা হৈছিল। লাহে লাহে মনোৰম নদীৰ সেই অংশটো আকৌ পৰিষ্কাৰ হৈ পৰিল। ওচৰ-পাঁজৰৰ মানুহৰ দৃষ্টিও এই কামৰ প্ৰতি আকৰ্ষিত হৈছিল। এনেদৰে ৰাইজৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সজাগতা বৃদ্ধি পালে।

বন্ধুসকল,

গোৱাৰ পৰাও একেধৰণৰ প্ৰেৰণাদায়ক কাহিনীৰ খবৰ আহিছে। বালকৃষ্ণ আয়াজী গোৱাৰ অৱসৰপ্ৰাপ্ত শিক্ষক। কিন্তু সমাজসেৱাৰ প্ৰতি তেওঁৰ আন্তৰিকতা একেই আছে। মাদ্দি-তোলাপ অঞ্চলৰ পানীৰ সমস্যাই তেওঁক ভীষণ অশান্তি দিছিল। তেৱোঁ সমাধানৰ দিশত কাম কৰিবলৈ ধৰিলে। পাইপলাইন স্থাপনৰ ক্ষেত্ৰত বালকৃষ্ণজীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ ফলত বহু ঘৰলৈ পানী আহিল। পানীৰ বাবে নিতৌ সংগ্ৰাম কৰিবলগীয়া হোৱা পৰিয়ালবোৰৰ বাবে এইটো আছিল এক বৃহৎ সকাহ।

বন্ধুসকল,

যোৱা মাহত মোৰ এটা বহুত ভাল অভিজ্ঞতা হৈছিল। ইয়াৰ লগত ‘মন কী বাত’ৰ সম্পৰ্কও আছে। সেয়েহে আজি আপোনালোকৰ লগত সেয়া ভাগ-বতৰা কৰিব বিচাৰিছোঁ। তামিলনাডুৰ নাগেৰকইলত এজন শিক্ষকক লগ পাইছিলোঁ। প্ৰায় তিনি দশক আগতে তেওঁক লগ পাইছিলোঁ। মই গিৰিজা আম্মাজীৰ কথা কৈছোঁ। এই বৈঠকৰ সময়ত তেওঁৰ লগত কিছুসংখ্যক কণমানি ছাত্ৰ-ছাত্ৰীও আছিল।

বন্ধুসকল,

গিৰিজা আম্মাজীয়ে প্ৰায় ১৫খন বিদ্যালয় চলায়। ইয়াৰ ভিতৰত চেন্নাইৰ জয়গোপাল গাৰোডিয়া হিন্দু বিদ্যালয় অন্যতম৷ তেওঁৰ দেশপ্ৰেমমূলক মনোভাবে প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰে। "মন কী বাত"ৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ ৰাষ্ট্ৰৰ অসংখ্য সৈনিকলৈ অৱদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ বাবে তেওঁ নিজৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰিছিল। তেওঁ শিশুসকলক সাহসী জোৱানসকলৰ বাবে প্ৰতিদিনে এটকা বৰঙণি আগবঢ়াবলৈ কয়। অৰ্থাৎ এবছৰত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে ৩৬৫ টকা সংগ্ৰহ কৰিলে। এই সৰু সৰু বৰঙণিৰ জৰিয়তে প্ৰায় ৪০ লাখ টকা সংগ্ৰহ কৰা হৈছিল। গিৰিজা আম্মাই মোৰ হাতত এই সমগ্ৰ ধনৰ চেক এখন আগবঢ়াই দিলে। তেওঁৰ লগত হোৱা কথা-বতৰাৰ সময়ত ভাৰত মাতৃৰ প্ৰতি তেওঁৰ সমৰ্পিত মানসিকতাৰ গভীৰতা উপলব্ধি কৰিলোঁ। যোৱা বছৰ চেন্নাইৰ প্ৰথমখন হিন্দু বিদ্যালয়ে ৫০ বছৰীয়া জয়ন্তী সম্পূৰ্ণ কৰিলে। দেশৰ শিক্ষা আৰু সাংস্কৃতিক গৌৰৱক আগুৱাই নিয়াত এই বিদ্যালয়ে লোৱা ভূমিকা প্ৰশংসনীয়। ইয়াৰ লগত জড়িত সকলোকে অভিনন্দন জনাইছোঁ আৰু বিশেষকৈ আমাৰ বীৰ জোৱানসকলৰ বাবে অৱদান আগবঢ়োৱা ছাত্ৰ-ছাত্ৰীসকলৰ শলাগ লৈছোঁ।

বন্ধুসকল,

ভাৰতৰ প্ৰতিখন গাঁও বা নগৰতে কিবা নহয় কিবা এটা ঘটিয়ে আছে, যি আমাক অনুপ্ৰাণিত কৰে। প্ৰায়ে এই প্ৰচেষ্টাসমূহৰ বিষয়ে বহুলভাৱে চৰ্চিত নহয়, কিন্তু যেতিয়া আমি এইবোৰৰ বিষয়ে সচেতন হওঁ, তেতিয়া ই আমাৰ বিশ্বাসক শক্তিশালী কৰি তোলে যে দেশখনে নিজৰ জনসাধাৰণৰ ক্ষমতাৰে আগবাঢ়ি আছে। এনে প্ৰচেষ্টাৰ বাবে ইফালে সিফালে চাবলৈ আহ্বান জনাইছোঁ। যিসকলে সমাজৰ বাবে ভাল কাম কৰি আছে তেওঁলোকক চিনি পাওক, তেওঁলোকৰ শলাগ লওক, তেওঁলোকৰ পৰা শিকি লওক আৰু সম্ভৱ হ’লে নিজেও কিবা এটা ভাল কামত জড়িত হওক। অহা মাহত "মন কী বাত"ত আৰু কিছু প্ৰেৰণাদায়ক কাহিনী লৈ আহিম। আপোনালোকক বহুত বহুত ধন্যবাদ। নমস্কাৰ।

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's EV market to grow 12-fold to 30.4 mn units by 2032 under high-growth scenario: Report

Media Coverage

India's EV market to grow 12-fold to 30.4 mn units by 2032 under high-growth scenario: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Thiru K. Kamaraj Ji on his birth anniversary
July 15, 2026

Prime Minister Shri Narendra Modi today, paid homage to Thiru K. Kamaraj Ji on his birth anniversary, remembering him as a stalwart of India's freedom movement and an exceptional public figure who dedicated his life to nation-building. Shri Modi said that Thiru K. Kamaraj Ji's unwavering commitment to education, inclusive development and the welfare of the underprivileged continues to inspire generations.

Shri Modi posted on X;

Remembering Thiru K. Kamaraj Ji on his birth anniversary. A stalwart of India’s freedom movement and an exceptional public figure, he dedicated his life to nation-building. His unwavering commitment to areas like education, inclusive development and the welfare of the underprivileged continues to guide generations.