From national security to the sports field, from science laboratories to the world's biggest platforms, India left a strong mark everywhere: PM Modi
During ‘Operation Sindoor’, images of love and devotion towards Maa Bharati emerged from every corner of the country: PM Modi
In the World Championship, Para-athletes proved by winning several medals that no obstacle can come in the way of zeal & determination: PM Modi
Our achievements in the field of science, new innovations, and the expansion of technology have greatly impressed countries around the world: PM Modi
On the 12th of next month, 'National Youth Day' will be celebrated on the occasion of Swami Vivekananda's birth anniversary: PM Modi
During the 'Smart India Hackathon 2025', students worked on more than 270 problems of more than 80 government departments: PM Modi
Moirangthem from Manipur started a campaign to install solar panels and on account of this campaign, today solar power has reached hundreds of houses in his area: PM Modi
Today, under the 'PM Surya Ghar Muft Bijli Yojana', the government is providing approximately 75,000 to 80,000 rupees to each beneficiary family for installing solar panels: PM Modi
Under the theme of 'Learn Tamil - Tamil Karkalam', special campaigns were run in more than 50 schools in Varanasi: PM Modi
Freedom fighter Parvati Giri ji’s birth centenary will be celebrated in January 2026. After the independence movement, Parvati Giri ji dedicated her life to social service and tribal welfare: PM Modi
The Andhra Pradesh government and NABARD are jointly teaching artisans new designs, providing better skill training, and connecting them with new markets: PM Modi
This year, the Kutch Ranotsav began on the 23rd of November and will continue until the 20th of February: PM Modi
When traditional knowledge is leveraged with a modern vision, it can become a major vehicle for economic progress: PM Modi

 নমস্কাৰ। মন কী বাতলৈ আকৌ এবাৰ স্বাগতম জনাইছো, অভিনন্দন জনাইছো। কেইদিনমানৰ পাছতেই ২০২৬ চনে আহি দুৱাৰত টোকৰ মাৰিবহি।  আপোনালোকৰ সৈতে কথা কৈ থকা এই মূহুৰ্তত মোৰ মনলৈ আহিছে বিগত বৰ্ষটোৰ অনেক দূখৰিয়া ছবি, অনেক আলোচনা-পৰ্যালোচনা আৰু মিশ্ৰিত উপলব্ধি- যিসমূহে দেশখনক একগোট কৰি বান্ধি ৰাখিছিল। ২০২৫ বৰ্ষটোৱে আমাক এনে কিছু মূহুৰ্ত উপহাৰ দিলে যাক লৈ আমি প্ৰতিগৰাকী ভাৰতীয়ই গৰ্ব অনুভৱ কৰো।দেশৰ সুৰক্ষাৰ পৰা খেলপথাৰলৈকে, বিজ্ঞানাগাৰৰ পৰা বিশ্বৰ বৃহৎ মঞ্চখনলৈকে সকলোতে ভাৰতে নিজৰ সুদৃঢ় স্থিতিৰ প্ৰমাণ দিলে। এই বৰ্ষত ‘অপাৰেচন সিন্দূৰ’ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্বৰ প্ৰতীক আছিল। ভাৰতেযে নিজৰ সুৰক্ষাৰ বাবে কাৰো সৈতে কোনোধৰণৰ আপোচ নকৰে বিশ্ববাসীয়ে সেই কথা স্পষ্ট ৰূপত দেখা পালে। ‘অপাৰেশ্চন সিন্দূৰ’ৰ কালছোৱাত দেশৰ প্ৰতিটো কোণৰ পৰাই মা-ভাৰতীৰ প্ৰতি প্ৰেম আৰু সমৰ্পণৰ ছবি দেখিবলৈ পোৱা গ’ল। জনসাধৰণে নিজস্ব ধৰণে নিজৰ নিজৰ ভাব ব্যক্ত কৰিলে।

    বন্ধুসকল, ‘বন্দে মাতৰম‘ৰ ১৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষতো একেই আবেগ দেখা পোৱা গ’ল। ‘#VandeMataram150’লৈ আপোনালোকক  বাৰ্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰিবলৈ মই অনুৰোধ জনালো। সমগ্ৰ দেশবাসীয়ে এই অভিযানত সামগ্ৰীকভাৱে অংশগ্ৰহণ কৰিলে।

    বন্ধুসকল, ২০২৫ বৰ্ষটো খেলজগতৰো এক স্মৰণীয় বৰ্ষ হৈ ৰ’ল। আমাৰ পুৰুষ ক্ৰিকেট দল ICC Champions Trophy-ত বিজয়ী হ’ল। মহিলা ক্ৰিকেট দলেও প্ৰথমবাৰলৈ বিশ্বকাপ জয় কৰিলে। ভাৰতৰ জীয়ৰীসকলে  অমেনছ ব্লাইণ্ড টি ২- বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰিলে। এছিয়া কাপ টি-২০ টো ভাৰতৰ ত্ৰিৰংগ পতাকা গৌৰৱেৰে উৰিল। পেৰা এথলিটসকলেও বিশ্ব চেম্পিয়নশ্বিপত কেইবাটাও পদক অৰ্জন কৰি কোনো বাধাই যে ক্ৰীড়াৰ উৎসাহক ম্লান কৰিব নোৱাৰে তাকেই প্ৰমাণ কৰিলে। বিজ্ঞান আৰু মহাকাশৰ ক্ষেত্ৰটো ভাৰতে এটা বৃহৎ সফলতা লাভ কৰিলে। শুভাংসু শুক্লা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় ৰূপে পৰিচিত হ’ল। পৰিবেশ সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ কেইবাটাও উল্লেখযোগ্য প্ৰয়াসৰ বাবে ২০২৫ বৰ্ষটো চিহ্নিত হৈ ৰ’ব। ভাৰতত চিতাবাঘৰ সংখ্য এতিয়া ৩০ তাতকৈ অধিক বৃদ্ধি পাইছে। ২০২৫ ত ধৰ্মীয় আস্থা, সংস্কৃতি আৰু ভাৰতৰ অদ্বিতীয় পৰম্পৰাৰ মিলন দেখা পোৱা গল। প্ৰয়াগৰাজ মহাকুম্ভ মেলাৰ আয়োজনেৰে বছৰটোৰ আৰম্ভণি হল – যিকথাই বিশ্ববাসীক আকৰ্ষিত কৰিলে আৰু বছৰৰ শেষত অযোধাৰ ৰামমন্দিৰৰ ধ্বজাৰোহণ কাৰ্যসূচীয়ে প্ৰতিগৰাকী ভাৰতীয়ক গৰ্বিত কৰি তুলিলে। স্বদেশী সামগ্ৰীক লৈও ভাৰতবাসীৰ মনত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গল। জনসাধৰণে সেইবিধ সামগ্ৰীহে ক্ৰয় কৰিলে, যিবিধ সামগ্ৰী এজন ভাৰতীয়ৰ শ্ৰম আৰু ঘামেৰে নিৰ্মিত আৰু য’ত ভাৰতৰ মাটিৰ সুগন্ধ মিহলি হৈ আছে। আমি আজি গৰ্বেৰে কব পাৰো যে ২০২৫ বৰ্ষটোৱে ভাৰতক অধিক আত্মবিশ্বাস প্ৰদান কৰিলে। এইটো কথাও সত্য যে এই বৰ্ষটোতে আমি বাৰুকৈয়ে প্ৰাকৃতিক দুৰ্যোগো সহ্য কৰিব লগা হ’ল। দেশ এতিয়া ২০২৬ ত নতুন আশা, নতুন সংকল্পৰে সৈতে আগবাঢ়িবলৈ প্ৰস্তুত।

    মোৰ প্ৰিয় দেশবাসী, বিশ্ববাসীয়ে এতিয়া ভাৰতলৈ অতি আশাৰে দৃষ্টি নিবদ্ধ কৰিছে। ভাৰতৰ পৰা কিবা এটা আশা কৰাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল আমাৰ যুৱশক্তি। বিজ্ঞানৰ ক্ষেত্ৰখনত আমাৰ প্ৰাপ্তি, নতুন নতুন উদ্ভাৱন, প্ৰযুক্তিৰ প্ৰসাৰ ইত্যাদিয়ে বিশ্বৰ দেশসমূহক বাৰুকৈয়ে আকৰ্ষিত কৰিছে। বন্ধুসকল, ভাৰতৰ যুৱসকলৰ সদায়ে নতুন কিবা এটা কৰাৰ উন্মাদনা দেখা যায়। এইকথা লৈ তেওঁলোক সদা সতৰ্ক আৰু সজাগ। মোৰ যুৱ বন্ধুসকলে এই কথা প্ৰায়ে সোধে যে ৰাষ্ট্ৰ নিৰ্মাণত আমি কেনেকৈ অংশগ্ৰহণ কৰিম ? বা নিজৰ মতামত কেনেকৈ ভাগবতৰা কৰিম। অনেকেই প্ৰশ্ন কৰে যে মোৰ সন্মুখত তেওঁলোকে তেওঁলোকৰ উপপস্থাপন কিদৰে  প্ৰদৰ্শন কৰিব ? মোৰ যুৱবন্ধুসকলৰ এই সকলোবোৰ প্ৰশ্নৰ এটাই সমাধান, সেয়া হ’ল ‘বিকশিত ভাৰত ইংয় লিডাৰ ডায়েলগ ’। বিগত বৰ্ষত ইয়াৰ প্ৰথম সংস্কৰণ হৈ যায়, আৰু কেইদিনমান পাছতেই ইয়াৰ দ্বিতীয় সংস্কৰণ হ’ব। অহামাহৰ ১২ জানুৱাৰী স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱদিৱস ৰূপে পালন কৰা হ’ব। সেইদিনাই ইংয় লিডাৰ ডায়েলগৰো আয়োজন কৰা হ’ব। য’ত আপোনালোকে নিশ্চয় অংশগ্ৰহণ কৰিব। আৰু মইয়ো তাত উপস্থিত থাকিম। ইয়াত আমাৰ যুৱসকলে উদ্ভাৱন, শাৰীৰিক সক্ষমতা, ষ্টাৰ্টআপ আৰু কৃষি আদি মহত্তপূৰ্ণ বিষয়ত নিজৰ ভাব ব্যক্ত কৰিব পাৰিব। মই এই অনুষ্ঠানক লৈ যথেষ্ট উৎসুক হৈ আছো।

    বন্ধুসকল, এই অনুষ্ঠানত বিশাল সংখ্যাত আমাৰ যুৱপ্ৰজন্মই ভাগ লোৱা কথাটোৱে মোক আনন্দিত কৰিছে। কিছুদিন আগেয়ে এই সংক্ৰান্তিয় এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়, য’ত প্ৰায় ৫০ লাখ যুৱপ্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ৰচনা প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়ৰ ৰচনা লিখে। এই প্ৰতিযোগিতাত তামিলনাডুয়ে প্ৰথম আৰু উত্তৰপ্ৰদেশে দ্বিতীয় স্থান লাভ কৰে।

    বন্ধুসকল, আজিৰ যুৱপ্ৰজন্মই বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুওৱাৰ সুযোগ লাভ কৰিছে। দেশত এনে বহু মঞ্চৰ বিকাশ হৈছে, য’ত যুৱক-যুৱতীসকলে নিজৰ যোগ্যতা আৰু ৰুচী অনুসৰি প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিছে। এনে এক মঞ্চ হ’ল ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন’ য’ত চিন্তা, কাৰ্যলৈ ৰূপান্তৰিত হয়। বন্ধুসকল, এই মাহতে ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন’ ২০২৫ ৰ সমাপ্তি ঘটিছে। এই হেকাথনৰ সময়ছোৱাত ৮০ টাতকৈ অধিক বিভাগত ২৭০ তাতকৈও অধিক সমস্যাক লৈ ছাত্ৰ-ছাত্ৰীসকলে কাম আৰম্ভ কৰিলে। তেওঁলোকে এনে এক সমাধান সূত্ৰ দিলে যি আমাৰ দৈনন্দিন জীৱনৰ প্ৰত্যাহ্বানৰ সৈতে জড়িত। যেনে- ট্ৰেফিকৰ সমস্যা। এই বিষয়ে তেওঁলোকে স্মাৰ্ট ট্ৰেফিক মেনেজমেণ্টৰ সৈতে জড়িত যথেষ্ট আকৰ্ষণীয় কিছু কথা ভাগবতৰা কৰিলে। অৰ্থনৈতিক জালিয়াতি আৰু ডিজিটেল এৰেষ্ট সংক্ৰান্তিয় প্ৰত্যাহ্বানৰ সমাধানতো এই যুৱক-যুৱতীসকলে নিজৰ ভাব ব্যক্ত কৰিলে। গাঁৱত ডিজিটেল বেংকিঙৰ বাবে চাইবাৰ চিকিউৰিটি কাঠামোৰ পৰামৰ্শ দিলে। কোনো কোনো গৰাকী যুৱক-যুৱতী কৃষিখণ্ডৰ প্ৰত্যাহ্বান সমাধান কৰাৰ বাবে লাগি পৰিল। বন্ধুসকল, বিগত ৭-৮ বছৰ ধৰি ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন’ ত ১৩ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী আৰু ৬ হাজাৰতকৈ অধিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। যুৱক-যুৱতীসকলে অসংখ্য সমস্যাৰ সঠিক সমাধান দিছে। এইদৰেই সময়ে সময়ে হেকাথনৰ আয়োজন কৰি অহা হৈছে। এই হেকাথনত অংশগ্ৰহণ কৰিবলৈ মই যুৱক-যুৱতীসকলক অনুৰোধ জনাইছো।

বন্ধুসকল, আজিৰ জীৱনশৈলী প্ৰযুক্তি চালিত হৈ গৈ আছে আৰু যিবোৰ পৰিবৰ্তনে পূৰ্ণতা প্ৰাপ্তিৰ বাবে দশক জোৰা সময় লৈছিল, সেই পৰিবৰ্তনে সাকাৰ ৰূপ মাত্ৰ কেইটামান বছৰতে লভা আমি প্ৰত্যক্ষ কৰিছো। বিভিন্ন সময়ত বিভিন্ন লোকে সন্দেহ প্ৰকাশ কৰি আহিছে যে ৰবট বা যন্ত্ৰমানৱে কিজানি আমাৰ মনুষ্যৰ স্থান লৈ আমাকেই শাসন কৰিবগৈ পাৰে। এনে পৰিবৰ্তিত পৰিস্থিতিত মানৱ বিকাশৰ বাবে আমি নিজৰ শিপাৰ সৈতে নিজকো জড়িত কৰি ৰাখিব পাৰিব লাগিব। মই বৰ আনন্দিত হৈছো যে আমাৰ নৱপ্ৰজন্মই আমাৰ সংস্কৃতিৰ শিপাৰ সৈতে দৃঢ়তাৰে সংলগ্ন হৈ আছে- নতুন চিন্তা-ভাৱনা আৰু নতুন কৌশলেৰে সৈতে।

    বন্ধুসকল, আপোনালোকে নিশ্চয় ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ বিষয়ে শুনিছে।গৱেষণা আৰু উদ্ভাৱনী শক্তি এই প্ৰতিষ্ঠানৰ পৰিচয়। কেইবছৰমানৰ আগতে ইয়াৰ কিছু শিক্ষাৰ্থীয়ে উপলব্ধি কৰিলে যে অধ্যয়ন আৰু গৱেষণাৰ মাজতে আমি সংগীতকো কিছু সময় দিয়া উচিত। বচ, তাতেই সৰুকৈ সংগীত শিক্ষাৰ শ্ৰেণী আৰম্ভ হৈ গল। কোনো ডাঙৰ মঞ্চ নাছিল-নাছিল কোনো বৃহৎ পুঁজি। লাহে লাহে এই প্ৰয়াসে গতি ললে আৰু আজি আমি ইয়াক ‘গীতাঞ্জলি  আইআইএছচি বুলি জানিব পাৰিলো। ই কেৱল এক ক্লাছ নহয়, কেম্পাছৰ সাংস্কৃতিক কেন্দ্ৰ হৈ পৰিছে। ইয়াত হিন্দুস্তানী শাস্ত্ৰীয় সংগীত আছে, লোক পৰম্পৰা আছে, শাস্ত্ৰীয় সংগীত অধ্যয়নৰ বিভিন্ন ধাৰা আছে। ছাত্ৰ-ছাত্ৰীয়ে ইয়াতে বহি ৰেৱাজ কৰে, অধ্যাপকসকলো আহে, তেওঁলোকৰ পৰিয়ালসমূহেও যোগদান কৰে। বৰ্তমান দুশতকৈ অধিক লোক এই কেন্দ্ৰৰ সৈতে জড়িত হৈ পৰিছে। আচল কথা এইটোৱেই যে যিসকল বিদেশলৈ গুচি গৈছে, তেওঁলোকো অনলাইন যোগে এই গ্ৰুপৰ সৈতে চামিল হৈ পৰিছে।

    বন্ধুসকল,নিজৰ শিপাৰ সৈতে জড়িত হৈ থকাত এই প্ৰচেষ্টা কেৱল ভাৰততে সীমাবদ্ধ হৈ থকা নাই।বিশ্বৰ প্ৰান্তে প্ৰান্তে বসবাস কৰা ভাৰতীয় লোকসকলেও নিজৰ নিজৰ ভূমিকা পালন কৰিছে। প্ৰবাসৰ এনেকুৱা এটা উদাহৰণ হৈছে- ডুবাই চহৰ। তাত বাস কৰা কানাড়া পৰিয়ালে প্ৰশ্ন কৰিলে- আমাৰ ল’ৰা-ছোৱালীহতে Tech-World ত বহুখিনি আগবাঢ়ি গৈছে, পিছে নিজৰ ভাষাৰ পৰা আতৰি গৈছে নেকি ! আৰু ইয়াৰ পৰাই আৰম্ভ হ’ল-কানাড়া পাঠশালা। এনে এক প্ৰয়াস, য’ত ল’ৰা-ছোৱালীহঁতক কানাড়া ভাষা পঢ়ুওৱা, শিকোৱা, কোৱা আৰু লিখিবলৈ শিকোৱা হয়। আজি প্ৰায় এহেজাৰৰো অধিক শিশু ইয়াৰ সৈতে জড়িত হৈ পৰিছে। সঁচাকৈয়ে ‘কান্নাড়া নাড্ডু, নুডী নম্মা হেম্মে’। কানাড়া ভূমি আৰু ভাষা – আমাৰ গৰ্ব।

    বন্ধুসকল, হিন্দীত এটি পুৰণি প্ৰবাদ আছে- "जहाँ चाह, वहीं राह"।  প্ৰবল ইচ্ছাশক্তিয়ে দূৰ্গম অঞ্চলতো পথ মোকলাই দিয়ে।ইয়াকেই প্ৰতিপন্ন কৰি দেখুৱালে মণিপুৰৰ এক যুৱক- মোইৰাংথেম সেঠ মহোদয়ে। তেওঁৰ বয়স চল্লিখতকৈও কম। শ্ৰীমান মোইৰাংথেমে মণিপুৰৰ দূৰণিবতীয়া ঠাইত বসবাস কৰে, য’ত বিদ্যুতশক্তিৰ খুবেই অভাৱ। এই প্ৰত্যাহ্বান গ্ৰহণ কৰি তেওঁ স্থানীয় সমাধানৰ ওপৰত গুৰুত্ব দিলে আৰু বিকল্প বিচাৰি পালে সৌৰশক্তি। অৱশ্যে আমাৰ মণিপুৰত সৌৰশক্তি উৎপাদন কৰা সিমান কঠিন নহয়। গতিকে মোইৰাংথেম ডাঙৰীয়াই  সৌৰ পেনেল  লগোৱাৰ অভিযান আৰম্ভ কৰিলে আৰু তেওঁৰ এই অভিযানৰ ফলস্বৰূপে তেওঁৰ অঞ্চলটোৰ বহুতো ঘৰত সৌৰশক্তি যোগান ধৰিব পৰা হৈছে। বিশেষ কথাটো হৈছে তেওঁ এই সৌৰশক্তি  স্বাস্থ্যৰ যত্ন   অৰ্থাৎ স্বাস্থ্যক্ষেত্ৰ আৰু জীৱিকাৰ ক্ষেত্ৰ উন্নীতকৰণৰ কামত প্ৰয়োগ কৰিবলৈহে আৰম্ভ কৰিছিল। তেওঁৰ এই প্ৰয়াসৰ বাবেই আজি মণিপুৰত বহুতো স্বাস্থ্য কেন্দ্ৰত সৌৰশক্তি চালিত বিদ্যুৎ যোগান সম্ভৱ হৈ উঠিছে। তেওঁৰ এই কামৰ কাৰণে মণিপুৰৰ নাৰীসকলো বহুলাংশে লাভান্বিত হৈছে। স্থানীয় মৎস্যজীৱি আৰু কাৰিকৰ সকলো উপকৃত হ’ব পাৰিছে।

    বন্ধুসকল, বৰ্তমান চৰকাৰে পিএম সূৰ্য ঘৰ মুক্ত বিজুলী আঁচনিৰ জৰিয়তে হিতাধিকাৰী পৰিয়ালসমূহক সৌৰ পেনেল  লগাবৰ বাবে প্ৰায় ৭৫ ৰ পৰা ৮০ হেজাৰ টকাৰ অনুদান দি আছে। যদিওবা মোৰাইংথেমৰ এই প্ৰচেষ্টা ব্যক্তিগত প্ৰচেষ্টা, কিন্তু তেওঁৰ এই প্ৰয়াসে প্ৰতিটো সৌৰশক্তি অভিযানক এটা গতি দিলে। মন কী বাতৰ মাধ্যমেৰে মই তেওঁলোকলৈ শুভকামনা জ্ঞাপন কৰিলো।

    মোৰ প্ৰিয় দেশবাসী। আহক আমি এতিয়া জম্মু আৰু কাশ্মীৰলৈ যাও। জম্মু আৰু কাশ্মীৰৰ সাংস্কৃতিক আৰু ঐতিহাসিক পৰম্পৰাৰ এক গাথাঁৰ কথা কবলৈ ওলাইছো- যিয়ে আপোনাসৱক গৌৰৱান্বিত কৰি তুলিব। জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত দেহনপোৰা নামৰ এখন ঠাই আছে। তাত ওখ ওখ কিছুমান টিলা মানুহে বছৰ বছৰ ধৰি প্ৰত্যক্ষ কৰি আহিছে, সাধাৰণ কিছুমান টিলা কোনেও কেতিয়াও চিন্তা কৰা নাছিল। পিছে এদিন সেই টিলাবোৰত প্ৰত্নতত্ববিদৰ চকু পৰিল। যেতিয়া তেওঁলোকে ভালদৰে নিৰীক্ষণ কৰিলে-সেই টিলাবিলাক বেলেগ যেন লাগিল। পিছত বৈজ্ঞানিক অনুসন্ধান আৰম্ভ হ’ল। ড্ৰোণৰ জৰিয়তে ওপৰৰ পৰা চিত্ৰগ্ৰহণ কৰা হ’ল, ভূমিৰ জৰীপ আৰু মেপিং কৰা হ’ল। পোৱা গ’ল এই টিলাসমূহ প্ৰাকৃতিকভাৱে সৃষ্ট হোৱা নাই। এইবোৰ মানুহৰ দ্বাৰা নিৰ্মিত কোনো বৃহৎ প্ৰসাদৰ ধ্বংসাৱশেষহে মাত্ৰ। এইখিনিতে আৰু এটা মনোগ্ৰাহী কথা ইয়াৰ সৈতে জড়িত হৈ পৰিল। কাশ্মীৰৰ পৰা হেজাৰ কিলোমিটাৰ দূৰত ফ্ৰান্সৰ এটা যাদুঘৰৰ আৰ্কাইভত এখন পুৰণি অস্পষ্ট চিত্ৰ পোৱা গ’ল। বাৰামুলাৰ সেই চিত্ৰত তিনিটা বৌদ্ধ স্তপ দেখিবলৈ পোৱা গ’ল। ইয়াৰ পৰাই সময়ে নতুন ৰূপ ললে আৰু কাশ্মীৰৰ এক গৌৰৱশালী অতীতে আহি আমাক দেখা দিলে। এইয়া প্ৰায় ২০০০ বছৰৰ পুৰণি ইতিহাস। কাশ্মীৰৰ জেহনপোৰাৰ এই বৌদ্ধ পৰিসৰে কাশ্মীৰৰ অতীত কি আছিল আৰু কেনে পৰিচয় কিমান সমৃদ্ধ আছিল সেয়া জনাই দিয়ে।

 মোৰ প্ৰিয় দেশবাসী,

এইবাৰ মই ভাৰতৰ পৰা হাজাৰ কিঃমিঃ দূৰৰ এনে এক প্ৰয়াসৰ কথা ক’ব খুজিছো যি হৃদয়স্পৰ্শী।ফিজিত ভাৰতীয় ভাষা আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে এক প্ৰশংসনীয় পদক্ষেপ লোৱা হৈছে। তাত নতুন প্ৰজন্মক তামিল ভাষা আৰু সংস্কৃতিৰ সৈতে জড়িত কৰিবলৈ বিভিন্ন স্তৰত কিছুমান কাম কৰিবলৈ লোৱা হৈছে। যোৱা মাহত ফিজিৰ ‘ৰাকী-ৰাকী‘ অঞ্চলত এখন স্কুলত প্ৰথম বাৰৰ বাবে তামিল দিৱস পালন কৰা হ’ল। সেই দিনা ল’ৰা-ছোৱালীহতে এনে এক মঞ্চ পালে, য’ত নিজৰ মাতৃভাষাত হিয়া উজাৰি অনুষ্ঠান সম্পন্ন কৰিলে, তেওঁলোকে তামিল ভাষাত কবিতা, পাঠ কৰিলে, ভাষণ দিলে অৰ্থাৎ নিজৰ সংস্কৃতিক সম্পূৰ্ণ আত্মবিশ্বাসেৰে মঞ্চত উপস্থাপন কৰিলে। বন্ধুসকল, দেশৰ ভিতৰতো তামিল ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি থকা হৈছে। কিছুদিন পূৰ্বে মোৰ সংসদীয় সমষ্টি বাৰানসীত চতুৰ্থ ‘কাশী কামিল সংগমম’  অনুষ্ঠিত হৈ গ’ল। এতিয়া মই আপোনালোকক এটা Audio clip শুনাবলৈ ওলাইছো, আপোনালোকে শুনক আৰু ভাৱক তামিল ভাষা ক’বলৈ চেষ্টা কৰা এই অকণিহঁতনো ক’ৰ বাৰু ?

            বন্ধুসকল, আপোনালোকে জানি আচৰিত হ’ব যে তামিল ভাষাত ইমান সলসলীয়াকৈ কথা ক’ব পৰা এই কণমানিহঁতৰ ঘৰ কাশীত, বাৰাণসীত। এওঁলোকৰ মাতৃভাষা হিন্দী যদিও তামিল ভাষাৰ প্ৰতি থকা আগ্ৰহে এওঁলোকক তামিল শিকিবলৈ প্ৰেৰণা দিলে। এইবছৰ বাৰানসীত কাশী তামিল সংগমমৰ সময়ছোৱাত তামিল শিকিবলৈ জোৰ দিয়া হৈছিল।

 “তামিল শিকক”- তামিল কৰাকলম”-এই নামেৰে বাৰানসীৰ ৫০ ৰো অধিক বিদ্যালয়ত এটি অভিযান চলোৱা হৈছিল। তাৰফল আপোনালোকে এই  অডিঅ ক্লিপটোত শুনিবলৈ পাইছে।

বন্ধুসকল, তামিল পৃথিৱীৰ প্ৰাচীনতম ভাষা। তামিল সাহিত্যও অতি সমৃদ্ধ। মই মন কী বাতৰ জৰিয়তে আপোনালোকক কাশী তামিল সংগমম নামৰ অনুষ্ঠানত ভাগ ল’বলৈ অনুৰোধ জনাইছো। মই জানিবলৈ পাই আনন্দিত হৈছো যে দেশৰ আন আন অঞ্চলৰ চেমনীয়া আৰু যুৱক-যুৱতীসকলো তামিল ভাষাৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। এয়াই হৈছে ভাষাৰ শক্তি, এয়াই হৈছে ভাৰতৰ একতা।

    বন্ধুসকল, অহা মাহত আমি ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিমহঁক। এনে উপলক্ষ্যৰ সময়ত আমাৰ মন স্বাধীনতা সংগ্ৰামী আৰু সংবিধান নিৰ্মাতা সকলৰ প্ৰতি কৃতজ্ঞতাৰে ভৰি উঠে। স্বাধীনতা লাভৰ বাবে আমাৰ দেশে দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাইছিল। স্বাধীনতা সংগ্ৰামত দেশৰ সকলো অংশৰ লোকেই অৰিহণা আগবঢ়াইছিল। কিন্তু দূৰ্ভাগ্যৱশতঃ এনে বহু স্বাধীনতা সংগ্ৰামী প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত হৈ থাকিল। এনে এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল ওড়িষাৰ পাৰ্বতী গিৰি। ২০২৬ চনৰ জানুৱাৰী মাহত তেখেতৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ’ব। তেখেতে ষোল্ল বছৰ বয়সতে ভাৰত ত্যাগ আন্দোলনত ভাগ লৈছিল। বন্ধুসকল, স্বাধীনতা আন্দোলনৰ পিছত তেখেতে নিজৰ জীৱন সমাজ সেৱা আৰু জনজাতিৰ কল্যাণৰ হকে উছৰ্গা কৰিলে। তেখেতে কেইবাটাও অনাথালয় স্থাপন কৰিছিল। তেখেতৰ জীৱন কাহিনী সকলো প্ৰজন্মৰ বাবেই প্ৰেৰণাৰ উৎস হৈ ৰ’ব।

“মা পাৰ্বতী গিৰি জিংকু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰুচ্ছি।“

(মই পাৰ্বতী গিৰিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।)

বন্ধুসকল, আমাৰ ঐতিহ্যক পাহৰি নগৈ পৰবৰ্তী প্ৰজন্মক মহান স্বাধীনতা সংগ্ৰামীসকলৰ কাহিনী জনোৱাটো আমাৰ দায়িত্ব। আপোনালোকৰ নিশ্চয় মনত আছে যে চৰকাৰে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে এটি বিশেষ ৱেৱচাইট সৃষ্টি কৰিছিল। ইয়াতে এটা ভাগ আছিল- অজানা নায়কসকলৰ বাবে উছৰ্গিত। আজিও আপোনালোকে এই ৱেৱচাইট চাই স্বাধীনতা অৰ্জনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এই মহান ব্যক্তিসকলৰ বিষয়ে জানিব পাৰিব।

    মোৰ প্ৰিয় দেশবাসী, মন কী বাত অনুষ্ঠানত আমি সমাজৰ উপকাৰ হোৱা বিষয়সমূহ আলোচনা কৰিবলৈ সুবিধা পাওঁ। আজি মই উদ্বেগৰ কাৰণ হৈ উঠা এনে এটি বিষয় উত্থাপন কৰিব খুজিছো। ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিছাৰ্চ নামৰ প্ৰতিষ্ঠানটোৰ এখন প্ৰতিবেদন অনুসৰি, নিউমোনিয়া, প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ আদি বিভিন্ন ৰোগৰ ক্ষেত্ৰত  এণ্টিবায়োটিক দৰৱৰ প্ৰভাৱ কমি আহিছে। ইয়াৰ কাৰণ হৈছে জধে-মধে এণ্টিবায়োটিক  দৰৱ সেৱন কৰা। ই এনেয়ে সেৱন কৰিব পৰা দৰৱ নহয়, চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে Antibiotic দৰৱ সেৱন কৰা উচিত। আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ- জধে-মধে দৰৱ সেৱন নকৰিব-বিশেষকৈ এণ্টিবায়োটিক  দৰৱ। চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে দৰৱ সেৱন কৰিলে আপোনাৰ সুস্বাস্থ্য সুনিশ্চিত।

    মোৰ প্ৰিয় দেশবাসী, আমাৰ পাৰম্পৰিক কলাই সমাজ শক্তিশালী কৰাৰ লগতে আৰ্থিক প্ৰগতিও কঢ়িয়াই আনে। অন্ধ্ৰপ্ৰদেশৰ নাৰচাপুৰম জিলাৰ Lace Craft এতিয়া গোটেই দেশজুৰি  চৰ্চিত হৈছে। বহুত ধৈয্যৰে মহিলাসকলে এই কলাৰ চৰ্চা কেইবাটাও প্ৰজন্ম ধৰি কৰি আহিছে। আজি অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু  নাবাৰ্ডে  নতুন আৰ্হি আৰু প্ৰশিক্ষণৰ দ্বাৰা এই কলাৰ বাবে নতুন বজাৰ এখন মুকলি কৰি দিছে। নাৰচাপুৰমৰ  লেচ গ্ৰাফ্টে  জিআইটেগ লাভ কৰিছে। আজি পাঁচশৰো অধিক প্ৰকাৰৰ সামগ্ৰী নিৰ্মাণেৰে আঢ়ৈশ গাঁৱৰ এক লাখৰো অধিক মহিলাই জীৱিকা অৰ্জন কৰিছে।

    বন্ধুসকল, যি সকল লোকে নিজ পৰিশ্ৰমেৰে পৰম্পৰাগত কলা কৌশল আগবঢ়াই নিছে, লগতে স্থানীয় লোকসকলক সবলীকৰণ কৰিছে, এনে ব্যক্তিৰ পৰিচয় দাঙি ধৰাৰ বাবে মন কী বাত এক সুন্দৰ মঞ্চ। মণিপুৰৰ চুৰাচান্দপুৰৰ মাৰ্গাৰেট ৰামথাৰ চিয়েমৰ প্ৰয়াসো এনেধৰণৰ। তেওঁ মণিপুৰৰ পৰম্পৰাগত ভাবে উৎপাদিত সামগ্ৰী হস্তশিল্প, বাঁহেৰে নিৰ্মিত সামগ্ৰী, কাঠেৰে নিৰ্মিত সামগ্ৰী এক বৃহৎ দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰে। আৰু এই দৃষ্টিভংগীয়েই হস্তশিল্পৰ শিল্পকাৰসকলৰ জীৱন সলনি কৰাৰ এক মাধ্যম হৈ পৰে। আজি মাৰ্গাৰেট মহাশয়াৰ গোটত ৫০ তকৈ অধিক শিল্পীয়ে কাম কৰি আছে আৰু তেওঁলোকৰ পৰিশ্ৰমৰ বাবেই দিল্লী সমন্বিতে আন বহু ৰাজ্যত তেওঁলোকে তেওঁলোকৰ সামগ্ৰীৰ বাবে একোখনকৈ বজাৰ গঢ়ি তুলিব পাৰিছে।

    বন্ধুসকল, মণিপুৰৰ পৰাই আৰু এক উদাহৰণ সেনাপতি জিলাৰ বাসিন্দা চোখোনে ক্ৰিচেনাই দাঙি ধৰিছে। তেওঁৰ পৰিয়াল পৰম্পৰাগত কৃষিৰ সৈতে জৰিত হৈ আছে। ক্ৰিচেনাই এই পৰম্পৰাগত অনুভৱক বিস্তাৰিত কৰিলে। তেওঁ ফুলৰ খেতিত অধিক মনোনিবেশ কৰে। আজি তেওঁ এই কামৰ সৈতে বিভিন্ন বজাৰ সংযুক্ত কৰি স্থানীয় সম্প্ৰদায় সবলীকৰণৰ সৈতে জৰিত হৈ পৰিছে। বন্ধুসকল, যদি পৰম্পৰাগত জ্ঞানক আধুনিক দৃষ্টিভংগীৰে আগবঢ়াই লৈ যোৱা হয়, তেনেহলে সেয়া প্ৰগতিৰ মাধ্যম হব পাৰে- তাৰেই ই এক সুন্দৰ উদাহৰণ। যদি আপোনাৰ ওচৰে পাজৰে এনে ধৰণৰ সফল কাহিনী আছে তেনেহলে মোক নিশ্চয়কৈ জনাব।

    বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ ভাল লগা কথাটো এয়ে যে বছৰৰ প্ৰতিটো সময়তে কোনো নহয় কোনো এটা প্ৰান্তত এক উৎসৱৰ পৰিবেশ থাকে। বিভিন্ন উৎসৱ পালন কৰাৰ লগতে বিভিন্ন ৰাজ্যত স্থানীয় উৎসৱৰো আয়োজন কৰা হয়। অৰ্থাৎ আপুনি যদি ফুৰিবলৈ মন কৰিছে দেশৰ কোনোবা নহয় কোনোবা প্ৰান্তত উৎসৱৰ প্ৰস্তুতি পাবই। এনেধৰণৰ এটি উৎসৱ এই সময়ত কচ্ছৰ ৰণত উদযাপন কৰা হৈছে। এই বছৰ কচ্ছ ৰণোৎসৱৰ এই আয়োজন ২৩ নৱেম্বৰৰ পৰা হৈছে আৰু ই ২০ ফেব্ৰুৱাৰীলৈকে চলিব। ইয়াত কচ্ছৰ লোক সংস্কৃতি, লোকসংগীত নৃত্য আৰু হস্তশিল্পৰ বিবিধতা দেখা যায়। কচ্ছৰ বগা ৰণত নিশা যেতিয়া জোনাক পৰে, এই দৃশ্যই সকলোকে মন্ত্ৰমুগ্ধ কৰে । ৰণ উৎসৱৰ টেণ্ট চিটি  খুবেই জনপ্ৰিয়। মই জানিবলৈ পাইছো বিগত এমাহত এতিয়ালৈকে ২ লাখতকৈও অধিক লোকে দেশৰ ভিন্ন প্ৰান্তৰ পৰা লগতে বিদেশৰ পৰা আহিও ৰণোৎসৱত ভাগ লৈছে। আপুনিও সুবিধা পালে এনে উৎসৱলৈ নিশ্চয় আহিব আৰু ভাৰতৰ এই বৈচিত্ৰৰ আনন্দ উপভোগ কৰিব।

    বন্ধুসকল, ২০২৫ বৰ্ষৰ মন কী বাতৰ আজি এইটো শেষৰ খণ্ড। ২০২৬ বৰ্ষতো আমি এনেদৰে উৎসাহ উদ্দীপনাৰে আমাৰ মনৰ কথা কবলৈ মন কী বাত কাৰ্যসূচীৰ সৈতে নিশ্চয় জৰিত হম। নতুন উদ্যম, নতুন বিষয় তথা প্ৰেৰণাদায়ক দেশবাসীৰ বিভিন্ন কাহিনীক আমি মন কী বাতত অন্তৰ্ভুক্ত কৰো। প্ৰতি মাহতে মই এনে বহুতো বাৰ্তা পাওঁ, য’ত বিকশিত ভাৰতৰ বাবে বিভিন্ন মতামত দেশবাসীয়ে আগবঢ়ায়। দেশবাসীৰ পৰা লাভ কৰা পৰামৰ্শ আৰু তেওঁলোকৰ এনে প্ৰয়াসে এই বিশ্বাস দৃঢ় কৰে যে বিকশিত ভাৰতৰ সংকল্প নিশ্চয় সফল হ’ব। আৰু এই বিশ্বাস দিনে দিনে দৃঢ় হৈছে। ২০২৬ বৰ্ষত এই সংকল্প সিদ্ধি যাত্ৰা আৰু এঢাপ  আগুৱাই যাওক। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰক এই কামনাৰে এই খণ্ডৰ পৰা বিদায় লোৱাৰ পূৰ্বে কও ‘ফিট ইণ্ডিয়া অভিযান’-ত আপুনিও সক্ৰিয় হৈ থাকক। শীতৰ এই বতৰ ব্যায়ামৰ বাবে উপযুক্ত সময়। ব্যায়াম নিশ্চয় কৰিব।

    সকলোকে ২০২৬ বৰ্ষৰ বাবে বহুত বহুত শুভকামনা। ধন্যবাদ। বন্দে মাতৰম।

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Booth strength, people’s trust and grassroots outreach - PM Modi’s interaction with BJP Karyakartas from West Bengal
April 14, 2026
The citizens across West Bengal have described the BJP’s Sankalp Patra (manifesto) as practical, implementable and focused on holistic development and welfare: PM Modi
PM Modi constantly reiterated to the BJP karyakartas of West Bengal that booth-level strength is the foundation of electoral success
The scale of victory in West Bengal will directly translate into relief and better governance for its people: PM Modi to BJP karyakartas

PM Modi interacted with BJP karyakartas from across West Bengal under the ‘Mera Booth, Sabse Mazboot’ initiative, extending his best wishes for the Bengali New Year to all citizens of the state.


During the interaction, the PM reflected on his recent visits across various parts of West Bengal, highlighting the remarkable enthusiasm, energy and growing support for the BJP among the people. He credited this momentum to the tireless efforts and dedication of booth-level karyakartas.

The PM appreciated the positive response to the BJP’s Sankalp Patra (manifesto), stating that citizens across the state have described it as practical, implementable, and focused on holistic development and welfare.

During the interaction, several karyakartas shared their on-the-ground experiences, highlighting key concerns among the people, including safety, employment, corruption, political violence, and governance challenges. Women karyakartas spoke about concerns over security and dignity, while youth-related issues such as migration due to lack of opportunities were also raised.

PM Modi acknowledged these concerns and emphasised the need for continuous engagement with citizens at the grassroots level. He urged karyakartas to strengthen booth-level organisation through regular outreach and small group meetings, actively connect with women, youth, farmers and first-time voters , clearly communicate the benefits and vision outlined by the BJP, ensure transparency, development and safety, use social media and digital tools effectively to amplify facts and counter misinformation.
He also stressed the importance of documenting and communicating local issues, ensuring that the voices of the people are consistently heard and represented.

The PM constantly reiterated that booth-level strength is the foundation of electoral success, stating that “Booth jeeta, toh chunav jeeta.” He expressed confidence that the growing trust of the people in BJP presents a significant opportunity to bring transformation in West Bengal.

Concluding the interaction, PM Modi said that the scale of victory in West Bengal will directly translate into relief and better governance for its people. He encouraged all karyakartas to work with renewed energy, expand outreach, and ensure that every household becomes a partner in this journey of development.