শুভাংশু নিৰাপদে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে মানুহে আনন্দত উঠলি উঠিল; সকলোৰে হৃদয়ত আনন্দৰ জোৱাৰ উঠিছিল। সমগ্ৰ দেশ গৌৰৱেৰে ভৰি পৰিছিলঃ প্ৰধানমন্ত্ৰী মোদী
দেশত মহাকাশ খণ্ডৰ ষ্টাৰ্ট-আপ দ্ৰুতগতিত বৃদ্ধি পাইছে। পাঁচ বছৰৰ আগতে ৫০টাতকৈও কম ষ্টাৰ্ট আপ আছিল। আজি মহাকাশ খণ্ডত ২০০ৰো অধিক হৈছেঃ প্ৰধানমন্ত্ৰী মোদী
মাত্ৰ ১৮ বছৰ বয়সতে খুদিৰাম বসুৱে এনে সাহস দেখুৱাইছিল যে সমগ্ৰ দেশক কঁপাই তুলিছিল। সেই যুৱকৰ মুখত কোনো ভয় নাছিলঃ প্ৰধানমন্ত্ৰী মোদী
দেশত প্ৰতি বছৰে ৭ আগষ্টটো ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ হিচাপে উদযাপন কৰা হয়। এইবাৰ ৭ আগষ্টত 'ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস'ৰ ১০ বছৰ সম্পূৰ্ণ হ'লঃ প্ৰধানমন্ত্ৰী মোদী
আজি ভাৰতত ৩০০০ৰো অধিক বস্ত্ৰ ষ্টাৰ্ট-আপ সক্ৰিয় অৱস্থাত আছে। বহু ষ্টাৰ্ট-আপে ভাৰতৰ হস্ততাঁতৰ পৰিচয়ক বৈশ্বিক উচ্চতা প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী মোদী
ভাৰত চৰকাৰে এইবাৰৰ বাজেটত ‘জ্ঞান ভাৰতম মিছন’ নামৰ এক ঐতিহাসিক পদক্ষেপৰ কথা ঘোষণা কৰিছে। এই অভিযানৰ অধীনত প্ৰাচীন পাণ্ডুলিপিসমূহ ডিজিটেলাইজ কৰা হ’বঃ প্ৰধানমন্ত্ৰী মোদী
বিগত ১১ বছৰত ‘স্বচ্ছ ভাৰত মিছন’ এক গণ আন্দোলনত পৰিণত হৈছে। মানুহে ইয়াক নিজৰ কৰ্তব্য বুলি গণ্য কৰে আৰু এয়া প্ৰকৃত জনসাধাৰণৰ অংশগ্ৰহণঃ প্ৰধানমন্ত্ৰী মোদী

মোৰ প্ৰিয় দেশবাসী,  নমস্কাৰ।

 

'মন কি বাত'ত আকৌ এবাৰ আমি দেশৰ সফলতা, দেশবাসীৰ সাফল্যৰ কথা ক'বলৈ ওলাইছো। যোৱা কেইসপ্তাহমানৰ ভিতৰত ক্ৰীড়ায়েই হওক, বিজ্ঞানেই হওক বা সংস্কৃতিয়েই হওক, বহু ক্ষেত্ৰত কথাই ঘটিছে,  যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰিছে। শেহতীয়াকৈ মহাকাশৰ পৰা শুভাংশু শুক্লাই উভতি অহাক লৈ দেশত ব্যাপক চৰ্চা চলিছে। শুভাংশুৱে নিৰাপদে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে মানুহে আনন্দত আত্মহাৰা হৈ পৰিছে, প্ৰতিজন লোকৰ  হৃদয়ত  সুখৰ ঢৌৱে খেলাই গৈছে। সমগ্ৰ দেশ গৌৰাৱান্বিত হৈ পৰিছে।  মোৰ মনত পৰিছে, ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া চন্দ্ৰযান-৩-এ সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া দেশত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছিল। বিজ্ঞানৰ প্ৰতি, মহাকাশৰ প্ৰতিও শিশুসকলৰ মনতো  নতুন কৌতুহল জগাই তুলিছিল। এতিয়া শিশুসকলে কয়, আমিও মহাকাশলৈ যাম, আমি চন্দ্ৰতো অৱতৰণ কৰিম - আমি মহাকাশ বিজ্ঞানী হ'ম।

 

বন্ধুসকল,

 

INSPIRE-MANAK অভিযানৰ নাম নিশ্চয় শুনিছে। শিশুৰ মাজত উদ্ভাৱনীমূলক ক্ষমতাৰ প্ৰসাৰ ঘটোৱাৰ বাবে এই অভিযান। ইয়াৰ বাবে প্ৰতিখন বিদ্যালয়ৰ পৰা পাঁচটিকৈ শিশু বাছনি কৰা হয়। প্ৰতিটো শিশুৱে এটা নতুন ধাৰণা লৈ আহে। এতিয়ালৈকে লাখ লাখ শিশুৱে ইয়াত যোগদান কৰিছে আৰু চন্দ্ৰযান-৩ৰ পিছত তেওঁলোকৰ সংখ্যা দুগুণ হৈছে। দেশত মহাকাশ ষ্টাৰ্ট-আপো দ্ৰুতগতিত বৃদ্ধি পাইছে। পাঁচ বছৰ পূৰ্বে  ৫০টাতকৈও কম ষ্টাৰ্ট আপ আছিল। আজি সেয়া কেৱল মহাকাশ খণ্ডত ২০০ৰো অধিক হৈছে । বন্ধুসকল, অহা মাহৰ ২৩ আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় মহাকাশ দিৱস। ইয়াক কেনেকৈ উদযাপন কৰিব, আপোনাৰ কিবা নতুন ধাৰণা আছে নেকি? মোক NaMo App ত এটা মেছেজ পঠাওক।

 

বন্ধুসকল,

 

একবিংশ শতিকাত ভাৰতত আজি বিজ্ঞান এক নতুন শক্তিৰে আগবাঢ়িছে। কিছুদিন পূৰ্বে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে আন্তঃৰাষ্ট্ৰীয় ৰসায়ন বিজ্ঞান অলিম্পিয়াডত পদক লাভ কৰিছে। দেৱেশ পংকজ, সন্দীপ কুচি, দেৱদত্ত প্ৰিয়দৰ্শী আৰু উজ্জ্বল কেশৰী, চাৰিওজনে ভাৰতলৈ বঁটা কঢ়িয়াই আনিছে। গণিতৰ জগততো ভাৰতে নিজৰ পৰিচয় সুদৃঢ় কৰি তুলিছে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াডত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ৩টা সোণ, ২টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

 

বন্ধুসকল,

 

অহা মাহত মুম্বাইত অনুষ্ঠিত হ’ব জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অলিম্পিয়াড। ইয়াত ৬০খনতকৈও অধিক দেশৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। বিজ্ঞানীসকলো আহিব। এইখনেই হ’ব আজিলৈকে অনুষ্ঠিত  হোৱা আটাইতকৈ ডাঙৰ অলিম্পিয়াড। এক কথাত ভাৰত এতিয়া অলিম্পিক আৰু অলিম্পিয়াড দুয়োটা দিশতে আগবাঢ়িছে।

 

মোৰ প্ৰিয় দেশবাসীসকল,

 

আমাৰ সকলোকে গৌৰৱান্বিত কৰিব পৰা আন এক খবৰ আহিছে ইউনেস্ক’ৰ পৰা। ইউনেস্ক’ই ১২টা মাৰাঠা দুৰ্গক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছে। ইয়াৰে এঘাৰটা দুৰ্গ মহাৰাষ্ট্ৰত, এটা তামিলনাডুত আছে। প্ৰতিটো দুৰ্গৰ লগত ইতিহাসৰ একোটা  পৃষ্ঠা সংলগ্ন হৈ থাকে। প্ৰতিটো শিল এটা ঐতিহাসিক পৰিঘটনাৰ সাক্ষী। ছালহেৰ দুৰ্গ, য’ত মোগলসকল পৰাজিত হৈছিল। শিৱনেৰী, য'ত ছত্ৰপতি শিৱাজী মহাৰাজৰ জন্ম হৈছিল। ই শত্ৰুৱে ভেদ কৰিব নোৱাৰা এটা দুৰ্গ। খাণ্ডেৰী দুৰ্গ, সাগৰৰ মাজত নিৰ্মিত এক আচৰিত দুৰ্গ। শত্ৰুৱে তেওঁক বাধা দিব বিচাৰিছিল যদিও শিৱাজী মহাৰাজে অসম্ভৱক সম্ভৱ কৰি তুলিছিল। আফজল খান পৰাজিত হোৱা প্ৰতাপগড় দুৰ্গৰ দেৱালত  আজিও এই কাহিনী প্ৰতিধ্বনিত হৈ আছে। গোপন সুৰংগ থকা বিজয়দুৰ্গ ছত্রপতি শিৱাজী মহাৰাজৰ দূৰদৰ্শিতাৰ প্ৰমাণ। কেইবছৰমান আগতে ৰায়গড়লৈ গৈছিলোঁ। ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তিৰ আগত প্ৰণাম জনাইছিলো। এই অভিজ্ঞতা গোটেই জীৱন মনত থাকিব।

 

বন্ধুসকল,

 

দেশৰ আন আন প্ৰান্ততো এনে আচৰিত দুৰ্গ আছে, যিবোৰে আক্ৰমণৰ সন্মুখীন হৈছে, প্ৰতিকূল বতৰৰ সন্মুখীন হৈছে, কিন্তু কেতিয়াও নিজৰ আত্মসন্মানক অৱনত দিয়া নাই।  চিত্তৰগড় দুৰ্গ, কুম্ভলগড় দুৰ্গ, ৰন্থামবৰ দুৰ্গ, আমেৰ দুৰ্গ, ৰাজস্থানৰ জয়ছালমেৰ দুৰ্গ বিশ্ববিখ্যাত। কৰ্ণাটকৰ গুলবাৰ্গ দুৰ্গও বহুত ডাঙৰ। চিত্ৰদুৰ্গা দুৰ্গৰ বিশালতাই সেই সময়তে এই দুৰ্গটো কেনেকৈ নিৰ্মাণ হৈছিল সেই কথাই আপোনাক কৌতুহলেৰে ভৰাই তুলিব  !

 

বন্ধুসকল,

 

উত্তৰ প্ৰদেশৰ বাণ্ডাত আছে কালিঞ্জাৰ দুৰ্গ। মাহমুদ গজনৱীয়ে এই দুৰ্গটো বহুবাৰ আক্ৰমণ কৰিছিল আৰু প্ৰতিবাৰেই বিফল হৈছিল। বুণ্ডেলখণ্ড - গোৱালিয়ৰ, ঝান্সী, দতিয়া, অজয়গড়, গড়কুন্দৰ, চান্দেৰীত এনে বহু গড় আছে। এই দুৰ্গবোৰ কেৱল ইটা-শিলৰ সমষ্টি নহয়, এইবোৰ আমাৰ সংস্কৃতিৰ প্ৰতীক। এই দুৰ্গবোৰৰ ওখ দেৱালৰ পৰা এতিয়াও সংস্কৃতি আৰু আত্মসন্মান বিচ্ছুৰিত হৈ আছে। সকলো দেশবাসীকে এই দুৰ্গসমূহ পৰিদৰ্শন কৰিবলৈ, ইয়াৰ ইতিহাসৰ বিষয়ে জানিবলৈ আৰু গৌৰৱ অনুভৱ কৰিবলৈ আহ্বান জনালোঁ।

 

মোৰ প্ৰিয় দেশবাসীসকল,

 

কল্পনা কৰকচোন, এটা ৰাতিপুৱাৰ কথা,   বিহাৰৰ মুজাফ্ফৰপুৰ চহৰ, তাৰিখটো আছিল ১৯০৮ চনৰ ১১ আগষ্ট, প্ৰতিটো গলি, প্ৰতিটো চাৰিআলি, প্ৰতিটো গতিবিধি যেন সেই সময়ত বন্ধ হৈ গৈছিল। মানুহে  চকুলো টুকিছিল যদিও হৃদয়ত জুই জ্বলি আছিল।   ইংৰাজৰ বিৰুদ্ধে দেশপ্ৰেম প্ৰকাশ কৰাৰ বাবে মূল্য ভৰিবলগীয়া হোৱা  ১৮ বছৰীয়া যুৱকক ৰখা কাৰাগাৰ খন মানুহে ঘেৰি ধৰিছিল। কাৰাগাৰৰ ভিতৰত ব্ৰিটিছ বিষয়াসকলে এজন যুৱকক ফাঁচী দিবলৈ সাজু হৈছিল। সেই ডেকাজনৰ মুখত নাছিল কোনো ভয় , বৰঞ্চ গৌৰৱেৰে ভৰা আছিল তেওঁৰ মুখমণ্ডল। নিজৰ দেশৰ বাবে প্ৰাণাহুতি দিয়া  সকলৰ যি গৌৰৱ থাকে। সেই সাহসী যুৱকজন আছিল খুদিৰাম বসু। মাত্ৰ ১৮ বছৰ বয়সতে তেওঁ এনে সাহস দেখুৱাইছিল যে সমগ্ৰ দেশক কঁপাই তুলিছিল।  বাতৰি কাকততো লিখিছিল – “খুদিৰাম বসুৱে যেতিয়া ফাঁচীৰ ফালে আগবাঢ়িছিল, তেতিয়া তেওঁৰ মুখত হাঁহি বিৰিঙিছিল”। এনে অগণন ত্যাগৰ পিছত, শতিকাজোৰা তপস্যাৰ অন্তত আমি স্বাধীনতা লাভ কৰিলোঁ। দেশপ্ৰেমত মতলীয়া  মানুহে স্বাধীনতা আন্দোলনক নিজৰ তেজেৰে উজ্জ্বীৱিত কৰিছিল।

 

বন্ধুসকল,

 

সেইবাবেই আগষ্ট মাহটো বিপ্লৱৰ মাহ। ১ আগষ্টৰ দিনটো  লোকমান্য বাল গংগাধৰ তিলকৰ মৃত্যু বাৰ্ষিকী। সেই মাহৰে ৮ আগষ্টত গান্ধীজীৰ নেতৃত্বত ‘ভাৰত ত্যাগ আন্দোলন’ আৰম্ভ হৈছিল। তাৰ পিছত আহে ১৫ আগষ্ট, আমাৰ স্বাধীনতা দিৱস, আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰোঁ, তেওঁলোকৰ পৰা প্ৰেৰণা পাওঁ, কিন্তু বন্ধুসকল, দেশ বিভাজনৰ যন্ত্ৰণাও আমাৰ স্বাধীনতাৰ সৈতে জড়িত, গতিকে আমি ১৪ আগষ্টক ‘বিভাজনৰ বিভীষিকা স্মৰণ দিৱস’ হিচাপে উদযাপন কৰোঁ।

 

মোৰ প্ৰিয় দেশবাসীসকল,

 

১৯০৫ চনৰ ৭ আগষ্টৰ পৰা আন এক বিপ্লৱ আৰম্ভ হয়।স্বদেশী জাগৰণে স্থানীয় সামগ্ৰী আৰু বিশেষকৈ হস্ততাঁতক এক নতুন শক্তি প্ৰদান কৰে। ইয়াৰ স্মৃতিতে প্ৰতি বছৰে ৭ আগষ্ট তাৰিখে দেশত ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ পালন কৰা হয়। এইবাৰ ৭ আগষ্টত ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ৰ ১০ বছৰ সম্পূৰ্ণ হ’ব। স্বাধীনতাৰ বাবে কৰা সংগ্ৰামৰ সময়ত আমাৰ খাদীয়ে যেনেকৈ স্বাধীনতা আন্দোলনক নতুন শক্তি দিছিল, আজি যেতিয়া দেশখনে উন্নত ভাৰত হোৱাৰ দিশত আগবাঢ়িছে, তেতিয়া বস্ত্ৰ খণ্ডই দেশৰ শক্তি হৈ পৰিছে। এই ১০ বছৰত দেশৰ বিভিন্ন প্ৰান্তত এই খণ্ডৰ সৈতে জড়িত লাখ লাখ লোকে বহু সফলতাৰ কাহিনী লিখিছে। মহাৰাষ্ট্ৰৰ পাইথান গাঁৱৰ কবিতা ধাৱালে পূৰ্বে  এটা সৰু কোঠাত কাম কৰিছিল - তাত ঠাই নাছিল, সা-সুবিধাও নাছিল। চৰকাৰৰ পৰা সহায় পাইছিল তেওঁ, এতিয়া তেওঁৰ দক্ষতাই বিকাশৰ মুখ দেখিছে । তেওঁ  তিনিগুণ বেছি উপাৰ্জন কৰি আছে। নিজে প্ৰস্তুত কৰা পাইথানী শাৰী বিক্ৰী কৰি আছে। ওড়িশাৰ ময়ুৰভঞ্জতো একেধৰণৰ সফলতাৰ কাহিনী আছে। ইয়াত ৬৫০ গৰাকীতকৈও অধিক জনজাতীয় মহিলাই সান্থলী শাৰীক পুনৰুজ্জীৱিত কৰিছে। এতিয়া এই মহিলাসকলে প্ৰতিমাহে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰি আছে। তেওঁলোকে কেৱল কাপোৰ প্ৰস্তুত কৰাই নহয়, নিজৰ পৰিচয়ো সৃষ্টি কৰিছে। বিহাৰৰ নালন্দাৰ নবীন কুমাৰৰ  কৃতিত্বও প্ৰেৰণাদায়ক। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তেওঁৰ পৰিয়াল এই কামৰ সৈতে জড়িত হৈ আছে। কিন্তু আটাইতকৈ ভাল কথাটো হ’ল তেওঁৰ পৰিয়ালে এতিয়া এই ক্ষেত্ৰত আধুনিকতাক সন্নিৱিষ্ট কৰিছে। এতিয়া তেওঁৰ সন্তানসকলে হেণ্ডলুম টেকন’লজি পঢ়ি আছে। ডাঙৰ ডাঙৰ ব্ৰেণ্ডত কাম কৰি আছে। এই পৰিৱৰ্তন কেৱল এটা পৰিয়ালত ঘটা পৰিৱৰ্তন নহয়, ই ওচৰৰ বহু পৰিয়ালক আগুৱাই লৈ গৈছে।

বন্ধুসকল,

 

বস্ত্ৰশিল্প কেৱল ভাৰতৰ এটা খণ্ডই নহয়। ই আমাৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ নিদৰ্শন। আজি বস্ত্ৰ আৰু পোছাকৰ বজাৰখন অতি দ্ৰুতগতিত বৃদ্ধি পাইছে  আৰু এই উন্নয়নৰ আটাইতকৈ সুন্দৰ কথাটো হ’ল গাঁৱৰ মহিলা, চহৰৰ ডিজাইনাৰ, পুৰণি শিপিনী আৰু আমাৰ যুৱ ষ্টাৰ্ট-আপ আৰম্ভ কৰা সকলোৱে একেলগে ইয়াক আগুৱাই লৈ গৈছে। আজি ভাৰতত ৩০০০ৰো অধিক বস্ত্ৰ খণ্ডৰ ষ্টাৰ্ট-আপ সক্ৰিয় হৈ আছে। বহু ষ্টাৰ্ট-আপে ভাৰতৰ হেণ্ডলুমৰ পৰিচয়ক বিশ্বব্যাপী উচ্চতা প্ৰদান কৰিছে। বন্ধুসকল, ২০৪৭ চনৰ উন্নত ভাৰতৰ পথ আত্মনিৰ্ভৰশীলতাৰ মাজেৰে পাৰ হৈ গৈছে আৰু 'আত্মনিৰ্ভৰ ভাৰত'ৰ আটাইতকৈ ডাঙৰ ভিত্তি হ'ল - 'স্থানীয়ৰ বাবে কণ্ঠস্বৰ'। ভাৰতত নিৰ্মিত, যি এজন ভাৰতীয়ৰ ঘামৰ বিনিময়ত সৃষ্টি হৈছে, সেইবোৰহে কিনক আৰু বিক্ৰী কৰক। এয়াই আমাৰ সংকল্প হ’ব লাগে।

 

মোৰ প্ৰিয় দেশবাসীসকল,

 

ভাৰতৰ বৈচিত্ৰ্যৰ আটাইতকৈ সুন্দৰ আভাস আমাৰ লোকগীত তথা  পৰম্পৰাত পোৱা যায় আৰু আমাৰ ভজন আৰু কীৰ্তনো ইয়াৰ এক অংশ। কিন্তু আপুনি কেতিয়াবা শুনিছেনে যে কীৰ্তনৰ জৰিয়তে বনজুইৰ বিষয়ে মানুহক সজাগ কৰা হয়? বিশ্বাস নকৰিবও পাৰে, কিন্তু ওড়িশাৰ কেওনঝাৰ জিলাত এক আচৰিত কাম চলি আছে। ইয়াত ৰাধাকৃষ্ণ সংকীৰ্ত্তন মণ্ডলী নামৰ এটা গোট আছে। ভক্তিৰ সমান্তৰালকৈ এই গোটটোৱে পৰিৱেশ সুৰক্ষাৰ বাবেও মন্ত্ৰ জপ কৰি আছে। এই পদক্ষেপৰ আঁৰৰ প্ৰেৰণা হৈছে প্ৰমিলা প্ৰধান জী। বনাঞ্চল আৰু পৰিৱেশ ৰক্ষাৰ বাবে পৰম্পৰাগত গীতত নতুন গীতৰ কথা আৰু বাৰ্তা সংযোজন কৰা হৈছে। তেওঁৰ  দলটোৱে গাঁৱে গাঁৱে ঘূৰি-ফুৰে। গীতৰ যোগেদি মানুহক বুজাই দিয়া হৈছে যে বনজুইয়ে কিমান ক্ষতি কৰে। এই উদাহৰণে আমাক সোঁৱৰাই দিয়ে যে আমাৰ লোক পৰম্পৰা অতীতৰ কথা নহয়, সমাজক পথ প্ৰদৰ্শন কৰাৰ ক্ষমতা এতিয়াও ইয়াৰ  আছে।

 

মোৰ প্ৰিয় দেশবাসীসকল,

 

ভাৰতীয় সংস্কৃতিৰ এটা প্ৰধান ভিত্তি হৈছে আমাৰ উৎসৱ আৰু পৰম্পৰা, কিন্তু আমাৰ সংস্কৃতিৰ সজীৱতাৰ আন এটা দিশ আছে - এই দিশটো হ’ল আমাৰ বৰ্তমান আৰু আমাৰ ইতিহাসক নথিভুক্ত কৰি ৰখা। আমাৰ প্ৰকৃত শক্তি হ’ল সেই জ্ঞান ,যিটো যুগ যুগ ধৰি পাণ্ডুলিপিৰ ৰূপত সংৰক্ষিত হৈ আছে। এই পাণ্ডুলিপিসমূহত বিজ্ঞান, চিকিৎসা পদ্ধতি, সংগীত, দৰ্শন, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মানৱতাৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিব পৰা চিন্তাধাৰা নিহিত হৈ আছে। বন্ধুসকল, এনে অসাধাৰণ জ্ঞান, এই ঐতিহ্য সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব। আমাৰ দেশৰ প্ৰতিটো সময়তে এনে কিছুমান মানুহ আহিছে যিয়ে ইয়াক নিজৰ সাধনা কৰি লৈছে। তেনে এক প্ৰেৰণাদায়ক ব্যক্তিত্ব হৈছে তামিলনাডুৰ থাঞ্জাৱুৰৰ মণি মাৰাণ জী। তেওঁ অনুভৱ কৰিছিল যে আজিৰ প্ৰজন্মই যদি তামিল পাণ্ডুলিপি পঢ়িবলৈ নিশিকে, তেন্তে অনাগত সময়ত এই বহুমূলীয়া ঐতিহ্য হেৰাই যাব। সেয়ে তেওঁ সন্ধিয়া  শ্ৰেণী আৰম্ভ কৰিলে। য’ত ছাত্ৰ-ছাত্ৰী, কৰ্মৰত যুৱক-যুৱতী, গৱেষক, সকলোৱে শিকাৰ উদ্দেশ্যে ইয়ালৈ আহিবলৈ আৰম্ভ কৰিলে। মণি মাৰাণ জীয়ে মানুহক "তামিল সুৱদিয়িয়াল" অৰ্থাৎ তালপাতত লিখা পাণ্ডুলিপি পঢ়া আৰু বুজাৰ পদ্ধতি শিকাইছিল। আজি বহু প্ৰচেষ্টাৰে বহু ছাত্ৰ-ছাত্ৰী এই ক্ষেত্ৰত পাকৈত হৈ উঠিছে। আনকি কিছু ছাত্ৰ-ছাত্ৰীয়ে এই পাণ্ডুলিপিসমূহৰ আধাৰত পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ বিষয়ত গৱেষণা আৰম্ভ কৰিছে। বন্ধুসকল, কল্পনা কৰকচোন যদি সমগ্ৰ দেশতে এনে প্ৰচেষ্টা চলোৱা হয়, আমাৰ প্ৰাচীন জ্ঞান দেৱালৰ ভিতৰতে আৱদ্ধ হৈ নাথাকিব, ই নতুন প্ৰজন্মৰ চেতনাৰ অংগ হৈ পৰিব। এই চিন্তাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰত চৰকাৰে এইবাৰৰ বাজেটত এক ঐতিহাসিক পদক্ষেপ ঘোষণা কৰিছে - ‘জ্ঞান ভাৰতম মিছন’। এই অভিযানৰ অধীনত প্ৰাচীন পাণ্ডুলিপিসমূহ ডিজিটেলাইজ কৰা হ’ব। তাৰ পিছত এটা ৰাষ্ট্ৰীয় ডিজিটেল ভঁৰালৰ সৃষ্টি হ’ব, য’ত সমগ্ৰ বিশ্বৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে ভাৰতৰ জ্ঞান পৰম্পৰাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। লগতে আপোনালোক সকলোকে অনুৰোধ জনালোঁ যে যদি আপোনালোকে এনে কোনো প্ৰচেষ্টাৰ সৈতে জড়িত   বা যোগদান কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে MyGov বা সাংস্কৃতিক মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰক, কাৰণ এইবোৰ কেৱল পাণ্ডুলিপি নহয়, এইবোৰ ভাৰতৰ আত্মাৰ অধ্যায়, যিবোৰ আমি আগন্তুক প্ৰজন্মক শিকাব লাগিব।

মোৰ প্ৰিয় দেশবাসীসকল,

 

যদি আপোনাক সোধা হয় যে আপোনাৰ চাৰিওফালে কিমান ধৰণৰ চৰাই আছে, তেন্তে আপুনি কি ক’ব? হয়তো প্ৰতিদিনে   মই ৫-৬ টা চৰাই দেখা পাওঁ - কিছুমান চিনাকি, কিছুমান অচিনাকি। কিন্তু, আমাৰ চাৰিওফালে কোনবোৰ প্ৰজাতিৰ চৰাইয়ে বাস কৰে সেয়া জনাটো বৰ আমোদজনক। সম্প্রতি তেনে এক বৃহৎ প্রয়াস কৰা হৈছে, ঠাইখন হ’ল - অসমৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান৷ যদিও এই অঞ্চলটো গঁড়ৰ বাবে বিখ্যাত - কিন্তু এইবাৰ আলোচনাৰ বিষয় হৈ পৰিছে ইয়াৰ ঘাঁহনি আৰু তাত বাস কৰা চৰাইবোৰ। ইয়াত প্ৰথমবাৰৰ বাবে ঘাঁহনিৰ চৰাই (গ্ৰাছলেণ্ড বাৰ্ডছ)ৰ গণনা কৰা হৈছে। আপুনি জানি আনন্দিত হ’ব যে এই  গণনাৰ  বাবেই ৪০টাতকৈও অধিক প্ৰজাতিৰ চৰাই চিনাক্তকৰণ হৈছে। ইয়াৰ ভিতৰত বহুতো বিৰল চৰায়ো আছে। আপুনি নিশ্চয় ভাবিছে যে ইমানবোৰ চৰাই কেনেকৈ চিনাক্ত হ’ল! ইয়াত প্ৰযুক্তিয়ে আচৰিত কাম কৰিলে। গণনা  চলোৱা দলটোৱে শব্দ ৰেকৰ্ডিং যন্ত্ৰ স্থাপন কৰে। তাৰ পিছত কম্পিউটাৰৰ সহায়ত সেই শব্দবোৰ বিশ্লেষণ কৰিলে, এআই ব্যৱহাৰ কৰিলে। চৰাইবোৰক কেৱল শব্দৰ দ্বাৰা চিনাক্ত কৰা হৈছিল - সেয়াও কৰা হৈছিল সিহঁতক বিচলিত নকৰাকৈ। কল্পনা কৰক! প্ৰযুক্তি আৰু সংবেদনশীলতা সংপৃক্ত হ'লে প্ৰকৃতিক বুজাটো ইমান সহজ আৰু গভীৰ হৈ পৰে। আমি এনে প্ৰচেষ্টাক প্ৰসাৰিত কৰা উচিত,  যাতে আমি আমাৰ জৈৱ বৈচিত্ৰ্যক চিনি পাই পৰৱৰ্তী প্ৰজন্মক ইয়াৰ সৈতে সংযোগ কৰিব পাৰো।

 

মোৰ প্ৰিয় দেশবাসীসকল,

 

কেতিয়াবা আন্ধাৰ আটাইতকৈ বেছি বিয়পি পৰা ঠাইৰ পৰাই আটাইতকৈ ডাঙৰ পোহৰ ওলাই আহে। তেনে এক উদাহৰণ হ’ল ঝাৰখণ্ডৰ গুমলা জিলা। এটা সময়ত এই অঞ্চলটো মাওবাদী হিংসাৰ বাবে পৰিচিত আছিল। বাছিয়া ব্লকৰ গাঁওবোৰ জনশূন্য হৈ পৰিছিল। মানুহে ভয়ৰ পৰিবেশৰ মাজত বাস কৰিছিল। কৰ্মসংস্থাপনৰ কোনো সম্ভাৱনা নাছিল, মাটি  খালী হৈ পৰিছিল আৰু যুৱক-যুৱতীসকলে প্ৰব্ৰজন কৰিছিল, কিন্তু তাৰ পিছত, পৰিৱৰ্তনৰ এক অতি শান্ত  আৰম্ভণি হৈছিল। ওম প্ৰকাশ চাহু জী নামৰ এজন যুৱকে হিংসাৰ পথ এৰিছিল। তেওঁ মীন পালন আৰম্ভ কৰিলে। তাৰ পিছত  তেওঁ বহু বন্ধুক একে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিলে। তেওঁৰ এই প্ৰচেষ্টাই প্ৰভাৱ পেলাইছিল। আগতে যিসকলে বন্দুক লৈ আছিল, তেওঁলোকে এতিয়া মাছ ধৰা জাল হাতত লৈছে।

 

বন্ধুসকল,

 

ওম প্ৰকাশ চাহু জীৰ আৰম্ভণি সহজ নাছিল। প্ৰতিবাদ, ভাবুকি, কিন্তু ইয়াৰ মাজতো তেওঁ সাহস হেৰুওৱা নাছিল। যেতিয়া ‘প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা’ আহিল, তেতিয়া তেওঁ নতুন শক্তি পালে। তেওঁ চৰকাৰৰ পৰা প্ৰশিক্ষণ লৈ  পুখুৰী নিৰ্মাণত সহায় লৈছিল আৰু কম দিনৰ ভিতৰতে গুমলাত মীন বিপ্লৱ আৰম্ভ হৈছিল। আজি বচিয়া ব্লকৰ ১৫০ টাতকৈও অধিক পৰিয়ালে মীন পালনত আত্মনিয়োগ  কৰিছে। এসময়ত নক্সালবাদী সংগঠনত থকা বহু লোকে এতিয়া গাঁওখনতেই সন্মানেৰে জীৱন যাপন কৰি আনকো কৰ্মসংস্থাপন দি আহিছে। গুমলাৰ এই যাত্ৰাই আমাক শিকাইছে - যদি পথ সঠিক হয় আৰু মনত বিশ্বাস থাকে, তেন্তে অতি কঠিন পৰিস্থিতিতো উন্নয়নৰ দীপ জ্বলাব পাৰি।

 

মোৰ প্ৰিয় দেশবাসীসকল,

 

অলিম্পিকৰ পিছত কোনটো ক্ৰীড়া অনুষ্ঠান আটাইতকৈ ডাঙৰ জানেনে? উত্তৰটো হ'ল - 'বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ খেল'। ই সমগ্ৰ বিশ্বৰ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লোক, নিৰাপত্তাৰক্ষীৰ মাজত অনুষ্ঠিত এক ক্ৰীড়া প্ৰতিযোগিতা। এইবাৰ এই প্ৰতিযোগিতাখন আমেৰিকাত অনুষ্ঠিত হৈছে আৰু ভাৰতে ইয়াত ইতিহাসৰ সৃষ্টি  কৰিছে। ভাৰতে প্ৰায় ৬০০টা  পদক লাভ কৰে। আমি ৭১খন দেশৰ ভিতৰত   শীৰ্ষ তিনিখনত  উপনীত হ’লোঁ। দিনে-নিশাই দেশৰ হৈ কৰ্মৰত সেই ইউনিফৰ্ম পিন্ধা লোকসকলে কষ্টৰ ফল লাভ কৰিলে। আমাৰ এই বন্ধুসকলে এতিয়া ক্ৰীড়া পথাৰতো ধ্বজা উৰুৱালে  । সকলো খেলুৱৈ আৰু প্ৰশিক্ষক দলক অভিনন্দন জনাইছো। একেদৰে,  আপোনালোকে   এয়া জানি  সুখী  হ’ব যে ২০২৯ চনত এই খেল ভাৰতত অনুষ্ঠিত হ’ব। আমাৰ দেশলৈ আহিব সমগ্ৰ বিশ্বৰ খেলুৱৈ। আমি তেওঁলোকক ভাৰতৰ আতিথ্য আগবঢ়াম আৰু আমাৰ ক্ৰীড়া সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিম।

বন্ধুসকল,

 

যোৱা কেইদিনমানৰ পৰা বহু যুৱ খেলুৱৈ আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা বাৰ্তা আহিছে। খেলো ইণ্ডিয়া পলিচি ২০২৫ৰ বহু প্ৰশংসা কৰা হৈছে। এই নীতিৰ লক্ষ্য স্পষ্ট - ভাৰতক ক্ৰীড়াৰ মহাশক্তি হিচাপে গঢ়ি তোলা। গাঁও, দুখীয়া আৰু কন্যা এই নীতিৰ অগ্ৰাধিকাৰ। বিদ্যালয়-মহাবিদ্যালয়সমূহে এতিয়া ক্ৰীড়াক দৈনন্দিন জীৱনৰ অংগ কৰি তুলিব। ক্ৰীড়া সম্পৰ্কীয় ষ্টাৰ্টআপ, সেয়া ক্ৰীড়া পৰিচালনাই হওক বা উৎপাদনেই হওক - সকলো দিশতে সহায় কৰা হ’ব। কল্পনা কৰকচোন, দেশৰ যুৱক-যুৱতীসকলে যেতিয়া স্ব-নিৰ্মিত ৰেকেট, বেট আৰু বলৰ সৈতে খেলিব, তেতিয়া আত্মনিৰ্ভৰশীলতাৰ অভিযানে কিমান শক্তি লাভ কৰিব। বন্ধুসকল, ক্ৰীড়াই দলীয় মনোভাৱৰ সৃষ্টি কৰে। ফিটনেছ, আত্মবিশ্বাস আৰু শক্তিশালী ভাৰত গঢ়ি তোলাৰ এয়াই পথ। গতিকে বহুত খেলক, বহুত প্ৰস্ফূটিত হৈ উঠক।

 

মোৰ প্ৰিয় দেশবাসীসকল,

 

কেতিয়াবা কিছুমান কাম কিছুমান মানুহৰ বাবে অসম্ভৱ যেন লাগে। এনে লাগে, আনকি এয়া সম্ভৱ হ’বনে? কিন্তু, যেতিয়া এটা চিন্তাত দেশ একত্ৰিত হয়, তেতিয়া অসম্ভৱো সম্ভৱ হৈ উঠে। 'স্বচ্ছ ভাৰত মিছন' ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ। অতি শীঘ্ৰে  এই অভিযানে ১১ বছৰ সম্পূৰ্ণ কৰিব। কিন্তু ইয়াৰ শক্তি আৰু প্ৰয়োজন এতিয়াও একেই আছে। এই ১১ বছৰত ‘স্বচ্ছ ভাৰত অভিযান’ এক গণ আন্দোলনত পৰিণত হৈছে। মানুহে ইয়াক নিজৰ কৰ্তব্য বুলি গণ্য কৰিছে আৰু এয়াই হৈছে প্ৰকৃততে জনসাধাৰণৰ অংশগ্ৰহণ।

 

বন্ধুসকল,

 

প্ৰতি বছৰে চলোৱা স্বচ্ছ সমীক্ষাই এই অনুভূতি আৰু অধিক বৃদ্ধি কৰিছে। এইবাৰ দেশৰ ৪৫০০ৰো অধিক চহৰ আৰু নগৰে ইয়াত যোগদান কৰিছে। ইয়াত ১৫ কোটিৰো অধিক লোকে অংশগ্ৰহণ কৰিছে। এয়া  কোনো সাধাৰণ সংখ্যা নহয়। এয়া স্বচ্ছ ভাৰতৰ কণ্ঠ।

 

বন্ধুসকল,

 

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আমাৰ চহৰ আৰু নগৰসমূহে নিজৰ প্ৰয়োজন আৰু পৰিৱেশ অনুসৰি বিভিন্ন ধৰণে কাম কৰি আছে। আৰু তেওঁলোকৰ প্ৰভাৱ কেৱল এই চহৰবোৰতে সীমাবদ্ধ নহয়, সমগ্ৰ দেশে এই পদ্ধতিসমূহ গ্ৰহণ কৰিছে। উত্তৰাখণ্ডৰ কীৰ্তিনগৰৰ ৰাইজে পাহাৰত আৱৰ্জনা ব্যৱস্থাপনাৰ এক নতুন নিদৰ্শন দাঙি ধৰিছে। একেদৰে মঙলদৈতো প্ৰযুক্তিৰ সহায়ত জৈৱিক আৱৰ্জনা ব্যৱস্থাপনাৰ কাম চলি আছে। অৰুণাচলৰ ৰয়িং  এখন সৰু চহৰ। এটা সময়ত আৱৰ্জনা ব্যৱস্থাপনা ইয়াৰ মানুহৰ স্বাস্থ্যৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল। ইয়াৰ দায়িত্ব স্থানীয় ৰাইজে ল’লে। ‘গ্ৰীণ ৰয়িং ইনিচিয়েটিভ’ আৰম্ভ হৈছিল আৰু তাৰ পিছত পুনঃব্যৱহৃত আৱৰ্জনাৰে এখন  উদ্যান নিৰ্মাণ কৰা হৈছিল। সেইদৰে বিজয়াৱাড়াৰ কাৰাডতো পানী ব্যৱস্থাপনাৰ বহু নতুন উদাহৰণৰ সৃষ্টি হৈছে। আহমেদাবাদৰ নৈপাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতায়ো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

 

বন্ধুসকল,

 

ভূপালৰ এটা দলৰ নাম ‘পজিটিভ থিংকিং’। ইয়াত ২০০ গৰাকী মহিলা আছে। এই দলটোৱে কেৱল চাফ-চিকুণ কৰাই নহয়, চিন্তা-চৰ্চাও সলনি কৰে। মহানগৰীৰ ১৭খন উদ্যান একেলগে চাফা কৰা, কাপোৰৰ মোনা বিতৰণ কৰা, তেওঁলোকৰ প্ৰতিটো খোজতে এটা বাৰ্তা বহন কৰা গোটটোৰ কাম। এনে প্ৰচেষ্টাৰ বাবেই এতিয়া স্বচ্ছ জৰীপত ভূপাল বহু দূৰ আগবাঢ়িছে। লক্ষ্ণৌৰ গোমতি নদীৰ দলটোৰ কথাও উল্লেখ কৰাটো গুৰুত্বপূৰ্ণ। ১০ বছৰ ধৰি প্ৰতি দেওবাৰে ভাগৰ নলগাকৈ, ৰৈ নোযোৱাকৈ এই দলটোৱে  পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কামত নিয়োজিত হৈ আছে। ছত্তীশগড়ৰ বিলহাৰ আদৰ্শও মহান। ইয়াত মহিলাসকলক আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু এনেদৰে তেওঁলোকে একেলগ হৈ চহৰৰ ৰূপেই সলনি কৰি পেলাইছে। গোৱাৰ পাঞ্জিম চহৰৰ উদাহৰণো প্ৰেৰণাদায়ক। তাত আৱৰ্জনাক ১৬টা ভাগত ভাগ কৰা হৈছে আৰু ইয়াৰ নেতৃত্বও মহিলাসকলে লৈছে। পাঞ্জিমে ৰাষ্ট্ৰপতিৰ বঁটাও লাভ কৰিছে। বন্ধুসকল, পৰিষ্কাৰ-পৰিচ্ছন্নতা কেৱল এদিনীয়া কাম নহয়। আমি যেতিয়া প্ৰতিদিনে, বছৰৰ প্ৰতিটো মুহূৰ্তত পৰিষ্কাৰ-পৰিচ্ছন্নতাক অগ্ৰাধিকাৰ দিম, তেতিয়াহে দেশখন পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব পাৰিব।

 

বন্ধুসকল,

 

শাওনৰ বৰষুণৰ মাজতে আকৌ এবাৰ উৎসৱৰ আনন্দৰে  বিধৌত  হ’বলৈ গৈ আছে দেশ। আজি হৰিয়ালী তীজ, তাৰ পিছত নাগ পঞ্চমী আৰু ৰক্ষা বন্ধন, তাৰ পিছত জন্মাষ্টমী, আমাৰ দুষ্ট কানহাৰ জন্মৰ উদযাপন। এই সকলোবোৰ উৎসৱ  আমাৰ আৱেগৰ সৈতে জড়িত, এইবোৰে প্ৰকৃতিৰ সৈতে সংযোগ আৰু ভাৰসাম্যৰ বাৰ্তাও দিয়ে। এই পবিত্ৰ উৎসৱ সমূহৰ বাবে আপোনালোক সকলোলৈ বহু শুভেচ্ছা। মোৰ প্ৰিয় বন্ধুসকল, আপোনালোকৰ চিন্তা আৰু অভিজ্ঞতা শ্বেয়াৰ কৰি যাওক। অহা মাহত আৰু কিছু নতুন কৃতিত্ব তথা দেশবাসীৰ বাবে প্ৰেৰণাৰ বতৰা  লৈ আমি পুনৰ লহগ হম ।নিজৰ  যত্ন লব।

 আপোনালোক সকলোকে ধন্যবাদ ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Domestic MF inflows bolster Indian markets amid global volatility: Sebi WTM

Media Coverage

Domestic MF inflows bolster Indian markets amid global volatility: Sebi WTM
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister’s visit to Indonesia, Australia and New Zealand
July 03, 2026

At the invitation of the President of the Republic of Indonesia, H.E. Mr. Prabowo Subianto, Prime Minister Shri Narendra Modi will pay a visit to Indonesia from 6-8 July, 2026. This will be Prime Minister’s fourth visit to Indonesia and his first bilateral visit since the elevation of India-Indonesia ties to the level of Comprehensive Strategic Partnership in May 2018. During the visit, Prime Minister will hold bilateral discussions with President Prabowo and review the progress made in the partnership. In Jakarta, Prime Minister will address a large gathering of the Indian Diaspora. India and Indonesia share historical and warm people-to-people ties. In keeping with these special bonds, Prime Minister will visit the Prambanan Temple complex at Yogyakarta, a prominent UNESCO world heritage site in Indonesia.

From Indonesia, at the invitation of the Prime Minister of Australia, the Honourable Anthony Albanese MP, Prime Minister will travel to Melbourne from 8-10 July, 2026. In Melbourne, Prime Minister will hold bilateral discussions with Prime Minister Albanese. He will also call on the Governor General of Australia, the Honourable Ms Sam Mostyn AC. During his visit, Prime Minister will also participate in the India-Australia CEOs Forum, where he will address a gathering of top business leaders from both countries. Prime Minister will also address a large gathering of the Indian Diaspora, who constitute a strong pillar of the India-Australia relationship.

From Melbourne, at the invitation of the Prime Minister of New Zealand, Rt Honourable Christopher Luxon, Prime Minister will travel to Auckland for a state visit from 10-11 July, 2026. This will be the first state visit of an Indian Prime Minister to New Zealand in four decades. In Auckland, Prime Minister will hold bilateral discussions with Prime Minister Luxon and review the entire gamut of the bilateral relationship, which has seen significant progress in the last two years, especially in the areas of trade and commerce and defence. While in Auckland, Prime Minister will also interact with prominent business and sports personalities. In a reflection of the strong people-to-people ties that exist between India and New Zealand, Prime Minister will address a large gathering of the Indian Diaspora during the visit.