India’s vibrant democracy and conducive ease of doing business environment make it an attractive investment destination: PM
India is playing the role of the pharmacy to the world. We’ve provided medicines to around 150 countries so far during this pandemic: PM
The Indian story is strong today and will be stronger tomorrow: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে কানাডাত অনুষ্ঠিত ইনভেষ্ট ইণ্ডিয়া কনফাৰেন্সত মুল ভাষণ আগবঢ়ায়৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত হৈছে একমাত্ৰ দেশ, য’ত ৰাজনৈতিক সুস্থিৰতা, বিনিয়োগ আৰু ব্যৱসায় অনুকূল নীতি, প্ৰশাসনিক দিশত জবাবহদিহিতা, দক্ষ প্ৰতিভাৰে পৰিপূৰ্ণ আৰু এক বৃহৎ বজাৰৰ দৰে বিনিয়োগৰ সকলো মাপকাঠি বিদ্যমান৷ তেওঁ কয় যে ইয়াত প্ৰতিষ্ঠানিক বিনিয়োগকাৰী, নিৰ্মাণকাৰী, অভিনৱ পৰিস্থিতি তন্ত্ৰ আৰু আন্তঃগাঁথনিমূলক কোম্পানীৰ সমৰ্থককে ধৰি সকলোৰে বাবে সূযোগ আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ভিডৰ পাছৰ বিশ্বত ভাৰতে ধৈৰ্য প্ৰদৰ্শন কৰাৰ লগতে নিৰ্মাণকাৰী, যোগান শৃংখলা ইত্যাদি সম্পৰ্কীয় বিভিন্ন সমস্যাৰ সমাধানৰ এক অন্যতম ঠাই৷ তেওঁ লগতে কয় যে কেতবোৰ বাধাই দেখা দিলেও ভাৰতত এদিনতে ৪০০ মিলিয়নতকৈ অধিক কৃষক, মহিলা, দুখীয়া আৰু অভাৱগ্ৰস্ত লোকক প্ৰত্যক্ষভাৱে বেংক একাউণ্টযোগে ধন হস্তান্তৰ কৰাৰ সুবিধা হৈছে৷ তেওঁ মহামাৰীৰ সময়ত দেখা দিয়া বাধাক অতিক্ৰম কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ তালিকা উল্লেখ লগতে কয় যে ইয়াৰ জৰিয়তে প্ৰশাসনিক পৰিকাঠামো আৰু পদ্ধতি প্ৰদৰ্শিত হৈছে, যিটো বিগত বছৰকেইটা গঢ়ি তোলা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যিসময়ত সমগ্ৰ দেশত এক কঠোৰ লকডাউন ঘোষণা কৰা হৈছিল, সেইসময়ত ভাৰতে প্ৰায় ১৫০খন দেশত ঔষধ যোগান ধৰাৰ লগতে বিশ্বৰ ফাৰ্মাচীৰ দৰে ভূমিকা পালন কৰিছিল৷ তেওঁ কয় যে চলিত বৰ্ষৰ মাৰ্চ-জুন মাহত কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ হাৰ ২৩% বৃদ্ধি পাইছিল৷ তেওঁ কয় যে মহামাৰীৰ পূৰ্বে ভাৰতত পিপিই কিট প্ৰস্তুতেই কৰা হোৱা নাছিল৷ কিন্তু এতিয়া ভাৰতে প্ৰতি মাহত লাখ লাখ পিপিই কিট প্ৰস্তুত কৰাই নহয়, ৰপ্তানিও কৰিবলৈ সক্ষম হৈছে৷ তেওঁ ক’ভিড-১৯ৰ ভেকচিনৰ উৎপাদন বৃদ্ধিয়েই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বক এই ভেকচিন উৎপাদন কৰাত সহায় কৰিবলৈ প্ৰতিশ্ৰুতি ব্যক্ত কৰে৷

চৰকাৰে ভাৰতত কিদৰে বিভিন্ন প্ৰচেষ্টাৱলীৰ জৰিয়তে এক ব্যৱসায় অনুকূল পৰিৱেশ গঢ়ি তোলাৰ লগতে ইয়াক অধিক শক্তিশালী কৰিছে সেই বিষয়েও ব্যাখ্যা কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ এফডিআই ব্যৱস্থাৰ উদাৰীকৰণ, সাৰ্বভৌম সম্পত্তি আৰু পেন্সন পুঁজিৰ বাবে এক বন্ধুত্বসুলভ কৰ ব্যৱস্থা গঢ় দিয়া, বণ্ড মাৰ্কেটৰ উন্নয়নত গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন, চেম্পিয়ন খণ্ডৰ বাবে উদ্গনিমূলক আঁচনি ইত্যাদিৰ দৰে প্ৰচেষ্টাৱলীৰ সন্দৰ্ভত উল্লেখ কৰে৷ তেওঁ কয় যে ফাৰ্মা, চিকিৎসা সঁজুলি আৰু বৈদ্যুতিক সামগ্ৰী উৎপাদন ইত্যাদিৰ দৰে খণ্ডত গ্ৰহণ কৰা আঁচনি বৰ্তমান চলি আছে৷ তেওঁ লগতে কয় যে বিনিয়োগকাৰীসকলৰ বাবে উচ্চপৰ্যায়ৰ মনোযোগ আৰু কাৰ্যকৰী পৰিচালনা সুনিশ্চিত কৰাৰ বাবে এক সমৰ্পিত কৰ্তৃত্বপ্ৰাপ্ত সচিব গোট গঠন কৰা হৈছে৷ তেওঁ বিমানবন্দৰ, ৰে’লৱে, হাইৱে, বিদ্যুৎ সংবহন লাইন ইত্যাদিৰ দৰে খণ্ডৰ সম্পদৰ সক্ৰিয় মুলধনীকৰণত জোৰ দিয়ে৷ তেওঁ কয় ৰিয়েল ইষ্টেট বিনিয়োগ পুঁজি আৰু আন্তঃগাঁথনিমূলক বিনিয়োগ পুঁজিক চৰকাৰী আৰু ব্যক্তিগত সম্পদৰ মুলধনীকৰণৰ বাবে সম্পূৰ্ণ কাৰ্যক্ষম কৰি তোলা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান ভাৰতত বজাৰৰ লগতে মানুহৰ মনোভাৱৰ দ্ৰুত পৰিৱৰ্তন হৈছে৷ ই কোম্পানী অধিনিয়মৰ অধীনত বিভিন্ন অপৰাধ নিৰ্মূল আৰু বৈমষ্যহীনতাৰ যাত্ৰা আৰম্ভ কৰিছে৷ তেওঁ কয় যে ভাৰতে বিগত পাঁচ বছৰত বিশ্ব অভিনৱ সূচকাংকৰ ৰেংকিঙত ৮১ৰ পৰা ৪৮লৈ আৰু ব্যৱসায়ৰ সহজ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত ১৪২ৰ পৰা ৬৩সংখ্যক স্থানলৈ উন্নীত হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এইবোৰৰ উন্নয়নৰ ফলতে ভাৰতে ২০১৯ৰ জানুৱাৰীৰ পৰা ২০২০ৰ জুলাইলৈকে প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ পৰা প্ৰায় ৭০ বিলিয়ন মাৰ্কিন ডলাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ এয়া ২০১৩ৰ পৰা ২০১৭ চনৰ মাজৰ সময়ছোৱাত লাভ কৰা ধনৰ সমান৷ তেওঁ কয় যে বিশ্ব বিনিয়োগকাৰীসকলে ভাৰতত বিশ্বাস অটুট ৰখাটো পৰিলক্ষিত হৈছে, কিয়নো বিশ্ব এফডিআই প্ৰবাহ ১% হ্ৰাস হোৱাৰ সময়ত ভাৰতৰ এফডিআই প্ৰবাহ ২০% বৃদ্ধি পাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যিসময়ত বিশ্বত ক’ভিডৰ আক্ৰমণ শিখৰত উপনীত হৈছিল, সেই সময়তে বিগত ৬মাহত ভাৰতে ইতিমধ্যে ২০ বিলিয়ন মাৰ্কিন ডলাৰ বিদেশী বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ কয় যে ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰতে এক ব্যতিক্ৰমী দৃষ্টিভংগী গ্ৰহণ কৰিছে৷ তেওঁ কয় যে দুখীয়া আৰু ক্ষুদ্ৰ ব্যয়সায়ীসকলক ক্ৰমে সাহায্য আৰু উদ্দীপনা পেকেজ প্ৰদান কৰাৰ সমান্তৰালভাৱে গাঁথনিগত সংস্কাৰো সাধন কৰা হৈছে, যিটোৱে অধিক উৎপাদনশীলতা আৰু সমৃদ্ধি সুনিশ্চিত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে শিক্ষা, শ্ৰম আৰু কৃষি এই তিনিটা খণ্ডত সংস্কাৰ সাধন কৰিছে৷ একেসময়তে এইবোৰে প্ৰতিগৰাকী ভাৰতীয়কে প্ৰভাৱিত কৰিছে৷ তেওঁ কয় যে ভাৰতে শ্ৰম আৰ কৃষি খণ্ডৰ পুৰণি আইনসমূহৰ সংস্কাৰ সুনিশ্চিত কৰিছে৷ এইবোৰত চৰকাৰক নিৰাপত্তাজনিত দিশবোৰ অধিক শক্তিশালী কৰাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি কৰি তোলা হৈছে, যাতে উদ্যোগীসকলৰ সমান্তৰালভাৱে আমাৰ কঠোৰ পৰিশ্ৰম কৰা লোকসকল উপকৃত হয়৷ তেওঁ কয় যে শিক্ষা খণ্ডত কৰা সংস্কাৰে আমাৰ যুৱ প্ৰজন্ম প্ৰতিভাক অধিক বিকশিত কৰাৰ লগতে বিদেশী বিশ্ববিদ্যালয়সমূহ ভাৰতলৈ আহিব পৰা এক সুবিধা গঢ়ি তোলা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰম আইনসমূহৰ সংস্কাৰে শ্ৰম ক’ডৰ সংখ্যা হ্ৰাস কৰাৰ লগতে কৰ্মচাৰী আৰু নিয়োগকৰ্তা উভয়ৰে অনুকূল পৰিৱেশ গঢ় দিছে যিটোৱে ব্যৱসায়ৰ পৰিৱেশ অধিক সহজ কৰি তুলিব৷ কৃষি খণ্ডক সংস্কাৰে কৃষকসকলক পচন্দৰ অধিকাৰ দিয়াই নহয়, ৰপ্তানি বৃদ্ধিতো উদ্গনি যোগাব৷ তেওঁ কয় যে এই সংস্কাৰসমূহে আমাৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ প্ৰচেষ্টাত সহায় কৰিব আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত কাম কৰাৰ জৰিয়তে আমি বিশ্বৰ ভাল তথা সমৃদ্ধিত অৱদান আগবঢ়াব বিচাৰো৷ তেওঁ ভাৰতক শিক্ষা খণ্ডৰ সহযোগী তথা নিৰ্মাণ আৰু সেৱা খণ্ডত বিনিয়োগৰ লগতে কৃষি খণ্ডত সহযোগিতাৰ এক স্থলী হিচাপে আলোকপাত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-কানাডা দ্বিপাক্ষিক সম্পৰ্ক মিলিত গণতান্ত্ৰিক মূল্যবোধৰ দ্বাৰা পৰিচালিত আৰু দুয়ো দেশৰ মাজত বহুখিনি সাদৃশ্য আছে৷ তেওঁ কয় যে দুয়োখন দেশৰ মাজৰ বাণিজ্য আৰু বিনিয়োগৰ যোগসুত্ৰ আমাৰ বহুপাক্ষিক সম্পৰ্ক এক অবিচ্ছেদ্য অংগ৷ তেওঁ কানাডাক বৃহৎ আৰু সৰ্বাধিক আন্তঃগাঁথনিমূলক বিনিয়োগকাৰীৰ জন্মভূমি বুলি উল্লেখ কৰে৷ তেওঁ কয় যে কানাডিয়ান পেন্সন ফাণ্ড ভাৰতত প্ৰত্যক্ষভাৱে বিনিয়োগ কৰা প্ৰথম বিনিয়োগ আছিল৷ তেওঁ কয় যে ইয়াৰে বহুতে ইতিমধ্যে ঘাইপথ, বিমানবন্দৰ, সামগ্ৰী, দূৰসংযোগ আৰু ৰিয়েল ইষ্টেটৰ দিশত ব্যাপক সূযোগৰ সন্ধান কৰিছে৷ তেওঁ কয় যে ভাৰতত দীৰ্ঘদিন ধৰি থকা পৰিপক্ক কানাডিয়ান বিনিয়োগকাৰী এতিয়া আমাৰ বাবে ব্ৰেণ্ড এম্বেছাদৰ হ’ব পাৰে৷ তেওঁলোকৰ অভিজ্ঞতা, তেওঁলোকৰ পৰিকল্পনা ভাৰতলৈ আহিবলগীয়া অন্যান্য বিনোয়োগকাৰীৰ বাবে উপযুক্ত বিশ্বাসযোগ্য প্ৰমাণ হ’ব পাৰে৷ তেওঁ ভাৰতত কানাডিয়ান বিনিয়োগকাৰীয়ে কোনো বাধাৰ সন্মুখীন নহয় বুলি প্ৰতিশ্ৰুতি দিয়ে৷

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Commendable performance of India’s marine exports amid uncertain times

Media Coverage

Commendable performance of India’s marine exports amid uncertain times
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog
May 02, 2026

Prime Minister Shri Narendra Modi has congratulated Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog.

The Prime Minister noted that their rich experience and deep understanding of various issues will greatly strengthen policymaking. Shri Modi expressed confidence that their contributions will help drive innovation and growth across sectors. He also wished them a very productive and impactful tenure ahead.

The Prime Minister posted on X:

"Congratulations to Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog. Their rich experience and deep understanding of various issues will greatly strengthen policy making. I am confident their contributions will help drive innovation and growth across sectors. Wishing them a very productive and impactful tenure ahead."