২০২৩ চনৰ ২২ মে’ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতাৰ মঞ্চৰ (এফআইপিআইচি) তৃতীয় সন্মিলনৰ বাবে প’ৰ্ট ম’ৰছবি ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা (আইটিইচি) পাঠ্যক্ৰমৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছিল আইটিইচিৰ অধীনত ভাৰতত প্ৰশিক্ষণ লাভ কৰা চৰকাৰী জ্যেষ্ঠ বিষয়া, আগশাৰীৰ পেছাদাৰী আৰু সম্প্ৰদায়ৰ নেতা। ভাৰতত লাভ কৰা দক্ষতা ব্যৱহাৰ কৰি তেওঁলোকে নিজৰ সমাজলৈ অৰিহণা যোগাইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ব্যক্তিগত সফলতা আৰু কৃতিত্বৰ বাবে প্ৰশংসা কৰে। বিশেষকৈ সুশাসন, জলবায়ু পৰিৱৰ্তন, ডিজিটেল ৰাজহুৱা সামগ্ৰী আৰু বহনক্ষম উন্নয়নৰ দৰে ক্ষেত্ৰত দেশসমূহক তেওঁলোকৰ উন্নয়নমূলক লক্ষ্য পূৰণ কৰাত সহায় কৰাত ভাৰতৰ সামৰ্থ্য বিকাশৰ পদক্ষেপে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ এনে সামৰ্থ্য বিকাশৰ প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰবাৰ উল্লেখ কৰে। ২০১৫ চনত অনুষ্ঠিত হোৱা শেষৰখন এফআইপিআইচি শীৰ্ষ সন্মিলনৰ পিছত ভাৰতে এই অঞ্চলৰ সকলো দেশৰ প্ৰায় ১০০০ বিষয়াক প্ৰশিক্ষণ দিছে। ভাৰতে এই দেশসমূহৰ সংস্থাসমূহলৈ দীৰ্ঘম্যাদী প্ৰতিনিধিৰ বিশেষজ্ঞও প্ৰেৰণ কৰি কৃষি আৰু আনুষংগিক ক্ষেত্ৰত সহায় কৰিছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators

Media Coverage

India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Mr. Andy Jassy meets the Prime Minister
June 25, 2026

CEO of Amazon, Mr. Andy Jassy met with the Prime Minister Shri Narendra Modi, today, at New Delhi. Shri Modi remarked that Amazon's record $48 billion investment in India shows the growing interest across the world to invest in India.

The Prime Minister posted on X;

A great meeting with Mr. Andy Jassy. I welcome Amazon's record $48 billion investment in India. This will create new opportunities for our youth. At the same time, it shows the growing interest across the world to invest in India!

@amazon