Warns the health workers against complacency and urges them to focus on rural areas of Banaras and Purvanchal
Hails the initiative of ‘Micro-containment zones’ and ‘Home delivery of medicines’
Bringing the treatment to the patient’s doorstep will reduce the burden on the health system : PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে বাৰানসীৰ চিকিত্সক আৰু অন্যান্য বিষয়াবৰ্গৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

বাৰ্তালাপৰ সময়ছোৱাত বাৰানসীৰ চিকিত্সক আৰু বিষয়াবৰ্গই প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা সক্ৰিয় ভূমিকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে, প্ৰধানমন্ত্ৰীৰ সক্ৰিয় সহযোগে স্বাস্থ্য আন্তঃগাঁথনি প্ৰসাৰ সাধনৰ লগতে ঔষধ-পাতি আৰু ভেণ্টিলেটৰ আৰু অক্সিজেন কনচেণ্ট্ৰেটৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ চিকিত্সা উপকৰণৰ যোগান পৰ্যাপ্ত কৰি তোলাত সহায় কৰিছে বুলিও অভিমত ব্যক্ত কৰে। যোৱা মাহটোত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা প্ৰয়াস, টীকাকৰণৰ স্থিতি আৰু আগন্তুক সময়ত আহিব লগা প্ৰত্যাহ্বানৰ সন্মিখীন হোৱাৰ বাবে যুগুতোৱা পৰিকল্পনা সন্দৰ্ভত তেওঁলোকে প্ৰধানমন্ত্ৰীক তথ্য অৱগত কৰে। তেওঁলোকে ‘মিউকৰমাইকছিছ’য়ে সৃষ্টি কৰা ভাবুকী প্ৰতিৰোধ কৰিব পৰাকৈ ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ইয়াৰ প্ৰবন্ধন কৰিব পৰাকৈ প্ৰয়োজনীয় বিধি-ব্যৱস্থা সাজু কৰি তোলা হৈছে বুলিও জানিবলৈ দিয়ে।

ক’ভিড বিৰোধী যুঁজত অৱতীৰ্ণ হৈ থকা বিষয়া-কৰ্মচাৰীসকলৰ নিয়মীয়া প্ৰশিক্ষণত গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে চিকিত্সক আৰু বিষয়াবৰ্গক প্ৰশিক্ষণ আৰু ৱে’বিনাৰ আদি অনুষ্ঠিত কৰাৰ, বিশেষকৈ পেৰামেডিকেল সহায়ক আৰু গ্ৰামীণ এলেকাত কৰ্মৰত চিকিত্সকসকলৰ বাবে প্ৰশিক্ষণৰ দিহা কৰাৰ পৰামৰ্শ দিয়ে। প্ৰসংগক্ৰমে তেওঁ প্ৰতিষেধকৰ অপব্যয় হ্ৰাস কৰিবলৈও সংশ্লিষ্ট সকলোকে আহ্বান জনায়।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত কাশীৰ স্বাস্থ্য কৰ্মী, এম্বুলেন্সৰ চালক, আগশাৰীৰ কৰ্মী তথা বিষয়াবৰ্গই প্ৰদৰ্শন কৰা উতসৰ্গিত মনোভাৱ আৰু আন্তৰিকতাপূৰ্ণ দৃঢ়তাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ আত্মীয়-স্বজনক হেৰুওৱা সকলোৰে প্ৰতি সমবেদনা জ্ঞাপন কৰে।  ইমান কমদিনৰ ভিতৰতে বেনাৰসত অক্সিজেন আৰু আইচিইউ বিচনাৰ সংখ্যা বৃদ্ধি কৰাৰ উপৰি ‘পণ্ডিত ৰঞ্জন মিশ্ৰ ক’ভিড চিকিত্সালয়’ৰ কাম-কাজ আৰম্ভ হোৱা কথাত প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। বাৰানসীত স্থাপন কৰা ‘ইণ্ট্ৰিগ্ৰেটেড ক’ভিড কমাণ্ড ছীষ্টেম’য়ে সুন্দৰকৈ কাম-কাজ কৰাত আনন্দ প্ৰকাশ কৰা প্ৰধানমন্ত্ৰীয়ে বাৰানসীয়ে সমগ্ৰ বিশ্বকে অনুপ্ৰেৰণা যোগাব পৰা নিদৰ্শন দাঙি ধৰিছে বুলি অনুভৱ প্ৰকাশ কৰে।

ক’ভিড প্ৰবন্ধন অভিযানৰ বাবে প্ৰধানমন্ত্ৰীয়ে ‘জাহা বীমাৰ ৱহা উপচাৰ’ শীৰ্ষক এক মন্ত্ৰও প্ৰদান কৰে। ৰোগীৰ দুৱাৰ-দলি পৰ্যন্ত চিকিত্সা ব্যৱস্থাক সম্প্ৰসাৰিত কৰিব পৰা কথাই চিকিত্সা ব্যৱস্থাটোৰ ওপৰত হঠাতে বাঢ়ি যোৱা বোজা বহু পৰিমাণে হ্ৰাস কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে।

বেনাৰস আৰু পূৰ্বাঞ্চলৰ গ্ৰামীণ এলেকাত মনোনিবেশ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্যকৰ্মীসকললৈ আহ্বান  জনায়। আনহাতে তেওঁ, ‘মাইক্ৰো কণ্টেইনমেণ্ট জোন’ আৰু ঔষধৰ ‘হোম ডেলিভাৰী’ৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰো ভূয়সী প্ৰশংসা কৰে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘PM Modi is so popular’: Malaysian PM on Modi’s international appeal’

Media Coverage

‘PM Modi is so popular’: Malaysian PM on Modi’s international appeal’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the Parkash Purab of Sri Guru Granth Sahib Ji
September 12, 2026

The Prime Minister, Shri Narendra Modi, extended greetings on the occasion of the Parkash Purab of Sri Guru Granth Sahib Ji.

The Prime Minister said that for centuries, Sri Guru Granth Sahib Ji has shown humanity the way of selfless service, human dignity and togetherness.

Shri Modi expressed hope that the sacred occasion would inspire everyone to deepen these values in society and build a more compassionate and harmonious world.

The Prime Minister wrote on X;

“Greetings on the Parkash Purab of Sri Guru Granth Sahib Ji.

For centuries, it has shown humanity the way of selfless service, human dignity and togetherness.

May this sacred occasion inspire us to deepen these values in our society and build a more compassionate and harmonious world.”