প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ আমন্ত্ৰণত, মই ২০২৪ চনৰ ১৪ জুনত অনুষ্ঠিত হ’বলগীয়া জি-৭ আউটৰিচ ছামিটত অংশগ্ৰহণ কৰিবলৈ ইটালীৰ আপুলিয়া অঞ্চল ভ্ৰমণ কৰিবলৈ গৈ আছোঁ।

 

মই সুখী যে একেৰাহে তৃতীয়টো কাৰ্যকালত এয়া মোৰ জি-৭ শীৰ্ষ সন্মিলনৰ বাবে ইটালীলৈ প্ৰথম ভ্ৰমণ। ২০২১ চনত জি-২০ শীৰ্ষ সন্মিলনৰ বাবে ইটালী ভ্ৰমণৰ কথা মই উষ্মভাৱে মনত পেলাইছোঁ। যোৱা বছৰ প্ৰধানমন্ত্ৰী মেল'নিৰ ভাৰত ভ্ৰমণে আমাৰ দ্বিপাক্ষিক কাৰ্যসূচীলৈ গতি আৰু গভীৰতা অনাত সহায় কৰিছিল। আমি ভাৰত-ইটালীৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু ভূমধ্যসাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

 

আউটৰিচ অধিবেশনত আলোচনাৰ সময়ত কৃত্ৰিম বুদ্ধিমত্তা, শক্তি, আফ্ৰিকা আৰু ভূমধ্যসাগৰীয় অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এয়া ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলন আৰু আগন্তুক জি-৭ শীৰ্ষ সন্মিলনৰ ফলাফলৰ মাজত ব্যাপক সংগতি স্থাপন কৰাৰ লগতে সেই বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ সুযোগ হ’ব, যি গ্ল’বেল ছাউথৰ বাবে গুৰুত্বপূৰ্ণ।

 

মই এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া আন নেতাসকলকো লগ পাবলৈ আগ্ৰহী।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut

Media Coverage

Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 এপ্ৰিল 2026
April 12, 2026

Trust, Technology & Transformation: How India is Building a Viksit Bharat Under PM Modi