With efforts of every Indian over last 7-8 months, India is in a stable situation we must not let it deteriorate: PM Modi
Lockdown may have ended in most places but the virus is still out there: PM Modi
Government is earnestly working towards developing, manufacturing and distribution of Covid-19 vaccine to every citizen, whenever it is available: PM

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আজি দূৰদৰ্শনত দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ দেশত ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত কোনো আন্তসন্তুষ্টিৰ স্থান নাই বুলি উল্লেখ কৰি তেওঁ নাগৰিকসকলৰ প্ৰতি আহ্বান জনায় কয় যে তেওঁলোকে যাতে এই যুদ্ধত কোনোধৰণৰ শিথিলতা নেদেখুৱায়৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে লকডাউন প্ৰত্যাহাৰ কৰা হ’লেও ক’ৰোনা ভাইৰাছ আঁতৰ হোৱা নাই। দেশৰ সর্বত্ৰ পৰিস্থিতিৰ উন্নতি আৰু আর্থিক কাম–কাজ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰে৷ জনসাধাৰণে তেওঁলোকৰ দায়িত্ব পালন কৰি এতিয়া ঘৰৰ বাহিৰ হৈছে৷

প্ৰধানমন্ত্রীয়ে কয় যে উৎসৱৰ বতৰৰ আৰম্ভণিতে বজাৰসমূহ স্বাভাৱিক হৈছে।

তেওঁ কয় যে বিগত ৭–৮ মাহ ধৰি প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰচেষ্টাৰ ফলত দেশে আজি ভাল অৱস্থালৈ আহিছে আৰু অৱস্থাৰ অৱনতি যাতে নহয়, সেই ক্ষেত্ৰত সকলোৰ সতর্ক থকা উচিৎ।

তেওঁ কয় যে দেশত আৰোগ্য লাভৰ হাৰ বৃদ্ধি পাইছে আৰু মৃত্যু হাৰ হ্রাস পাইছে। প্ৰতি ১০ লাখ নাগৰিকৰ বিপৰীতে দেশত প্রায় ৫,৫০০ জন লোক সংক্ৰমিত হৈছে। মার্কিন যুক্তৰাষ্ট্ৰ আৰু ব্রাজিলত এই সংখ্যা ২৫ হাজাৰ।

তেওঁ কয় যে ভাৰতত প্ৰতি ১০ লাখ মানুহৰ বিপৰীতে ৮৩জন লোকৰ মৃত্যু হৈছে৷ ইফালে, মার্কিন যুক্তৰাষ্ট্ৰ, ব্রাজিল, স্পেইন, ব্রিটেইনকে ধৰি বহু উন্নত দেশত এই সংখ্যা প্রায় ৬০০জন হৈছে।

প্ৰধানমন্ত্রীয়ে উন্নত দেশসমূহৰ সৈতে তুলনা কৰি ভাৰতৰ নাগৰিকসকলৰ জীৱন ৰক্ষাৰ ক্ষেত্রত গ্ৰহণ কৰা প্ৰচেষ্টাৱলীক লৈ সন্তোষ প্ৰকাশ কৰে।

দেশৰ ক’ভিড আন্তঃগাঁথনি উন্নতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ৰোনা সংক্ৰমিতসকলৰ বাবে ৯০ লাখতকৈও অধিক বিছনাৰ ব্যৱস্থা আছে। তদুপৰি, দেশজুৰি ১২,০০০ কোৱাৰেণ্টাইন কেন্দ্ৰ গঢ় দিয়া হৈছে।

তেওঁ কয় যে ২,০০০তকৈ অধিক পৰীক্ষাগাৰত ক’ৰোনাৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু অতি সোনকালে নমুনা পৰীক্ষাৰ সংখ্যা ১০কোটিৰ সীমা অতিক্ৰম কৰিব৷

তেওঁ কয় যে সমৃদ্ধিশালী ৰাষ্ট্ৰসমূহৰ তুলনাত ভাৰতে নাগৰিকসকলৰ প্রাণ ৰক্ষাৰ ক্ষেত্রত যথেষ্ট সফল হৈছে। দেশত নমুনা পৰীক্ষাৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ আৰু অধিক শক্তিশালী হৈছে।

প্ৰধানমন্ত্রীয়ে চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্য কর্মীসকলে নিঃস্বার্থভাৱে বহু লোকৰ প্রাণ ৰক্ষাৰ প্ৰয়াসৰ প্ৰশংসা কৰে। এওঁলোক সকলোৱেই ‘সেৱাই পৰম ধর্ম’-এই মন্ত্রৰে কাম কৰি আহিছে৷

তেওঁ জনসাধাৰণক তেওঁলোকে যাতে দেশত ক’ৰোনাৰ বিপদ শেষ হোৱা বুলি নাভাৱিবলৈ সতৰ্ক কৰি দিয়ে৷ ক’ৰোনা ভাইৰাছ আঁতৰ হোৱা বুলি এই ক্ষেত্ৰত উদাসীন নহ’বলৈও সতৰ্ক কৰি দিয়ে৷

জনসাধাৰণক সতর্ক কৰে তেওঁ কয় যে সতর্কতামূলক ব্যৱস্থা যাতে মানি চলে, সেই দিশত লক্ষ্য ৰাখিব লাগিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “যদি আপোনালোকে অৱহেলা কৰে, মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলায়, তেতিয়াহ’লে আপোনালোকে নিজৰ লগতে আপোনালোকৰ পৰিয়াল, আপোনালোকৰ শিশু আৰু ঘৰৰ বয়স্ক লোকসকলক বিপদত পেলাব৷”

তেওঁ কয় যে মার্কিন যুক্তৰাষ্ট্ৰ আৰু ইউৰোপত প্রাৰম্ভিক অৱস্থাত ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস পালেও হঠাৎ আকৌ সংক্ৰমণ বৃদ্ধি পাইছে৷

যিমান দিনলৈকে প্ৰতিষেধক আৱিষ্কাৰ নহয়, তেতিয়ালৈকে জনসাধাৰণে সর্তকতা অৱলম্বন কৰিব লাগিব আৰু ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজত কোনো শিথিলতা কৰিলে নহ’ব৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মানৱজাতিক ৰক্ষা কৰাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম চলি আছে। আমাৰ দেশকে ধকি বহু দেশৰ বিজ্ঞানীসকলে প্ৰতিষেধক উদ্ভাৱনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

তেওঁ কয় যে ক’ৰোনাৰে মোকাবিলা কৰিবলৈ বিভিন্ন প্ৰতিষেধকক লৈ কাম চলিছে। ইয়াৰ ভিতৰত কেইবাটাও প্ৰতিষেধক চূড়ান্ত পর্যায়ত উপনীত হৈছে।

প্ৰধানমন্ত্রীয়ে কয় যে যেতিয়াই প্ৰতিষেধক পোৱা যাব, তেতিয়াই যাতে প্ৰতিগৰাকী নাগৰিকে সেই প্ৰতিষেধক লাভ কৰে তাৰে বাবে চৰকাৰে পৰিকল্পনা কৰিছে।

প্ৰতিষেধক নহালৈকে তেওঁলোকে যাতে কোনোধৰণৰ শিথিলতা নেদেখুৱায় তাৰ বাবে তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়৷

প্ৰধানমন্ত্রীয়ে কয় যে আমি সংকটকালীন পৰিস্থিতিৰ মাজেৰে অগ্ৰসৰ হৈছো আৰু অসাৱধান হ’লেই আমি ডাঙৰ ডাঙৰ বিপদৰ সম্মুখীন হ’ম৷

তেওঁ নাগৰিকসকল তেওঁলোকৰ দায়িত্ব পালনৰ সময় যেন সচেতন হৈ থাকে, তাৰ বাবে আহ্বান জনায়৷

৬ ফুট(দো গজ দূৰী) দূৰত্ব বজাই ৰখা, চাবোনেৰে বাৰে বাৰে হাত ধোঁৱা আৰু মাস্ক পৰিধান কৰা–ইত্যাদি নিয়মসমূহ মানি চলাৰ বাবে প্ৰধানমন্ত্রীয়ে অনুৰোধ জনায়৷

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Urban India's consumer confidence rebounds in July, retains top global spot: Report

Media Coverage

Urban India's consumer confidence rebounds in July, retains top global spot: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Global Tiger Day, reaffirms commitment to tiger conservation
July 29, 2026

The Prime Minister, Shri Narendra Modi, has extended greetings to all wildlife enthusiasts on Global Tiger Day.

The Prime Minister said that the people of India are proud that the country is home to almost 70 per cent of the global tiger population.

He noted that India’s tiger conservation efforts are inspired by the country’s centuries-old culture of living in harmony with nature and powered by the collective will of its people.

Shri Modi reaffirmed the commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.

Shri Modi also lauded the efforts and dedication of forest personnel, scientists and conservationists for their key role in tiger protection. The Prime Minister added that India remains committed to empowering local communities and reducing human-wildlife conflict.

In a thread posts on X, Shri Modi said;

“Greetings to all wildlife enthusiasts on Global Tiger Day. The people of India are proud of the fact that we are home to almost 70% of the global tiger population. India’s tiger conservation efforts are inspired by our centuries-old culture of living in harmony with nature and powered by the collective will of our people. We also reaffirm our commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.”

“The efforts and dedication of our forest personnel, scientists and conservationists have also played a key role in tiger protection. In that spirit, India remains committed to empowering local communities and reducing human-wildlife conflict.”