এই উপলক্ষে তেওঁ একাধিক গুৰুত্বপূর্ণ প্ৰচেষ্টাৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে
ৰাষ্ট্ৰীয় উন্নয়নৰ ‘মহাযজ্ঞ’ত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এক ডাঙৰ বিষয়ঃ প্রধানমন্ত্রী
সমগ্র দেশে আমাৰ যুৱ সম্প্রদায়ৰ প্রত্যাশা পূৰণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ– ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এই আশ্বাস দিয়েঃ প্রধানমন্ত্রী
সৰলতা আৰু চাপমুক্ত পৰিৱেশ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ গুৰুত্বপূর্ণ বৈশিষ্ট্যঃ প্রধানমন্ত্রী
আঠখন ৰাজ্যৰ ১৪খন অভিযান্ত্ৰিক মহাবিদ্যালয়ত পাঁচটা ভাৰতীয় ভাষাত পাঠদান আৰম্ভ কৰিছেঃ প্রধানমন্ত্রী
শিক্ষা প্ৰদানৰ মাধ্যম হিচাপে মাতৃভাষা দৰিদ্র, গ্রামীণ আৰু আদিবাসী এলেকাৰ পৰা অহা ছাত্র-ছাত্রীসকলৰ মনত আশাৰ সঞ্চাৰ কৰিবঃ প্রধানমন্ত্রী

ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ৰ অধীনত সংস্কাৰৰ প্ৰথম বৰ্ষপূর্তি উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে শিক্ষা আৰু দক্ষতা বিকাশ ক্ষেত্রৰ সৈতে জড়িত নীতিপ্রণেতাসকলৰ লগতে ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্রথম বর্ষপূর্তি উপলক্ষে তেওঁ শিক্ষাখণ্ডৰ সৈতে জড়িত একাধিক পদক্ষেপৰ শুভাৰম্ভ কৰে৷
ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্রথম বর্ষপূর্তিত দেশবাসী আৰু ছাত্র-ছাত্রীসকলক অভিনন্দন জনাই প্রধানমন্ত্রীয়ে ক’ভিড-১৯ৰ দৰে জটিল সময়তো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ উদ্দেশ্যসমূহ বাস্তবায়িত কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকা আৰু নীতিপ্রণেতাসকলৰ নিৰলস প্রচেষ্টাৰ ভূয়সী প্রশংসা কৰে৷ ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ বর্ষৰ তাৎপর্য উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে গুৰুত্বপূর্ণ এই সময়ত নতুন শিক্ষানীতিয়ে ডাঙৰ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ যুৱকসকলৰ শিক্ষা আৰু দিক-নির্দেশৰ ওপৰত দেশৰ ভৱিষ্যৎ অগ্রগতি আৰু প্রগতি নির্ভৰশীল। “মই ভাৱো ৰাষ্ট্ৰীয় উন্নয়নৰ মহাযজ্ঞত এয়া এক ডাঙৰ আৰু তাৎপর্যপূর্ণ বিষয়”, প্রধানমন্ত্রীয়ে কয়৷

প্রধানমন্ত্রীয়ে মহামাৰীৰ ফলত যি পৰিৱর্তন আহিছে সেই কথা উল্লেখ কৰি কয় যে একেদৰে ছাত্র-ছাত্রীসকলৰ বাবেও অনলাইন পাঠদান ‘নর্মাল’ বা স্বাভাৱিক হৈ উঠিছে। ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপৰি ২,৩০০ কোটি লোকক ‘দীক্ষা’ প’ৰ্টেল চাইছে বা তাৰ সেৱা লাভ কৰিছে৷ প্রকৃতাৰ্থত ‘দীক্ষা’ আৰু ‘স্বয়ম’ৰ দৰে প’ৰ্টেলৰ কার্যকাৰীতাৰ পৰা প্রমাণিত হয়। সৰু চহৰৰ পৰা অহা যুৱক-যুৱতীসকলৰ প্রচেষ্টাৰ কথা প্রধানমন্ত্রী বিশেষভাৱে উল্লেখ কৰে৷ এই ধৰণৰ চহৰৰ পৰা অহা যুৱকসকলৰ টকিঅ’ অলিম্পিকত ভাল ক্রীড়াশৈলী প্রদর্শনৰ কথা উল্লেখ কৰে প্রধানমন্ত্রীয়ে। একেদৰে তেওঁ ৰ’বটিক্স, কৃত্রিম বুদ্ধিমত্তা, ষ্টার্ট-আপ, চতুর্থ উদ্যোগ বিপ্লৱত তেওঁলোকক অগ্রণী ভূমিকা পালনৰ বাবে প্রশংসা কৰে৷ তেওঁ কয় যে নবীন প্রজন্মই যদি তেওঁলোকৰ সপোন আৰু প্রত্যাশা পূৰণৰ অনুকূল পৰিৱেশ পাই তেতিয়াহ’লে তেওঁলোকৰ অগ্রগতিৰ কোনো সীমা নাথাকে৷ তেওঁ সজোৰে কয় যে আজিৰ যুৱক-যুৱতীসকলে নিজৰ ব্যৱস্থা নিজৰ পদ্ধতি অনুসৰি স্থিৰ কৰিব বিচাৰে আৰু নিজৰ দৰেই বিশ্ব ব্যৱস্থা গঢ়ি তুলিবলৈ আগ্রহী। অৱশ্যে এইবাবে তেওঁলোকক যাৱতীয় শৃংখল আৰু বিধি-নিষেধাজ্ঞাৰ পৰা মুক্ত কৰা প্রয়োজন। এই লক্ষ্যৰে যুৱকসকলে যাতে তেওঁলোকৰ প্রত্যাশা পূৰণ কৰিব পাৰে তাৰ বাবে সমগ্র দেশ তেওঁলোকৰ কাষত আছে বুলি ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে অংগীকাৰ প্রকাশ কৰিছে৷ আজি যি কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় কাৰ্যসূচীৰ শুভাৰম্ভ হৈছে সেইবোৰে ছাত্র-ছাত্রীসকলক ভৱিষ্যতমুখী কৰি তুলিব আৰু কৃত্রিম বুদ্ধিমত্তা পৰিচালিত অর্থনীতিৰ পথ আৰু অধিক প্রশস্ত কৰিব। তেওঁ কয় যে একেদৰে নেচনেল ডিজিটেল এডুকেশন আর্কিটেকচাৰ (এনডিইআৰএ) আৰু নেচনেল এডুকেশন টেকন’লজি ফোৰাম (এনইটিএফ)এ সমগ্ৰ দেশত ডিজিটেল আৰু প্রযুক্তিগত আন্তঃগাঁথনি গঢ়ি তুলিবলৈ সুদূৰপ্রসাৰী ভূমিকা পালন কৰিব।
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ছাত্র-ছাত্রীসকল বাবে সৰলতা আৰু চাপমুক্ত পৰিৱেশৰ কথাও প্রধানমন্ত্রীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে শিক্ষানীতিত যিমান সৰলতা আছে, সিমানেই ছাত্র-ছাত্রীসকল স্বার্থত নতুন শিক্ষানীতিত একাধিক বিকল্প পন্থা গ্রহণৰ সৰলতাও জড়িত হৈছে। ইয়াৰ ফলত ছাত্র-ছাত্রীসকল এক নিৰ্দিষ্ট পাঠ্যক্ৰমত আৱদ্ধ হোৱাৰ পৰা মুক্ত হ’ব৷ আনকি, প্রয়োজনত তেওঁলোকে নিজৰ ইচ্ছামতে অন্য পাঠ্যক্ৰমত জড়িত হ’বলৈ আৰু বাহিৰ হৈ আহিব পাৰিব৷ তেওঁ কয় যে আধুনিক প্রযুক্তিভিত্তিক একাডেমিক বেংক অফ ক্রেডিট ব্যৱস্থাই সমগ্র শিক্ষা ব্যৱস্থাত আমূল পৰিৱর্তন আনিব৷ প্ৰকাৰান্তৰে, এই ব্যৱস্থাই ছাত্র-ছাত্রীসকলক নিজা পাঠ্যক্ৰম বা বিষয় পছন্দ কৰাত বিশ্বাস জন্মাব৷ ‘ষ্টাকচার্ড এছেচমেণ্ট ফৰ এনালাইজিং লার্নিং লেভেলছ’ বা সফল ব্যৱস্থাই ছাত্র-ছাত্রীসকলক মনৰ পৰা পৰীক্ষা ভীতি দূৰ কৰিব। এই প্রসংগত প্রধানমন্ত্রীয়ে পুনৰ কয় যে নতুন শিক্ষানীতিৰ এই প্ৰচেষ্টাৱলীয়ে ভাৰতৰ ভাগ্য সলনি কৰিবলৈ সক্ষম।
মহাত্মা গান্ধীৰ উদ্ধৃতি দি প্রধানমন্ত্রীয়ে কয় যে শিক্ষাৰ মাধ্যম হিচাপে স্থানীয় ভাষাৰ গুৰুত্ব অপৰিসীম। এই সন্দৰ্ভত তেওঁ কয় যে আঠখন ৰাজ্যৰ ১৪খন অভিযান্ত্ৰিক মহাবিদ্যালয়ত ইতিমধ্যে বাংলাকে ধৰি পাঁচটা ভাৰতীয় ভাষাত পাঠদান আৰম্ভ কৰা হৈছে। আনকি, অভিযান্ত্ৰিক পাঠ্যক্ৰমসমূহ ১১টা ভাষাত অনুবাদৰ বাবে এক ‘টুল’ বা মাধ্যম উদ্ভাৱন কৰা হৈছে। শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাৰ ওপৰত এই অগ্রাধিকাৰ দৰিদ্র, গ্রামাঞ্চল আৰু আদিবাসী অধ্যুষিত এলেকাৰৰ পৰা অহা ছাত্র-ছাত্রীসকলৰ মাজত আস্থাৰ সঞ্চাৰ কৰিব। তেওঁ কয় যে ‘বিদ্যা প্রৱেশ’ কাৰ্যসূচীৰ মাধ্যমত মাতৃভাষাত মৌলিক শিক্ষা প্ৰদানৰ বিষয়টোক অগ্রাধিকাৰ দিয়া হৈছে৷ আজি ‘বিদ্যা প্রৱেশ’ কাৰ্যসূচীৰ শুভাৰাম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মাতৃভাষাত শিক্ষাৰ ক্ষেত্রত এই কাৰ্যসূচীয়ে অনাগত দিনত গুৰুত্বপূর্ণ হৈ উঠিব৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই প্রথম ভাৰতীয় সাংকেতিক ভাষাক এটা বিষয় হিচাপে মর্যাদা দিয়া হৈছে। ইয়াৰ ফলত ছাত্র-ছাত্রীসকলে সাংকেতিক ভাষাক এটা বিষয় হিচাপে ধৰি পঢ়া-শুনা কৰিব পাৰিব। দেশত ৩লক্ষাধিক এনে শিক্ষাৰ্থী আছে যাৰবাবে সাংকেতিক ভাষাত শিক্ষা গ্রহণ অতি গুৰুত্বপূর্ণ। সেয়েহে, সাংকেতিক ভাষাৰ অগ্রগতি হ’লে প্রকৃতাৰ্থত দিব্যাংগসকলেই উপকৃত হ’ব৷ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ গুৰুত্বপূর্ণ ভূমিকাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্রণয়নৰ পৰা ৰূপায়ণলৈকে প্রতিটো স্তৰতে শিক্ষক-শিক্ষয়িত্ৰীসকল গুৰুত্বপূর্ণ অংশ হৈ উঠিছে৷ আজি আৰম্ভ হোৱা ‘নিষ্ঠা ২.০’ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এই ব্যৱস্থাৰ ফলত শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ চাহিদা অনুসৰি প্রশিক্ষণ ল’ব পাৰিব। আনকি তেওঁলোকে তেওঁলোকৰ দপ্তৰকো বিভিন্ন বিষয়ত পৰামর্শ দিব৷

প্রধানমন্ত্রীয়ে আজি যি একাডেমিক বেংক অফ ক্রেডিট ব্যৱস্থাৰ শুভাৰম্ভ কৰে তাৰ ফলত উচ্চশিক্ষাৰ ক্ষেত্রত ছাত্র-ছাত্রীসকলে নিজৰ পছন্দ অনুসৰি পাঠ্যক্ৰমত প্রৱেশ আৰু প্রয়োজনত সেই পাঠ্যক্ৰমৰ পৰা ওলাই আহিব পাৰিব। প্ৰধানমন্ত্ৰীয়ে উচ্চশিক্ষাৰ আন্তর্জাতিকীকৰণৰ লক্ষ্যৰে আঞ্চলিক ভাষাত প্রথম বর্ষৰ অভিযান্ত্ৰিক কাৰ্যসূচী আৰু নীতি-নির্দেশিকাৰ শু্ভাৰম্ভ কৰে৷ আজি আৰম্ভ হোৱা ‘বিদ্যা প্রৱেশ’ কাৰ্যসূচীৰ ফলত গ্রেড-১ ছাত্র-ছাত্রীসকল প্রাথমিক শিক্ষা ব্যৱস্থাত জড়িত হোৱাৰ তিনি মাহ পূৰ্বৰে তেওঁলোকৰ প্রস্তুতি পৰ্ব আৰম্ভ হ’ব৷ শিক্ষক-শিক্ষণৰ বাবে এক সুসংবদ্ধ কাৰ্যসূচী হিচাপে ‘নিষ্ঠা ২.০’ প্ৰচেষ্টাৰ শুভাৰম্ভ হৈছে। তদুপৰি, গ্রেড-৩, গ্রেড-৫ আৰু গ্রেড-৮ শ্রেণীৰ ছাত্র-ছাত্রীসকল বাবে পাৰদর্শিতাভিত্তিক মূল্যায়ন আন্তঃগাঁতনি, পৰিভাষাত যি ‘সফল’–আজি এই প্ৰচেষ্টাৰো শুভাৰম্ভ কৰা হৈছে। এই উপলক্ষে কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় এটা স্বতন্ত্র ৱেৱছাইটৰ শুভাৰম্ভ কৰা হয়। একেদৰে নেচনেল ডিজিটেল এডুকেশন আর্কিটেকচাৰ আৰু নেচনেল এডুকেশন টেকন’লজি ফোৰামৰো শুভাৰম্ভ কৰে৷

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the Parkash Purab of Sri Guru Granth Sahib Ji
September 12, 2026

The Prime Minister, Shri Narendra Modi, extended greetings on the occasion of the Parkash Purab of Sri Guru Granth Sahib Ji.

The Prime Minister said that for centuries, Sri Guru Granth Sahib Ji has shown humanity the way of selfless service, human dignity and togetherness.

Shri Modi expressed hope that the sacred occasion would inspire everyone to deepen these values in society and build a more compassionate and harmonious world.

The Prime Minister wrote on X;

“Greetings on the Parkash Purab of Sri Guru Granth Sahib Ji.

For centuries, it has shown humanity the way of selfless service, human dignity and togetherness.

May this sacred occasion inspire us to deepen these values in our society and build a more compassionate and harmonious world.”