ৰাজ্যবাসীৰ ঐক্য আৰু সামূহিক প্ৰচেষ্টাৰাজিক প্ৰশংসা
"দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনৰ নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে ত্ৰিপুৰা এখনি সুযোগৰ ভূমি হৈ উঠিছে"
"যোগাযোগ আন্তঃগাঁথনি নিৰ্মাণেৰে ৰাজ্যখনি ক্ষীপ্ৰতাৰে বাণিজ্য কৰিডৰৰ কেন্দ্ৰ হৈ পৰিছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ গঠন আৰু উন্নয়নত বৰঙণি আগবঢ়োৱা লোকসকললৈ শ্ৰদ্ধাঞ্জলি জনায়। তেখেতে মণিক্য ৰাজবংশৰ সময়ৰেপৰা ৰাজ্যখনৰ মৰ্য্যাদা আৰু অৱদানৰ কথা স্বীকাৰ কৰে। তেখেতে ৰাজ্যখনৰ জনসাধাৰণৰ ঐক্য আৰু সামূহিক প্ৰচেষ্টাৰাজিক প্ৰশংসা কৰে। তেখেতে আজি ত্ৰিপুৰাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাষণ আগবঢ়ায়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে তিনি বছৰৰ অৰ্থপূৰ্ণ উন্নয়নৰ কথা উল্লেখ কৰে আৰু কয় যে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনৰ নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে ত্ৰিপুৰা এখনি সুযোগৰ ভূমি হৈ উঠিছে। একাধিক উন্নয়নমূলক মাপকাঠিৰ ক্ষেত্ৰত ৰাজ্যখনৰ উৎকৃষ্ট প্ৰদৰ্শনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোগাযোগ আন্তঃগাঁথনি নিৰ্মাণৰে ৰাজ্যখনি ক্ষীপ্ৰতাৰে বাণিজ্য কৰিডৰৰ কেন্দ্ৰ হৈ পৰিছে। আজি পথৰ লগতে ৰে'লপথ, বায়ু আৰু অভ্যন্তৰীণ জলপথেৰেও ত্ৰিপুৰাক সমগ্ৰ বিশ্বখনৰ সৈতে সংযোগ কৰা হৈছে। দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনে ত্ৰিপুৰাৰ দীৰ্ঘদিনীয়া দাবী পূৰণ আৰু বাংলাদেশৰ চিটাগং সাগৰ বন্দৰত প্ৰৱেশাধিকাৰ লাভ কৰে। ৰাজ্যখনে ২০২০ ত আখাউৰা সংহত চেক প’ষ্টৰ জৰিয়তে বাংলাদেশৰপৰা প্ৰথম কাৰ্গ’ লাভ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাৰাজ বীৰ বিক্ৰম বিমানবন্দৰৰ শেহতীয়া সম্প্ৰসাৰণৰ কথাও উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে দৰিদ্ৰ লোকসকলক পকী গৃহ প্ৰদান আৰু গৃহ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত ৰাজ্যখনত অব্যাহত থকা ভাল কাম সম্পৰ্কে কয়। এই লাইট হাউচ প্ৰকল্প (LHP) ছখন ৰাজ্যত চলি আছে আৰু ত্ৰিপুৰা এইসমূহৰ ভিতৰত অন্যতম। তেখেতে কয় যে যোৱা তিনি বছৰৰ কামৰাজি মাথো এক আৰম্ভণিহে আৰু ত্ৰিপুৰাৰ প্ৰকৃত সম্ভাৱনা এতিয়াও বাস্তৱায়িত হ’বলৈ বাকী আছে। তেখেতে কয় যে প্ৰশাসনত স্বচ্ছতাৰপৰা আৰম্ভ কৰি আন্তঃগাঁথনি উন্নয়নলৈকে ক্ষেত্ৰসমূহত গ্ৰহণ কৰা পদক্ষেপসমূহে ৰাজ্যখনক আগন্তুক দশকৰ বাবে সাজু কৰিব। সকলো গাঁৱতে লাভা-লাভ আৰু সুবিধাৰাজিৰ সংপৃক্ততাৰ দৰে অভিযানে ত্ৰিপুৰাৰ জনসাধাৰণৰ জীৱন সহজতৰ আৰু উন্নত কৰি তুলিব বুলি তেখেতে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতে আজাদীৰ ১০০ বছৰত উপনীত হ’বলৈ আগবঢ়াৰ পৰিপ্ৰেক্ষিতত, ত্ৰিপুৰায়ো গঠনৰ ৭৫ বছৰ পৰিপূৰ্ণ কৰিব। "নতুন সংকল্প আৰু নতুন সুযোগৰ বাবে এয়া এক মহান সময়", প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment

Media Coverage

Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Surat, Gujarat
June 02, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed deep pain over the tragic mishap in Surat district, Gujarat. He extended his heartfelt condolences to those who have lost their loved ones and prayed for the earliest recovery of the injured. The Prime Minister noted that rescue operations are underway and authorities are providing all possible assistance at the accident site.

The Prime Minister has announced an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) for the next of kin of each deceased. Shri Modi also noted that Rs. 50,000 would be provided to those who sustained injuries in the incident.

The Prime Minister posted on X:

"Deeply pained to hear about a mishap in Surat district, Gujarat. My condolences to those who have lost their loved ones. May the injured recover at the earliest. Rescue operations are underway and authorities are providing all possible assistance at the accident site.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM"