Today, with the grace of Sri Sri Harichand Thakur ji, I have got the privilege to pray at Orakandi Thakurbari: PM Modi
Both India and Bangladesh want to see the world progressing through their own progress: PM Modi in Orakandi
Our government is making efforts to make Orakandi pilgrimage easier for people in India: PM Modi

জয় হৰি-বোল! জয় হৰি-বোল!

হৰি-বোল! হৰি-বোল! জয় হৰি-বোল!

 

বাংলাদেশ চৰকাৰৰ সম্মানীয় প্রতিনিধি কৃষিমন্ত্রী ডঃ মহম্মদ আব্দুৰ ৰেজ্জাক ডাঙৰীয়া, শ্রী শ্বেখ ছেলিম ডাঙৰীয়া, লেফটেনেন্ট কৰ্ণেল মহম্মদ ফাৰুক খান ডাঙৰীয়া, ভাৰতৰ সংসদত মোৰ বিশিষ্ট সহকৰ্মী আৰু মোৰ বন্ধু, শ্রী শ্রী হৰিচান্দ ঠাকুৰৰ পৰম্পৰা আৰু তেখেতৰ মূল্যবোধৰ উত্তৰাধিকাৰী শ্রী শান্তনু ঠাকুৰ ডাঙৰীয়া, ভাৰতৰ পৰা অহা সর্বভাৰতীয় মতুয়া সম্প্রদায়ৰ প্রতিনিধি, শ্রী শ্রী হৰিচান্দ ঠাকুৰ ডাঙৰীয়াৰ অনুগামী ভাই আৰু ভনীসকল আৰু সম্মানীয় বন্ধুসকল। আপোনালোক সকলোকে সশ্রদ্ধ নমস্কাৰ!

 

শ্রী হৰিচান্দ ঠাকুৰ ডাঙৰীয়াৰ কৃপাত আজি মোৰ ওড়াকান্দিৰ ঠাকুৰবাড়ীৰ পূণ্যভূমিলৈ অহাৰ সৌভাগ্য হৈছে। শ্রী শ্রী হৰিচান্দ ঠাকুৰ ডাঙৰীয়া আৰু শ্রী শ্রী গুৰুচান্দ ঠাকুৰ ডাঙৰীয়াৰ চৰণত নতশিৰে প্রণাম জনাইছোঁ।

 

আজি ইয়াত ভালেমান গণ্যমান্য ব্যক্তিৰ সৈতে মোৰ কথা হৈছিল, তেতিয়া তেওঁলোকে কৈছিল- ভাৰতৰ প্রধানমন্ত্রী কেতিয়াবা ওড়াকান্দিলৈ আহিব বুলি কোনে ভাবিছিল। ভাৰতত থকা মতুয়া সম্প্রদায়ৰ আমাৰ হাজাৰ-লাখ ভাই-ভনীয়ে ওড়াকান্দলৈ আহি যিধৰণৰ অনুভব কৰে, ময়ো সেই একেধৰণৰ অনুভব কৰিছোঁ। মই আজি তেওঁলোকৰ ফালৰ পৰাও এই পবিত্র ভূমিৰ চৰণ স্পর্শ কৰিছোঁ।

 

মই বহু বছৰ ধৰি এই পবিত্র সুযোগৰ অপেক্ষাত আছিলোঁ। প্রধানমন্ত্রী হিচাপে প্রথমবাৰৰ বাবে ২০১৫ চনত যেতিয়া বাংলাদেশলৈ আহিছিলোঁ, তেতিয়াই মই ইয়ালৈ অহাৰ ইচ্ছা প্রকাশ কৰিছিলোঁ। আজি মোৰ সেই ইচ্ছা পূৰণ হৈছে।

 

আমি সদায়ে শ্রী হৰিচান্দ ঠাকুৰ ডাঙৰীয়াৰ শিষ্যসকলৰ পৰা স্নেহ আৰু প্ৰেম লাভ কৰি আহিছোঁ। তেখেতৰ পৰিয়ালৰ পৰা স্নেহ লাভ কৰি আহিছোঁ। মই অনুভৱ কৰিছোঁ তেওঁলোকৰ আশীর্বাদৰ ফলতেই আজি মোৰ ঠাকুৰবাৰী দর্শন কৰাৰ সৌভাগ্য ঘটিছে।

 

মোৰ মনত আছে যেতিয়া মই পশ্চিমবংগৰ ঠাকুৰনগৰলৈ গৈছিলোঁ, আমাৰ মতুয়া ভাই-ভনীৰ পৰিয়ালৰ সদস্যৰ দৰেই মোক যথেষ্ট মৰম দিছিল। বিশেষভাৱে, ‘বৰমা’ৰ স্নেহ, মাৰ দৰে তেওঁৰ আশীর্বাদ, মোৰ জীবনৰ বাবে অমূল্য মুহূর্ত হিচাপে ৰৈ গৈছে।

 

পশ্চিমবংগৰ ঠাকুৰনগৰৰ পৰা বাংলাদেশৰ ঠাকুৰবাৰীলৈকে সেই একেই শ্রদ্ধা, একেই বিশ্বাস আৰু একেই অনুভৱ আছে।

 

মই বাংলাদেশৰ জাতীয় উৎসৱ উপলক্ষে ভাৰতৰ ১৩০ কোটি ভাই-ভনীৰ ফালৰ পৰা আপোনালোকৰ বাবে শুভেচ্ছা আৰু মৰম লৈ আহিছোঁ। আপোনালোক সকলোকে বাংলাদেশৰ স্বাধীনতাৰ ৫০ বছৰ উপলক্ষে বহুত বহুত অভিনন্দন, আন্তৰিক শুভেচ্ছা।

 

কালি ঢাকাত জাতীয় দিৱস অনুষ্ঠানৰ সময়ত আমি বাংলাদেশৰ শৌর্য, সংস্কৃতিৰ এক আশ্চর্যকৰ চমক প্ৰত্যক্ষ কৰিছোঁ, যি এই দেশে সযত্নে সুৰক্ষিত কৰি ৰাখিছে, আৰু আপোনালোক ইয়াৰ এক গুৰুত্বপূর্ণ অংশ।

ইয়ালৈ অহাৰ আগেয়ে আমি জাতিৰ পিতা ‘বংগবন্ধু’ শ্বেখ মুজিবুৰ ৰহমানৰ সমাধিস্থলীলৈ গৈ শ্রদ্ধা নিবেদন কৰিছোঁ। শ্বেখ মুজিবুৰ ৰহমানৰ ডাঙৰীয়াৰ নেতৃত্ব, তেওঁৰ দূৰদৃষ্টি আৰু বাংলাদেশৰ মানুহৰ প্রতি তেওঁৰ বিশ্বাস নজিৰবিহীন।

 

আজি, যিদৰে ভাৰত আৰু বাংলাদেশৰ চৰকাৰে দুয়োখন দেশৰ মাজত স্বাভাৱিক সম্পর্ক মজবুত কৰিছে, ঠাকুৰবাৰী আৰু শ্রী শ্রী হৰিচান্দ ঠাকুৰ ডাঙৰীয়াৰ বার্তাই সাংস্কৃতিকভাবে কেইবা দশক ধৰি সেই একেই কাম কৰি আহিছে।

 

এটা ফালৰ পৰা, এই ঠাইখিনি ভাৰত আৰু বাংলাদেশৰ আধ্যাত্মিক সম্পর্কৰ তীর্থস্থান। আমাৰ সম্পর্ক মানুহৰ সৈতে মানুহৰ, মনৰ সৈতে মনৰ সম্পর্ক।

 

ভাৰত আৰু বাংলাদেশ উভয়ে তেওঁলোকৰ উন্নয়ন, তেওঁলোকৰ অগ্রগতিৰ মাধ্যমেৰে সমগ্ৰ বিশ্বৰ অগ্রগতি চাবলৈ বিচাৰে। উভয় দেশেই বিশ্বত অস্থিৰতা, সন্ত্রাস আৰু অশান্তিৰ পৰিৱর্তে স্থিতিশীলতা, প্রেম আৰু শান্তি বিচাৰে।

 

এই মূল্যবোধ, এই শিক্ষাকেই আমাৰ শ্রী শ্রী হৰিচান্দ ঠাকুৰদেৱ ডাঙৰীয়াই দিছিল। আজি সমগ্ৰ বিশ্বই যি মূল্যবোধৰ কথা কয়, মানৱ জাতিৰ যি ভৱিষ্যতৰ সপোন দেখে, শ্রী শ্রী হৰিচান্দ ঠাকুৰ ডাঙৰীয়াই সেই মূল্যবোধৰ বাবে নিজৰ জীৱন উত্সৰ্গিত কৰিছিল।

 

মহান কবি শ্রী মহানন্দ হালদাৰে শ্ৰী শ্ৰী গুৰুচান্দ চৰিতত লিখিছিল-

 

তপশীল জাতি মাধুর্য যা কিছু হয়েছে।
হৰিচান্দ কল্পবৃক্ষ সকলি ফলেছে।।

 

অর্থাৎ শোষিত, দলিত, বঞ্চিত সমাজে যিখিনি বিচাৰিছে, অর্জন কৰিছে, সেয়া শ্রী শ্রী হৰিচান্দ ডাঙৰীয়াৰ দৰে কল্পবৃক্ষৰেই ফল।

 

আজি আমি শ্রী শ্রী হৰিচান্দ ডাঙৰীয়াই দেখুওৱা পথ অনুসৰণ কৰিয়েই এখন সমমানৰ সমাজৰ দিসে আগুৱাই গৈছেঁ। তেওঁ সেই সময়ত মহিলাসকলৰ শিক্ষাৰ বাবে, তেওঁলোকৰ সামাজিক অংশগ্রহণৰ বাবে কাম আৰম্ভ কৰছিল। আজি, আমি দেখিছোঁ সমগ্ৰ বিশ্বই মহিলাসকলৰ ক্ষমতায়নৰ প্রচেষ্টাত অগ্রসৰ হৈছে ।

 

আমি যেতিয়া শ্রী শ্রী হৰিচান্দ ঠাকুৰৰ বার্তা পঢোঁ, যেতিয়া আমি ‘হৰি-লীলা-অমৃত’ আবৃত্তি কৰোঁ তেতিয়া এনে ভাৱ হয় যেন তেওঁ আগতেই ভৱিষ্যৎ দেখা পাইছিল। তেওঁৰ দিব্যদৃষ্টি আছিল, এক অলৌকিক জ্ঞান আছিল।

 

আনকি দাসত্বৰ সেই যুগতো তেওঁ সমাজক আমাৰ প্ৰকৃত অগ্রগতিৰ পথ দেখুৱাইছিল। আজি ভাৰতেই হওক বা বাংলাদেশ, সামাজিক সংহতি, সম্প্রীতিৰ সেই একই মন্ত্র লৈয়েই ভবিষ্যত গঢ়িছে, উন্নয়নৰ নতুন শিখৰ স্পর্শ কৰিছে ।

 

বন্ধুসকল,

 

শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ জীৱনৰ পৰা আমি আৰু এক শিক্ষা লাভ কৰিছোঁ। তেওঁ ঐশ্বৰিক প্রেমৰ বার্তাও দিছিল, লগতে একে সময়তে আমাক আমাৰ কর্তব্যৰ প্ৰতি সজাগ কৰিছিল। তেওঁ আমাক কৈছিল যে শোষণ আৰু দুর্দশাৰ বিৰুদ্ধে সংগ্রামো একধৰণৰ সাধনা ।

 

আজি, শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ লক্ষ লক্ষ অনুগামী, ভাৰত, বাংলাদেশ নাইবা অন্য যিকোনো স্থানতেই থাকক, তেওঁ দেখুওৱা পথেৰেই অগ্ৰসৰ হৈছে, মানৱ জাতিৰ সন্মুখত যি সংকট আহিছে, তাৰ সমাধানত সহযোগ আগবঢ়াই আছে।

 

আমাৰ সৌভাগ্য যে শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ উত্তৰাধিকাৰী, শান্তনু ঠাকুৰ ডাঙৰীয়া ভাৰতৰ সংসদত আমাৰ সহকর্মী। বয়সত মোতকৈ সৰু হলেও ময়ো তেওঁৰ পৰা বহু কথা শিকিছোঁ। ইয়াৰ কাৰণ হ'ল তেওঁৰ জীৱন শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ শিক্ষাৰে দিক্ষিত। তেওঁ অতি পৰিশ্রমী। সমাজৰ মানুহৰ বাবে সংবেদনশীলতাৰ সৈতে দিনে-নিশাই কৰি গৈছে।

 

বন্ধুসকল,

 

আজি, ভাৰত আৰু বাংলাদেশৰ সন্মুখত যি সমস্যাসমূহ আছে, সেয়া সমাধান কৰাৰ বাবে শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ অনুপ্রেৰণা অত্যন্ত গুৰুত্বপূর্ণ। দুয়োখন দেশ একগোট হৈ প্রতিটো প্ৰত্যাহ্বান মোকাবিলা কৰা উচিত। এয়াই আমাৰ কর্তব্য, এয়াই দয়োখন দেশৰ কোটি কোটি জনসাধাৰণৰ কল্যাণৰ পথ।

 

ক’ৰোনা অতিমাৰীৰ সময়ত, ভাৰত আৰু বাংলাদেশ উভযে নিজৰ নিজৰ সামর্থ্য প্রদর্শন কৰিছে। আজি, উভয় দেশে দৃঢ়ভাৱে এই মহামাৰীৰ মোকাবিলা কৰিছে, আৰু একগোট হৈ মোকাবিলা কৰিছে। ভাৰতত প্ৰস্তুত কৰা টিকাসমূহ বাংলাদেশৰ নাগৰিকসকলেও লাভ কৰক, ভাৰতে ইয়াক নিজৰ কর্তব্য বুলি ভাবি কাম কৰি আছে।

 

শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়া সদায়ে আধুনিকতা আৰু পৰিৱর্তনৰ সমর্থক আছিল। মোক কোৱা হৈছে যে যেতিয়া অতিমাৰীৰ সংকট আৰম্ভ হৈছিল, আপোনালোক সকলোৱে ইয়াত ওড়াকান্দিত প্রযুক্তিৰ মাধ্যমেৰে অনলাইনযোগে কীর্তন কৰিছে, সামাজিক আস্থা বৃদ্ধি কৰিছে। ইয়াৰ পৰা প্রমাণ পোৱা যায় যে শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ অনুপ্রেৰণাই আমাক প্রতিটো অসুবিধাৰ মাজতো আগুৱাই যাবলৈ শিকায়।

 

শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ শিক্ষাসমূহ জনসাধাণৰ ওচৰলৈ লৈ যোৱাত, দলিত-শোষিত সম্প্ৰদায়ক ঐক্যবদ্ধ কৰাত তেওঁলোকৰ শ্রী শ্রী গুৰুচান্দ ঠাকুৰ ডাঙৰীয়াৰ বিশাল ভূমিকা আছে। শ্রী শ্রী গুৰুচান্দ ঠাকুৰ ডাঙৰীয়াই আমাক ‘ভক্তি, ক্রিয়া আৰু জ্ঞান’ৰ সূত্র দিছিল।

 

শ্রী শ্রী গুৰুচান্দ চৰিতত উল্লেখ আছেঃ

 

অন্নুনত জাতিৰ মাজে শিক্ষা বিস্তাৰিত।
আজ্ঞা কৰেন হৰিচান্দ তাৰে বিধিমতো।।

 

অর্থাৎ হৰিচান্দ ডাঙৰীয়াই আমাৰ সমাজৰ পিছপৰা শ্ৰেণীৰ মাজলৈ শিক্ষা প্ৰসাৰৰ নির্দেশ দিছিল। শ্রী শ্রী গুৰুচান্দ ঠাকুৰ ডাঙৰীয়াই সমগ্ৰ জীৱন হৰিচান্দ দেৱ ডাঙৰীয়াৰ এই আদেশ পালন কৰিছিল। বিশেষভাৱে ছোৱালীসকলৰ পঢ়া-শুনাৰ বাবে তেওঁ অক্লান্ত প্রচেষ্টা কৰিছিল।

 

আজি প্রতিগৰাকী ভাৰতীয়ৰ সৌভাগ্য যে তেওঁলোকে এতিয়া বাংলাদেশত শ্রী শ্রী গুৰুচান্দ ঠাকুৰ ডাঙৰীয়াৰ প্রচেষ্টাৰ সৈতে জড়িত হব পাৰিব। ভাৰতীয়সকলেও এতিয়া ওড়াকান্দিত শিক্ষা অভিযানত অংশগ্ৰহণ কৰিব পাৰিব।

 

ভাৰত চৰকাৰে ওড়াকান্দিত ছোৱালীসকলৰ মাধ্যমিক বিদ্যালয়ৰ উন্নয়ন কৰিব, সেয়া আধুনিকীকৰণ কৰিব। ইয়াৰোপৰি, ভাৰত চৰকাৰে ইয়াত এখন প্রাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিব।

 

এয়া ভাৰতৰ কোটি কোটি জনসাধাৰণৰ ফালৰ পৰা শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ প্রতি শ্রদ্ধাঞ্জলি। আমি বাংলাদেশ চৰকাৰৰ প্রতিও কৃতজ্ঞ, যিয়ে এই কামত আমাক সহায় কৰিছে।

 

আমাৰ মতুয়া সম্প্ৰদায়ৰ ভাই-ভনীসকলে শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ জন্মজয়ন্তীৰ পুণ্য তিথিত প্ৰতিবছৰে ‘বাৰোণী শ্ৰাণ উৎসৱ’ উদযাপন কৰে। এই উৎসৱত অংশ লবলৈ ভাৰতৰ পৰা অলেখ ভক্ত ওড়াকান্দিলৈ আহে। আমাৰ ভাৰতীয় ভাই-ভনীসকলৰ বাবে এই তীৰ্থযাত্ৰা যাতে আৰু সহজ হৈ পৰে তাৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা বিভিন্ন প্রয়াস কৰা হব। ঠাকুৰনগৰৰ মতুয়া সম্প্রদায়ৰ গৌৰৱময় ইতিহাসকো প্রতিফলিত কৰিবলৈ বিভিন্ন অনুষ্ঠান আৰু বিভিন্ন কামৰ প্রতি আমি প্রতিশ্রুতিবদ্ধ।

 

বন্ধুসকল,

 

ভাৰতে আজি ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ এই মন্ত্রৰে আগুৱাই গৈছে, আৰু বাংলাদেশো ইয়াৰ সহযাত্রী। একেদৰে, বাংলাদেশে আজি বিশ্বৰ সন্মুখত উন্নয়ন আৰু পৰিৱর্তনৰ এক দৃঢ় উদাহৰণ উপস্থাপন কৰিছে আৰু এই প্রচেষ্টাত ভাৰত আপোনাসৱৰ সহযাত্রী।

 

আমি নিশ্চিত যে শ্রী শ্রী হৰিচান্দ দেৱ ডাঙৰীয়াৰ আশীর্বাদত, শ্রী শ্রী গুৰুচান্দ ঠাকুৰ ডাঙৰীয়াৰ অনুপ্রেৰণাযত, দুয়োখন দেশে একবিংশ শতাব্দীৰ এই গুৰুত্বপূর্ণ সময়ত ঐক্যবদ্ধ হৈ লক্ষ্য অর্জন কৰিব। ভাৰত আৰু বাংলাদেশে সমগ্ৰ বিশ্বত অগ্রগতি আৰু প্রেমৰ পথ প্রদর্শন কৰিব।

 

এই শুভেচ্ছা জনাই, আপোনাসৱ সকলোকে আন্তৰিকতাৰে বহুত বহুত ধন্যবাদ!

 

জয় বাংলা, জয় হিন্দ,

 

ভাৰত বাংলাদেশ মৈত্রী চিৰজীৱী হওক।

 

জয় হৰি-বোল! জয় হৰি-বোল!

হৰি-বোল! হৰি-বোল! জয় হৰি-বোল!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!