প্ৰতিষেধকৰ বিকাশ আৰু নিৰ্মাণ প্ৰক্ৰিয়াৰ ওপৰত বিতং পৰ্যালোচনা কৰাৰ বাবে  প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি তিনিখন চহৰ ভ্ৰমণ কৰে। তেওঁ আহমেদাবাদৰ জিদাছ বায়োটেক পাৰ্ক, হায়দৰাবাদৰ ভাৰত বায়োটেক আৰু পুনেৰ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া পৰিদৰ্শন কৰে।

 

প্ৰতিষেধক বিকাশ যাত্ৰাৰ এই সংকটপূৰ্ণ পৰিস্থিতিত তেওঁলোকৰ মনোভাৱ বৃদ্ধি কৰিবলৈ আৰু প্ৰচেষ্টা ত্বৰান্বিত কৰাত সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ মুখামুখি হোৱাত বিজ্ঞানীসকলে সন্তোষ প্ৰকাশ কৰে। ভাৰতৰ দেশীয় প্ৰতিষেধক বিকাশ প্ৰক্ৰিয়া এতিয়ালৈকে দ্ৰুত গতিত আগবঢ়া বিষয়ত প্ৰধানমন্ত্ৰীয়ে গৌৰৱ প্ৰকাশ কৰে। প্ৰতিষেধক বিকাশৰ সমগ্ৰ যাত্ৰাত ভাৰতে কিদৰে বিজ্ঞানৰ নিৰ্ভৰযোগ্য নীতি অনুসৰণ কৰি আছে সেই সন্দৰ্ভত তেওঁ মন্তব্য কৰাৰ লগতে প্ৰতিষেধক বিতৰণ প্ৰক্ৰিয়াটো উন্নত কৰাৰ বাবে পৰামৰ্শ বিচাৰে।



প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে ভাৰতে প্ৰতিষেধকসমূহ কেৱল সু-স্বাস্থ্যৰ বাবেই গুৰুত্বপূৰ্ণ বুলি নহয়, বিশ্বজুৰি ভালৰ বাবে বিবেচনা কৰে আৰু ভাইৰাছবিধৰ বিৰুদ্ধে সমূহীয়া যুঁজত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসহ আন দেশসমূহক সহায় কৰাটো ভাৰতৰ কৰ্তব্য।

 

দেশখনে ইয়াৰ নিয়ামক প্ৰক্ৰিয়াটো কিদৰে আৰু উন্নত কৰিব পাৰে তাৰ বাবে বিজ্ঞানীসকলক মুক্তভাৱে আৰু খোলাকৈ মত প্ৰকাশৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিজ্ঞানীসকলেও কভিড-১৯ৰ সৈতে ভালদৰে যুঁজ দিবলৈ তেওঁলোকে কিদৰে বিভিন্ন নতুন আৰু পুনৰ্নিমাণ কৰা ঔষধ বিকশিত কৰি আছে তাৰ এক অৱলোকন প্ৰদৰ্শন কৰে।

 

আহমেদাবাদৰ জিদাছ বায়োটেক পাৰ্ক পৰিদৰ্শনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয়, ‘জিদাছ কেডিলাই বিকশিত কৰা ডিএনএ আধাৰিত দেশীয় প্ৰতিষেধকবিধৰ বিষয়ে অধিক জানিবলৈ আহমেদাবাদৰ জিদাছ বায়োটেক পাৰ্ক পৰিদৰ্শন কৰিলোঁ। এই প্ৰচেষ্টাৰ সৈতে জড়িতসকলক তেওঁলোকৰ কামৰ বাবে মই প্ৰশংসা কৰিছোঁ।  তেওঁলোকৰ এই যাত্ৰাত সহযোগ কৰিবলৈ ভাৰত চৰকাৰে সক্ৰিয়ভাৱে তেওঁলোকৰ সৈতে কাম কৰি আছে।’



হায়দৰাবাদৰ ভাৰত বায়োটেক পৰিয়াল পৰিদৰ্শনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয়, ‘হায়দৰাবাদৰ ভাৰত বায়োটেক পৰিয়াল ভ্ৰমণৰ সময়ত তেওঁলোকৰ থলুৱা কভিড-১৯ প্ৰতিষেধকৰ বিষয়ে অৱগত কৰা হৈছিল। এতিয়ালৈকে কৰা পৰীক্ষণবোৰত তেওঁলোকৰ অগ্ৰগতিৰ বাবে বিজ্ঞানীসকলক তেওঁ অভিনন্দন জ্ঞাপন কৰে। তেওঁলোকৰ দলটোৱে দ্ৰুত অগ্ৰগতিৰ বাবে আইচিএমআৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে।’

 

ছিৰাম ইনষ্টিটিউট ভ্ৰমণৰ পাছত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে, ‘ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ দলটোৰ সৈতে এক সুন্দৰ বাৰ্তালাপত মিলিত হওঁ। তেওঁলোকে প্ৰতিষেধক উত্পাদনত এতিয়ালৈকে হোৱা অগ্ৰগতি আৰু পৰিকল্পনাৰ বিষয়ে বিতং ভাগ-বতৰা কৰে।ইয়াৰ উপৰি তেওঁলোকৰ উত্পাদন সুবিধা সন্দৰ্ভতো এক নজৰ দিয়া হয়।’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 এপ্ৰিল 2026
April 27, 2026

Sabka Saath, Sabka Vikas 2.0: PM Modi Delivers Self-Reliance, Global Trade & National Pride