প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি এক উচ্চপর্যায়ৰ বৈঠকত দেশৰ ক’ভিড-১৯ মহামাৰীজনিত পৰিস্থিতি আৰু টিকাকৰণ অভিযানৰ পর্যালোচনা কৰে৷

 

এই উপলক্ষে প্রধানমন্ত্রীয়ে ক’ভিড-১৯ সংক্রমণ প্রতিৰোধ আৰু মোকাবিলা কৰাত ব্যাপক সামাজিক জনসজাগতাৰ লগতে সাধাৰণ জনতাৰ সক্রিয় অংশগ্রহণৰ জৰিয়তে এই গণ-আন্দোলনক আগুৱাই নিব লাগিব বুলি কয়৷ এই ক্ষেত্ৰত তেওঁ পাঁচটা বিশেষ কৌশল অৱলম্বন কৰাৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে সংক্রমণ প্রতিৰোধ আৰু মোকাবিলা কৰাৰ কৌশল হিচাপে পৰীক্ষণ, চিনাক্তকৰণ, চিকিৎসা, ক’ভিড আদর্শ-আচৰণ আৰু টিকাকৰণত সর্বাধিক অগ্রাধিকাৰ প্ৰদান কৰিব লাগিব৷

 

ক’ভিড আদর্শ আচৰণ অনুসৰণ কৰাৰ বাবে ১০০শতাংশ মাস্কৰ ব্যৱহাৰ, ৰাজহুৱা স্থান আৰু কর্মস্থলীত ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু স্বাস্থ্যকেন্দ্রসমূহত অহা ৬-১৪ এপ্রিললৈকে বিশেষ অভিযান চলোৱা হ’ব বুলিও তেওঁ অৱগত কৰে৷

 

প্রধানমন্ত্রীয়ে সজোৰে কয় যে অনাগত দিনসমূহত ক’ভিড আদর্শ-আচৰণ মানি চলাৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু সেই অনুপাতে হাস্পতালত ৰোগীৰ বিচনা, নমুনা পৰীক্ষা আৰু সময়মতে চিকিৎসা সেৱা প্রদান সুনিশ্চিত কৰিব লাগিব৷ স্বাস্থ্যজনিত আন্তঃগাঁথনিৰ ক্ষেত্ৰত মান উন্নয়ন, অক্সিজেন আৰু ভেণ্টিলেটৰৰ পর্যাপ্ত যোগানকে ধৰি চিকিৎসা সংক্রান্তীয় নিষেধাজ্ঞা আৰু অধিক পৰিমাণে কার্যকৰী কৰি মৃত্যুৰ সংখ্যা হ্রাস কৰাত গুৰুত্ব দিব লাগিব৷ আনকি, যিসকলৰ ঘৰতে চিকিৎসা চলিছে তেওঁলোকৰ প্রতিও সমান অগ্রাধিকাৰ দিব লাগিব৷

 

প্রধানমন্ত্রীয়ে কয় যে মহাৰাষ্ট্রৰ লগতে পাঞ্জাৱ আৰু ছত্তীশগড়ত আক্রান্ত আৰু মৃত্যুৰ সংখ্যা একেৰাহে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিশেষজ্ঞক লৈ গঠিত কেন্দ্রীয় দল প্ৰেৰণ কৰা হ’ব৷

 

প্রধানমন্ত্রীয়ে কয় যে সুস্পষ্টভাবে ক’ৰোনাত আক্রান্তসকলক  বিচাৰি উলিয়াবলৈ স্বেচ্ছাসেৱকসকলক আৰু অধিক অংশগ্রহনৰ লগতে সংক্রমিত এলেকাসমূহৰ ৰোগ প্রতিৰোধ আৰু নিয়ন্ত্রণত আগতীয়া সতর্কতামূলক ব্যৱস্থা দ্রুতগতিত কার্যকৰী কৰাৰ ওপৰ গুৰুত্ব দিব লাগিব৷ তেওঁ কয় যে সংক্রমণ প্রতিৰোধত সকলো ৰাজ্যই নিষেধাজ্ঞামূলক ব্যৱস্থাসহ কঠোৰ পদক্ষেপ গ্রহণ কৰিব লাগিব৷

 

এই পর্যালোচনা বৈঠকত ১০খন ৰাজ্যত ক’ভিড-১৯ত আক্রান্তৰ ঘটনা আৰু মৃত্যুৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পোৱাত এই সম্পৰ্কীয় এক বিস্তৃত প্ৰতিবেদন দাঙি ধৰা হয়। য’ত কোৱা হৈছে যে এই ৰাজ্যসমূহত ক’ভিডত আক্রান্ত আৰু মৃত্যুৰ হাৰ ৯১ শতাংশতকৈ অধিক৷ বৈঠকত জনোৱা হয় যে মহাৰাষ্ট্ৰ, পাঞ্জাৱ আৰু ছত্তীশগড়ৰ পৰিস্থিতি গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে। আজিলৈকে মহাৰাষ্ট্রত যোৱা ২ সপ্তাহত সমগ্ৰ দেশৰ আক্রান্তৰ ৫৭ শতাংশ ঘটনা পোহৰলৈ আহিছে। আনকি ৰাজ্যখনত বিগত ১৪ দিনত মৃত্যু হাৰ ৪৭ শতাংশ হৈছে। পৰিসংখ্যাত কোৱা হৈছে যে মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা ৪৭,৯১৩ হৈছে, যিটো যোৱা বছৰৰ দৈনিক আক্রান্তৰ সংখ্যাৰ তুলনাত দুগুণ। পাঞ্জাৱতো বিগত ১৪ দিনত আক্রান্তৰ হাৰ ৪.৫ শতাংশ হৈছে। তদুপৰি, ৰাজ্যখনত মৃত্যুৰ হাৰ ১৬.৩ শতাংশ হৈছে, যিটো উদ্বেগৰ কাৰণ। একেদৰে, ছত্তীশগড়ত বিগত ২ সপ্তাহত আক্রান্তৰ হাৰ দেশৰ মুঠ আক্রান্তৰ ৪.৩ শতাংশ। তদুপৰি, ৰাজ্যখনত এই সময়ছোৱাত সমগ্ৰ দেশত ক’ভিডত মুঠ মৃত্যুৰ ৭ শতাংশ ঘটনা সংঘটিত হৈছে। সমগ্ৰ দেশত মুঠ ক’ৰোনাত আক্রান্তৰ ৯১.৪ শতাংশই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। আনকি, দেশত মুঠ মৃত্যুৰ ৯০.৯ শতাংশ ঘটনাই এই ১০খন ৰাজ্যৰ৷

যিসমূহ ৰাজ্যত আক্রান্তৰ ঘটনা লক্ষণীয় হাৰত বৃদ্ধি পাইছে তাৰ অন্তৰালত আছে ক’ভিড আদর্শ আচৰণ মানি নচলাটোৱেই ঘাই কাৰণ। এই ৰাজ্যসমূহত মাস্কৰ ব্যৱহাৰ, ২ গজ দূৰত্ব বজাই ৰখাৰ দৰে আচৰণসমূহ উপেক্ষা কৰা হৈছে। তদুপৰি, আগতীয়া সতর্কতামূলক ব্যৱস্থাসমূহ কার্যকৰী কৰাৰ ক্ষেত্রতো এৰাই চলা বুলি অনুমান কৰা হৈছে।

কেইখন ৰাজ্যত নতুন প্রজাতিৰ ভাইৰাছৰ সংক্রমিত হোৱাৰ ঘটনা এতিয়াও স্পষ্ট নহয়। তদুপৰি, সংক্রমণ প্রতিৰোধত আগতীয়া সতর্কতামূলক ব্যৱস্থা একেই আছে।

 

আজিৰ উচ্চ পর্যায়ৰ পর্যালোচনা বৈঠকত ক’ভিড-১৯ টিকাকৰণ অভিযানৰ অগ্রগতি সম্পর্কেও সংক্ষিপ্ত বিৱৰণী দাঙি ধৰা হয়। বৈঠকত কোৱা হয় যে টিকাকৰণ অভিযান বিভিন্ন শ্রেণীৰ বয়সৰ মানুহৰ মাজত সম্প্রসাৰিত কৰা হৈছে আৰু অন্যান্য দেশৰ তুলনাত ভাৰতত টিকাকৰণৰ অগ্রগতি পর্যালোচনা কৰা হৈছে। বিৱৰণীত লগতে কোৱা হৈছে যে দৈনিক টিকাকৰণৰ ক্ষেত্রে যাৱতীয় তথ্য আৰু বিশ্লেষণ ৰাজ্য আৰু কেন্দ্ৰৰ সৈতে বিনিময় কৰিব লাগিব যাতে, টিকাকৰণৰ ক্ষেত্রত কোনো ঘাটি থাকিলে সেয়া দ্রুতগতিত দূৰ কৰিব পৰা যায়।

 

বৈঠকত ক’ভিড ভেকচিনৰ উৎপাদন আৰু পৰীক্ষামূলক অৱস্থাত থকা ভেকচিনৰ শেহতীয়া পৰিস্থিতিক লৈও আলোচনা কৰা হয়৷ ভেকচিন উৎপাদক সংস্থাসমূহে তেওঁলোকৰ উৎপাদন ক্রমান্বয়ে বৃদ্ধিৰ চেষ্টা কৰিছে। সেই অনুসৰু বিভিন্ন দেশী-বিদেশী সংস্থাৰ সৈতেও ভেকচিনৰ উৎপাদনশীলতা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা হৈছে। দেশত ভেকচিনৰ ক্রমবর্ধামান চাহিদা পুৰণ কৰিবলৈ যাৱতীয় প্রচেষ্টা হাতত লোৱা হৈছে বুলিও অৱগত কৰে। ভাৰতৰ ‘বসুধৈৱ কুটুম্বকম’– এই আদর্শ অনুসৰণ কৰি অন্যান্য দেশৰ প্রকৃত ক’ভিড ভেকচিনৰ চাহিদা পুৰণ কৰা হৈছে।

 

প্রধানমন্ত্রীয়ে নির্দেশ দিয়ে যে যিসমূহ ৰাজ্য আৰু জিলাত আক্রান্তৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি পাইছে, তাত সংক্রমণ প্রতিৰোধ আৰু মোকাবিলা কৰাৰ ক্ষেত্ৰত যোৱা ১৫ মাহত যি প্রচেষ্টা লোৱা হৈছে, সেয়া যেন কোনো কাৰণতে উপেক্ষিত কৰা নহয়।

 

উচ্চ পর্যায়ৰ বৈঠকত প্রধানমন্ত্রীৰ প্রধান সচিব, কেবিনেট সচিব, গৃহ সচিব, টিকাকৰণ সংক্রান্তীয় কৰ্তৃত্বপ্রাপ্ত গোটৰ অধ্যক্ষ, স্বাস্থ্য সচিব, ফার্মাচিউটিকেল বিভাগৰ সচিব, জৈৱ প্রযুক্তি বিভাগৰ সচিব, আয়ুষ সচিব, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান, ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা, নিটী আয়োগৰ সদস্যকে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 এপ্ৰিল 2026
April 27, 2026

Sabka Saath, Sabka Vikas 2.0: PM Modi Delivers Self-Reliance, Global Trade & National Pride