“শ্ৰী এম ভেংকায়া নাইডু জ্ঞান আৰু দেশৰ প্ৰগতিৰ প্ৰতি থকা আবেগক বহুল প্ৰশংসা কৰা হৈছে”
“এই ৭৫ বছৰটো অসাধাৰণ আৰু ইয়াত উল্লেখযোগ্য দিশসমূহ সামৰি লোৱা হৈছে”
“ভেংকায়া নাইডু জীৰ জীৱন ধাৰণা, দৃষ্টি আৰু ব্যক্তিত্বৰ একত্ৰীকৰণৰ এক নিখুঁত আভাস”
“নাইডু জীৰ বুদ্ধিমত্তা, সহজতা, ক্ষিপ্ৰ উত্তৰ আৰু এক শাৰীৰ বক্তব্য অতুলনীয়”
“নাইডু জীয়ে গাঁও, দুখীয়া আৰু কৃষকৰ সেৱা কৰিব বিচাৰিছিল”
“ভেংকায়া জীৰ জীৱনৰ যাত্ৰা নৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ ৭৫সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত তেওঁৰ জীৱন আৰু যাত্ৰা সম্পৰ্কীয় তিনিখন গ্ৰন্থ উন্মোচন কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা গ্ৰন্থসমূহৰ ভিতৰত আছে (i) দ্য হিন্দু, হায়দৰাবাদ সংস্কৰণৰ প্ৰাক্তন আৱাসিক সম্পাদক শ্ৰী এছ নাগেশ কুমাৰ ৰচিত “ভেংকায়া নাইডু–লাইফ ইন ছাৰ্ভিচ” শীৰ্ষক প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিৰ জীৱনী; (ii) ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ প্ৰাক্তন সচিব ড° আই.ভি. চুব্বা ৰাও ৰচিত ফটো ক্ৰনিকল “চেলিব্ৰিটিং ভাৰত– দ্য মিচন এণ্ড মেছেজ অফ শ্ৰী এম ভেকয়া নাইডু এজ ১৩ ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া; আৰু (iii) শ্ৰী সঞ্জয় কিশোৰৰ ৰচিত “মহানেতা – শ্ৰী এম ভেংকায়া নাইডুৰ জীৱন আৰু যাত্ৰা” শীৰ্ষক তেলেগু ভাষাৰ চিত্ৰময় জীৱনী।

 

অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কাইলৈ ​​১ জুলাইত শ্ৰী এম ভেংকায়া নাইডুৱে ৭৫ বছৰ সম্পূৰ্ণ কৰিব বুলি উল্লেখ কৰি কয় যে, “এই ৭৫ বছৰটো অসাধাৰণ আৰু ইয়াত উল্লেখযোগ্য দিশসমূহ সামৰি লোৱা হৈছে।” প্ৰধানমন্ত্ৰীয়ে তেওঁ আস্থা প্ৰকাশ কৰে যে শ্ৰী এম. ভেংকয়া নাইডুৰ সন্দৰ্ভত ৰচিত এই গ্ৰন্থসমূহে ৰাইজৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিব আৰু লগতে দেশ সেৱাৰ শুদ্ধ মাৰ্গ দৰ্শন কৰিব।

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ শ্ৰী ভেংকায়া জীৰ সৈতে দীৰ্ঘদিন ধৰি কাম কৰাৰ সুযোগ পাইছিল। এই সহযোগিতা আৰম্ভ হৈছিল ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে ভেংকায়া জীৰ কাৰ্যকালত, তাৰ পিছত কেবিনেট, দেশৰ উপ-ৰাষ্ট্ৰপতি হিচাপে, পিছলৈ ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে ডাঙৰ ভূমিকা পালন কৰিছিল। “এনেকৈ উল্লেখযোগ্য পদত অধিষ্ঠিত হৈ সৰু গাঁৱৰ পৰা অহা এজন ব্যক্তিয়ে হয়তো কিমান অভিজ্ঞতাৰে সমৃদ্ধ হৈছিল সেয়া কল্পনা কৰিব পাৰি। আনকি মইও ভেংকায়া জীৰ পৰা বহু কথা শিকিলোঁ”, তেওঁ লগতে কয়।

শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে ভেংকাইয়া নাইডু জীৰ জীৱনটো ধাৰণা, দৃষ্টি আৰু ব্যক্তিত্বৰ সমন্বয়ৰ এক নিখুঁত আভাস। দশক দশক পূৰ্বে কোনো শক্তিশালী ভেটি নোহোৱাকৈ কেনেদৰে আছিল তাৰ তুলনাত প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত বিজেপি আৰু জনসংঘৰ বৰ্তমানৰ অৱস্থাক লৈ সুখ প্ৰকাশ কৰে। তেওঁ কয়, “এনে কুটিলতাৰ মাজতো শ্ৰী নাইডুৱে “ৰাষ্ট্ৰ প্ৰথম”ৰ মতাদৰ্শৰে এবিভিপি কৰ্মকৰ্তা হিচাপে নিজৰ ভূমিকাত চেষ্টা কৰিছিল আৰু দেশৰ বাবে কিবা এটা সাধন কৰিবলৈ সিদ্ধান্ত লৈছিল।” প্ৰায় ১৭ মাহ কাৰাবন্দী হৈ থকাৰ পিছতো ৫০ বছৰ পূৰ্বে জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়া শ্ৰী নাইডুক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শ্ৰী নাইডু এনে এজন সাহসী আছিল যিজনক জৰুৰীকালীন ক্ৰোধৰ সময়ত বিচাৰ আৰু পৰীক্ষা কৰা হৈছিল আৰু সেইবাবেই তেওঁ নাইডু জীক প্ৰকৃত বন্ধু হিচাপে গণ্য কৰে।

 

ক্ষমতাই জীৱনৰ আৰামক প্ৰতিফলিত নকৰে বৰঞ্চ সেৱাৰ দ্বাৰা সংকল্পসমূহ সম্পন্ন কৰাৰ মাধ্যম বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী নাইডুৱে যেতিয়া বাজপেয়ী চৰকাৰৰ অংশ হোৱাৰ সুযোগ পাইছিল য’ত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ পদ বাছনি কৰিবলৈ কৈছিল তেতিয়া তেওঁ গ্ৰামোন্নয়ন বিভাগ বাছি লৈছিল। “নাইডু জীয়ে গাঁও, দুখীয়া আৰু কৃষকৰ সেৱা কৰিব বিচাৰিছিল”, শ্ৰী মোদীয়ে লগতে কয়। তেওঁ লগতে কয় যে শ্ৰী নাইডুৱে মোদী চৰকাৰ কাৰ্যকালত নগৰ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাম কৰিছিল। আধুনিক ভাৰতীয় চহৰসমূহৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু দৃষ্টিভংগীক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ স্বচ্ছ ভাৰত মিছন, স্মাৰ্ট চিটি মিছন আৰু শ্ৰী ভেংকায়া নাইডুৰ উদ্যোগত অমৃত যোজনাৰ কথা উল্লেখ কৰে।

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিৰ কোমল মৃদু আচাৰ-ব্যৱহাৰ, বাকপটুতা আৰু বুদ্ধিমত্তাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে ভেংকায়া নাইডুৰ বুদ্ধিমত্তা, সহজতা, ক্ষিপ্ৰ উত্তৰ আৰু এক শাৰীৰ বক্তব্য অতুলনীয় বুলি কয়। শ্ৰী মোদীয়ে অটল বিহাৰী বাজপেয়ীৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ সময়ত নাইডুৱে ৰচনা কৰা শ্লোগান “এক হাথ মে বিজেপি কা ঝাণ্ডা, ঔৰ দুছৰে হাথ মেইন এন ডি এ কা এজেণ্ডা” বুলি উষ্মতাৰে স্মৰণ কৰে, যাৰ অৰ্থ এহাতে দলীয় পতাকা আৰু আনহাতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ এজেণ্ডা। ২০১৪ চনত তেওঁ M.O.D.I ৰ সংক্ষিপ্ত ৰূপ ‘মেকিং অৱ ডেভেলপড ইণ্ডিয়া’ প্ৰৱৰ্তন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভেংকায়া জীৰ চিন্তাধাৰাই তেওঁক আচৰিত কৰি তুলিছে, তেওঁক এবাৰ ৰাজ্যসভাত তেওঁৰ শৈলীৰ প্ৰশংসা কৰিবলৈ বাধ্য কৰাইছিল য’ত তেওঁ কৈছিল যে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ কথাত গভীৰতা, গুৰুত্ব, দৃষ্টিশক্তি, বিট, বাউন্স আৰু প্ৰজ্ঞা আছে।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে শ্ৰী নাইডুয়ে সৃষ্টি কৰা ইতিবাচক পৰিৱেশক প্ৰশংসা কৰে আৰু সদনে গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ওপৰত আলোকপাত কৰে। ৩৭০নং অনুচ্ছেদ বাতিলৰ বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ পূৰ্বে ৰাজ্যসভাত উত্থাপন কৰাৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে সদনৰ শিষ্টাচাৰ বজাই ৰাখি এনে স্পৰ্শকাতৰ বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত শ্ৰী নাইডুৰ অভিজ্ঞ নেতৃত্বক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে শ্ৰী নাইডুৰ বাবে দীৰ্ঘ, সক্ৰিয় আৰু সুস্থ জীৱন কামনা কৰে।

 

শ্ৰী মোদীয়ে ভেংকায়া জীৰ স্বভাৱৰ আৱেগিক দিশটোৰ ওপৰত আলোকপাত কৰি কয় যে তেওঁ কেতিয়াও প্ৰতিকূলতাই তেওঁৰ সিদ্ধান্ত গ্ৰহণত প্ৰভাৱ পেলাব নিদিয়ে। তেওঁৰ সহজ জীৱন-ধাৰণৰ পদ্ধতি আৰু মানুহৰ সৈতে যোগাযোগ ৰখাৰ বিশেষ পদ্ধতিসমূহৰ ওপৰতো আলোকপাত কৰে। উদযাপনৰ সময়ত ভেংকায়া জীৰ বাসগৃহত সময় কটোৱাৰ কথাও স্মৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ৰাজনীতিৰ প্ৰতি শ্ৰী নাইডুৰ দৰে ব্যক্তিত্বই আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে। আজি প্ৰকাশিত তিনিখন গ্ৰন্থৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই গ্ৰন্থখনে নৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত ভেংকায়া জীৰ জীৱনৰ যাত্ৰাক উপস্থাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভাত এবাৰ শ্ৰী নাইডুক উৎসৰ্গা কৰা কবিতাৰ কেইশাৰীমান মনত পেলাই আৰু আবৃত্তি কৰি ভাষণৰ সামৰণি মাৰে। শ্ৰী মোদীয়ে পুনৰবাৰ শ্ৰী ভেংকায়া নাইডু জীক তেওঁৰ জীৱন যাত্ৰাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে ২০৪৭ চনত এখন উন্নত ভাৰতে (বিকশিত ভাৰত) ইয়াৰ “স্বাধীনতাৰ শতবৰ্ষ” উদযাপন কৰাৰ বিপৰীতে নাইডু জীয়ে শতবাৰ্ষিকী মাইলৰ খুঁটি উদযাপন কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Post posts Rs 15,296 crore revenue in FY26, up 16%: Scindia

Media Coverage

India Post posts Rs 15,296 crore revenue in FY26, up 16%: Scindia
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Adi Shankaracharya
April 21, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to one of India’s greatest spiritual luminaries, Adi Shankaracharya, on his Jayanti today. Shri Modi remarked that his profound teachings, thoughts and philosophy of Advaita Vedanta continue to guide innumerable people globally. And his efforts to revitalise spiritual thought and establish spiritual centres across the nation remain a lasting inspiration."May his wisdom continue to illuminate our path and strengthen our commitment to truth, compassion and collective well-being", Shri Modi added.

The Prime Minister posted on X:

"On the sacred occasion of Adi Shankaracharya Jayanti, paying homage to one of India’s greatest spiritual luminaries. His profound teachings, thoughts and philosophy of Advaita Vedanta continue to guide innumerable people globally. He emphasised harmony, discipline and the oneness of all existence. His efforts to revitalise spiritual thought and establish spiritual centres across the nation remain a lasting inspiration. May his wisdom continue to illuminate our path and strengthen our commitment to truth, compassion and collective well-being."