Remembers immense contribution of the ‘Utkal Keshari’
Pays tribute to Odisha’s Contribution to the freedom struggle
History evolved with people, foreign thought process turned the stories of dynasties and palaces into history: PM
History of Odisha represents the historical strength of entire India: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘উৎকাল কেশৰী’ ডঃ হৰেকৃষ্ণ মাহতাবে প্ৰণয়ন কৰা গ্ৰন্থ ‘ওড়িশা ইতিহাস’ ৰ হিন্দী অনুবাদ উন্মোচন কৰে। পূৰ্বে, এই গ্ৰন্থখনি ওড়িয়া আৰু ইংৰাজীত উপলব্ধ আছিল, ইয়াক হিন্দীলৈ অনুবাদ কৰে শ্ৰী শংকৰলাল পুৰোহিতে। এই কাৰ্যসূচীত শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কটকৰ সাংসদ (লোকসভা) শ্ৰী ভাৰ্ত্ৰুহৰি মাহতাবো উপস্থিত থাকে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ডেৰ বছৰ পূৰ্বে দেশখনে ‘উৎকাল কেশৰী’ ডঃ হৰেকৃষ্ণ মাহতাবৰ ১২০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপনৰ কথা স্মৰণ কৰে। তেওঁৰ প্ৰসিদ্ধ ‘ওড়িশা ইতিহাস’ ৰ হিন্দী সংস্কৰণ উৎসৰ্গা কৰি, শ্ৰী মোদীয়ে কয় যে গুৰুত্বপূৰ্ণ কথা এয়ে যে ওড়িশাৰ বিচিত্ৰ আৰু ব্যাপক ইতিহাস দেশখনৰ জনসাধাৰণে অৱগত হ’ব লাগে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰামত ডঃ মাহতাবৰ বৰঙণিৰ কথা স্মৰণ কৰে আৰু সমাজৰ সংস্কাৰৰ অৰ্থে তেওঁৰ সংগ্ৰামক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে তদুপৰি উল্লেখ কৰে যে জৰুৰীকালীন সময়ছোৱাত, ডঃ মাহতাবে তেওঁ মুখ্যমন্ত্ৰী হোৱা দলটোক বিৰোধিতা কৰি কাৰাগাৰলৈ গৈছিল। “তেওঁ স্বাধীনতা আৰু দেশখনৰ গণতন্ত্ৰ ৰক্ষা উভয়ৰে বাবে কাৰাগাৰলৈ গৈছিল”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ইণ্ডিয়ান হিষ্ট’ৰী কংগ্ৰেছ আৰু ওড়িশাৰ ইতিহাসক ৰাষ্ট্ৰীয় মঞ্চলৈ নিয়াত ডঃ মাহতাবৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁৰ বৰঙণিয়ে ওড়িশাৰ সংগ্ৰহালয়, আৰ্কাইভ আৰু প্রত্নতত্ত্ব বিভাগক সম্ভৱ কৰি তোলে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিহাসৰ অতিশয় বিস্তৃত অধ্যয়নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে কয়, ইতিহাস কেৱল অতীতৰ এটি পাঠ হোৱাৰ বিপৰীতে ভৱিষ্যতৰ বাবে এখনি দাপোন হোৱা উচিত। আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ ক্ষণত দেশে এই গুৰুত্ব প্ৰদান কৰিছে আৰু আমাৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসক উদ্দীপনা যোগাইছে। শ্ৰী মোদীয়ে খেদ প্ৰকাশ কৰি কয় যে স্বাধীনতা সংগ্ৰামৰ বহু গুৰুত্বপূৰ্ণ কাৰ্যসূচী আৰু কাহিনী সঠিকভাৱে দেশখনক অৱগত কৰোৱা নহ’ল। তেখেতে কয়, ভাৰতীয় ঐতিহ্যত, ৰজা আৰু প্ৰাসাদতেই ইতিহাস সীমাবদ্ধ নহয়। কেইবা হাজাৰ বছৰ ধৰি মানুহৰ সৈতে ইতিহাসৰ বিকাশ হৈছে। বিদেশী চিন্তা প্ৰক্ৰিয়াই ৰাজবংশ আৰু প্ৰাসাদসমূহৰ কাহিনীক ইতিহাসলৈ ৰূপান্তৰিত কৰিলে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আমি তেনে ধৰণৰ লোক নহয় বুলি কৈ ৰামায়ণ আৰু মহাভাৰতৰ উদাহৰণেৰে তেওঁ কয় যে ইয়াৰ গৰিষ্ঠসংখ্যক বিৱৰণত সাধাৰণ মানুহৰ কথা আছে। আমাৰ জীৱনত, সাধাৰণ লোক হৈছে গুৰুত্বপূৰ্ণ বিন্দু, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে পাইক বিদ্ৰোহৰ দৰে সংগ্ৰামসমূহে, গঞ্জাম বিদ্ৰোহৰপৰা সম্বলপুৰ সংগ্ৰামলৈকে, ওড়িশাৰ ভূমিয়ে সদায়েই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ অগনি জ্বলাবলৈ নতুন শক্তি প্ৰদান কৰে। সম্বলপুৰ আন্দোলনৰ সুৰেন্দ্ৰ চাই হৈছে আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। প্ৰধানমন্ত্ৰীগৰাকীয়ে পণ্ডিত গোপবন্ধু, আচাৰ্য্য হৰিহৰ আৰু ডঃ হৰেকৃষ্ণ মাহতাবৰ দৰে নেতাসকলৰ অসামান্য বৰঙণিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে ৰমাদেৱী, মাল্টি দেৱী, ককিলা দেৱী আৰু ৰাণী ভাগ্যৱতীৰ বৰঙণিৰ কথা স্মৰণ কৰি তেওঁলোকলৈ শ্ৰদ্ধা নিবেদন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি দেশপ্ৰেম আৰু বীৰত্বৰে সদায়ে ব্ৰিটিছক সংকটত পেলোৱা জনজাতীয় সমাজখনৰ বৰঙণিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত ত্যাগ আন্দোলনৰ বিশিষ্ট জনজাতীয় নেতা লক্ষ্মণ নায়ক জীক স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ওড়িশাৰ ইতিহাসে সমগ্ৰ ভাৰতৰে ঐতিহাসিক শক্তিক প্ৰতিনিধিত্ব কৰে। ইতিহাসত প্ৰতিফলিত এই শক্তি বৰ্তমান আৰু ভৱিষ্যতৰ সম্ভাৱনা আৰু কৰ্মসমূহৰ সৈতে আমাৰ বাবে পথ-প্ৰদৰ্শক হিচাপে সংযোজিত হৈ আছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

ৰাজ্যখনৰ উন্নয়নৰ প্ৰসংগ উত্থাপন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ব্যৱসায় আৰু উদ্যোগৰ বাবে, প্ৰথম প্ৰয়োজনীয়তা হৈছে আন্তঃগাঁথনি। তেখেতে অৱগত কৰে যে ওড়িশাত কেইবা হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ, উপকূলীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে যিয়ে ৰাজ্যখনৰ ভিন্ন অংশৰে যোগাযোগ স্থাপনত ইতিবাচক ভূমিকা পালন কৰিব। তদুপৰি, ৰাজ্যখনত যোৱা ৬-৭ বছৰত কেইবা শ কিলোমিটাৰ দীঘল ৰেল লাইন স্থাপন কৰা হৈছে। আন্তঃগাঁথনিৰ পাছত, উদ্যোগত গুৰুত্ব আৰোপ কৰি অহা হৈছে। এই লক্ষ্যৰে উদ্যোগ আৰু কোম্পানীসমূহক উৎসাহিত কৰি তোলা হৈছে। ৰাজ্যখনৰ তৈল খণ্ড আৰু তীখা খণ্ডৰ বিশাল সম্ভাৱনা বাস্তৱায়িত কৰি তুলিবলৈ কেইবা হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে। সমান্তৰালভাৱে, সুনীল বিপ্লৱৰ জৰিয়তে ওড়িশাৰ মৎস্যজীৱীসকলৰ জীৱন-যাপনৰ মানদণ্ড উন্নত কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি দক্ষতা খণ্ডটোত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভতো ব্যক্ত কৰে। ৰাজ্যখনৰ যুৱ সমাজৰ লাভৰ অৰ্থে, ৰাজ্যখনত আইআইটি ভূৱনেশ্বৰ, আইআইএছইআৰ বেৰহামপুৰ, ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান, আইআইটি সম্বলপুৰৰ দৰে প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ওড়িশাৰ ইতিহাস আৰু ইয়াৰ শ্ৰেষ্ঠত্বক বিশ্বখনৰ সকলো প্ৰান্তলৈ লৈ যোৱাৰ আহ্বান জনায়। তেখেতে আজাদী কা অমৃত মহোৎসৱক প্ৰকৃতপক্ষে এটি জনতাৰ আন্দোলন কৰি তুলিবলৈ আহ্বান জনাই আৰু কয় যে এই অভিযানে স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত প্ৰত্যক্ষ কৰাৰ দৰে একে শক্তিৰ সঞ্চাৰ কৰিব।

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future