প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি শ্ৰী গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ পবিত্ৰ ‘জ’ৰ চাহিব’ৰ সুৰক্ষিত আৰু যথোচিত প্ৰদৰ্শন সন্দৰ্ভত বিশিষ্ট আৰু নিপুণ শিখ প্ৰতিনিধি দলৰে মিলিত হয়। তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীৰ হাতত এই সন্দৰ্ভত পৰামৰ্শৰাজি অৰ্পণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে পবিত্ৰ অৱশেষসমূহ যিমানেই তাৎপৰ্য্যপূৰ্ণ আৰু আধ্যাত্মিকভাৱে গুৰুত্বপূৰ্ণ, সিমানেই ‘জ’ৰ চাহিব’ গৌৰৱময় শিখ ইতিহাসৰো অংশ, একেদৰেই আমাৰ ৰাষ্ট্ৰৰ সাংস্কৃতিক ৰীতি-নীতিৰো অংশ। শ্ৰী মোদীয়ে লগতে কয়, "পবিত্ৰ অৱশেষসমূহে ভৱিষ্যৎ প্ৰজন্মক শ্ৰীগুৰু গোবিন্দ সিং জীয়ে দেখুৱাই থৈ যোৱা সাহস, সদাচাৰ, ন্যায় আৰু সামাজিক সম্প্ৰীতিৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।"

 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ

“শ্ৰী গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ পবিত্ৰ ‘জ’ৰ চাহিব’ৰ সুৰক্ষিত আৰু যথোচিত প্ৰদৰ্শন সন্দৰ্ভত বিশিষ্ট আৰু নিপুণ শিখ প্ৰতিনিধি দলৰে মিলিত হৈ পৰম সন্তোষ পাইছোঁ। তেওঁলোকে এই সন্দৰ্ভত পৰামৰ্শৰাজি আগবঢ়ায়।

 

পবিত্ৰ অৱশেষসমূহ যিমানেই তাৎপৰ্য্যপূৰ্ণ আৰু আধ্যাত্মিকভাৱে গুৰুত্বপূৰ্ণ, সিমানেই ‘জ’ৰ চাহিব’ গৌৰৱময় শিখ ইতিহাসৰো অংশ, একেদৰেই আমাৰ ৰাষ্ট্ৰৰ সাংস্কৃতিক ৰীতি-নীতিৰো অংশ।

 

পবিত্ৰ অৱশেষসমূহে ভৱিষ্যৎ প্ৰজন্মক শ্ৰীগুৰু গোবিন্দ সিং জীয়ে দেখুৱাই থৈ যোৱা সাহস, সদাচাৰ, ন্যায় আৰু সামাজিক সম্প্ৰীতিৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026 aims to build job-ready, formal talent base, say experts

Media Coverage

Budget 2026 aims to build job-ready, formal talent base, say experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ফেব্ৰুৱাৰী 2026
February 03, 2026

Modi Hai Toh Mumkin Hai: India Gains Competitive Boost in US Market, Slamming Doubters