প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰীয়া সফল সমাপ্তিৰ বাবে বিভিন্ন বিশ্ব সংস্থাৰ নেতাসকলৰ পৰা অভিনন্দন বাৰ্তা লাভ কৰে। প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত স্বচ্ছ ভাৰত অভিযানে উন্নত অনাময় আৰু স্বচ্ছতাৰ জৰিয়তে ভাৰতক কেনেদৰে উল্লেখযোগ্যভাৱে ৰূপান্তৰিত কৰিছে সেই সন্দৰ্ভত নেতাসকলে গুৰুত্ব আৰোপ কৰে।

 

ডব্লিউএইচঅ’ৰ সঞ্চালক প্ৰধান ড টেড্ৰ’ছ আধানম গেব্ৰেয়েছাছৰ শুভেচ্ছা মাইগভৰ জৰিয়তে এক্সৰ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়েঃ

“ডব্লিউএইচঅ’ৰ সঞ্চালক প্ৰধান ড টেড্ৰ’ছ আধানম গেব্ৰেয়েছাছে স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী @narendramodi আৰু চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে৷ তেওঁ এই পৰিৱৰ্তনশীল পদক্ষেপৰ জৰিয়তে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কৰা উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে, যিয়ে জনসাধাৰণক এক স্বচ্ছ আৰু সুস্থ দেশৰ প্ৰসাৰৰ বাবে সংগঠিত কৰে। #10YearsOfSwachhBharat #SBD2024 #SHS2024.”

 

বিশ্ব বেংকৰ সভাপতি অজয় ​​বাংগাইৰ শুভেচ্ছা মাইগভৰ জৰিয়তে এক্সত শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়েঃ

“বিশ্ব বেংকৰ সভাপতি অজয় ​​বাংগাই মন্তব্য কৰে যে স্বচ্ছ ভাৰত অভিযানে উন্নত অনাময় ব্যৱস্থাৰ জৰিয়তে ভাৰতক যথেষ্ট ৰূপান্তৰিত কৰিছে, প্ৰধানমন্ত্ৰী @narendramodiৰ দূৰদৰ্শী নেতৃত্বত এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। #10YearsOfSwachhBharat #SBD2024 #SHS2024.”
 

এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাটছুগু আছাকাৱাৰ শুভেচ্ছা মাইগভৰ জৰিয়তে এক্সত শ্বেয়াৰ কৰেঃ

“এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাটছুগু আছাকাৱাই স্বচ্ছ ভাৰত অভিযান শীৰ্ষক পৰিৱৰ্তনশীল অভিযানৰ নেতৃত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী @narendramodiক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে এছিয়ান ডেভেলপমেণ্ট বেংকে আৰম্ভণিৰে পৰাই এই দূৰদৰ্শী পদক্ষেপত ভাৰতৰ অংশীদাৰ হৈ গৌৰৱ অনুভৱ কৰিছে। #10YearsOfSwachhBharat #SBD2024 #SHS2024.”

 

শ্ৰী মোদীয়ে আধ্যাত্মিক নেতা শ্ৰী শ্ৰী ৰবিশংকৰৰ শুভেচ্ছা মাইগভৰ জৰিয়তে এক্সত শ্বেয়াৰ কৰেঃ

“আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী @narendramodi জীয়ে সমগ্ৰ দেশতে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰাৰ পিছৰে পৰা আমি দেখিবলৈ পাইছো যে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি মানুহৰ মনোযোগ ঘূৰি আহিছেঃ #10YearsOfSwachhBharat #SBD2024 #SwachhBharat” সন্দৰ্ভত আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰ৷

 

প্ৰধানমন্ত্ৰীয়ে টাটা ট্ৰাষ্টৰ অধ্যক্ষ শ্ৰী ৰতন টাটাৰ শুভেচ্ছা মাইগভৰ জৰিয়তে এক্সত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“মই মাননীয় #10YearsOfSwachhBharatৰ দশম বৰ্ষপূৰ্তি উপলক্ষে মাননীয় প্ৰধানমন্ত্ৰীক অভিনন্দন জনাইছোঁ @RNTata2000, টাটা ট্ৰাষ্টৰ অধ্যক্ষ #SBD2024 #SwachhBharat”

 

শ্ৰী মোদীয়ে মাইগভৰ জৰিয়তে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক তথা দানবীৰ বিল গেটছৰ শুভেচ্ছা এক্সত শ্বেয়াৰ কৰে:

“অনাময় স্বাস্থ্যৰ ওপৰত স্বচ্ছ ভাৰত অভিযানৰ অদ্ভূত প্ৰভাৱ পৰিছে @BillGates, মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক তথা দানবীৰ, #10YearsOfSwachhBharatৰ সন্দৰ্ভত তেওঁৰ চিন্তা শুনক। #NewIndia #SwachhBharat”

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO

Media Coverage

India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 মাৰ্চ 2026
March 03, 2026

Citizens Express Their Appreciation on Heartfelt Leadership, Historic Gains: PM Modi’s India Shines in Conservation, Commerce, and Clean Energy