প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০-২১ নৱেম্বৰ ২০২৪ তাৰিখত গুয়ানালৈ চৰকাৰী ভ্ৰমণসূচীৰে আহি আজি জৰ্জটাউনত উপস্থিত হয়হি। ৫৬ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ গুয়ানালৈ এয়া হৈছে প্ৰথম ভ্ৰমণ। বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে গুয়ানাৰ ৰাষ্ট্ৰপতি মহামহিম ড০ মহম্মদ ইৰফান আলীয়ে গুয়ানাৰ প্ৰধানমন্ত্ৰী মাননীয় ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) মাৰ্ক এন্থনী ফিলিপছৰ সৈতে এক বিশেষ তত্পৰতা প্ৰদৰ্শনৰে তেওঁক উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁক আনুষ্ঠানিক আদৰণি জনায়। অনুষ্ঠানটোত গুয়ানা চৰকাৰৰ এক ডজনৰো অধিক কেবিনেট মন্ত্ৰীও উপস্থিত আছিল।

ইফালে, হোটেলত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি আলীয়ে বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী মহামহিম মিয়া আমোৰ মটলী আৰু গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰী মহামহিম ডিকন মিচেলৰ সৈতে আদৰণি জনায়। গুয়ানাৰ কেবাগৰাকী কেবিনেট মন্ত্ৰীৰ উপস্থিতিত ভাৰতীয় সম্প্ৰদায় আৰু ভাৰত-গায়ানী প্ৰবাসীসকলে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায়। বিমানবন্দৰ আৰু হোটেলত স্বাগতম জনোৱাৰ মাজতো গুয়ানী চৰকাৰৰ সমগ্ৰ মন্ত্ৰীমণ্ডলী উপস্থিত আছিল। ভাৰত-গুয়ানাৰ নিবিড় বন্ধুত্বৰ নিদৰ্শন দাঙি ধৰি জৰ্জটাউনৰ মেয়ৰে প্ৰধানমন্ত্ৰীক "জৰ্জটাউন চহৰৰ চাবি" হস্তান্তৰ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's defence production more than double in five years, hits record Rs 1.78 lakh crore

Media Coverage

India's defence production more than double in five years, hits record Rs 1.78 lakh crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the virtues of truth, service, learning and action
June 18, 2026

The Prime Minister, Shri Narendra Modi said that wealth follows truthfulness, fame follows selfless service, knowledge follows constant practice and wisdom follows action. He noted that these values play a vital role in shaping individual character and contributing to collective progress.

The Prime Minister shared a Sanskrit Subhashitam-

“सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी।

अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी।।”

The Prime Minister wrote on X;