‘ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস’ত ভাৰতৰ গৌৰৱশালী নৌ-ইতিহাসৰ কথা স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ অৰ্থনৈতিক উন্নয়ণৰ ক্ষেত্ৰত সামুদ্ৰিক বাণিজ্য খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যোৱা ৮টা বছৰত অৰ্থনৈতিক উন্নয়ণ আৰু এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বুলি ভবা বন্দৰ-সঞ্চালিত বিকাশত গুৰুত্ব আৰোপ কৰিছে ভাৰত চৰকাৰে। প্ৰসংগক্ৰমে তেওঁ সামুদ্ৰিক পৰিৱেশ-তন্ত্ৰ আৰু বৈচিত্ৰ্যতা অক্ষুন্ন ৰখাটো নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰে যথোচিত পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তথ্য উল্লেখ কৰে।

এলানি বৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“আজি, ‘ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস’ত আমি আমাৰ গৌৰৱময় নৌ-ইতিহাসৰ লগতে ভাৰতৰ উন্নয়ণৰ ক্ষেত্ৰত সামুদ্ৰিক বাণিজ্য খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা স্মৰণ কৰিছো। বিগত ৮টা বছৰত আমাৰ সামুদ্ৰিক খণ্ডই অন্য মাত্ৰা লাভ কৰাৰ লগতে বেহা-বেপাৰ আৰু বাণিজ্যিক কাম-কাজৰ গতি অধিক ভাবে ত্বৰান্বিত কৰিছে”।

“বিগত ৮টা বছৰত ভাৰত চৰকাৰে বন্দৰ-সঞ্চালিত বিকাশত অধিক গুৰুত্ব প্ৰদান কৰিছে, য’ত সামৰি লোৱা হৈছে বন্দৰসমূহৰ পৰিসৰৰ সম্প্ৰসাৰণ আৰু বৰ্তমানে থকা প্ৰণালীসমূহক আৰু অধিক উন্নত মানৰ কৰি তোলাৰ পদক্ষেপ। ভাৰতৰ উত্পাদিত সামগ্ৰীয়ে যাতে নতুন নতুন বজাৰত প্ৰৱেশৰ সুযোগ লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰাৰ বাবে দেশৰ জলপথসমূহৰ প্ৰতিপালনতো গুৰত্ব প্ৰদান কৰা হৈছে”।

“অৰ্থনৈতিক প্ৰগতি সুনিশ্চিত কৰাৰ লগতে এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ বাবে সামুদ্ৰিক খণ্ডই আগবঢ়োৱা সুযোগৰ পূৰ্ণ ব্যৱহাৰত গুৰুত্ব দিয়াৰ লগতে আমি গৌৰৱ কৰি অহা সামুদ্ৰিক পৰিৱেশ তন্ত্ৰৰ সুৰক্ষা আৰু বৈচিত্ৰতা অক্ষুন্ন ৰখাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিছো”।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian coffee exports reach 140 countries in FY2025–26

Media Coverage

Indian coffee exports reach 140 countries in FY2025–26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥