প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব জল দিৱস উপলক্ষ্যে প্ৰতি টোপাল পানী সংৰক্ষণ আৰু এই বহুমূলীয়া সম্পদক দায়িত্বশীলভাৱে ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতিৰ কথা  পুনৰ দৃঢ় কৰিবলৈ সকলোকে আহ্বান জনায়।

জীৱন বৰ্তাই  ৰখা আৰু গ্ৰহটোৰ ভৱিষ্যত গঢ় দিয়াত পানীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ত আলোকপাত কৰি শ্ৰী মোদীয়ে পানীৰ উপযুক্ত  ব্যৱহাৰ কৰা ,  সজাগতা বৃদ্ধি কৰা আৰু পানী সংৰক্ষণৰ সংস্কৃতিক আগুৱাই নিয়াসকলকো প্ৰশংসা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে:

"পানীয়ে আমাক জীয়াই  ৰাখে আৰু আমাৰ গ্ৰহটোৰ ভৱিষ্যত গঢ় দিয়ে।"

বিশ্ব জল দিৱসত পানীৰ প্ৰতিটো টোপাল সংৰক্ষণ আৰু দায়িত্বশীলভাৱে ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰোঁ আহক। আজিৰ দিনটো বহনক্ষম পদ্ধতি  গ্ৰহণ কৰা , সজাগতাক প্ৰসাৰিত  কৰা আৰু জল সংৰক্ষণৰ সংস্কৃতিক লালন-পালন কৰাসকলৰ শলাগ লোৱাৰ দিন।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat

Media Coverage

Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 মে’ 2026
May 06, 2026

New India, New Pride: When Self-Reliance Meets Results — A Tribute to PM Modi