প্ৰধানমন্ত্ৰীক তেওঁৰ মহিলা সবলীকৰণৰ সপোনৰ অংশীদাৰ হোৱা আশ্বাস দিয়ে দেৱাচৰ মহিলাসকলে
"আমাৰ মাতৃ আৰু ভগ্নীসকলৰ আত্মবিশ্বাসে আমাৰ দেশক আত্মনিৰ্ভৰশীল কৰি তুলিব"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰে।

 

সমগ্ৰ দেশৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত যোগদান কৰে। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলে যোগদান কৰে।

 

মধ্য প্ৰদেশৰ দেৱাচৰ ৰুবিনা খান, যি ১.৩ লাখ মহিলাৰে গঠিত এক আত্ম-সহায়ক গোটৰ সৈতে জড়িত আৰু তেওঁৰ আত্ম-সহায়ক গোটৰ পৰা ঋণ লৈ কাপোৰ বিক্ৰী কৰাৰ এটা সৰু ব্যৱসায় আৰম্ভ কৰে আৰু মজদুৰি কৰিবলৈ এৰি দিয়ে। পিছত তেওঁ নিজৰ সামগ্ৰী বিক্ৰী কৰিবলৈ এখন পুৰণি মাৰুতি ভান ক্ৰয় কৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৌতুক কৰি কয়, 'মোৰতো চাইকেলো নাই'। ৰুবিনাই পিছত দেৱাচত এখন দোকান দিয়ে আৰু চৰকাৰৰ পৰাও কাম লাভ কৰে।

 

তেওঁলোকে মহামাৰীৰ সময়ত মাস্ক, পি পি পি কিট আৰু চেনিটাইজাৰ প্ৰস্তুত কৰি অৱদান আগবঢ়াইছিল। ক্লাষ্টাৰ ৰিচ'ৰ্চ পাৰ্ছন (চিআৰপি) হিচাপে তেওঁৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ জানিবলৈ দিয়ে যে তেওঁ কেনেদৰে মহিলাসকলক উদ্যোগী হোৱাৰ বাবে অনুপ্ৰাণিত কৰিছিল। ৪০ খন গাঁৱত গোট গঠন কৰা হৈছিল।

 

প্ৰধানমন্ত্ৰীয়ে তেওঁক কয় যে আত্ম-সহায়ক গোটৰ মহিলাসকলৰ মাজত তেওঁ প্ৰায় ২ কোটি দিদিক 'লাখপতি' বনোৱাৰ সপোন আছে। তেওঁ প্ৰধানমন্ত্ৰীক এই সপোনৰ অংশীদাৰ হোৱা আশ্বাস দিয়ে আৰু কৈছিল 'মই প্ৰতিগৰাকী দিদি লাখপতি হোৱাটো কামনা কৰোঁ'। উপস্থিত সকলো মহিলাই প্ৰতিগৰাকী দিদিক লাখপতি বনোৱাৰ অংশীদাৰ হ'বলৈ সংকল্প লয়।

 

প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ আত্মবিশ্বাসৰ প্ৰশংসা কৰে। "আমাৰ মাতৃ আৰু ভগ্নীসকলৰ আত্মবিশ্বাসে আমাৰ দেশক স্বাৱলম্বী কৰি তুলিব", তেওঁ কয়। শ্ৰীমতী খানক তেওঁৰ যাত্ৰাৰ বাবে প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আত্ম-সহায়ক গোটসমূহ মহিলাসকলৰ বাবে আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতাৰ মাধ্যম হিচাপে প্ৰমাণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, ই মোক অতি কমেও ২ কোটি দিদিক লাখপতি বনোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ উৎসাহিত কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁক তেওঁৰ সন্তানক শিক্ষিত কৰিবলৈ কয়। মহিলাগৰাকীয়ে কয় যে তেওঁৰ গোটেই গাওঁখন সমৃদ্ধিশালী হৈ পৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
21% YoY rise in engineering exports in June shows sector's resilience amid global challenges: EEPC India Chairman

Media Coverage

21% YoY rise in engineering exports in June shows sector's resilience amid global challenges: EEPC India Chairman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুলাই 2026
July 14, 2026

From Local Fields to Global Recognition: PM Modi’s ‘Vocal for Local’ is Now Delivering Real Global Respect