মহামান্য ড° পেট্ৰিক আৰ্মিনী,

দুয়োখন দেশৰ প্ৰতিনিধি,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ

আমাক উষ্ম আদৰণি আৰু আতিথ্য প্ৰদানৰ বাবে ৰাষ্ট্ৰপতি আৰ্মিনীৰ প্ৰতি মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

তেখেতৰ দ্বাৰা "গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন" উপাধিৰে সন্মানিত হোৱাটো মোৰ লগতে ১৪০ কোটি ভাৰতীয়ৰ বাবে অপৰিসীম আনন্দৰ বিষয়। মই এই সন্মান কৃতজ্ঞতা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি অব্যাহত ৰখা আৰু পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি গণ্য কৰা সেই সকলো দেশৰ বাবে উৎসৰ্গা কৰিছোঁ।

 

বন্ধুসকল,

মোৰ এই যাত্ৰা এটা ঐতিহাসিক অনুষ্ঠানৰ লগত সংগতি ৰাখি আৰম্ভ হৈছিল, যেতিয়া ছেচেলছৰ স্বাধীনতাৰ ৫০ বছৰ সম্পূৰ্ণ হৈছিল, আৰু আমি ভাৰত-ছেচেলছৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰীয়া জয়ন্তীও উদযাপন কৰিছোঁ।

এই পঞ্চাশ বছৰত আমি বন্ধুত্বক বিশ্বাসলৈ, বিশ্বাসক সহযোগিতালৈ, সহযোগিতাক জনকল্যাণলৈ ৰূপান্তৰিত কৰিছোঁ।

বন্ধুসকল,

ভাৰত মহাসাগৰে যুগ যুগ ধৰি ভাৰত আৰু ছেচেলছৰ সম্পৰ্কক প্ৰতিপালন কৰি আহিছে। ইয়াৰ ঢৌৱে আমাৰ মাজত বাণিজ্য, সংস্কৃতি আৰু মানৱীয় সম্পৰ্কক অহৰহ আগুৱাই লৈ গৈছে।
আমি বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰ আমাৰ উমৈহতীয়া ঘৰ; ইয়াৰ নিৰাপত্তা, স্থিতিশীলতা আৰু সমৃদ্ধি আমাৰ ভাগ-বতৰা কৰা দায়িত্ব। এই ভাৱনাই আমাৰ মহাসাগৰীয় দৃষ্টিভংগীৰ আধাৰ।
বন্ধুসকল,

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতিজীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা যুটীয়া দৃষ্টিভংগীয়ে আমাৰ ভৱিষ্যত অংশীদাৰিত্বৰ ৰূপৰেখা অংকন কৰিছিল। এই দৃষ্টিভংগীৰ আধাৰত প্ৰতিটো ক্ষেত্ৰতে আমাৰ সহযোগিতা শক্তিশালী হৈ গৈ আছে।

আজি আমি আমাৰ অৰ্থনৈতিক সহযোগিতাক অধিক স্থিতিস্থাপক আৰু ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ বিষয়ে আলোচনা কৰোঁ। আমি দুয়োখন দেশৰ উদ্যোগসমূহৰ বাবে নতুন নতুন সুযোগৰ সন্ধান কৰি যাম।

ভাৰত আৰু ছেচেলছৰ মাজত সংযোগ বৃদ্ধিৰ বাবেও কাম কৰা হ’ব। ইয়াৰ দ্বাৰা কেৱল আমাৰ বাণিজ্যৰ বিকাশেই নহয়, পূব আফ্ৰিকা আৰু ভাৰত মহাসাগৰ অঞ্চলৰ সৈতেও সম্পৰ্ক সুদৃঢ় হ’ব।

আমি বিশ্বাস কৰোঁ যে ডিজিটেল প্ৰযুক্তি আমাৰ দুয়োখন দেশৰ মাজৰ ব্যৱধান দূৰ কৰাৰ এক ফলপ্ৰসূ উপায়। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ সফল অভিজ্ঞতা আমি ছেচেলছৰ সৈতে ভাগ-বতৰা কৰিম। আৰু মই আনন্দিত যে আজি ছেচেলছত ইউপিআই ৰূপায়ণৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে।

 

বন্ধুসকল,

উন্নয়নৰ অংশীদাৰিত্ব আমাৰ সম্পৰ্কৰ এক শক্তিশালী পৰিচয় হৈ আহিছে। ভাৰতে সদায় ছেচেলছৰ অগ্ৰাধিকাৰ, প্ৰয়োজন, আকাংক্ষালৈ লক্ষ্য ৰাখি আগবাঢ়ি আহিছে।
ৰাষ্ট্ৰপতিজীৰ ভাৰত ভ্ৰমণৰ সময়ত আমি ১৭৫ মিলিয়ন ডলাৰৰ বিশেষ অৰ্থনৈতিক পেকেজৰ কথা ঘোষণা কৰিছিলোঁ। এই পদক্ষেপৰ অধীনত সামাজিক গৃহ নিৰ্মাণ, পৰিবহণ, দক্ষতা, খাদ্য সুৰক্ষা, শিক্ষা, প্ৰতিৰক্ষা আদি ক্ষেত্ৰত কাম অব্যাহত আছে। ছেচেলছৰ মানৱ সম্পদ উন্নয়নত সহযোগিতা ভাৰতৰ বাবে অন্যতম প্ৰাথমিক অগ্ৰাধিকাৰ ৰূপে বিবেচিত হৈ আহিছে।

মই আনন্দিত যে আমি ছেচেলছৰ চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰশিক্ষণত অৰিহণা যোগাইছোঁ। আজি পেছাদাৰী আৰু কাৰিকৰী কেন্দ্ৰৰ ভাৰ্চুৱেল আধাৰশিলাও কৰা হৈছে। আমি বিশ্বাস কৰোঁ যে এই কেন্দ্ৰই ভৱিষ্যতে ছেচেলছৰ যুৱক-যুৱতীসকলৰ দক্ষতা, নিয়োগ আৰু আত্মবিশ্বাসক উন্নীত কৰিব।
বন্ধুসকল,

স্বাস্থ্যখণ্ডত আমাৰ অংশীদাৰিত্বই সময়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। ক'ভিডৰ কঠিন সময়ত ভেকচিন যোগান ধৰি আমি বন্ধু হিচাপে নিজৰ দায়িত্ব পালন কৰিছিলোঁ।
আজি জন ঔষাধিক লৈ স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনে ছেচেলছৰ জনসাধাৰণক মানসম্পন্ন আৰু সুলভ মূল্যৰ ঔষধ যোগান ধৰাত সহায় কৰিব। আমি সামৰ্থ্য বিকাশ আৰু প্ৰশিক্ষণৰ জৰিয়তে ছেচেলছৰ চিকিৎসা সেৱা শক্তিশালী কৰি যাম।

শক্তি আৰু জলবায়ু কাৰ্যসূচীৰ ক্ষেত্ৰতো আমাৰ সহযোগিতা ক্ৰমাগতভাৱে আগবাঢ়িছে। সেউজ হাইড্ৰজেনকে ধৰি স্বচ্ছ শক্তিৰ নতুন ক্ষেত্ৰতো আমি লাভজনক সহযোগিতা অব্যাহত ৰাখিম। নীলা অৰ্থনীতি আমাৰ সম্পৰ্কৰ এক স্বাভাৱিক আৰু কৌশলগত ক্ষেত্ৰ।
আমি সাগৰ পৰ্যবেক্ষণ, সামুদ্ৰিক বিজ্ঞান আৰু উপকূল ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰতৰ জ্ঞান ছেচেলছৰ সৈতে ভাগ-বতৰা কৰিম। আমি একেলগে মহাকাশৰ ক্ষেত্ৰখনত আগবাঢ়িছোঁ। আজি এই বিষয়ত দুয়োপক্ষৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাত মই আনন্দিত।
আমি বিশ্বাস কৰোঁ যে ভাৰত আৰু ছেচেলছৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা অবিচ্ছেদ্য। এই দিশত আমি আমাৰ ঘনিষ্ঠ সহযোগিতা অব্যাহত ৰাখিম।
বন্ধুসকল,

ভাৰত-ছেচেলছৰ সম্পৰ্কৰ প্ৰকৃত শক্তি আমাৰ জনসাধাৰণৰ সম্পৰ্কত নিহিত হৈ আছে। আজি আমাৰ আলোচনাই এই সম্পৰ্কসমূহ আৰু অধিক শক্তিশালী কৰিব। দুয়োখন দেশৰ ক্ৰীড়াবিদ আৰু এখলেটসকলৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে আমি প্ৰতিষ্ঠানিকভাৱে অগ্ৰসৰ হম।

 

ছেচেলছত যোগ আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ জনপ্ৰিয়তাই আমাৰ সাংস্কৃতিক সম্পৰ্কক প্ৰতিফলিত কৰে। এই মনোভাবেৰে আমি আমাৰ দুয়োখন দেশৰ জনসাধাৰণৰ বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত যোগাযোগ বৃদ্ধিৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।
বন্ধুসকল,

মোৰ ছেচেলছ ভ্ৰমণৰ বাৰ্তা স্পষ্ট- ভাৰতে এনে এখন ভাৰত মহাসাগৰৰ কল্পনা কৰিছে য’ত সামুদ্ৰিক সুৰক্ষাৰ লগত অৰ্থনৈতিক সমৃদ্ধিও থাকিব; য'ত আমাৰ অংশীদাৰিত্ব আকাৰৰ ওপৰত নহয়, বৰং পাৰস্পৰিক সন্মান আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে; আৰু এইক্ষেত্ৰত আমি কেৱল ইজনে সিজনৰ কাষত থাকি নহয়, একেলগে আগবাঢ়ি যাওঁ ।
আমাৰ দৃষ্টিভংগী হৈছে ভাৰত মহাসাগৰক সুযোগৰ মহাসাগৰ হিচাপে গঢ়ি তোলা।
মহামান্য,

আমাৰ সম্পৰ্কৰ বিগত পঞ্চাশ বছৰটো গভীৰ আস্থা আৰু ভাগ-বতৰা কৰা অগ্ৰগতিৰ দ্বাৰা চিহ্নিত হৈছে। পৰৱৰ্তী পঞ্চাশ বছৰ হ’ব উদ্ভাৱন, বহনক্ষম আৰু ভাগ-বতৰা সমৃদ্ধিৰ দ্বাৰা পৰিচালিত।
ভাৰতৰ সৈতে আপোনালোকৰ বন্ধুত্ব আৰু আমাৰ সম্পৰ্কৰ প্ৰতি আপোনালোকৰ অটল দায়বদ্ধতাৰ বাবে মই পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকক বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 আগষ্ট 2026
August 12, 2026

India Rising on Every Front: Economic Strength, Global Recognition & Self-Reliance Under PM Modi’s Vision