সৃষ্টিশীলতাৰ ক্ষেত্ৰত যুৱ-প্ৰজন্মৰ আগ্ৰহ আৰু উত্সৰ্গিত মনোভাৱ দেখি আপ্লুত হৈছো : প্ৰধানমন্ত্ৰী
আপোনাৰ পেইণ্টিঙৰ দৰেই আপোনাৰ চিন্তাবোৰো সুন্দৰ : প্ৰধানমন্ত্ৰী
১৩০কোটি ভাৰতীয়ৰ একত্ৰিত প্ৰয়াসৰ সৈতে টীকাকৰণ অভিযান, শৃংখলাবদ্ধতাই মহামাৰী বিৰোধী যুঁজৰ বাবে শক্তি প্ৰদান কৰিছে : প্ৰধানমন্ত্ৰী
ইতিবাচকতাৰ বিস্তাৰণৰ ক্ষেত্ৰত ষ্টিভেনৰ প্ৰয়াসে ৰাইজক অনুপ্ৰাণিত কৰিব বুলি আশা কৰিছো : প্ৰধানমন্ত্ৰী
ষ্টিভেন হেৰিছে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখাৰ লগতে দুখন পেইণ্টিং প্ৰেৰণ কৰিছে

তেওঁৰ পেইণ্টিং অঁকা ষ্টিভেন হেৰিছ নামৰ বাংগালুৰুৰ ছাত্ৰগৰাকীলৈ প্ৰশংসাসূচক পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে। এইগৰাকী ২০বছৰীয়া উদীয়মান শিল্পীয়ে প্ৰধানমন্ত্ৰীৰ দুখন সুন্দৰ পেইণ্টিঙৰ সৈতে এখন পত্ৰ প্ৰেৰণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁক প্ৰশংসা কৰাৰ লগতে উদগণী জনাই পত্ৰখনৰ উত্তৰ দিয়ে।

“সৃষ্টিশীলতাৰ ক্ষেত্ৰত যুৱ-প্ৰজন্মৰ আগ্ৰহ আৰু উত্সৰ্গিত মনোভাৱ দেখি আপ্লুত হৈছো” বুলি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পত্ৰখনত উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লিখিছে “আপুনিযে কথাবোৰ গভীৰভাবে অনুধাৱন কৰে সেই কথা আপোনাৰ পেইণ্টিংকেইখন দেখিয়েই উপলব্ধি কৰিব পাৰি। সুক্ষ্ম অভিব্যক্তিসমূহো ইমান নিখুতকৈ প্ৰকাশ কৰিব পৰাটো নিতান্তই সন্তোষৰ কথা”।

সাম্প্ৰতিক কালৰ জটিল প্ৰেক্ষাপটটোত জনস্বাস্থ্য আৰু কল্যাণক লৈ যুৱ-শিল্পীগৰাকীয়ে প্ৰকট কৰা অভিমতসমূহক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, “১৩০কোটি ভাৰতীয়ৰ একত্ৰিত প্ৰয়াসৰ সৈতে টীকাকৰণ অভিযান, শৃংখলাবদ্ধতাই মহামাৰী বিৰোধী যুঁজৰ বাবে শক্তি প্ৰদান কৰিছে”।

প্ৰধানমন্ত্ৰীয়ে ইতিবাচকতাৰ বিস্তাৰণৰ ক্ষেত্ৰত ষ্টিভেনৰ প্ৰয়াসে ৰাইজক অনুপ্ৰাণিত কৰিব বুলিও আশা প্ৰকাশ কৰে।

ইফালে, প্ৰধানমন্ত্ৰীলৈ ষ্টিভেনে প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰিছে যে বিগত ১৫টা বছৰ ধৰি তেওঁ পেইণ্টিং আঁকিছে আৰু এই পৰ্যন্ত বিভিন্ন পৰ্যায়ৰ ১০০ৰো অধিক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ প্ৰধানমন্ত্ৰীক তেওঁৰ অনুপ্ৰেৰণাৰ উত্স বুলি উল্লেখ কৰাৰ লগতে ক’ৰোনা বিৰোধী যুঁজত ভাৰতৰ টীকাকৰণ কাৰ্যক্ৰমক প্ৰশংসা কৰে।

তলত ষ্টিভেনে প্ৰেৰণ কৰা পেইণ্টিং দুখন সংলগ্ন কৰা হৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Twelve years of transformation: How India built new infrastructure, digital & strategic capability

Media Coverage

Twelve years of transformation: How India built new infrastructure, digital & strategic capability
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi shares a Sanskrit Subhashitam highlighting the power of collective resolve and unity in driving societal progress
August 17, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the importance of collective resolve and unity of minds in driving national progress and societal well-being.

The Prime Minister wrote on X;

"सामूहिक संकल्प और एकता की शक्ति से ही देश आगे बढ़ता है। यही भावना भारत की प्रगति और समृद्धि की मजबूत नींव है।

समानी व आकूतिः समाना हृदयानि वः।

समानमस्तु वो मनो यथा वः सुसहासति॥"

All our resolves should be identical, our minds should be connected with the feeling of unity, so that we may all continually strive for the progress of society through mutual cooperation and equal treatment.