প্ৰধানমন্ত্ৰীয়ে চাহ দোকানৰ গৰাকী শ্ৰীমতী ম'নাৰ সৈতে কথা পাতে, যি চণ্ডীগড়ৰ এগৰাকী ট্ৰেন্সজেণ্ডাৰ ভিবিএছৱাই হিতাধিকাৰী
"চৰকাৰৰ সবকা সাথ-সবকা বিকাশ মনোভাব সমাজৰ প্ৰতিটো শ্ৰেণীলৈ গৈছে: প্ৰধানমন্ত্ৰী"

>

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰা (ভিবিএছৱাই)ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। চৰকাৰৰ প্ৰধান আঁচনিসমূহৰ পৰিপূৰকতা অৰ্জন কৰিবলৈ সমগ্ৰ দেশতে বিকশিত ভাৰত সংকল্প যাত্ৰা চলায়, যাতে এই কথা সুনিশ্চিত কৰিব পৰা যায় যে এই আঁচনিসমূহৰ সুবিধা সকলো নিৰ্ধাৰিত হিতাধিকাৰীৰ ওচৰলৈ সময়মতে গৈ পায়।

চণ্ডীগড়ৰ এগৰাকী ট্ৰেন্সজেণ্ডাৰ ভিবিএছৱাই হিতাধিকাৰী শ্ৰীমতী ম'না যি মূলতঃ ঝাৰখণ্ডৰ ৰাঞ্চিৰ বাসিন্দা, তেওঁ প্ৰধানমন্ত্ৰীক কয় যে চণ্ডীগড়ত তেওঁ এখন চাহ দোকানৰ গৰাকী যি সন্ধিয়া ৬ বজাৰ পৰা নিশা ১০ বজালৈকে চলে।

প্ৰধানমন্ত্ৰীয়ে সোধাত শ্ৰীমতী ম'নাই কয় যে তেওঁ পিএম স্বনিধি যোজনাৰ জৰিয়তে ১০ হাজাৰ টকাৰ ঋণ লৈছিল, যি চাহৰ দোকান স্থাপন কৰাত সহায় কৰিছিল। শ্ৰীমতী ম'নাই কয় যে পৌৰ নিগমৰ পৰা এটা ফোন আহিছিল য’ত ঋণৰ উপলব্ধতাৰ বিষয়ে তথ্য দিয়া হৈছিল। শ্ৰীমতী ম'নাৰ চাহৰ দোকানত বেছিভাগ লেনদেন ইউপিআইৰ জৰিয়তে হয়, এই কথা জানিব পাৰি শ্ৰী মোদীয়ে প্ৰশ্ন কৰে যে বেংকে অতিৰিক্ত ঋণৰ বাবে তেওঁৰ সৈতে যোগাযোগ কৰেনেকি? শ্ৰীমতী ম'নাই কয় যে তেওঁক পৰৱৰ্তী সময়ত ক্ৰমে ২০ হাজাৰ আৰু ৫০ হাজাৰ টকাৰ ঋণ দিয়া হৈছিল। প্ৰধানমন্ত্ৰীয়ে এই কথাত অত্যন্ত সন্তুষ্টি প্ৰকাশ কৰে যে শ্ৰীমতী ম'নাই শূন্য সুতেৰে তৃতীয় পৰ্যায়লৈ আগবাঢ়িছে।

প্ৰধানমন্ত্ৰীয়ে এনে চৰকাৰী সুবিধা লাভ কৰিবলৈ ট্ৰেন্সজেণ্ডাৰ সমাজৰ অধিক লোকক প্ৰেৰণা যোগোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে চৰকাৰৰ সবকা সাথ সবকা বিকাশৰ মনোভাবৰ কথা উল্লেখ কৰে যাৰ অধীনত উন্নয়ন সমাজৰ প্ৰতিটো শ্ৰেণীত উপনীত হৈছে। তেওঁ সন্তুষ্টি প্ৰকাশ কৰে যে শ্ৰীমতী ম'নাৰ প্ৰচেষ্টা আৰু অগ্ৰগতিৰ সন্দৰ্ভত চৰকাৰৰ প্ৰচেষ্টা সঠিক দিশত আগবাঢ়িছে। প্ৰধানমন্ত্ৰী মোদীয়ে অসম ৰে'লৱে ষ্টেচনত থকা সকলো দোকানৰ কাম-কাজ ট্ৰেন্সজেণ্ডাৰ সমাজৰ লোকৰ হাতত অৰ্পণ কৰাৰ ৰে'লৱেৰ সিদ্ধান্তৰ সন্দৰ্ভত কয় যে তাত ব্যৱসায় দ্ৰুতগতিত বৃদ্ধি পাইছে। তেওঁ শ্ৰীমতী ম'নাক তেওঁৰ এই অগ্ৰগতিৰ বাবে অভিনন্দন জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”