কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যানতকৈও অধিক— ই অসমৰ আত্মা, ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ এক অমূল্য মণি, ই ইউনেস্ক’ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে সন্মানিত: প্ৰধানমন্ত্ৰী
যেতিয়া প্ৰকৃতি সংৰক্ষণ কৰা হয়, তেতিয়া ইয়াৰ কাষতে সুযোগৰো সৃষ্টি হয় ; শেহতীয়া বছৰবোৰত কাজিৰঙাত পৰ্যটনৰ ক্ৰমাগত উত্থান ঘটিছে আৰু হোমষ্টে, গাইড সেৱা, পৰিবহণ, হস্তশিল্প, আৰু ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলে জীৱিকাৰ নতুন পথ আৱিষ্কাৰ কৰিছে: প্ৰধানমন্ত্ৰী
বহুদিন ধৰি বিশ্বাস কৰা হৈছিল যে প্ৰকৃতি আৰু প্ৰগতি উভয়ে বিপৰীত মেৰুত থিয় দিছে, দুয়োটা একেলগে আগবাঢ়িব নোৱাৰে। আজি ভাৰতে বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰি আছে যে উভয়ে একেলগে আগবাঢ়িব পাৰে: প্ৰধানমন্ত্ৰী
উত্তৰ-পূৰ্বাঞ্চল এতিয়া উন্নয়নৰ প্ৰান্তত নাই; অঞ্চলটো এতিয়া দেশৰ হৃদয় তথা দিল্লীৰ নিচেই ওচৰত আছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ কলিয়াবৰত ৬,৯৫০ কোটি টকাৰো অধিক মূল্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্ট (ৰাষ্ট্ৰীয় ঘাইপথ -৭১৫ৰ কলিয়াবৰ-নুমলীগড় অংশৰ ৪-লেন)ৰ ভূমি পূজন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি  শ্ৰী মোদীয়ে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে  ইমান বৃহৎ সংখ্যক লোকে তেওঁক আশীৰ্বাদ দিবলৈ অহাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

তেওঁ কয় যে পুনৰ কৰা  কাজিৰঙা ভ্ৰমণে তেওঁৰ পূৰ্বৰ ভ্ৰমণৰ স্মৃতিবোৰ সজীৱ কৰি তুলিছে, দুবছৰ পূৰ্বে কাজিৰঙাত কটোৱা মুহূৰ্তবোৰ তেওঁৰ জীৱনৰ বিশেষ অভিজ্ঞতাৰ ভিতৰত অন্যতম বুলি  তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিশা কটোৱাৰ সুযোগ পাইছিল আৰু পিছদিনা পুৱা হাতী ছাফাৰী কৰাৰ  সময়ত তেওঁ অঞ্চলটোৰ অপৰূপ সৌন্দৰ্য্য ওচৰৰ পৰা অনুভৱ কৰিছিল। অসম ভ্ৰমণে তেওঁৰ বাবে  সদায় অপৰিসীম আনন্দ কঢ়িয়াই আনে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে অসমক  সাহসী আৰু প্ৰতিটো ক্ষেত্ৰতে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰা পুত্ৰ-কন্যাৰ ভূমি বুলি অভিহিত কৰে। তেওঁ আঙুলিয়াই দিয়ে যে কালি তেওঁ গুৱাহাটীৰ বাগুৰুম্বা দহৌ উৎসৱত অংশগ্ৰহণ কৰিছে, য’ত বড়ো সম্প্ৰদায়ৰ কন্যাই  নৃত্য প্ৰদৰ্শনেৰে  এক নতুন অভিলেখ গঢ়িছিল।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ১০ হাজাৰৰো অধিক শিল্পীয়ে কৰা বাগৰুম্বাৰ অসাধাৰণ উপস্থাপন, খামৰ ছন্দ আৰু ছিফুঙৰ সুৰৰ কথাও উল্লেখ কৰে,   যিয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰি পেলায়। তেওঁ কয় যে বাগুৰুম্বাৰ অভিজ্ঞতাই তেওঁৰ মন চুই গৈছিল আৰু সেই অনুভৱ হৃদয়ত উপনীত হৈছিল। প্ৰধানমন্ত্ৰীয়ে অসমৰ শিল্পীসকলক তেওঁলোকৰ উল্লেখযোগ্য প্ৰচেষ্টা, প্ৰস্তুতি, সমন্বয়ৰ বাবে প্ৰশংসা কৰি সঁচা অৰ্থত এয়া আচৰিত বুলি অভিহিত কৰে। বাগুৰুম্বা  দহৌ মহোৎসৱত অংশগ্ৰহণ কৰা সকলো শিল্পীলৈ তেওঁ পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰে। তেওঁ সকলো ছ’চিয়েল মিডিয়াৰ  ইনফ্লুয়েন্সাৰ  আৰু টিভি মিডিয়াক ধন্যবাদ জ্ঞাপন কৰি কয়  যে তেওঁলোকে এই অনুষ্ঠানটোক দেশ আৰু বিশ্বৰ কাষ চপাব পৰাকৈ  প্ৰচাৰ কৰিছে।

যোৱা বছৰ তেওঁ ঝুমইৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল আৰু এইবাৰ মাঘ বিহুৰ সময়ত তেওঁ পুনৰ অসম ভ্ৰমণৰ সুযোগ পাইছে  বুলিউল্লেখ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে মাত্ৰ এমাহ পূৰ্বে তেওঁ উন্নয়নমূলক প্ৰকল্পৰ বাবে আহিছিল, গুৱাহাটীত সম্প্ৰসাৰিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিছিল আৰু নামৰূপত এমোনিয়া ইউৰিয়া কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিছিল। তেওঁ  কয় যে এনে অনুষ্ঠানে তেওঁলোকৰ চৰকাৰৰ “বিকাশ ভি, বিৰাসত ভি” মন্ত্ৰক আৰু অধিক শক্তিশালী কৰি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে অসমৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতত কলিয়াবৰৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ত  আলোকপাত কৰি কয় যে ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰমুখ আৰু উজনি অসমৰ বাবে সংযোগৰ কেন্দ্ৰ। তেওঁ স্মৰণ কৰে যে কলিয়াবৰৰ পৰাই মহাযোদ্ধা লাচিত বৰফুকনে মোগল আক্ৰমণকাৰীক খেদি পঠিয়াবলৈ কৌশল ৰচনা কৰিছিল আৰু তেওঁৰ নেতৃত্বত অসমৰ জনসাধাৰণে সাহস, ঐক্য আৰু দৃঢ়তাৰে মোগল সেনাক পৰাস্ত কৰিছিল।

 

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এয়া কেৱল সামৰিক বিজয় নহয়,  বৰঞ্চ অসমৰ গৌৰৱ তথা আত্মবিশ্বাসৰ সবল  ঘোষণা আছিল। তেওঁ আঙুলিয়াই দিয়ে যে আহোম শাসনৰ পিছৰে পৰা কলিয়াবৰে কৌশলগত গুৰুত্ব বজাই ৰাখিছে, আৰু তেওঁলোকৰ চৰকাৰৰ অধীনত অঞ্চলটো এতিয়া সংযোগ তথা  উন্নয়নৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰত পৰিণত হৈছে। এই কথাত তেওঁ  সুখ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে আজি তেওঁলোকৰ দল সমগ্ৰ দেশতে মানুহৰ প্ৰথম পছন্দৰ দল  হৈ পৰিছে, বিগত ডেৰ বছৰত দলটোৰ ওপৰত আস্থা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। তেওঁ আলোকপাত কৰে যে শেহতীয়াকৈ অনুষ্ঠিত  বিহাৰৰ নিৰ্বাচনত ২০ বছৰৰ পাছতো ৰাইজে তেওঁলোকক অভিলেখসংখ্যক  ভোট আৰু আসন দিছে। তেওঁ লগতে কয় যে মাত্ৰ দুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ ডাঙৰ ডাঙৰ চহৰসমূহত মেয়ৰ আৰু কাউন্সিলাৰ নিৰ্বাচনৰ ফলাফলত দেখা গ’ল যে বিশ্বৰ অন্যতম বৃহৎ পৌৰ নিগম মুম্বাইয়ে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ দলটোক আদৰি লৈ অভিলেখ সৃষ্টি কৰিছে। তেওঁ উল্লেখ কৰে যে মহাৰাষ্ট্ৰৰ প্ৰায়বোৰ চহৰৰ মানুহে তেওঁলোকক সেৱা আগবঢ়োৱাৰ সুযোগ দিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ইয়াৰ পূৰ্বে কেৰালাৰ জনসাধাৰণে তেওঁলোকৰ দলটোক উল্লেখযোগ্য সমৰ্থন আগবঢ়াইছিল। ৰাজ্যখনৰ ৰাজধানী তিৰুৱনন্তপুৰমত প্ৰথমবাৰৰ বাবে দলটোৱে মেয়ৰৰ পদ লাভ কৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে সমগ্ৰ দেশতে শেহতীয়া নিৰ্বাচনৰ ফলাফলে স্পষ্টভাৱে দেখুৱাইছে যে ভোটাৰসকলে প্ৰগতি তথা  ঐতিহ্য উভয়ৰে বিষয়ত  গুৰুত্ব আৰোপ কৰি সুশাসন আৰু উন্নয়ন বিচাৰে, সেয়েহে তেওঁলোকে দলটোক বাছি লৈছে।

 

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই নিৰ্বাচনসমূহে আন এটা বাৰ্তা প্ৰেৰণ কৰে— যে দেশখনে বিৰোধী দলৰ নেতিবাচক ৰাজনীতিক ধাৰাবাহিকভাৱে নাকচ কৰি আহিছে। তেওঁ আঙুলিয়াই দিয়ে যে বিৰোধী দলৰ জন্ম হোৱা চহৰ মুম্বাইতে এতিয়া বিৰোধী  চতুৰ্থ বা পঞ্চম স্থানলৈ অৱনমিত হৈছে আৰু তেওঁলোকে দশক দশক ধৰি শাসন কৰা মহাৰাষ্ট্ৰত বিৰোধী সম্পূৰ্ণৰূপে সংকুচিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিৰোধীয়ে  দেশবাসীৰ আস্থা হেৰুৱাইছে , কাৰণ তেওঁলোকৰ উন্নয়নৰ কোনো এজেণ্ডা নাই আৰু এনে এটা দলে কেতিয়াও অসম বা কাজিৰঙাৰ স্বাৰ্থত সেৱা আগবঢ়াব নোৱাৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ কথা স্মৰণ কৰাৰ লগতে  কাজিৰঙাৰ সৌন্দৰ্য্যক সুন্দৰকৈ বৰ্ণনা কৰে। তেওঁ কয় যে  ড° ভূপেন হাজৰিকাৰ গীতৰ শাৰীত কাজিৰঙাৰ প্ৰতি থকা প্ৰেম আৰু প্ৰকৃতিৰ সৈতে অসমীয়া জনসাধাৰণৰ সম্পৰ্ক উভয়েই  প্ৰতিফলিত হৈছে।

তেওঁ কয় যে কাজিৰঙা কেৱল এখন ৰাষ্ট্ৰীয় উদ্যান নহয়,  বৰঞ্চ অসমৰ আত্মা আৰু ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ এক অমূল্য মণি, ই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। তেওঁ  লগতে কয় যে কাজিৰঙা আৰু ইয়াৰ বন্যপ্ৰাণীক সুৰক্ষা দিয়াটো কেৱল পৰিৱেশ ৰক্ষা কৰাই নহয়, অসমৰ ভৱিষ্যত তথা আগন্তুক প্ৰজন্মৰ প্ৰতিও এক দায়িত্ব। শ্ৰী মোদীয়ে অসমৰ মাটিৰ পৰা নতুন প্ৰকল্প আৰম্ভ কৰাৰ কথা ঘোষণা কৰি এনে  ব্যাপক প্ৰভাৱ পেলাব পৰা পদক্ষেপৰ বাবে ৰাইজক অভিনন্দন জনায়।

কাজিৰঙাক  এশিঙীয়া গঁড়ৰ বাসস্থান বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বানপানীৰ সময়ত যেতিয়া বন্যপ্ৰাণীবোৰে ওখ ঠাই বিচাৰে আৰু ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব লাগে ,তেতিয়া  প্ৰায়ে প্ৰাণীবোৰ  আবদ্ধ হৈ পৰে । সেই সময়ত  সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে শ্ৰী মোদীয়ে  ব্যাখ্যা কৰে। তেওঁ উল্লেখ কৰে যে চৰকাৰৰ প্ৰচেষ্টা হৈছে বনাঞ্চলখন সুৰক্ষিত কৰি ৰখাৰ লগতে যাতায়ত সুগম কৰি তোলা।তেওঁ কয় যে এই দৃষ্টিভংগীৰ অধীনত কলিয়াবৰৰ পৰা নুমলীগড়লৈ প্ৰায় ৭,০০০ কোটি টকা ব্যয়ৰে ৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰ গঢ়ি তোলা হৈছে, য’ত ৩৫ কিলোমিটাৰ উচ্চ বন্যপ্ৰাণী কৰিডৰো আছে। ওপৰেৰে বাহন পাৰ হ’ব আনহাতে তলেৰে বন্যপ্ৰাণীৰ গতিবিধি বাধাহীন ভাবে চলি  থাকিব। ইয়াৰ আৰ্হি  গঁড়, হাতী আৰু বাঘৰ পৰম্পৰাগত গতিবিধিৰ পথৰ কথা মনত ৰাখি প্ৰস্তুত কৰা হৈছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই কৰিড’ৰে উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সংযোগৰ ক্ষমতাও উন্নত কৰিব আৰু নতুন ৰে’ল সেৱাৰ লগতে ৰাইজৰ বাবে  নতুন সুযোগ মুকলি কৰিব। এই গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ বাবে তেওঁ অসমবাসী আৰু দেশবাসীক অভিনন্দন জ্ঞাপন কৰে। প্ৰকৃতি সুৰক্ষিত হ’লে  নতুন সুযোগৰো উদ্ভৱ হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে কাজিৰঙাত শেহতীয়া বছৰবোৰত পৰ্যটনৰ ধাৰাবাহিক উত্থান ঘটিছে। হোমষ্টে, গাইড সেৱা, পৰিবহণ, হস্তশিল্প আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলে উপাৰ্জনৰ নতুন উৎস বিচাৰি পাইছে।

 

আন এক সাফল্যৰ বাবে অসমৰ জনসাধাৰণ আৰু চৰকাৰক প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে এটা সময় আছিল যেতিয়া গঁড়ৰ চোৰাং চিকাৰ এটা ডাঙৰ চিন্তাৰ বিষয় আছিল।  ২০১৩ আৰু ২০১৪ চনত কেইবা ডজনো এশিঙীয়া গঁড়   হত্যা কৰা হৈছিল।তেওঁৰ চৰকাৰে সেয়া চলি থাকিব দিয়া নহ'ব  বুলি সিদ্ধান্ত লৈছিল আৰু নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিছিল। বন বিভাগক আধুনিক সম্পদ যোগান ধৰিছিল, চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছিল আৰু ‘বন দুৰ্গা’ৰ জৰিয়তে মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰিছিল ।’ ফলস্বৰূপে  ২০২৫ চনত চৰকাৰৰ ৰাজনৈতিক সদিচ্ছা আৰু অসমবাসীৰ প্ৰচেষ্টাত গঁড়ৰ চোৰাং চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাছিল।

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে বহুদিন ধৰি প্ৰকৃতি আৰু প্ৰগতি ইটোৱে সিটোৰ বিৰোধী বুলি বিশ্বাস কৰা হৈছিল, কিন্তু আজি ভাৰতে বিশ্বক দেখুৱাই দিছে  যে অৰ্থনীতি আৰু পৰিৱেশ দুয়োটা একেলগে আগবাঢ়িব পাৰে। তেওঁ উল্লেখ কৰে যে বিগত দশকত বনাঞ্চল আৰু গছৰ সংখ্যা  বৃদ্ধি পাইছে, “এক পেড় মা কে নাম” অভিযানত মানুহে উৎসাহেৰে অংশগ্ৰহণ কৰিছে , যাৰ অধীনত ২৬০ কোটিতকৈ অধিক গছ ৰোপণ কৰা হৈছে।

২০১৪ চনৰ পৰা বাঘ আৰু হাতী সংৰক্ষিত বনাঞ্চলৰ সংখ্যা বৃদ্ধি পাইছে আৰু সংৰক্ষিত তথা সামূহিক অঞ্চলসমূহ সম্প্ৰসাৰিত হৈছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতত এসময়ত বিলুপ্ত হৈ যোৱা চিতা এতিয়া পুনৰ অনাৰ ফলত ই  নতুন আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। তেওঁ লগতে কয় যে ভাৰতে জলাশয় সংৰক্ষণৰ বিষয়ত অহৰহ কাম কৰি আছে আৰু দেশখনে  ৰামছাৰ স্থানৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বজুৰি তৃতীয় স্থান লাভ কৰি এছিয়াৰ সৰ্ববৃহৎ ৰামছাৰ নেটৱৰ্কত পৰিণত হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমেও বিশ্বক দেখুৱাই দিছে যে ঐতিহ্য সংৰক্ষণ আৰু প্ৰকৃতিৰ সুৰক্ষাৰ সৈতে উন্নয়ন কেনেদৰে একেলগে আগবঢ়িব পাৰে।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ যন্ত্ৰণা  হিচাবে সদায় দূৰত্বৰ কথাই উচ্চাৰিত হৈ আহিছে— হৃদয়ৰ দূৰত্ব আৰু ঠাইৰ দূৰত্ব। তেওঁ কয় যে দশক দশক ধৰি অঞ্চলটোৰ মানুহে অনুভৱ কৰিছিল যে আন ঠাইত উন্নয়ন ঘটিছে আৰু তেওঁলোক পিছ পৰি আছে। যাৰ ফলত কেৱল অৰ্থনীতিতে নহয়, বিশ্বাসতো প্ৰভাৱ পৰিছিল। তেওঁ আলোকপাত কৰে যে তেওঁলোকৰ দলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক অগ্ৰাধিকাৰ দি এই ধাৰণা  সলনি কৰিছে। তেওঁ উল্লেখ কৰে যে পথ, ৰে’ল, বিমানপথ আৰু জলপথৰ জৰিয়তে অসমক সংযোগ কৰাৰ কাম একেলগে আৰম্ভ হৈছে।

 

ৰে’ল সংযোগৰ সম্প্ৰসাৰণে সামাজিক আৰু অৰ্থনৈতিক উভয়  স্তৰকে লাভাৱান্বিত কৰিছে ।  উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই বিষয়টোক  অতি গুৰুত্বপূৰ্ণ কৰি তোলাত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে বিৰোধীয়ে  এই বিষয়টোক  আওকাণ  কৰাৰ বাবে সমালোচনা কৰে।  তেওঁ কয়  যে যেতিয়া বিৰোধী কেন্দ্ৰত ক্ষমতাত আছিল তেতিয়া অসমে ৰে’ল বাজেটত মাত্ৰ প্ৰায় ২,০০০ কোটি টকাহে লাভ কৰিছিল, আনহাতে তেওঁৰ চৰকাৰৰ দিনত এই পৰিমাণ বছৰি প্ৰায় ১০,০০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে—এয়া পূৰ্বৰ তুলনাত পাঁচ গুণ অধিক। শ্ৰী মোদীয়ে কয় যে এই বৰ্ধিত বিনিয়োগৰ ফলত বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি উন্নয়ন হৈছে, নতুন ৰে’ল লাইনৰ  দুগুণ আৰু বৈদ্যুতিকৰণে ৰে’লৱেৰ ক্ষমতা আৰু যাত্ৰীৰ সুবিধা বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰীয়ে কলিয়াবৰৰ পৰা তিনিখন নতুন ৰে’ল সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰি অসমৰ ৰে’ল সংযোগৰ যথেষ্ট সম্প্ৰসাৰণ ঘটায়।

তেওঁ কয় যে বন্দে ভাৰত স্লীপাৰ ৰে’লে গুৱাহাটীক কলকাতাৰ সৈতে সংযোগ কৰি দীৰ্ঘ দূৰত্বৰ যাত্ৰাক অধিক আৰামদায়ক কৰি তুলিব, আনহাতে দুখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লে সমগ্ৰ অসম, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ গুৰুত্বপূৰ্ণ ষ্টেচন সামৰি লক্ষাধিক যাত্ৰীক প্ৰত্যক্ষভাৱে উপকৃত কৰিব। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই ৰে’লসমূহে অসমৰ ব্যৱসায়ীসকলক নতুন বজাৰৰ সৈতে সংযোগ কৰিব, ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক সুযোগৰ সহজ সুবিধা প্ৰদান কৰিব আৰু দেশৰ বিভিন্ন প্ৰান্ত  ভ্ৰমণ কৰিব পৰাটো সহজ  কৰি তুলিব। তেওঁ মন্তব্য কৰে যে এনে সংযোগৰ সম্প্ৰসাৰণে এনে  আস্থা গঢ়ি তোলে যে উত্তৰ-পূৰ্বাঞ্চল এতিয়া আৰু উন্নয়নৰ প্ৰান্তত নাই, আৰু দূৰৈতো নাই, বৰঞ্চ হৃদয়ৰ ওচৰত আৰু দিল্লীৰ ওচৰত আছে।

 

প্ৰধানমন্ত্ৰীয়ে অসমৰ সন্মুখত থকা এটা ডাঙৰ প্ৰত্যাহ্বান— ইয়াৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়েও আলোকপাত কৰে।  তেওঁ অসমত থকা তেওঁলোকৰ চৰকাৰক প্ৰশংসা কৰি কয় যে তেওঁলোকে অনুপ্ৰৱেশক ফলপ্ৰসূভাৱে মোকাবিলা কৰিছে, বনাঞ্চল, ঐতিহাসিক সাংস্কৃতিক স্থান আৰু ভূমি বেদখলৰ পৰা মুক্ত কৰিছে।  শ্ৰী মোদীয়ে অসম চৰকাৰৰ এনে পদক্ষেপক ভূয়সী   প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে  কয় যে দশক দশক ধৰি তেওঁলোকে (বিৰোধী )কেৱল ভোট আৰু চৰকাৰ গঠনৰ বাবেই অনুপ্ৰৱেশকাৰীৰ হাতত অসমৰ মাটি গতাই দিছিল।

তেওঁ কয় যে বিৰোধীৰ শাসনৰ সময়ত অনুপ্ৰৱেশ বাঢ়ি গৈ থাকিল আৰু এই অনুপ্ৰৱেশকাৰীসকলে অসমৰ ইতিহাস, সংস্কৃতি বা বিশ্বাসৰ কথা কোনো চিন্তা নকৰাকৈয়ে ব্যাপক বেদখল চলাইছিল। তেওঁ লগতে কয় যে অনুপ্ৰৱেশৰ ফলত জন্তুৰ কৰিডৰত বেদখল হয়, অবৈধ চোৰাং চিকাৰ প্ৰসাৰিত হয়, চোৰাং ব্যৱসায় আৰু অন্যান্য অপৰাধ বৃদ্ধি পায়।

প্ৰধানমন্ত্ৰী মোদীয়ে সকীয়াই দিয়ে যে অনুপ্ৰৱেশকাৰীয়ে জনগাঁথনিগত ভাৰসাম্য বিঘ্নিত কৰি, সংস্কৃতিক আক্ৰমণ কৰি, দৰিদ্ৰ আৰু যুৱক-যুৱতীৰ পৰা চাকৰি কাঢ়ি নিছে, জনজাতীয় অঞ্চলত জালিয়াতিৰে মাটি দখল কৰি অসম আৰু দেশ উভয়ৰে নিৰাপত্তাৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে।  বিৰোধীৰ একমাত্ৰ নীতি অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়া আৰু ক্ষমতা লাভ কৰা বুলি উল্লেখ কৰি বিৰোধীৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ সকীয়াই দিয়ে। শ্ৰী মোদীয়ে  কয় যে বিহাৰত অনুপ্ৰৱেশকাৰীক ৰক্ষা কৰিবলৈ সমদল আৰু সমাৱেশৰ আয়োজন কৰিছিল, কিন্তু বিহাৰৰ জনসাধাৰণে সেইবোৰ সম্পূৰ্ণৰূপে নাকচ কৰিছিল । সমগ্ৰ দেশতে বিৰোধী আৰু ইয়াৰ মিত্ৰসকলে এই পন্থা অনুসৰণ কৰি আছে। অসমৰ ৰাইজেও বিৰোধীৰ এনে কাৰ্যৰ  প্ৰত্যুত্তৰ দিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে কয় যে অসমৰ উন্নয়নে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ বাবে নতুন দুৱাৰ মুকলি কৰিছে আৰু এক্ট ইষ্ট পলিচিক নতুন  দিশ দিছে। তেওঁ দৃঢ়তাৰে কয় যে যেতিয়া অসম আগবাঢ়িব, উত্তৰ পূৰ্বাঞ্চল আগবাঢ়িব , তেতিয়া  চৰকাৰৰ প্ৰচেষ্টা তথা  জনসাধাৰণৰ আস্থাত অঞ্চলটোৱে নতুন উচ্চতাত উপনীত হ’ব। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে আজি উদ্বোধন কৰা প্ৰকল্পসমূহৰ বাবে সকলোকে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰে।

আজিৰ এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য, অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে ৬,৯৫০ কোটি টকাতকৈও অধিক মূল্যৰ কাজিৰঙা উচ্চ কৰিডৰ প্ৰকল্প (ৰাষ্ট্ৰীয় ঘাইপথ -৭১৫) ৰ কলিয়াবৰ-নুমলীগড় অংশৰ ৪-লেন)ৰ ভূমি পূজন কৰে।

৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পটো হৈছে পৰিৱেশ সচেতন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প। ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হ’বলগীয়া ৩৫ কিলোমিটাৰ উচ্চ বন্যপ্ৰাণী কৰিডৰ, ২১ কিলোমিটাৰ বাইপাছ অংশ আৰু ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমানৰ ঘাইপথ অংশ দুটা লেনৰ পৰা চাৰিটালৈ ৩০ কিলোমিটাৰ বহল কৰা হ’ব। এই প্ৰকল্পৰ লক্ষ্য হৈছে উদ্যানখনৰ চহকী জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে আঞ্চলিক সংযোগ উন্নত কৰা।এই প্ৰকল্পটো নগাঁও, কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ মাজেৰে পাৰ হ’ব আৰু ইয়াৰ জৰিয়তে উজনি অসম বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ সৈতে সংযোগৰ যথেষ্ট উন্নতি ঘটিব। উচ্চ বন্যপ্ৰাণী কৰিড’ৰে জীৱ-জন্তুৰ নিৰৱচ্ছিন্ন গতিবিধি নিশ্চিত কৰিব, মানুহ-বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস কৰিব। ইয়াৰ উপৰি

ই পথ সুৰক্ষা বৃদ্ধি কৰিব, যাত্ৰাৰ সময় আৰু দুৰ্ঘটনাৰ হাৰ হ্ৰাস কৰিব আৰু বৃদ্ধি পোৱা যাত্ৰীৰ যাতায়াত তথা  সামগ্ৰীৰ  পৰিবহনত সহায় কৰিব। এই প্ৰকল্পৰ অংশ হিচাপে জখলাবন্ধা আৰু বোকাখাতত বাইপাছ নিৰ্মাণ কৰা হ’ব , যিয়ে চহৰসমূহৰ ভিৰ  হ্ৰাস কৰাত সহায় কৰিব, নগৰীয়া গতিশীলতা উন্নত কৰিব আৰু স্থানীয় বাসিন্দাসকলৰ জীৱনৰ মান বৃদ্ধি কৰিব।

অনুষ্ঠানত  প্ৰধানমন্ত্ৰীয়ে দুখন নিউ অমৃত ভাৰত এক্সপ্ৰেছ ৰেল - গুৱাহাটী (কামাখ্যা)-ৰোহটক অমৃত ভাৰত এক্সপ্ৰেছ আৰু ডিব্ৰুগড়-লক্ষ্ণৌ (গোমতি নগৰ) অমৃত ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে। এই নতুন ৰে’ল সেৱাসমূহে উত্তৰ-পূব আৰু উত্তৰ ভাৰতৰ মাজত ৰে’ল সংযোগ শক্তিশালী কৰি তুলিব।  ফলত জনসাধাৰণৰ বাবে অধিক সুৰক্ষিত আৰু অধিক সুবিধাজনক যাত্ৰা সম্ভৱ হ’ব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
12 years of PM Modi: A golden era of service, good governance and a developed India

Media Coverage

12 years of PM Modi: A golden era of service, good governance and a developed India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
World Leaders Congratulate Prime Minister Shri Narendra Modi on Becoming India’s Longest-Serving Elected Prime Minister
June 09, 2026

Prime Minister Shri Narendra Modi received warm congratulations from world leaders on the eve of his becoming the longest-serving elected Prime Minister of India. World leaders from across the globe paid tribute to Prime Minister’s transformative governance, his advocacy for the Global South, and his vision of an inclusive and economically dynamic India.

H.E. Anura Kumara Disanayaka, the President of Sri Lanka, in a letter dated 8 June 2026 addressed to the Prime Minister, conveyed the warm congratulations of the Government and people of Sri Lanka to him, stating: “This milestone is a testament not only to your years in office, but also to the trust and confidence that the people of the world’s largest democracy have repeatedly placed in your leadership.” The President also highlighted India’s remarkable economic and social transformation and noted that Prime Minister Modi’s vision has inspired many beyond India’s borders, including Sri Lanka. Prime Minister Modi visited Sri Lanka from 4–6 April 2025, his fourth visit to the island nation, during which he was conferred the Mitra Vibhushana, Sri Lanka’s highest civilian honour accorded to a foreign dignitary. The visit reaffirmed India’s Neighbourhood First policy, with Sri Lanka among the closest beneficiaries of India’s steadfast partnership, including India’s pivotal support during Sri Lanka’s economic difficulties in 2022.

H.E. James Marape, the Prime Minister of Papua New Guinea, in a personal video message, described Prime Minister Modi as “a role model and an example of leadership”. He also stated - “Lifting over 200 million people out of poverty to good life today is an amazing feat.” Prime Minister Marape expressed Papua New Guinea’s warm friendship and its desire to further consolidate bilateral ties. Prime Minister Modi’s historic visit to Papua New Guinea in May 2023, the first-ever by an Indian Prime Minister, for the Third Forum for India–Pacific Islands Cooperation (FIPIC-III) Summit was a landmark moment in India’s engagement with the Pacific Island nations. The visit underscored India’s role as a committed partner of the Global South.

H.E. Kamla Persad-Bissessar, the Prime Minister of Trinidad and Tobago, congratulated Prime Minister Modi on this occassion, noting that “under the leadership of Prime Minister Modi, India has evolved as a leading voice on global matters.” She highlighted Prime Minister Modi’s journey from humble beginnings to leading a nation of 1.4 billion people across three terms, and underscored India’s significant achievements in foreign policy, economic growth, infrastructure, and socio-economic development. Prime Minister Modi paid a landmark visit to Trinidad and Tobago from 3–4 July 2025, the first bilateral visit by an Indian Prime Minister in 26 years, coinciding with the 180th anniversary of the arrival of Indian immigrants to Trinidad and Tobago.