Ram belongs to everyone; Ram is within everyone: PM Modi in Ayodhya
There were efforts to eradicate Bhagwaan Ram’s existence, but He still lives in our hearts, he is the basis of our culture: PM
A grand Ram Temple will become a symbol of our heritage, our unwavering faith: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি অযোধ্যাত শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ ভূমি পূজনৰ আনুষ্ঠানিকতা সম্পন্ন কৰে।

ভাৰতৰ বাবে এক গৌৰৱোজ্জ্বল অধ্যায়

পবিত্ৰ অনুষ্ঠানটোত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ লগতে পৃথিৱীৰ ইমূৰ-সিমূৰ একাকাৰ কৰি সমবেত হোৱা ৰামভক্তসকলক অভিবাদন জ্ঞাপন কৰে। এই ঘটনাক ‘ঐতিহাসিক’ বুলি অভিহিত কৰি, তেওঁ কয় যে ভাৰতে আজিৰে পৰা এক গৌৰৱোজ্জ্বল অধ্যায়ৰ সূচনা কৰিলে। শতিকাৰ পিচত শতিকা ধৰি অপেক্ষাৰত দেশবাসী স্বাভাৱিকতেই আৱেগিক আৰু উত্কণ্ঠিত আছিল, জীৱদ্দশাত এই দিনটো প্ৰত্যক্ষ কৰিবগৈ পাৰে নাইএনে সংশয়ো আছিল বহুজনৰ মনত। বিগত সময়ত এটাৰ পিচত এটাকৈ চক্ৰৰ পৰিক্ৰমা সামৰি, বিভিন্ন প্ৰত্যাহ্বান নেওচি, এঢাপ এঢাপকৈ নিৰ্মাণৰ পট লেখি লেখি অস্থায়ী তামীঘৰাৰ পৰিৱৰ্তে অৱশেষত ৰামালালাৰ বাবে নিৰ্মাণ কৰিব খোজা ভব্য মন্দিৰটোৰ নিৰ্মাণ কাৰ্যই এতিয়া বাস্তৱ ৰূপ লাভ কৰিছে।

প্ৰধানমন্ত্ৰীকয়য়ে, ১৫আগষ্টইযেনেকৈদেশৰস্বাধীনতাসংগ্ৰামতঅশেষত্যাগস্বীকাৰকৰাঅগণনদেশবাসীকপ্ৰতিনিধিত্বকৰিআহিছে, সেইদৰেইআজিৰদিনটোৱেওৰামমন্দিৰৰবাবেপ্ৰজন্মৰপিচতপ্ৰজন্মধৰিঅব্যাহতথকাসংগ্ৰামখনতসৰ্বস্বউজাৰিদিয়াসকলৰস্মৰণকৰাব।ৰাম মন্দিৰৰ স্বপ্ন দিঠকত পৰিণত কৰাৰ সংগ্ৰামত ব্ৰতীসকলক সোঁৱৰণ কৰাৰ লগতে শ্ৰদ্ধা নিবেদনকৰে প্ৰধানমন্ত্ৰীয়ে।

 

 

 

 

 

শ্ৰী ৰাম- আমাৰ সংস্কৃতিৰ আধাৰ

অস্তিত্ব নিঃশ্চিহ্ন কৰাৰ বাবে বিগত সময়চোৱাত চলোৱা হেজাৰ অপচেষ্টাকো অৱলীলাক্ৰমে নেওচি শ্ৰী ৰাম আজিও আমাৰ সংস্কৃতিৰ আধাৰ হৈয়ে বিৰাজমান হৈ আছে বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, আমাৰ সংস্কৃতি, অনন্ত বিশ্বাস, ৰাষ্ট্ৰীয় চেতনা আৰু সামূহিক ইচ্ছাশক্তিৰ আধুনিক স্মাৰক হৈ উঠিব শ্ৰীৰাম মন্দিৰ; যিয়ে উদ্বুদ্ধ কৰিব আমাৰ ভৱিষ্যতৰ প্ৰজন্মসমূহক।ৰাম মন্দিৰৰ নিৰ্মাণে সামগ্ৰিক ভাবে অঞ্চলটোৰ অৰ্থনীতিৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিব বুলিও আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে।

আজিৰ দিনটো আস্থাৰ সত্যতা আৰু কোটি কোটি ৰামভক্তই গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতি ৰখা অগাধ বিশ্বাসৰ সাক্ষী হৈ ৰ’ব বুলিও প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। যোৱা বছৰ মন্দিৰ নিৰ্মাণ প্ৰসংগত সন্মানীয় উচ্চতম ন্যায়ালয়ে  ৰায়দান কৰাৰ দিনাৰে পৰা বিগত সময়চোৱাত নিজৰ আৱেগক মনতে সামৰি ৰাখি প্ৰদৰ্শন কৰি অহা সংযম, সতীৰ্থ দেশবাসীৰ প্ৰতি প্ৰদৰ্শন কৰা মৰ্যাদাপূৰ্বক আচৰণ আজিও স্পষ্টকৈয়ে দেখিবলৈপোৱা গৈছে বুলি উল্লেখ কৰি তেওঁ সকলোকে ইয়াৰ বাবে প্ৰশংসা কৰে।

শ্ৰী ৰামৰ বিজয়, শ্ৰী কৃষ্ণৰ গোৱৰ্দ্ধন পৰ্বত দঙা, চট্টপতি শিৱাজীয়ে স্থাপন কৰা স্বৰাজ, গান্ধীজীয়ে স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়াৰ দৰে বিশাল কাৰ্যৰ ক্ষেত্ৰত দুখীয়া, দৰিদ্ৰ, পিচপৰা শ্ৰেণীৰ লোকসকলকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে কেনেকৈ সহযোগিতা আগবঢ়াইছিল সেই ব্যাখ্যা আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে সৰ্বসাধাৰণ ৰাইজৰ সহায় সহযোগিতা আৰু অনুদানৰেই বিশাল ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পন্ন হ’ব বুলি মন্তব্য কৰে।

ৰামে সদায় সত্যৰ পক্ষত স্থিতি গ্ৰহণ কৰি সামাজিক ঐক্য স্থাপনত মনোনিৱেশ কৰিছিল আৰু সেই আদৰ্শকে আধাৰ কৰি তেওঁ সু-শাসনৰ ব্যৱস্থা কৰিছিল বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে দেশৰ সংস্কৃতি, দৰ্শন, আস্থা, আৰু পৰম্পৰা সকলোতে ৰামৰ প্ৰভাৱ বিদ্যমান হৈ আহিছে বুলি অভিমত ব্যক্ত কৰে।

শ্ৰীৰাম দেশৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ এনাজৰি

শ্ৰীৰামে যুগে যগে মানুহক উদ্বুদ্ধ-অনুপ্ৰাণিত কৰি আহিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে অতীজত বাল্মীকী ৰামায়ণ, মধ্যযুগত তুলসীদাস, কবিৰ, গুৰু নানক আৰু আধুনিক যুগতো গান্ধীজীৰ ভজন, অহিংসা আৰু সত্যাগ্ৰহৰো অনুপ্ৰেৰণা আছিল এই ৰামেই। বুদ্ধদেৱো শ্ৰীৰামৰে জড়িত হৈছিল, সেইদৰে যুগ-যুগান্তৰ ধৰি অযোধ্যা নগৰী জৈনসকলৰো আস্থাৰ প্ৰতীক হৈ অহাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰসংগ্ৰক্ৰমে তেওঁ,শ্ৰীৰামক দেশৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ এনাজৰি বুলি অভিহিত কৰে।

তেওঁ, ইণ্ডোনেচিয়া, কম্বোদিয়া, লাওচ, মালয়েচিয়া, থাইলেণ্ড, শ্ৰীলংকা, নেপাল আদিৰ উপৰি চীনদেশ, ইৰাণ আদিতো বহু সহস্ৰ বছৰ ধৰি ৰামক শ্ৰদ্ধাৰে মান্যতা প্ৰদান কৰি অহাৰ কথা প্ৰসংগক্ৰমে  উল্লেখ কৰে।

পাৰস্পৰিক প্ৰেম আৰু ভাতৃত্ববোধৰ ভেটী

 

পাৰস্পৰিক প্ৰেম আৰু ভাতৃত্ববোধৰ ভেটীত মন্দিৰনিৰ্মিত হোৱাত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়,সকলোকে লগত লৈ, সকলোৰে বিশ্বাস ভাজন হৈ আমি সকলোৰে বিকাশ নিশ্চিত কৰিব লাগিব। তেওঁ এখন আত্ম বিশ্বাসপূৰ্ণ আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ লক্ষ্যত উপনীত হোৱাৰ ব্ৰতত ব্ৰতী হোৱাৰ বাবেও আহ্বান জনায়।

 

ভিড কালত মৰ্যাদা

 

মৰ্যাদাক পাথেয় কৰা শ্ৰী ৰামৰ প্ৰসংগ উথ্থাপনৰে প্ৰধানমন্ত্ৰীয়ে ক’ভিডৰ সাম্প্ৰতিক পৰিৱেশটোৱে ‘দুগজৰ ব্যৱধান’–‘মাস্কৰ অত্যাৱশ্যকীয়তা’-ৰ ‘মৰ্যাদা’ দাবী কৰিছে বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে।

পাৰস্পৰিক প্ৰেম আৰু ভাতৃত্ববোধৰ ভেটী

 

পাৰস্পৰিক প্ৰেম আৰু ভাতৃত্ববোধৰ ভেটীত মন্দিৰনিৰ্মিত হোৱাত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়,সকলোকে লগত লৈ, সকলোৰে বিশ্বাস ভাজন হৈ আমি সকলোৰে বিকাশ নিশ্চিত কৰিব লাগিব। তেওঁ এখন আত্ম বিশ্বাসপূৰ্ণ আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ লক্ষ্যত উপনীত হোৱাৰ ব্ৰতত ব্ৰতী হোৱাৰ বাবেও আহ্বান জনায়।

 

ভিড কালত মৰ্যাদা

 

মৰ্যাদাক পাথেয় কৰা শ্ৰী ৰামৰ প্ৰসংগ উথ্থাপনৰে প্ৰধানমন্ত্ৰীয়ে ক’ভিডৰ সাম্প্ৰতিক পৰিৱেশটোৱে ‘দুগজৰ ব্যৱধান’–‘মাস্কৰ অত্যাৱশ্যকীয়তা’-ৰ ‘মৰ্যাদা’ দাবী কৰিছে বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sacred relics of Buddha from National Museum reach Ladakh as Leh marks Buddha Purnima

Media Coverage

Sacred relics of Buddha from National Museum reach Ladakh as Leh marks Buddha Purnima
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
উৎসাহ আৰু ইতিবাচক শক্তিয়ে কেনেদৰে সফলতা লাভ কৰে তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ
April 30, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে য'ত উল্লেখ কৰা হৈছে যে উৎসাহ আৰু ইতিবাচক শক্তিয়ে এজন ব্যক্তিক তেওঁলোকৰ কামত নিৰন্তৰ সক্ৰিয় হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই অটল উৎসাহে সেই সকলো প্ৰচেষ্টাক সফলতাৰ দিশে লৈ যায়, যিবোৰ এজন ব্যক্তিয়ে সম্পূৰ্ণ কৰাৰ সংকল্প লয়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

কঠোৰ পৰিশ্ৰমী আৰু উদ্যমী দেশবাসীসকল হৈছে দেশৰ আটাইতকৈ ডাঙৰ শক্তি, যাৰ কঠোৰ পৰিশ্ৰমে উন্নয়নৰ নতুন পথ প্ৰশস্ত কৰে। তেওঁলোকৰ প্ৰচেষ্টাত দেশখনে সমৃদ্ধি, আত্মনিৰ্ভৰশীলতা আৰু প্ৰগতিৰ শিখৰ স্পৰ্শ কৰে।

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः।

करोति सफलं जन्तोः कर्म यच्च करोति सः॥"

উৎসাহ আৰু ইতিবাচক শক্তিয়ে এজন ব্যক্তিক তেওঁলোকৰ কৰ্মত নিৰন্তৰ সক্ৰিয় হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। এই অটল উৎসাহে সেই সকলো প্ৰচেষ্টাক সফলতাৰ দিশে লৈ যায় যাক এজন ব্যক্তিয়ে সম্পূৰ্ণ কৰাৰ সংকল্প লয়।