থিৰুভাল্লুভাৰ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালজয়ী কাম আৰু আদৰ্শেৰে প্ৰজন্মৰ পিছত প্ৰজন্ম অসংখ্য লোকক অনুপ্ৰাণিত কৰি থকা বহু প্ৰতিভাধৰ সন্ত থিৰুভাল্লুভাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে থিৰুভাল্লুভাৰে সম্প্ৰীতি আৰু সহানুভূতিৰ ওপৰত আধাৰিত সমাজৰ কল্পনা কৰিছিল, যি মূল্যবোধ আজিৰ বিশ্বত গভীৰভাৱে প্ৰাসংগিক হৈ আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে থিৰুভাল্লুভাৰে তামিল সংস্কৃতিৰ সৰ্বশ্ৰেষ্ঠ দিশবোৰ প্ৰকাশ কৰি জ্ঞান আৰু একতাৰ পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক কবি-সাধুগৰাকীৰ গভীৰ শিক্ষাৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায়।

এক্সত পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ

‘আজি থিৰুভাল্লুভাৰ দিৱসত কাম আৰু আদৰ্শেৰে অসংখ্য লোকক অনুপ্ৰাণিত কৰা বহুমুখী প্ৰতিভাৰ গৰাকী থিৰুভাল্লুভাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ এখন সৌহাৰ্দ্যপূৰ্ণ আৰু সহানুভূতিশীল সমাজত বিশ্বাস কৰিছিল। তেওঁ তামিল সংস্কৃতিৰ সৰ্বশ্ৰেষ্ঠ ৰূপকসমূহ প্ৰকাশ কৰে। মই আপোনালোক সকলোকে তিৰুক্কুৰাল পঢ়িবলৈ অনুৰোধ জনাইছো, যিয়ে মহান থিৰুভাল্লুভাৰৰ অসামান্য বুদ্ধিৰ এক আভাস দিয়ে।’

 

“திருவள்ளுவர் தினமான இன்று, ஏராளமான மக்களுக்கு உத்வேகம் அளிக்கும் படைப்புகளையும் சிந்தனைகளையும் கொண்ட பன்முக ஆளுமை திருவள்ளுவருக்கு மரியாதை செலுத்துகிறேன். நல்லிணக்கமும் கருணையும் நிறைந்த ஒரு சமூகத்தின் மீது அவர் நம்பிக்கை வைத்தார். தமிழ்க் கலாச்சாரத்தின் சிறந்த அம்சங்களுக்கு அவர் எடுத்துக்காட்டாகத் திகழ்கிறார். திருவள்ளுவப் பெருந்தகையின் சிறப்பான அறிவாற்றலை வெளிப்படுத்தும் திருக்குறளை நீங்கள் அனைவரும் படிக்க வேண்டும் என்று நான் கேட்டுக்கொள்கிறேன்.”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
কমনৱেলথ গেমছ-২০২৬ৰ পদক বিজয়ীসকলক আতিথ্য প্ৰদান প্ৰধানমন্ত্ৰীৰ
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সপ্তম লোককল্যাণ মাৰ্গত কমনৱেলথ গেমছ-২০২৬ত ভাৰতৰ পদক বিজয়ীসকলক আতিথ্য প্ৰদান কৰে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে উক্ত প্ৰতিযোগিতাৰ সময়ত তেওঁলোকৰ অভিজ্ঞতাৰ বুজ লয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে খেলুৱৈসকলৰ এই কৃতিত্ব সমগ্ৰ দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয় আৰু ই বহু যুৱক-যুৱতীক ক্ৰীড়াক্ষেত্ৰত অংশগ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰে :

কমনৱেলথ গেমছ ২০২৬ত আমাৰ অসাধাৰণ পদক বিজয়ীসকলক সপ্তম লোককল্যাণ মাৰ্গত আতিথ্য প্ৰদান কৰি আনন্দিত হৈছোঁ। এই প্ৰতিযোগিতাৰ সময়ত তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে জানিব পাৰিলোঁ।

তেওঁলোকৰ প্ৰত্যেকেই নিজৰ অসাধাৰণ প্ৰদৰ্শনেৰে আমাৰ দেশক গৌৰৱান্বিত কৰিছে। তেওঁলোকৰ এই সফলতাই বহু যুৱক-যুৱতীক প্ৰেৰণা যোগাব।