প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ পুণ্য তিথি উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে কয় যে স্বামী বিবেকানন্দৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীয়ে আমাৰ সমাজক পথ-প্ৰদৰ্শন কৰি আহিছে। তেওঁ আমাৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি গৌৰৱ আৰু আত্ম-বিশ্বাসৰ মনোভাৱ জগাই তুলিছিল বুলি শ্ৰী মোদীয়ে আৰু কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;
"মই স্বামী বিবেকানন্দ জীক তেওঁৰ পুণ্য তিথিত প্ৰণাম জনাইছোঁ। তেওঁৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীয়ে আমাৰ সমাজক পথ-প্ৰদৰ্শন কৰি আহিছে। তেওঁ আমাৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি গৌৰৱ আৰু আত্ম-বিশ্বাসৰ মনোভাৱ জগাই তুলিছিল। তেওঁ সেৱা আৰু মমতাৰ মাৰ্গেৰে অগ্ৰসৰ হোৱাতো গুৰুত্ব আৰোপ কৰিছিল।"
I bow to Swami Vivekananda Ji on his Punya Tithi. His thoughts and vision for our society remains our guiding light. He ignited a sense of pride and confidence in our history and cultural heritage. He also emphasised on walking the path of service and compassion.
— Narendra Modi (@narendramodi) July 4, 2025


