আজি সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা আৰু শিক্ষাৰ জৰিয়তে সমাজত পৰিৱৰ্তন আনিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰা অগ্ৰণী সমাজ সংস্কাৰকগৰাকীক স্মৰণ কৰে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে সাবিত্ৰীবাই ফুলে সমতা, ন্যায় আৰু মমতাৰ নীতিৰ প্ৰতি দায়বদ্ধ।  শিক্ষাই সামাজিক পৰিৱৰ্তনৰ আটাইতকৈ শক্তিশালী আহিলা বুলি তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰিছিল আৰু জ্ঞান তথা শিক্ষণৰ জৰিয়তে জীৱন পৰিৱৰ্তনৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

তেওঁৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰি শ্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে দুৰ্বল আৰু প্ৰান্তীয় লোকৰ যত্ন লোৱাৰ ক্ষেত্ৰত তেওঁৰ কৰ্মৰাজি সেৱা আৰু মানৱতাৰ এক প্ৰেৰণাদায়ক নিদৰ্শন। তেওঁ গুৰুত্বসহকাৰে কয় যে তেওঁৰ দৃষ্টিভংগীয়ে এখন সৰ্বাংগীণ আৰু শক্তিশালী সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ  প্ৰচেষ্টাক পথ প্ৰদৰ্শন কৰি আছে।

এক্সৰ পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

“সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকীত আমি এগৰাকী অগ্ৰণী সমাজ সংস্কাৰকক স্মৰণ কৰিছোঁ, যাৰ জীৱন সেৱা আৰু শিক্ষাৰ জৰিয়তে সমাজৰ পৰিৱৰ্তনৰ বাবে উৎসৰ্গিত আছিল। তেওঁ সমতা, ন্যায় আৰু মমতাৰ নীতিৰ প্ৰতি দায়বদ্ধ আছিল।তেওঁ বিশ্বাস কৰিছিল যে শিক্ষাই হৈছে ।সামাজিক পৰিৱৰ্তনৰ আটাইতকৈ শক্তিশালী আহিলা আৰু জ্ঞানৰ লগতে শিক্ষণৰ জৰিয়তেও জীৱন পৰিৱৰ্তন কৰাত মনোনিৱেশ কৰিছিল। দুৰ্বল লোকৰ যত্ন লোৱাৰ ক্ষেত্ৰতো তেওঁৰ কৰ্মৰাজি বিশেষভাৱে উল্লেখযোগ্য।”

 

 

 

““सावित्रीबाई फुले यांच्या जयंतीनिमित्त, सेवा आणि शिक्षणाच्या माध्यमातून समाजपरिवर्तनासाठी आपले जीवन अर्पण करणाऱ्या अग्रणी व्यक्तीचे आपण स्मरण करतो. समता, न्याय आणि करुणा या तत्त्वांप्रती त्या कटिबद्ध होत्या. शिक्षण हे सामाजिक बदलाचे सर्वात प्रभावी साधन आहे, असा त्यांचा ठाम विश्वास होता आणि ज्ञान व अध्ययनाच्या माध्यमातून जीवनपरिवर्तन घडवण्यावर त्यांनी भर दिला. दुर्बल घटकांची काळजी घेण्यासाठी त्यांनी केलेले कार्यही विशेष उल्लेखनीय आहे.”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative

Media Coverage

From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 আগষ্ট 2026
August 23, 2026

From Free Coaching to 400+ Space Startups — India’s Atmanirbhar Leap Under PM Modi