প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি ৰাণী ভেলু নাচিয়াৰৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কিংবদন্তি ৰাণীগৰাকীক শৌৰ্য্য আৰু সামৰিক দক্ষতাৰ প্ৰতিমূৰ্তি বুলি অভিহিত কৰি ভাৰতৰ অন্যতম বীৰ যোদ্ধা হিচাপে স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাণী ভেলু নাচিয়াৰে ঔপনিৱেশিক অত্যাচাৰৰ বিৰুদ্ধে থিয় দি ভাৰতীয়সকলৰ নিজৰ শাসনৰ অধিকাৰৰ কথা দৃঢ়তাৰে কৈছিল।  সুশাসন আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাই আজিও ৰাষ্ট্ৰক অনুপ্ৰাণিত কৰি আহিছে।

শ্ৰী মোদীয়ে কয় যে তেওঁৰ ত্যাগ আৰু দূৰদৰ্শী নেতৃত্বই প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব আৰু ভাৰতৰ উন্নয়নৰ যাত্ৰাত সাহস তথা দেশপ্ৰেমৰ বন্তি হিচাপে কাম কৰি যাব।

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় :

 "ৰাণী ভেলু নাচিয়াৰলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি। ভাৰতৰ অন্যতম বীৰ যোদ্ধা হিচাপে তেওঁক স্মৰণ কৰা হয়, যি অদম্য সাহস আৰু সামৰিক দক্ষতাক মূৰ্ত কৰি তুলিছিল। তেওঁ ঔপনিৱেশিক অত্যাচাৰৰ বিৰুদ্ধে থিয় দিছিল আৰু ভাৰতীয়সকলে নিজকে শাসন কৰাৰ অধিকাৰৰ কথা দৃঢ়তাৰে উল্লেখ কৰিছিল। সুশাসন আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতি তেওঁৰ দায়বদ্ধতাও অতিশয় প্ৰশংসনীয়। তেওঁৰ ত্যাগ আৰু দূৰদৰ্শী নেতৃত্বই প্ৰজন্মৰ পাছত প্ৰজন্মক প্ৰেৰণা দি থাকিব।”

 

 

 

“ராணி வேலு நாச்சியாரின் பிறந்தநாளில் அவருக்கு மரியாதை செலுத்துகிறேன். துணிச்சலையும், வியூகத் திறமையையும் கொண்டிருந்த அவர், இந்தியாவின் துணிச்சல் மிக்க வீராங்கனைகளில் ஒருவராக நினைவுகூரப்படுகிறார். காலனித்துவ ஒடுக்குமுறைக்கு எதிராகக் கிளர்ந்தெழுந்த அவர், இந்தியாவை ஆள இந்தியர்களுக்கே உரிமை உண்டு என்பதை வலியுறுத்தினார். நல்லாட்சி மற்றும் கலாச்சார பெருமைக்கான அவரது உறுதிப்பாடும் போற்றத்தக்கது. அவரது தியாகமும் தொலைநோக்குத் தலைமையும் பல தலைமுறைகளை ஊக்கப்படுத்தும்.”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indonesia To Dubai, IITs And IIMs Are Going Global: The Strategy Behind India's Overseas Campuses

Media Coverage

Indonesia To Dubai, IITs And IIMs Are Going Global: The Strategy Behind India's Overseas Campuses
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 জুলাই 2026
July 09, 2026

PM Modi Leading India's Economic, Cultural & Diplomatic Renaissance