গণতন্ত্ৰ, সংবিধান আৰু নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৰুৰীকালীন সময়ত গণতান্ত্ৰিক মূল্যবোধসমূহক দৃঢ়তাৰে ৰক্ষা কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইয়াক ভাৰতৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয় যে এই সময়ছোৱাত অগণন নাগৰিকৰ অসাধাৰণ সাহস আৰু সহনশীলতা প্ৰদৰ্শিত হৈছিল, যিসকলে নীৰৱ হৈ থাকিবলৈ অস্বীকাৰ কৰাৰ লগতে সংবিধানৰ আদৰ্শসমূহৰ সমৰ্থন কৰিছিল।

সাংবিধানিক মূল্যবোধৰ প্ৰতি ৰাষ্ট্ৰৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘সংবিধানে ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা, অধিকাৰ আৰু কৰ্তব্যক মূর্ত কৰি তুলিছে। ইয়াৰ মূল আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ ভাৰতে ইয়াৰ গণতান্ত্ৰিক ভেটি শক্তিশালী কৰি থাকিব আৰু ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শৰ প্ৰতি দায়বদ্ধ হৈ থাকিব।’

শ্ৰী মোদীয়ে গণতন্ত্ৰ, সংবিধান আৰু নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে-

"स्वातन्त्र्यात् सुखमाप्नोति स्वातन्त्र्याल्लभते परम्।

स्वातन्त्र्यान्निर्वृत्तिं गच्छेत् स्वातन्त्र्यात् परमं पदम् ।।"

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছেঃ

ভাৰতৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায় জৰুৰীকালীন সময়ত গণতান্ত্ৰিক মূল্যবোধক দৃঢ়তাৰে ৰক্ষা কৰা সকলোৰে প্ৰতি আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

জৰুৰীকালীন অৱস্থা আমাৰ সংবিধানৰ ওপৰত এটা প্ৰত্যক্ষ আক্ৰমণ আছিল। এই অৱস্থা নাগৰিক স্বাধীনতা খৰ্ব কৰা, মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত নিষেধাজ্ঞা, ৰাজনৈতিক নেতা-সাংবাদিক-সমাজকৰ্মীসকলক গ্ৰেপ্তাৰ কৰা আৰু গণতন্ত্ৰৰ ভেটি স্থাপন কৰা প্ৰতিষ্ঠানসমূহৰ ওপৰত আক্ৰমণৰ সাক্ষী হৈছিল।

একে সময়তে ই অগণন নাগৰিকৰ অসাধাৰণ সাহসৰ কথাও প্ৰকাশ কৰিছিল, যিসকলে নীৰৱ হৈ থাকিবলৈ অস্বীকাৰ কৰাৰ লগতে আমাৰ সংবিধানৰ আদৰ্শসমূহৰ সমৰ্থন কৰিছিল।

সকলোৰে বাবে আমাৰ সংবিধান হৈছে ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা, অধিকাৰ আৰু কৰ্তব্যৰ মূৰ্তি। সাংবিধানিক মূল্যবোধ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সামূহিক দায়বদ্ধতাক আমি পুনৰ নিশ্চিত কৰিছো। সংবিধানৰ আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ আমি এনে এখন ভাৰত নিৰ্মাণ কৰিম, যি ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ প্ৰতি সদায় দায়বদ্ধ হৈ থাকিব।

#SamvidhanHatyaDiwas

 

আজিৰ সংবিধান হত্যা দিৱসে আমাক সেই অন্ধকাৰ সময়ৰ কথা সোঁৱৰাই দিয়ে, যেতিয়া ভাৰতীয় গণতন্ত্ৰক নিষ্ঠুৰভাৱে দমন কৰা হৈছিল। ই আমাক গণতন্ত্ৰ, সংবিধান আৰু নাগৰিকৰ স্বাধীনতা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সদায় দায়বদ্ধ হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰা সকলোকে প্ৰণাম জনাইছো।

स्वातन्त्र्यात् सुखमाप्नोति स्वातन्त्र्याल्लभते परम्।

स्वातन्त्र्यान्निर्वृत्तिं गच्छेत् स्वातन्त्र्यात् परमं पदम् ।।

#SamvidhanHatyaDiwas

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে :

ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰিছো। তেওঁলোকৰ সাহস প্ৰতিজন ভাৰতীয়ৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাত্মা গান্ধীজীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ কৰাৰ সুদৃঢ় আহ্বানে আমাৰ স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু আমাৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।