প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত মাতৃৰ সাহসী পুত্ৰ শ্যামজী কৃষ্ণ বাৰ্মাৰ মৃত্যুবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ বিপ্লৱী ধাৰণাসমূহৰ জৰিয়তে তেওঁ স্বাধীনতা আন্দোলনত এক নতুন চেতনা জাগ্ৰত কৰিছিল। ‘তেওঁৰ জীৱন আৰু আদৰ্শই দেশৰ প্ৰতিটো প্ৰজন্মক ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি অনুপ্ৰাণিত কৰি থাকিব’, শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
‘ভাৰত মাতৃৰ সাহসী পুত্ৰ শ্যামজী কৃষ্ণ বাৰ্মাক তেওঁৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ নিজৰ বিপ্লৱী ধাৰণাসমূহৰ জৰিয়তে স্বাধীনতা আন্দোলনত এক নতুন চেতনা জাগ্ৰত কৰিছিল। তেওঁৰ জীৱন আৰু আদৰ্শই দেশৰ প্ৰতিটো প্ৰজন্মক ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব’।
भारत माता के वीर सपूत श्यामजी कृष्ण वर्मा को उनकी पुण्यतिथि पर सादर नमन। उन्होंने अपने क्रांतिकारी विचारों से आजादी के आंदोलन में नई चेतना जगाई थी। उनका जीवन और आदर्श देश की हर पीढ़ी को राष्ट्रसेवा के लिए प्रेरित करता रहेगा।
— Narendra Modi (@narendramodi) March 30, 2026


